ثلاثة الأصول وأدلتها (آسامي)

  • earth ভাষা
    (آسامي)
  • earth লেখক:
    الشيخ محمد التميمي

অন্যান্য অনুবাদ 52

sw سواحيلي- Kiswahili ur أردو- اردو hu هنجاري مجري- magyar fr فرنسي- Français hi هندي- हिन्दी bn بنغالي- বাংলা id إندونيسي- Indonesia en إنجليزي- English as آسامي- অসমীয়া ar عربي- العربية bs بوسني- bosanski ru روسي- Русский az أذري- azərbaycanca mk مقدوني- македонски ha هوسا- Hausa sr صربي- Српски dv ديفهي- ދިވެހި ky قرغيزي- Кыргызча ta تاميلي- தமிழ் te تلغو- తెలుగు fa فارسي- فارسي si سنهالي- සිංහල es إسباني- español ml مليالم- മലയാളം zh صيني- 中文 vi فيتنامي- Tiếng Việt ne نيبالي- नेपाली th تايلندي- ไทย dyo جوالا- Jóola hy أرميني- Հայերէն sn الشونا- Shona kk كازاخي- қазақ тілі de ألماني- Deutsch pa بنجابي- ਪੰਜਾਬੀ mfe كريولي- créole kn كنادي- ಕನ್ನಡ ja ياباني- 日本語 uk أوكراني- українська da دنماركي- dansk tg طاجيكي- тоҷикӣ kmr كردي كرمنجي- Bi zimanê Kurdî af أفريقاني- Afrikaans zu زولو- isiZulu my بورمي- ဗမာ ig إيجبو- Igbo cs تشيكي- čeština lt ليتواني- lietuvių ro روماني- română hr كرواتي- hrvatski lo لاو- ພາສາລາວ pt برتغالي- português hu هنجاري مجري- magyar
PHPWord

 

 

 

ثَلَاثَةُ الأُصُولِ وَأَدِلَّتُهَا

 

তিনিটা মূলনীতি আৰু ইয়াৰ প্ৰমাণসমূহ

 

 

لِلشَّيْخِ

مُحَمَّدٍ التَّمِيمِي رَحِمَهُ اللهُ

 

 


بِسْمِ اللهِ الرَّحمَنِ الرَّحِيمِ

িনিটা মূলনীতি আৰু ইয়াৰ প্ৰমাণসমূহ

 

এজন মুছলিমৰ বাবে যিখিনি জ্ঞান অৰ্জন কৰা অনিবাৰ্য

(আৰম্ভ কৰিছোঁ) পৰম কৰুণাময় পৰম দয়ালু আল্লাহৰ নামত

হে পাঠক বৃন্দ! আল্লাহে আপোনাৰ ওপৰত ৰহমত বৰ্ষণ কৰক। জানি থওক যে, চাৰিটা বিষয়ে জ্ঞানলাভ কৰা আমাৰ বাবে অত্যন্ত আৱশ্যকঃ

১. ইল্ম বা দ্বীনি জ্ঞান: এনেকুৱা শিক্ষা অৰ্জন কৰা যাৰ সহায়ত দলীল-প্ৰমাণসহ আল্লাহ তাআলা, তেওঁৰ নবী আৰু দ্বীন-ইছলাম সম্পৰ্কে সম্যক জ্ঞান লাভ কৰিব পাৰি।

২. সেই জ্ঞান অনুযায়ী আমল কৰা।

৩. সেই জ্ঞানৰ ফালে মানুহক আহ্বান কৰা।

৪. আৰু এই দায়িত্ব পালন কৰোঁতে সন্মুখীন হ’বলগীয়া কষ্ট তথা বিপদ-আপদত ধৈৰ্য্য ধাৰণ কৰা।

ইয়াৰ প্ৰমাণ, যেনে আল্লাহ তা’আলাই কৈছেঃ

﴿وَٱلۡعَصۡرِ1 إِنَّ ٱلۡإِنسَٰنَ لَفِي خُسۡرٍ2 إِلَّا ٱلَّذِينَ ءَامَنُواْ وَعَمِلُواْ ٱلصَّٰلِحَٰتِ وَتَوَاصَوۡاْ بِٱلۡحَقِّ وَتَوَاصَوۡاْ بِٱلصَّبۡرِ3

 

 

সময়ৰ শপত,

নিশ্চয় মানুহ ক্ষতিগ্ৰস্থতাত নিপতিত,

কিন্তু তেওঁলোকৰ বাহিৰে, যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে, লগতে (যিসকলে) পৰস্পৰক সত্যৰ উপদেশ দিয়ে আৰু ধৈৰ্য্য ধাৰণ কৰিবলৈ উৎসাহিত কৰে।1

উপৰোক্ত ছুৰা সম্পৰ্কে ইমাম শ্বাফেয়ী (ৰাহিমাহুল্লাহে) এই অভিমত পোষণ কৰিছে যে- “যদি আল্লাহে এই ছুৰাটোৰ বাহিৰে আন কোনো ছুৰা অৱতীৰ্ণ নকৰিলেহেঁতেন, তেন্তে তেওঁৰ সৃষ্টিৰ বাবে এই ছুৰাটোৱেই যথেষ্ট হ’লহেঁতেন।” ইমাম বুখাৰী ৰাহিমাহুল্লাহে তেওঁৰ সংকলিত ছহীহ আল-বুখাৰীৰ প্ৰথম খণ্ডৰ ৪৫ নং পৃষ্ঠাৰ এটা পৰিচ্ছেদৰ শিৰোনামা এই বুলি লিখিছে যে,

(পৰিচ্ছেদ)“কথা আৰু কৰ্মৰ আগত শিক্ষা লাভ কৰা” (অনিবাৰ্য)। যেনে- পৱিত্ৰ কোৰআনত মহান আল্লাহে কৈছেঃ

﴿فَٱعۡلَمۡ أَنَّهُۥ لَآ إِلَٰهَ إِلَّا ٱللَّهُ وَٱسۡتَغۡفِرۡ لِذَنۢبِكَ...

অৰ্থ: গতিকে জানি থোৱা (জ্ঞান অৰ্জন কৰা) যে, আল্লাহৰ বাহিৰে আন কোনো সত্য ইলাহ নাই। লগতে ক্ষমা প্ৰাৰ্থনা কৰা নিজৰ আৰু মুমিন নৰ-নাৰীসকলৰ ভুল-ত্ৰুটিৰ বাবে।2 ইয়াত আল্লাহে কথা আৰু কৰ্মৰ আগত জ্ঞান অৰ্জন কৰিবলৈ আদেশ দিছে।

জানি থওক, (আল্লাহে আপোনাৰ ওপৰত কৰুণা বৰ্ষণ কৰক।) প্ৰত্যেক মুছলিম নৰ-নাৰীৰ বাবে তলত দিয়া এই তিনিটা বিষয়ে জ্ঞান অৰ্জন কৰা আৰু সেই মতে আমল কৰা অপৰিহাৰ্য। সেই বিষয় তিনিটা হৈছেঃ

১) আল্লাহেই আমাক সৃষ্টি কৰিছে, জীৱিকা প্ৰদান কৰিছে আৰু তেওঁ আমাক কোনো দায়িত্ব নিদিয়াকৈ এনেই এৰি দিয়া নাই। তেওঁ আমাৰ হিদায়তৰ বাবে আমাৰ ওচৰলৈ ৰাছুল প্ৰেৰণ কৰিছে। গতিকে যিয়ে তেওঁৰ আহ্বান কবূল কৰিব তেওঁ জান্নাতত প্ৰৱেশ কৰিব আৰু যিয়ে তেওঁৰ আদেশ অমান্য কৰিব সি জাহান্নামত প্ৰৱেশ কৰিব। ইয়াৰ সপক্ষে কোৰআনৰ আয়াতত কোৱা হৈছে, যেনেঃ

﴿إِنَّآ أَرۡسَلۡنَآ إِلَيۡكُمۡ رَسُولٗا شَٰهِدًا عَلَيۡكُمۡ كَمَآ أَرۡسَلۡنَآ إِلَىٰ فِرۡعَوۡنَ رَسُولٗا15 فَعَصَىٰ فِرۡعَوۡنُ ٱلرَّسُولَ فَأَخَذۡنَٰهُ أَخۡذٗا وَبِيلٗا16

অৰ্থ: নিশ্চয় আমি তোমালোকৰ বাবে সাক্ষী হিচাপে তোমালোকৰ ওচৰলৈ এজন ৰাছুল প্ৰেৰণ কৰিছোঁ, যেনেকৈ ৰাছুল প্ৰেৰণ কৰিছিলোঁ ফিৰআউনৰ ওচৰলৈ।

কিন্তু ফিৰআউনে ৰাছুলক অমান্য কৰিছিল, সেয়ে আমি তাক শাস্তি বিহিছিলোঁ।3 (ছুৰা আল-মুঝঝম্মিল: ১৫-১৬)

২) ইবাদত-উপাসনাৰ ক্ষেত্ৰতো আল্লাহে কাকো তেওঁৰ অংশীদাৰ হিচাপে পছন্দ নকৰে। যদিও সি সান্নিধ্য লাভ কৰা কোনো ফিৰিস্তাই হওক বা প্ৰেৰিত কোনো ৰাছুলেই নহওক কিয়।

যেনে মহান আল্লাহে কৈছেঃ

﴿وَأَنَّ ٱلۡمَسَٰجِدَ لِلَّهِ فَلَا تَدۡعُواْ مَعَ ٱللَّهِ أَحَدٗا18

অৰ্থ: আৰু নিশ্চয় মছজিদসমূহ আল্লাহৰ বাবেই (নিৰ্মিত), গতিকে (তাত) তোমালোকে আল্লাহৰ সৈতে আন কাকো নামাতিবা।4 (ছুৰা আল-জিন, ১৮)

৩) আল্লাহ আৰু তেওঁৰ ৰাছুলৰ বিৰুদ্ধাচৰণকাৰী সকলৰ লগত নবীৰ আনুগত্যকাৰী আৰু আল্লাহৰ একত্ববাদ স্বীকাৰকাৰীসকলে বন্ধুত্ব কৰা কেতিয়াও বৈধ নহয়। যদিও সিহঁত ঘনিষ্ঠ আত্মীয়ই নহওক কিয়। পৱিত্ৰ কোৰআনত মহান আল্লাহে কৈছেঃ

﴿لَّا تَجِدُ قَوۡمٗا يُؤۡمِنُونَ بِٱللَّهِ وَٱلۡيَوۡمِ ٱلۡأٓخِرِ يُوَآدُّونَ مَنۡ حَآدَّ ٱللَّهَ وَرَسُولَهُۥ وَلَوۡ كَانُوٓاْ ءَابَآءَهُمۡ أَوۡ أَبۡنَآءَهُمۡ أَوۡ إِخۡوَٰنَهُمۡ أَوۡ عَشِيرَتَهُمۡۚ أُوْلَٰٓئِكَ كَتَبَ فِي قُلُوبِهِمُ ٱلۡإِيمَٰنَ وَأَيَّدَهُم بِرُوحٖ مِّنۡهُۖ وَيُدۡخِلُهُمۡ جَنَّٰتٖ تَجۡرِي مِن تَحۡتِهَا ٱلۡأَنۡهَٰرُ خَٰلِدِينَ فِيهَاۚ رَضِيَ ٱللَّهُ عَنۡهُمۡ وَرَضُواْ عَنۡهُۚ أُوْلَٰٓئِكَ حِزۡبُ ٱللَّهِۚ أَلَآ إِنَّ حِزۡبَ ٱللَّهِ هُمُ ٱلۡمُفۡلِحُونَ22

অৰ্থ: আল্লাহ আৰু আখিৰাতৰ প্ৰতি বিশ্বাস স্থাপন কৰা এনে কোনো সম্প্ৰদায় তুমি বিচাৰি নাপাবা, যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলক বিৰুদ্ধাচৰণ কৰা লোকক ভাল পায়--- যদিও সিহঁত তেওঁলোকৰ পিতা বা পুত্ৰ অথবা ভাই নাইবা বংশ-পৰিয়ালৰ মানুহেই নহওক কিয়! এওঁলোকৰ অন্তৰতেই আল্লাহে ঈমান লিখি দিছে আৰু তেওঁৰ তৰফৰ পৰা ৰূহৰ দ্বাৰা তেওঁলোকক শক্তিশালী কৰিছে। তেওঁলোকক তেওঁ প্ৰৱেশ কৰাব এনেকুৱা জান্নাতসমূহত যাৰ তলেদি নিজৰাসমূহ প্ৰবাহিত হয়। তাত তেওঁলোকে চিৰকাল থাকিব; আল্লাহে তেওঁলোকৰ প্ৰতি সন্তুষ্ট হৈছে আৰু তেওঁলোকেও তেওঁৰ প্ৰতি সন্তুষ্ট। তেওঁলোকেই হৈছে আল্লাহৰ দল। জানি থোৱা, আল্লাহৰ দলেই সফলতা লাভ কৰিব।5 (ছুৰা আল-মুজাদালা: ২২)

একনিষ্ঠ আনুগত্যই হৈছে ইব্ৰাহীমৰ মিল্লত, অৰ্থাৎ একমাত্ৰ আল্লাহৰ ইবাদত কৰা।

(আল্লাহে আপোনাক তেওঁৰ আনুগত্য কৰিবলৈ আৰু তেওঁৰ আদেশ মানিবলৈ তাওফীক দিয়ক) জানি থওক, নিশ্চয় একনিষ্ঠ আনুগত্যই হৈছে মিল্লাতে ইব্ৰাহীমৰ মূল কথা। সেইটো হৈছে এই যে, তুমি কেৱল আল্লাহৰেই উপাসনা কৰিবা আৰু কেৱল তেওঁৰ বাবেই দ্বীন-ইছলামক আন্তৰিকতাৰে আৰু একাগ্ৰচিত্তে মানিবা। আল্লাহে সমগ্ৰ মানৱ জাতিকে ইয়াৰ আদেশ দিছে আৰু এই উদ্দেশ্যেই সিহঁতক সৃষ্টি কৰিছে। যেনে- মহান আল্লাহে পৱিত্ৰ কোৰআনত কৈছেঃ

﴿وَمَا خَلَقۡتُ ٱلۡجِنَّ وَٱلۡإِنسَ إِلَّا لِيَعۡبُدُونِ56

অৰ্থ: আৰু মই জিন আৰু মানুহক কেৱল এইকাৰণেই সৃষ্টি কৰিছোঁ যে, সিহঁত কেৱল মোৰেই ইবাদত কৰিব।6 ‘কেৱল মোৰেই ইবাদত কৰিব’ ইয়াৰ অৰ্থ হৈছে- তেওঁলোকে মোক একক তথা অদ্বিতীয় বুলি স্বীকাৰ কৰিব।

মুঠতে আল্লাহে যিবোৰ নিৰ্দেশনা দিছে, সেইবোৰৰ মাজত আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হৈছে ‘তাওহীদ’৷ ইয়াৰ অৰ্থ- ‘সকলো প্ৰকাৰ ইবাদত-উপাসনা এককভাৱে আল্লাহৰ উদ্দেশ্যে পালন কৰা।

আনহাতে তেওঁ যিবোৰ বিষয়ৰ পৰা নিষেধ কৰিছে সেইবোৰৰ মাজত আটাইতকৈ ডাঙৰ নিষেধাজ্ঞাটো হৈছে শ্বিৰ্ক। সেয়া হৈছে, আল্লাহৰ সৈতে আনক অংশীদাৰ স্থাপন কৰা।

যেনে মহান আল্লাহে কৈছেঃ

﴿وَٱعۡبُدُواْ ٱللَّهَ وَلَا تُشۡرِكُواْ بِهِۦ شَيۡـٔٗا...

অৰ্থ: আৰু কেৱল আল্লাহৰেই ইবাদত (উপাসনা) কৰা, তেওঁৰ লগত আনক অংশীদাৰ স্থাপন নকৰিবা।7

যদি আপোনাক প্ৰশ্ন কৰা হয় যে, সেই তিনিটা মূলনীতি কি কি যিবোৰ প্ৰত্যেক মানুহৰে জনাটো অপৰিহাৰ্য?

তেতিয়া আপুনি উত্তৰ দিব যে, সেই বিষয় তিনিটা হৈছে:

১) প্ৰতিজন ব্যক্তিয়েই প্ৰতিপালক সম্পৰ্কে জ্ঞান ৰখা।

২) তেওঁৰ দ্বীন বা জীৱন বিধান সম্পৰ্কে সম্যক জ্ঞান ৰখা আৰু

৩) তেওঁৰ নবী মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম সম্পৰ্কে জনাটো অপৰিহাৰ্য৷

যদি আপোনাক প্ৰশ্ন কৰা হয় যে ‘আপোনাৰ প্ৰতিপালক কোন?

তেতিয়া উত্তৰ দিবঃ মোৰ প্ৰতিপালক হৈছে সেই মহান আল্লাহ, যিজনে মোক আৰু আন আন গোটেই সৃষ্টি জীৱকে তেওঁৰ বিশেষ অনুগ্ৰহৰ দ্বাৰা লালন-পালন কৰে। তেৱেঁই মোৰ একমাত্ৰ প্ৰতিপালক৷ তেওঁৰ বাহিৰে মোৰ আন কোনো উপাস্য নাই। আল্লাহৰ বাণীঃ

﴿ٱلۡحَمۡدُ لِلَّهِ رَبِّ ٱلۡعَٰلَمِينَ2

অৰ্থ: সকলো ধৰণৰ প্ৰশংসা বিশ্বজগতৰ প্ৰতিপালক আল্লাহৰ বাবে৷8 আল্লাহৰ বাহিৰে সকলো বস্তুৱে হৈছে তেওঁৰ সৃষ্টি, আৰু ময়ো সেই সৃষ্টি জগতৰ এটা অংশ মাত্ৰ।

আৰু যদি আপোনাক প্ৰশ্ন কৰা হয় যে “আপুনি কেনেকৈ আপোনাৰ প্ৰতিপালকক চিনি পালে?”

তেতিয়া আপুনি উত্তৰ দিবঃ তেওঁৰ নিদৰ্শনসমূহ আৰু তেওঁৰ সৃষ্টিসমূহৰ দ্বাৰা মই মোৰ প্ৰতিপালকক চিনি পাইছোঁ। তেওঁৰ নিদৰ্শনসমূহ যেনে- দিন আৰু ৰাতি, চন্দ্ৰ-সূৰ্য্য। এইদৰে তেওঁৰ সৃষ্টিসমূহৰ মাজত আছে যেনে- সাতখন আকাশ আৰু সাতটা পৃথিৱী আৰু ইয়াৰ ভিতৰত যি যি আছে, লগতে আকাশ আৰু পৃথিৱীৰ মধ্যৱৰ্তী স্থানত যি যি আছে। মহান আল্লাহে পৱিত্ৰ কোৰআনত কৈছেঃ

﴿وَمِنۡ ءَايَٰتِهِ ٱلَّيۡلُ وَٱلنَّهَارُ وَٱلشَّمۡسُ وَٱلۡقَمَرُۚ لَا تَسۡجُدُواْ لِلشَّمۡسِ وَلَا لِلۡقَمَرِ وَٱسۡجُدُواْۤ لِلَّهِۤ ٱلَّذِي خَلَقَهُنَّ إِن كُنتُمۡ إِيَّاهُ تَعۡبُدُونَ37

অৰ্থ: আৰু তেওঁৰ নিদৰ্শনাৱলীৰ মাজত আছে ৰাতি আৰু দিন, সূৰ্য আৰু চন্দ্ৰ। তোমালোকে সূৰ্যক ছাজদাহ নকৰিবা, আৰু চন্দ্ৰকো নহয়; ছাজদাহ কৰিবা কেৱল আল্লাহক, যিজনে এইবোৰক সৃষ্টি কৰিছে, যদিহে তোমালোকে কেৱল তেওঁৰেই ইবাদত কৰা।9 (ছুৰা হা-মীম ছাজদাহ: ৩৭)

তেওঁ আৰু কৈছে:

﴿إِنَّ رَبَّكُمُ ٱللَّهُ ٱلَّذِي خَلَقَ ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضَ فِي سِتَّةِ أَيَّامٖ ثُمَّ ٱسۡتَوَىٰ عَلَى ٱلۡعَرۡشِۖ يُغۡشِي ٱلَّيۡلَ ٱلنَّهَارَ يَطۡلُبُهُۥ حَثِيثٗا وَٱلشَّمۡسَ وَٱلۡقَمَرَ وَٱلنُّجُومَ مُسَخَّرَٰتِۭ بِأَمۡرِهِۦٓۗ أَلَا لَهُ ٱلۡخَلۡقُ وَٱلۡأَمۡرُۗ تَبَارَكَ ٱللَّهُ رَبُّ ٱلۡعَٰلَمِينَ54

অৰ্থ: নিশ্চয় তোমালোকৰ প্ৰতিপালক হৈছে আল্লাহ, যিজনে আকাশসমূহ আৰু পৃথিৱীক ছয় দিনত সৃষ্টি কৰিছে, তাৰ পিছত তেওঁ আৰশ্বৰ ওপৰত উঠিছে। তেৱেঁই দিনক ৰাতিৰে আচ্ছন্ন কৰে। সেইবোৰৰ এটাই আনটোক দ্ৰুতগতিত অনুসৰণ কৰে। (লগতে তেৱেঁই সৃষ্টি কৰিছে) সূৰ্য, চন্দ্ৰ আৰু নক্ষত্ৰসমূহক, যিবোৰ তেওঁৰ আদেশৰেই অনুগত। জানি থোৱা, সৃজন আৰু আদেশ কেৱল তেওঁৰেই। বিশ্বজগতৰ প্ৰতিপালক আল্লাহ মহা বৰকতময়!10 (ছুৰা আল-আৰাফ: ৫৪)

সেই প্ৰতিপালকেই হৈছে প্ৰকৃত উপাস্য। যেনে- মহান আল্লাহে কৈছেঃ

﴿يَٰٓأَيُّهَا ٱلنَّاسُ ٱعۡبُدُواْ رَبَّكُمُ ٱلَّذِي خَلَقَكُمۡ وَٱلَّذِينَ مِن قَبۡلِكُمۡ لَعَلَّكُمۡ تَتَّقُونَ21 ٱلَّذِي جَعَلَ لَكُمُ ٱلۡأَرۡضَ فِرَٰشٗا وَٱلسَّمَآءَ بِنَآءٗ وَأَنزَلَ مِنَ ٱلسَّمَآءِ مَآءٗ فَأَخۡرَجَ بِهِۦ مِنَ ٱلثَّمَرَٰتِ رِزۡقٗا لَّكُمۡۖ فَلَا تَجۡعَلُواْ لِلَّهِ أَندَادٗا وَأَنتُمۡ تَعۡلَمُونَ22

অৰ্থ: হে মানৱ সম্প্ৰদায়! তোমালোকে তোমালোকৰ সেই ৰব (প্ৰতিপালক)ৰ ইবাদত কৰা, যিজনে তোমালোকক আৰু তোমালোকৰ পূৰ্বৱৰ্তীসকলক সৃষ্টি কৰিছে, যাতে তোমালোকে তাক্বৱাৰ অধিকাৰী হ’ব পাৰা।

যিজনে তোমালোকৰ বাবে পৃথিৱীখনক বিছনা কৰি দিছে আৰু আকাশখনক কৰি দিছে চাল, আৰু আকাশৰ পৰা পানী অৱতীৰ্ণ কৰি তাৰ দ্বাৰা তোমালোকৰ জীৱিকাৰ বাবে ফলমূল উৎপাদন কৰিছে। গতিকে তোমালোকে জানি-শুনি কাকো আল্লাহৰ সমকক্ষ থিৰ নকৰিবা।11 (ছুৰা আল- বাক্বাৰাহ: ২১-২২)

ইবনে কাছীৰ ৰাহিমাহুল্লাহে কৈছে: এইবোৰ বস্তুৰ যিজন সৃষ্টিকৰ্তা তেৱেঁই ইবাদতৰ একমাত্ৰ যোগ্য”

আল্লাহে নিৰ্দেশ দিয়া ইবাদতসমূহৰ প্ৰকাৰভেদ

আল্লাহে নিৰ্দেশ দিয়া ইবাদতসমূহৰ প্ৰকাৰভেদঃ যেনে- (আল-ইছলাম) - আল্লাহৰ আনুগত্য কৰিবলৈ নিজকে সমৰ্পণ কৰা।

(আল-ঈমান) - বিশ্বাস স্থাপন কৰা।

(আল-ইহছান) - নিষ্ঠাৰ সৈতে আমল কৰা। দয়া আৰু সহানুভূতি প্ৰদৰ্শন, উপকাৰ সাধন কৰা।

(আদ-দুআ) - দুআ কৰা, প্ৰাৰ্থনা কৰা, আহ্বান কৰা।

(আল-খাওফ) - ভয়।

(আৰ-ৰাজা) - আশা-আকাংখা৷

(আত-তাৱাক্কুল) - নিৰ্ভৰশীলতা, ভৰসা।

(আৰ-ৰাগবাহ) - অনুৰাগ, আগ্ৰহ ৷

(আৰ-ৰাহবাহ) - ভীতি ৷

(আল-খুশ্বু) - বিনয়-নম্ৰতা ৷

(আল-খাশ্বয়া) - অমঙ্গলৰ আশংকা।

(আল-ইনা-বাহ) - আল্লাহৰ অভিমুখী হোৱা, তেওঁৰ প্ৰতি প্ৰত্যাৱৰ্তন কৰা।

(আল-ইছতিআনাহ) - সহায় প্ৰাৰ্থনা কৰা।

(আল-ইছতিআযা) - আশ্ৰয় প্ৰাৰ্থনা কৰা।

(আল-ইছতিগাছা) - নিৰুপায় ব্যক্তিৰ বিপদ উদ্ধাৰৰ বাবে আশ্ৰয় প্ৰাৰ্থনা কৰা।

(আয্‌-জবহ) - ত্যাগ বা কুৰবানী কৰা।

(আন-নয্ৰ) - মান্নত কৰা।

ইয়াৰ বাহিৰেও আন আন ইবাদত যিবোৰৰ বিষয়ে আল্লাহে নিৰ্দেশ দিছে, সেই সকলোবোৰ ইবাদত একমাত্ৰ তেওঁৰ বাবেই কৰিব লাগিব। যেনে- মহান আল্লাহে কৈছেঃ

﴿وَأَنَّ ٱلۡمَسَٰجِدَ لِلَّهِ فَلَا تَدۡعُواْ مَعَ ٱللَّهِ أَحَدٗا18

অৰ্থ: আৰু নিশ্চয় মছজিদসমূহ আল্লাহৰ বাবেই (নিৰ্মিত), গতিকে তোমালোকে আল্লাহৰ লগত আন কাকো নামাতিবা।12 (ছুৰা আল-জিন ১৮)

গতিকে উপৰোক্ত বিষয়সমূহৰ যিকোনো এটা যদি আল্লাহৰ বাহিৰে আনৰ বাবে সম্পাদিত কৰা হয় তেন্তে সি মুশ্বৰিক তথা কাফিৰ বুলি পৰিগণিত হ’ব। এই বিষয়ে আল্লাহে কৈছেঃ

﴿وَمَن يَدۡعُ مَعَ ٱللَّهِ إِلَٰهًا ءَاخَرَ لَا بُرۡهَٰنَ لَهُۥ بِهِۦ فَإِنَّمَا حِسَابُهُۥ عِندَ رَبِّهِۦٓۚ إِنَّهُۥ لَا يُفۡلِحُ ٱلۡكَٰفِرُونَ117

অৰ্থ: আৰু যিয়ে আল্লাহৰ লগত অন্য কোনো উপাস্যকো আহ্বান কৰে, (অথচ) সেই বিষয়ে তাৰ ওচৰত কোনো প্ৰমাণ নাই, তাৰ হিচাপ-নিকাচ কেৱল তাৰ প্ৰতিপালকৰ ওচৰত আছে, নিশ্চয় কাফিৰসকল সফল হ’ব নোৱাৰিব।13 (ছুৰা আল-মুমিনুন: ১১৭)

হাদীছত আহিছেঃ

"الدُّعَاءُ مُخُّ العِبَادَةِ".

অৰ্থ: দুআ বা প্ৰাৰ্থনা হৈছে ইবাদতৰ মূল।14 মহান আল্লাহে আৰু কৈছেঃ

﴿وَقَالَ رَبُّكُمُ ٱدۡعُونِيٓ أَسۡتَجِبۡ لَكُمۡۚ إِنَّ ٱلَّذِينَ يَسۡتَكۡبِرُونَ عَنۡ عِبَادَتِي سَيَدۡخُلُونَ جَهَنَّمَ دَاخِرِينَ60

অৰ্থ: আৰু তোমালোকৰ প্ৰতিপালকে কৈছে, ‘তোমালোকে কেৱল মোৰ ওচৰতেই দুআ কৰা, মই তোমালোকৰ দুআ কবুল কৰিম। নিশ্চয় যিসকলে অহংকাৰ কৰি মোৰ ইবাদতৰ পৰা বিমুখ হয়, সিহঁত অচিৰেই লাঞ্ছিত হৈ জাহান্নামত প্ৰৱেশ কৰিব’।15 (ছুৰা আল-মুমিন: ৬০)

ভয়ঃ ইয়াৰ প্ৰমাণ যেনে- মহান আল্লাহে কৈছেঃ

﴿...فَلَا تَخَافُوهُمۡ وَخَافُونِ إِن كُنتُم مُّؤۡمِنِينَ

অৰ্থ: এতেকে যদি তোমালোকে মুমিন হোৱা, তেন্তে সিহঁতক কেতিয়াও ভয় নকৰিবা, কেৱল মোকেই ভয় কৰা।16 (ছুৰা আলে-ইমৰাণ: ১৭৫)

আশাঃ ইয়াৰ প্ৰমাণ যেনে- মহান আল্লাহে কৈছেঃ

﴿...فَمَن كَانَ يَرۡجُواْ لِقَآءَ رَبِّهِۦ فَلۡيَعۡمَلۡ عَمَلٗا صَٰلِحٗا وَلَا يُشۡرِكۡ بِعِبَادَةِ رَبِّهِۦٓ أَحَدَۢا

অৰ্থ: গতিকে যিয়ে তাৰ প্ৰতিপালকৰ সাক্ষাৎ কামনা কৰে, তাৰ উচিত সৎকৰ্ম কৰা আৰু তাৰ প্ৰতিপালকৰ ইবাদতত আন কাকো অংশী নকৰা’।17 (ছুৰা কাহাফ: ১১০)

ভৰসা বা নিৰ্ভৰশীলতাঃ যেনে- মহান আল্লাহে কৈছেঃ

﴿...وَعَلَى ٱللَّهِ فَتَوَكَّلُوٓاْ إِن كُنتُم مُّؤۡمِنِينَ

অৰ্থ: যদি তোমালোকে মুমিন হোৱা, তেনেহ’লে আল্লাহৰ ওপৰতেই ভৰসা কৰিবা’।18 (ছুৰা আল-মায়িদাহ: ২৩)

﴿...وَمَن يَتَوَكَّلۡ عَلَى ٱللَّهِ فَهُوَ حَسۡبُهُ...

অৰ্থ: আৰু যিয়ে আল্লাহৰ প্ৰতি তাৱাক্কুল কৰিব, তাৰ বাবে আল্লাহেই যথেষ্ট।19 (ছুৰা আত-তালাক্ব: ৩)

আগ্ৰহ আৰু ভয় মিশ্ৰিত শ্ৰদ্ধা তথা বিনয়ঃ ইয়াৰ প্ৰমাণ- মহান আল্লাহে কৈছেঃ

﴿...إِنَّهُمۡ كَانُواْ يُسَٰرِعُونَ فِي ٱلۡخَيۡرَٰتِ وَيَدۡعُونَنَا رَغَبٗا وَرَهَبٗاۖ وَكَانُواْ لَنَا خَٰشِعِينَ

অৰ্থ: তেওঁলোকে সৎকৰ্মত প্ৰতিযোগিতা কৰিছিল, লগতে তেওঁলোকে আমাক আগ্ৰহ আৰু ভীতিৰ সৈতে আহ্বান কৰিছিল আৰু তেওঁলোক আমাৰ প্ৰতি বিনীত আছিল।20

অমঙ্গলৰ আশংকাঃ ইয়াৰ প্ৰমাণ- মহান আল্লাহে কৈছেঃ

﴿...فَلَا تَخۡشَوۡهُمۡ وَٱخۡشَوۡنِ...

অৰ্থ: গতিকে তোমালোকে সিহঁতক ভয় নকৰিবা, কেৱল মোকেই ভয় কৰাঁ।21 (ছুৰা আল-বাক্বাৰাহ: ১৫০)

নৈকট্য লাভৰ কামনা কৰা আৰু হৈ যোৱা পাপকৰ্মৰ বাবে অনুশোচনা কৰাঃ ইয়াৰ প্ৰমাণ

﴿وَأَنِيبُوٓاْ إِلَىٰ رَبِّكُمۡ وَأَسۡلِمُواْ لَهُ...

অৰ্থ: আৰু তোমালোকে নিজ প্ৰতিপালকৰ অভিমুখী হোৱা আৰু তোমালোকৰ ওপৰত শাস্তি অহাৰ আগতেই তোমালোকে তেওঁৰ ওচৰত আত্মসমৰ্পন কৰা, ইয়াৰ পিছত কিন্তু তোমালোকক সহায় কৰা নহ’ব।22 (ছুৰা আজ-ঝুমাৰ: ৫৪)

সহায় প্ৰাৰ্থনাঃ যেনে- মহান আল্লাহে কৈছেঃ

﴿إِيَّاكَ نَعۡبُدُ وَإِيَّاكَ نَسۡتَعِينُ5

অৰ্থ: আমি তোমাৰেই ইবাদত কৰোঁ আৰু তোমাৰ ওচৰতেই সহায় প্ৰাৰ্থনা কৰোঁ।23 (ছুৰা আল-ফাতিহা: ৫)

হাদীছত আহিছেঃ

"إِذَا اسْتَعَنْتَ فَاسْتَعِنْ بِاللَّهِ".

অৰ্থ: যেতিয়া সাহায্য বিচাৰিবা তেতিয়া কেৱল আল্লাহৰ ওচৰতেই (বিনম্ৰ ভাৱে) বিচাৰিবা ।24

আশ্ৰয় কামনা কৰাঃ ইয়াৰ প্ৰমাণ: যেনে মহান আল্লাহে কৈছেঃ

﴿قُلۡ أَعُوذُ بِرَبِّ ٱلنَّاسِ1 مَلِكِ النَّاسِ2

অৰ্থ: কোৱা- মই মানুহৰ প্ৰতিপালকৰ আশ্ৰয় প্ৰাৰ্থনা কৰিছোঁ।

মানুহৰ অধিপতি।25

বিপন্ন ব্যক্তিৰ আশ্ৰয় প্ৰাৰ্থনাঃ ইয়াৰ প্ৰমাণ: যেনে মহান আল্লাহে কৈছেঃ

﴿إِذۡ تَسۡتَغِيثُونَ رَبَّكُمۡ فَٱسۡتَجَابَ لَكُمۡ...

অৰ্থ: স্মৰণ কৰা, যেতিয়া তোমালোকে তোমালোকৰ প্ৰতিপালকৰ ওচৰত উদ্ধাৰ প্ৰাৰ্থনা কৰিছিলা, তেতিয়া তেৱেঁই তোমালোকৰ প্ৰাৰ্থনাত সহাঁৰি দিছিল।26 (ছুৰা আল-আনফাল: ৯)

জবেহ বা কুৰবানীঃ ইয়াৰ প্ৰমাণ: যেনে মহান আল্লাহে কৈছেঃ

﴿قُلۡ إِنَّ صَلَاتِي وَنُسُكِي وَمَحۡيَايَ وَمَمَاتِي لِلَّهِ رَبِّ ٱلۡعَٰلَمِينَ162 لَا شَرِيكَ لَهُۥ وَبِذَلِكَ أُمِرْتُ وَأَنَا أَوَّلُ المُسْلِمِينَ163

অৰ্থ: কোৱা, ‘নিশ্চয় মোৰ ছালাত, মোৰ কুৰবানী, মোৰ জীৱন আৰু মোৰ মৰণ, বিশ্বজগতৰ প্ৰতিপালক আল্লাহৰ বাবেই’।

‘তেওঁৰ কোনো অংশীদাৰ নাই, আৰু মোক ইয়াৰেই নিৰ্দেশ দিয়া হৈছে, আৰু মুছলিম (আত্মসমৰ্পণকাৰী) সকলৰ মাজত ময়েই প্ৰথম’।27 (ছুৰা আল-আনআম: ১৬২-১৬৩)

হাদীছত ইয়াৰ প্ৰমাণ:

"لَعَنَ اللَّهُ مَنْ ذَبَحَ لِغَيْرِ اللَّهِ".

অৰ্থ: আল্লাহে সেইসকল লোকৰ প্ৰতি অভিশাপ কৰিছে, যিসকলে আল্লাহৰ বাহিৰে আনৰ বাবে বলিদান দিয়ে।28

নজৰ আৰু মান্নত: কোৰআনত ইয়াৰ প্ৰমাণ:

﴿يُوفُونَ بِٱلنَّذۡرِ وَيَخَافُونَ يَوۡمٗا كَانَ شَرُّهُۥ مُسۡتَطِيرٗا7

অৰ্থ: (কাৰণ) তেওঁলোকে মান্নত পূৰণ কৰে, আৰু সেই দিৱসটোক ভয় কৰে যিটো দিৱসৰ অকল্যাণ হ’ব সুবিস্তৃত।29 (ছুৰা দাহ্ৰ: ৭)

 

 

 

দ্বিতীয় মূলনীতি

প্ৰমাণপঞ্জীসহ ইছলাম ধৰ্ম সম্পৰ্কে পৰিচয় আৰু জ্ঞান লাভ কৰা।

সেয়া হৈছে একক তথা অদ্বিতীয় আল্লাহৰ ওচৰত পৰিপূৰ্ণৰূপে আত্মসমৰ্পণ কৰা আৰু একাগ্ৰচিত্তে তথা নিষ্ঠা সহকাৰে তেওঁৰ আনুগত্য কৰা, লগতে শ্বির্ক আৰু মুশ্বৰিকৰ পৰা আতঁৰত থকা। ইয়াৰ তিনিটা পৰ্যায় আছে।

যেনেঃ

(ক) ইছলাম (খ) ঈমান (গ) ইহছান। এই প্ৰতিটো পৰ্যায়ৰ সুকীয়াকৈ আৰকান আছে।

প্ৰথম পৰ্যায়ঃ

ইছলাম

ইছলামৰ স্তম্ভ হৈছে পাঁচটা।

এই কথাৰ সাক্ষ্য দিয়া যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই আৰু মুহাম্মদ চাল্লাল্লা-হু আলাইহি অছাল্লাম হৈছে তেওঁৰ প্ৰেৰিত ৰাছুল।

নামাজ প্ৰতিষ্ঠা কৰা।

যাকাত প্ৰদান কৰা।

ৰমাজান মাহৰ ৰোজা ৰখা।

হজ্জ কৰা।

প্ৰথম স্তম্ভৰ প্ৰমাণ। যেনে আল্লাহ তাআলাই কৈছেঃ

﴿شَهِدَ ٱللَّهُ أَنَّهُۥ لَآ إِلَٰهَ إِلَّا هُوَ وَٱلۡمَلَٰٓئِكَةُ وَأُوْلُواْ ٱلۡعِلۡمِ قَآئِمَۢا بِٱلۡقِسۡطِۚ لَآ إِلَٰهَ إِلَّا هُوَ ٱلۡعَزِيزُ ٱلۡحَكِيمُ18

অৰ্থ: আল্লাহে সাক্ষ্য দিয়ে যে, নিশ্চয় তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ (উপাস্য) নাই, আৰু ফিৰিস্তাসকল লগতে জ্ঞানীসকলেও (এই সাক্ষ্য দিয়ে); তেওঁ ন্যায়নীতিৰ ওপৰত প্ৰতিষ্ঠিত। আল্লাহৰ বাহিৰে আন কোনো সত্য ইলাহ নাই, (তেওঁ) পৰাক্ৰমশালী, প্ৰজ্ঞাময়।30 (ছুৰা আলে ইমৰাণ: ১৮) ইয়াৰ অৰ্থ হৈছে, তেওঁৰ বাহিৰে আন কোনো সত্য উপাস্য নাই, একমাত্ৰ তেৱেঁই ইবাদতৰ যোগ্য। লা ইলা-হা ইল্লাল্লাহৰ দুটা দিশ আছে এটা নেতিবাচক আৰু আনটো হৈছে ইতিবাচক। নেতিবাচক দিশটো হৈছে যেনে- লা ইলা-হা অৰ্থাৎ কোনো সত্য উপাস্য নাই। ইয়াত সকলো উপাস্যক অস্বীকাৰ কৰা হৈছে, আৰু ইতিবাচক দিশটো হৈছে, ইল্লাল্লাহ অৰ্থাৎ- আল্লাহৰ বাহিৰে। ইয়াৰ দ্বাৰা সকলো ইবাদত এককভাৱে আল্লাহৰ বাবেই সাব্যস্ত কৰা হয়। যিদৰে আল্লাহৰ ৰাজত্বত কোনো অংশীদাৰ নাই, ঠিক সেইদৰে তেওঁৰ ইবাদততো কোনো অংশীদাৰ নাই। ইয়াৰ স্পষ্ট ব্যাখ্যা এই আয়াতৰ দ্বাৰা বুজিব পাৰিব। মহান আল্লাহে কৈছে:

﴿وَإِذۡ قَالَ إِبۡرَٰهِيمُ لِأَبِيهِ وَقَوۡمِهِۦٓ إِنَّنِي بَرَآءٞ مِّمَّا تَعۡبُدُونَ26 إِلَّا ٱلَّذِي فَطَرَنِي فَإِنَّهُ سَيَهْدِينَ 27 وَجَعَلَهَا كَلِمَةً بَاقِيَةً فِي عَقِبِهِ لَعَلَّهُمْ يَرْجِعُونَ28

অৰ্থ: আৰু স্মৰণ কৰা, যেতিয়া ইব্ৰাহীমে তেওঁৰ পিতৃ আৰু তেওঁৰ সম্প্ৰদায়ক কৈছিল, ‘তোমালোকে যিবোৰৰ ইবাদত কৰা নিশ্চয় মই সেইবোৰৰ পৰা সম্পৰ্কমুক্ত। ‘কেৱল তেওঁৰ বাহিৰে যিজনে মোক সৃষ্টি কৰিছে। এতেকে নিশ্চয় তেওঁ শীঘ্ৰেই মোক সৎপথত পৰিচালিত কৰিব’,

আৰু এই ঘোষণাক তেওঁ চিৰন্তন বাণীৰূপে ৰাখি থৈ গৈছে তেওঁৰ উত্তৰসূৰীসকলৰ মাজত, যাতে সিহঁতে উভতি আহে।31 (ছুৰা আজ-ঝুখৰূফ: ২৬-২৮)

মহান আল্লাহে আৰু কৈছেঃ

﴿قُلۡ يَٰٓأَهۡلَ ٱلۡكِتَٰبِ تَعَالَوۡاْ إِلَىٰ كَلِمَةٖ سَوَآءِۭ بَيۡنَنَا وَبَيۡنَكُمۡ أَلَّا نَعۡبُدَ إِلَّا ٱللَّهَ وَلَا نُشۡرِكَ بِهِۦ شَيۡـٔٗا وَلَا يَتَّخِذَ بَعۡضُنَا بَعۡضًا أَرۡبَابٗا مِّن دُونِ ٱللَّهِۚ فَإِن تَوَلَّوۡاْ فَقُولُواْ ٱشۡهَدُواْ بِأَنَّا مُسۡلِمُونَ64

অৰ্থ: কোৱা, ‘হে কিতাবীসকল! আহা সেই কথাৰ পিনে যিটো আমাৰ আৰু তোমালোকৰ মাজত মিল আছে; সেয়া হৈছে- আমি যেন একমাত্ৰ আল্লাহৰ বাহিৰে আন কাৰো ইবাদত নকৰোঁ, তেওঁৰ লগত আন কাকো অংশী স্থাপন নকৰোঁ আৰু আমাৰ মাজৰ কোনোৱেই যাতে ইজনে সিজনক ৰব্ব হিচাপে গ্ৰহণ নকৰে’। তথাপিও যদি সিহঁতে মুখ ঘূৰাই লয়, তেনেহ’লে তোমালোকে কোৱা, ‘তোমালোকে সাক্ষী থাকা যে, নিশ্চয় আমি মুছলিম’।32 (ছুৰা আলে ইমৰাণ: ৬৪)

মুহাম্মদ চাল্লাল্লা-হু আলাইহি অছাল্লাম যে তেওঁৰ প্ৰেৰিত ৰাছুল তাৰ প্ৰমাণ:

﴿لَقَدۡ جَآءَكُمۡ رَسُولٞ مِّنۡ أَنفُسِكُمۡ عَزِيزٌ عَلَيۡهِ مَا عَنِتُّمۡ حَرِيصٌ عَلَيۡكُم بِٱلۡمُؤۡمِنِينَ رَءُوفٞ رَّحِيمٞ128

অৰ্থ: নিশ্চয় তোমালোকৰ ওচৰলৈ তোমালোকৰ মাজৰ পৰাই এজন ৰাছুল আহিছে, তোমালোকৰ যি দুখ-কষ্ট হয় তেওঁ তাৰ বাবে বৰ মনোকষ্ট পায়। তেওঁ তোমালোকৰ হিতাকাংক্ষী, মুমিনসকলৰ প্ৰতি তেওঁ কৰুণাশীল আৰু অতি দয়ালু।33 (ছুৰা আত-তাওবা: ১২৮) মুহাম্মদ চাল্লাল্লা-হু আলাইহি অছাল্লাম আল্লাহৰ প্ৰেৰিত ৰাছুল ইয়াৰ অৰ্থ হৈছে যে, তেওঁ যিবোৰ আদেশ দিছে সেইবোৰ অনুসৰণ কৰা আৰু তেওঁ যিবোৰ বিষয়ে সংবাদ প্ৰদান কৰিছে সেইবোৰক সত্য বুলি স্বীকাৰ কৰা। লগতে যিবোৰ বিষয়ে নিষেধ কৰিছে সেইবোৰ বৰ্জন কৰা আৰু তেওঁৰ আদেশ অনুযায়ী আল্লাহৰ ইবাদত কৰা৷

চালাত, যাকাত আৰু তাওহীদৰ ব্যাখ্যাৰ প্ৰমাণ, এই বিষয়ে পৱিত্ৰ কোৰআনত আহিছে:

﴿وَمَآ أُمِرُوٓاْ إِلَّا لِيَعۡبُدُواْ ٱللَّهَ مُخۡلِصِينَ لَهُ ٱلدِّينَ حُنَفَآءَ وَيُقِيمُواْ ٱلصَّلَوٰةَ وَيُؤۡتُواْ ٱلزَّكَوٰةَۚ وَذَٰلِكَ دِينُ ٱلۡقَيِّمَةِ5

অৰ্থ: আৰু সিহঁতক কেৱল এই নিৰ্দেশ দিয়া হৈছিল যে, সিহঁতে যেন আল্লাহৰ ইবাদত কৰে তেওঁৰ বাবেই যেন দ্বীনক একনিষ্ঠ কৰে আৰু যেন ছালাত প্ৰতিষ্ঠা কৰে, লগতে যাকাত প্ৰদান কৰে, আৰু এইটোৱেই হৈছে সঠিক দ্বীন।34 (ছুৰা আল-বাইয়্যিনাহ: ৫)

চওম বা ৰোজা সম্পৰ্কে কোৰআনৰ বাণী:

﴿يَٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُواْ كُتِبَ عَلَيۡكُمُ ٱلصِّيَامُ كَمَا كُتِبَ عَلَى ٱلَّذِينَ مِن قَبۡلِكُمۡ لَعَلَّكُمۡ تَتَّقُونَ183

অৰ্থ: হে ঈমান্দাৰসকল! তোমালোকৰ ওপৰত চিয়াম ফৰজ কৰা হৈছে যেনেকৈ তোমালোকৰ পূৰ্বৱৰ্তীসকলৰ ওপৰত ফৰজ কৰা হৈছিল, যাতে তোমালোকে তাক্বৱা অৱলম্বন কৰিব পাৰা।35 (ছুৰা আল-বাক্বাৰাহ: ১৮৩)

হজ্জ সম্পৰ্কে কোৰআনৰ আয়াত:

﴿...وَلِلَّهِ عَلَى ٱلنَّاسِ حِجُّ ٱلۡبَيۡتِ مَنِ ٱسۡتَطَاعَ إِلَيۡهِ سَبِيلٗاۚ وَمَن كَفَرَ فَإِنَّ ٱللَّهَ غَنِيٌّ عَنِ ٱلۡعَٰلَمِينَ97

অৰ্থ: আৰু মানুহৰ মাজৰ পৰা তাত যাবলৈ যাৰ সামৰ্থ আছে, আল্লাহৰ উদ্দেশ্যে সেই ঘৰৰ হজ্জ কৰা তাৰ বাবে অৱশ্য কৰ্তব্য (অনিবাৰ্য); আৰু যিয়ে কুফুৰী কৰিব সি জানি থোৱা উচিত, নিশ্চয় আল্লাহ সৃষ্টিজগতৰ মুখাপেক্ষী নহয়।36 (ছুৰা আলে ইমৰাণ: ৯৭)

 

দ্বিতীয় পৰ্যায়

ঈমান

ঈমানৰ শাখা-প্ৰশাখা ৭০ টাতকৈও অধিক। ইয়াৰ মাজত সৰ্বোত্তম শাখাটো হৈছে ‘লা ইলা-হা ইল্লাল্লাহ' স্বীকাৰ কৰা, আৰু সৰ্বনিম্ন শাখাটো হৈছে ৰাস্তাৰ পৰা কষ্টদায়ক বস্তু আঁতৰাই দিয়া৷ হায়া বা লাজ হৈছে ঈমানৰ এটা অন্যতম শাখা।

ঈমানৰ স্তম্ভ হৈছে ছয়টা: যেনে- (১) আল্লাহৰ প্ৰতি (২) ফিৰিস্তাসকলৰ প্ৰতি (৩) ঐশীগ্ৰন্থসমূহৰ প্ৰতি (৪) ৰাছুলসকলৰ প্ৰতি (৫) কিয়ামতৰ দিৱসৰ প্ৰতি আৰু (৬) তাক্বদীৰ বা ভাগ্যৰ মঙ্গল-অমঙ্গলৰ প্ৰতি বিশ্বাস স্থাপন কৰা।

ইয়াৰ প্ৰমাণ যেনে- মহান আল্লাহে কৈছেঃ

﴿لَّيۡسَ ٱلۡبِرَّ أَن تُوَلُّواْ وُجُوهَكُمۡ قِبَلَ ٱلۡمَشۡرِقِ وَٱلۡمَغۡرِبِ وَلَٰكِنَّ ٱلۡبِرَّ مَنۡ ءَامَنَ بِٱللَّهِ وَٱلۡيَوۡمِ ٱلۡأٓخِرِ وَٱلۡمَلَٰٓئِكَةِ وَٱلۡكِتَٰبِ وَٱلنَّبِيِّـۧنَ...

অৰ্থ: পূৱ বা পশ্চিম দিশত তোমালোকৰ মুখ কৰাটোৱে সৎকৰ্ম নহয়, বৰং সৎকৰ্ম হৈছে, যিয়ে আল্লাহ, শেষ দিৱস, ফিৰিস্তাসকল, কিতাবসমূহ আৰু নবীসকলৰ প্ৰতি ঈমান পোষণ কৰে আৰু সম্পদৰ প্ৰতি আসক্তি থকা সত্ত্বেও আত্মীয়-স্বজন, ইয়াতীম, অভাৱগ্ৰস্ত, মুছাফিৰ, সাহায্যপ্ৰাৰ্থী আৰু দাসমুক্তিৰ বাবে ব্যয় কৰে আৰু ছালাত প্ৰতিষ্ঠা কৰে, যাকাত প্ৰদান কৰে, প্ৰতিশ্ৰুতি দিলে সেয়া পূৰণ কৰে, অৰ্থ-সংকটত, দুখ-কষ্টত আৰু সংগ্ৰাম-সংকটত ধৈৰ্য্য ধাৰণ কৰে। এওঁলোকেই সত্যবাদী আৰু এওঁলোকেই হৈছে মুত্তাক্বী।37 (ছুৰা আল-বাক্বাৰাহ: ১৭৭)

আৰু তাক্বদীৰ বা ভাগ্য সম্পৰ্কে মহান আল্লাহে কৈছে:

﴿إِنَّا كُلَّ شَيۡءٍ خَلَقۡنَٰهُ بِقَدَرٖ49

অৰ্থ: আমি প্ৰত্যেক বস্তুকে পৰিমিতভাৱে একোটাকৈ ভাগ্য দি সৃষ্টি কৰিছোঁ।38 (ছুৰা আল-ক্বমাৰ: ৪৯)

তৃতীয় পৰ্যায়

ইহছান

ইহছানৰ ৰুকন বা স্তম্ভ হৈছে মাত্ৰ এটা।

আৰু সেয়া হৈছে আল্লাহৰ ইবাদত এনেকৈ কৰা যে তুমি তেওঁক প্ৰত্যক্ষ কৰি আছা। যদি তুমি এইটো অনুভৱ কৰিব নোৱাৰা তেন্তে মনত ৰাখিবা তেওঁ তোমাক প্ৰত্যক্ষ কৰি আছে। যেনে- আল্লাহে কৈছেঃ

﴿إِنَّ ٱللَّهَ مَعَ ٱلَّذِينَ ٱتَّقَواْ وَّٱلَّذِينَ هُم مُّحۡسِنُونَ128

অৰ্থ: নিশ্চয় আল্লাহ তেওঁলোকৰ লগত আছে যিসকলে তাক্বৱা অৱলম্বন কৰিছে আৰু যিসকল সৎকৰ্মপৰায়ণ।39 (ছুৰা আন-নাহল: ১২৮)

মহান আল্লাহে আৰু কৈছেঃ

﴿وَتَوَكَّلۡ عَلَى ٱلۡعَزِيزِ ٱلرَّحِيمِ217 ٱلَّذِي يَرَىٰكَ حِينَ تَقُومُ218 وَتَقَلُّبَكَ فِي ٱلسَّٰجِدِينَ219 إِنَّهُ هُوَ السَّمِيعُ الْعَلِيمُ 220

অৰ্থ: আৰু তুমি নিৰ্ভৰ কৰা পৰাক্ৰমশালী, পৰম দয়ালু (আল্লাহ)ৰ ওপৰত,

যিজনে তোমাক দেখে যেতিয়া তুমি (ছালাতৰ বাবে) থিয় হোৱা,

আৰু (তেৱেঁই) ছাজদাকাৰীসকলৰ মাজত তোমাৰ গতিবিধি (লক্ষ্য কৰে)।

নিশ্চয় তেওঁ সৰ্বশ্ৰোতা, সৰ্বজ্ঞ।40 (ছুৰা আশ্ব-শ্বুআৰা: ২১৭-২২০)

মহান আল্লাহে আৰু কৈছে:

﴿وَمَا تَكُونُ فِي شَأۡنٖ وَمَا تَتۡلُواْ مِنۡهُ مِن قُرۡءَانٖ وَلَا تَعۡمَلُونَ مِنۡ عَمَلٍ إِلَّا كُنَّا عَلَيۡكُمۡ شُهُودًا إِذۡ تُفِيضُونَ فِيهِ...

অৰ্থ: (হে নবী!) তুমি যি অৱস্থাতেই নথকা কিয় আৰু তুমি সেই সম্পৰ্কে কোৰআনৰ পৰা যিটোৱেই তিলাৱত নকৰা কিয় আৰু তোমালোকে যি আমলেই নকৰা কিয়, আমি তোমালোকৰ সাক্ষী থাকোঁ, যেতিয়া তোমালোকে তাত প্ৰবৃত্ত হোৱা।41 (ছুৰা ইউনুছ: ৬১)

এই বিষয়ে হাদীছৰ প্ৰমাণ হৈছে, সেই বিখ্যাত হাদীছ যিটো হাদীছে জিব্ৰীল বুলি পৰিচিত ওমৰ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ

"بَيْنَمَا نَحْنُ عِنْدَ رَسُولِ اللَّهِ ﷺ ذَاتَ يَوْمٍ، إِذْ طَلَعَ عَلَيْنَا رَجُلٌ، شَدِيدُ بَيَاضِ الثِّيَابِ، شَدِيدُ سَوَادِ الشَّعَرِ، لَا يُرَى عَلَيْهِ أَثَرُ السَّفَرِ، وَلَا يَعْرِفُهُ مِنَّا أَحَدٌ، حَتَّى جَلَسَ إِلَى النَّبِيِّ ﷺ فَأَسْنَدَ رُكْبَتَيْهِ إِلَى رُكْبَتَيْهِ، وَوَضَعَ كَفَّيْهِ عَلَى فَخِذَيْهِ، وَقَالَ: يَا مُحَمَّدُ! أَخْبِرْنِي عَنِ الإِسْلَامِ؟ فَقَالَ رَسُولُ اللَّهِ ﷺ: الإِسْلَامُ: أَنْ تَشْهَدَ أَلَّا إِلَهَ إِلَّا اللَّهُ وَأَنَّ مُحَمَّدًا رَسُولُ اللَّهِ، وَتُقِيمَ الصَّلَاةَ، وَتُؤْتِيَ الزَّكَاةَ، وَتَصُومَ رَمَضَانَ، وَتَحُجَّ البَيْتَ إِنِ اسْتَطَعْتَ إِلَيْهِ سَبِيلًا، قَالَ: صَدَقْتَ - فَعَجِبْنَا لَهُ، يَسْأَلُهُ وَيُصَدِّقُهُ –.

قَالَ: فَأَخْبِرْنِي عَنِ الْإِيمَانِ؟ قَالَ: أَنْ تُؤْمِنَ بِاللَّهِ، وَمَلَائِكَتِهِ، وَكُتُبِهِ، وَرُسُلِهِ، وَاليَوْمِ الْآخِرِ، وَتُؤْمِنَ بِالقَدَرِ خَيْرِهِ وَشَرِّهِ، قَالَ: صَدَقْتَ.

قَالَ: فَأَخْبِرْنِي عَنِ الْإِحْسَانِ؟ قَالَ: أَنْ تَعْبُدَ اللَّهَ كَأَنَّكَ تَرَاهُ، فَإِنْ لَمْ تَكُنْ تَرَاهُ فَإِنَّهُ يَرَاكَ.

قَالَ: فَأَخْبِرْنِي عَنِ السَّاعَةِ؟ قَالَ: مَا المَسْؤُولُ عَنْهَا بِأَعْلَمَ مِنَ السَّائِلِ.

قَالَ: فَأَخْبِرْنِي عَنْ أَمَارَاتِهَا؟ قَالَ: أَنْ تَلِدَ الأَمَةُ رَبَّتَهَا، وَأَنْ تَرَى الحُفَاةَ العُرَاةَ العَالَةَ رِعَاءَ الشَّاءِ، يَتَطَاوَلُونَ فِي البُنْيَانِ.

قَالَ: ثُمَّ انْطَلَقَ فَلَبِثْتُ مَلِيًّا، ثُمَّ قَالَ لِي: يَا عُمَرُ! أَتَدْرِي مَنِ السَّائِلُ؟ قُلْتُ: اللَّهُ وَرَسُولُهُ أَعْلَمُ، قَالَ: فَإِنَّهُ جِبْرِيلُ، أَتَاكُمْ يُعَلِّمُكُمْ دِينَكُمْ".

“এদিনাখন আমি নবী চাল্লাল্লা-হু আলাইহি অছাল্লামৰ ওচৰত বহি আছিলোঁ; এনেতে এজন ব্যক্তি আমাৰ মাজলৈ আহি উপস্থিত হ’ল, যাৰ চুলিবোৰ অতি কিচকিচীয়া ক’লা আৰু পোছাকযোৰ অতিকৈ বগা। তাৰ ওপৰত ভ্ৰমণৰ কোনো চিন-চাপ নাছিল অথচ আমি কোনেও তেওঁক চিনিও নাপাওঁ। তাৰ পিছত তেওঁ নবী চাল্লাল্লা-হু আলাইহি অছাল্লামৰ আঠুৰ লগত আঠু মিলাই বহিলে আৰু দুয়ো হাত তেওঁৰ উৰুৰ ওপৰত ৰাখিলে, আৰু ক’লে, হে মুহাম্মদ! মোক ইছলাম সম্পৰ্কে জ্ঞান দিয়ক। নবী চাল্লাল্লা- হু আলাইহি অছাল্লামে ক’লেঃ

১) সাক্ষী দিয়া যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই, আৰু মুহাম্মদ চাল্লাল্লা-হু আলাইহি অছাল্লাম হৈছে তেওঁৰ ৰাছুল।

২) নামাজ প্ৰতিষ্ঠা কৰা।

৩) যাকাত প্ৰদান কৰা।

৪) ৰমাজান মাহৰ ৰোজা ৰখা।

৫) সক্ষম হ’লে হজ্জ কৰা।

ব্যক্তিজনে ক’লে, আপুনি ঠিকেই কৈছে। আমি আচৰিত হ’লো ব্যক্তিজন নিজেই প্ৰশ্ন কৰিছে আকৌ নিজেই কৈছে আপুনি ঠিকেই কৈছে।

তাৰ পিছত তেওঁ সুধিলেঃ মোক ঈমান সম্পৰ্কে জ্ঞান দিয়ক। নবী চাল্লাল্লা-হু আলাইহি অছাল্লামে ক’লেঃ

ঈমান হৈছে আল্লাহৰ প্ৰতি, ফিৰিস্তাসকলৰ প্ৰতি, আল্লাহে অৱতীৰ্ণ কৰা গ্ৰন্থসমূহৰ প্ৰতি, ৰাছুলসকলৰ প্ৰতি, শেষ বিচাৰৰ দিৱসৰ প্ৰতি আৰু ভাগ্যৰ মঙ্গল-অমঙ্গলৰ প্ৰতি বিশ্বাস স্থাপন কৰা।

তাৰ পিছত তেওঁ সুধিলে মোক ইহছান সম্পৰ্কে জ্ঞান দিয়ক। নবী চাল্লাল্লা- হু আলাইহি অছাল্লামে ক’লেঃ

তুমি আল্লাহৰ ইবাদত এনেকৈ কৰা যেনিবা তুমি আল্লাহক দেখি আছা আৰু যদি এইটো অনুভৱ কৰিব নোৱাৰা তেন্তে অনুভৱ কৰিবা যে, আল্লাহে তোমাক দেখি আছে।

তাৰ পিছত তেওঁ সুধিলেঃ মোক কিয়ামত সম্পৰ্কে জ্ঞান দিয়ক। নবী চাল্লাল্লা- হু আলাইহি অছাল্লামে ক’লেঃ

প্ৰশ্নকাৰীতকৈ উত্তৰ দিওঁতা বেছি একো নাজানে।

তাৰ পিছত ব্যক্তিজনে কিয়ামতৰ নিদৰ্শনসমূহ জানিব বিচাৰিলে। নবী চাল্লাল্লা- হু আলাইহি অছাল্লামে ক’লেঃ

যেতিয়া দাসীয়ে নিজৰ মালিকক জন্ম দিব। সম্পদ আৰু বস্ত্ৰহীন ছাগলী- ৰখীয়াসকলে সুউচ্চ অট্টালিকাত বসবাস কৰিব। তেতিয়াই কিয়ামতৰ আগমন ঘটিব।

বৰ্ণনাকাৰীয়ে কৈছে, ইয়াৰ পিছত ব্যক্তিজন উভতি গ’ল। তাৰ পিছত আমি অলপমান নিৰৱ হৈ থাকিলোঁ। ইয়াৰ পিছত নবী চাল্লাল্লা-হু আলাইহি অছাল্লামে ক’লেঃ তেওঁ আছিল জিব্ৰীল আলাইহিচ্ছালাম। তোমালোকক তোমালোকৰ দ্বীন সম্পৰ্কে অৱগত কৰাবলৈ আহিছিল।42

তৃতীয় মূলনীতি

নবী মুহাম্মদ চাল্লাল্লা-হু আলাইহি অছাল্লাম সম্পৰ্কে অৱগত হোৱা।

মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম হৈছে আব্দুল্লাহৰ পুত্ৰ, আব্দুল্লাহৰ পিতা হৈছে আব্দুল মুত্তালিব, আৰু তেওঁৰ পিতা হৈছে হাশ্বিম। হাশ্বিম হৈছে কুৰাইশ্বৰ বংশধৰ আৰু কুৰাইশ্ব হৈছে আৰবৰ শ্ৰেষ্ঠ গোষ্ঠী। এই গোষ্ঠী হৈছে ইব্ৰাহীম আলাইহিচ্ছালামৰ পুত্ৰ ইছমাঈলৰ বংশধৰ। আমাৰ প্ৰিয় নবী মুহাম্মদ চাল্লাল্লা-হু আলাইহি অছাল্লামৰ প্ৰতি কৰুণা আৰু শান্তি অৱতীৰ্ণ হওক।

৬৩ বছৰ তেখেত জীৱিত আছিল। নবুওৱত প্ৰাপ্তিৰ পূৰ্বে ৪০ (চল্লিশ) বছৰ আৰু নবী তথা ৰাছুল হৈ ২৩ (তেইছ) বছৰ অতিবাহিত কৰিছিল। ছুৰা “ইকৰা” আৰু ছুৰা “মুদ্দাচ্ছিৰ” অৱতীৰ্ণ হোৱাৰ লগে লগে তেখেত যথাক্ৰমে নবুওৱত আৰু ৰিছালত লাভ কৰিছিল। তেখেতৰ জন্মভূমি আছিল মক্কা নগৰী। শ্বির্কৰ পৰা সতৰ্ক কৰাৰ উদ্দেশ্যে আৰু আল্লাহৰ তাওহীদৰ (একত্ববাদৰ) প্ৰতি আহ্বান কৰাৰ উদ্দেশ্যে আল্লাহে তেখেতক প্ৰেৰণ কৰিছিল। মহান আল্লাহে পৱিত্ৰ কোৰআনত কৈছে:

﴿يَٰٓأَيُّهَا ٱلۡمُدَّثِّرُ1 قُمۡ فَأَنذِرۡ2 وَرَبَّكَ فَكَبِّرۡ3 وَثِيَابَكَ فَطَهِّرۡ4 وَٱلرُّجۡزَ فَٱهۡجُرۡ5 وَلَا تَمۡنُن تَسۡتَكۡثِرُ6 وَلِرَبِّكَ فَٱصۡبِرۡ7

অৰ্থ: হে বস্ত্ৰাবৃত!

উঠা, আৰু সতৰ্ক কৰা,

আৰু তোমাৰ প্ৰতিপালকৰ শ্ৰেষ্ঠত্ব ঘোষণা কৰা।

আৰু তোমাৰ পোছাক-পৰিচ্ছদ পৱিত্ৰ ৰাখিবা,

আৰু অপৱিত্ৰতা (শ্বিৰ্ক) পৰিহাৰ কৰা,

আৰু অধিক পোৱাৰ আশাত কাকো অনুগ্ৰহ নকৰিবা।

আৰু তোমাৰ প্ৰতিপালকৰ বাবেই ধৈৰ্য ধাৰণ কৰা।43 (ছুৰা আল-মুদ্দাচ্ছিৰ: ১-৭)

قُمْ فَأَنْذِرْ উঠা আৰু সতৰ্ক কৰি দিয়াঃ অৰ্থাৎ শ্বিকৰ বিৰুদ্ধে সতৰ্ক কৰা আৰু তাওহীদৰ প্ৰতি আহ্বান কৰা। وَرَبَّكَ فَكَبِّرْ আৰু তোমাৰ প্ৰভুৰ শ্ৰেষ্ঠত্ব ঘোষণা কৰাঃ অর্থাৎ তাওহীদৰ দ্বাৰা আল্লাহৰ মহত্ব প্ৰচাৰ কৰা। وَثِيَابَكَ فَطَهِّرْ তোমাৰ পোছাক পৰিস্কাৰ ৰাখিবা। অৰ্থাৎ আমলসমূহ শ্বিৰ্ক মুক্ত ৰাখিবা। وَالرُّجْزَ فَاهْجُرْ আৰু অপৰিচ্ছন্নতা-অপৱিত্ৰতাৰ পৰা আঁতৰত থাকিবা। অথাৎ মূৰ্ত্তি পূজা আৰু মূৰ্ত্তি পূজকসকলৰ পৰা আঁতৰত থাকিবা আৰু সিহঁতক সম্পুৰ্ণৰূপে অস্বীকাৰ কৰিবা।

ইয়াৰ ওপৰত ভিত্তি কৰি তেখেতে দহ বছৰলৈকে তাওহীদৰ প্ৰতি মানুহক আহ্বান কৰিছিল। দহ বছৰ পিছত তেখেতক মিৰাজলৈ লৈ যোৱা হয় আৰু পাঁচ ওৱাক্ত নামাজ ফৰজ কৰা হয়। তেখেতে মক্কাত সেই নামাজ তিনি বছৰলৈকে সূচাৰুৰূপে বাস্তৱায়ন কৰাৰ পিছত মদীনালৈ হিজৰত কৰাৰ আদেশ লাভ কৰে। হিজৰতৰ অৰ্থ হৈছে, শ্বিৰ্ক তথা কলুষিত স্থান পৰিত্যাগ কৰি ইছলামী ৰাজ্যৰ অভিমুখে প্ৰস্থান কৰা। উম্মতে মুহাম্মদিয়াৰ ওপৰত শ্বিৰ্ক তথা কলুষিত স্থানৰ পৰা ইছলামী ৰাজ্যলৈ হিজৰত কৰাটো ফৰজ কৰি দিয়া হৈছে। এই হিজৰতৰ বিধানটো কিয়ামত পৰ্যন্ত অক্ষুন্ন তথা অব্যাহত থাকিব।

এই বিষয়ে পৱিত্ৰ কোৰআনৰ বাণী:

﴿إِنَّ ٱلَّذِينَ تَوَفَّىٰهُمُ ٱلۡمَلَٰٓئِكَةُ ظَالِمِيٓ أَنفُسِهِمۡ قَالُواْ فِيمَ كُنتُمۡۖ قَالُواْ كُنَّا مُسۡتَضۡعَفِينَ فِي ٱلۡأَرۡضِۚ قَالُوٓاْ أَلَمۡ تَكُنۡ أَرۡضُ ٱللَّهِ وَٰسِعَةٗ فَتُهَاجِرُواْ فِيهَاۚ فَأُوْلَٰٓئِكَ مَأۡوَىٰهُمۡ جَهَنَّمُۖ وَسَآءَتۡ مَصِيرًا97 إِلَّا ٱلۡمُسۡتَضۡعَفِينَ مِنَ ٱلرِّجَالِ وَٱلنِّسَآءِ وَٱلۡوِلۡدَٰنِ لَا يَسۡتَطِيعُونَ حِيلَةٗ وَلَا يَهۡتَدُونَ سَبِيلٗا98 فَأُولَٰئِكَ عَسَى اللَّهُ أَن يَعْفُوَ عَنْهُمْ ۚ وَكَانَ اللَّهُ عَفُوًّا غَفُورًا 99

অৰ্থ: নিশ্চয় যিসকলে নিজৰ ওপৰত অন্যায় কৰে সিহঁতৰ প্ৰাণগ্ৰহণৰ সময়ত ফিৰিস্তাসকলে কয়, ‘তোমালোকে কি অৱস্থাত আছিলা’? সিহঁতে ক’ব, ‘পৃথিৱীত আমি নিঃসহায় আছিলোঁ’, তেওঁলোকে ক’ব, ‘আল্লাহৰ পৃথিৱী ইমান প্ৰশস্ত নাছিলনে যে তোমালোকে আন ঠাইলৈ হিজৰত কৰি যাব নোৱাৰিলা’? ইহঁতৰেই আবাসস্থল হৈছে জাহান্নাম, আৰু এইটো কিমান যে নিকৃষ্ট আবাস!

কিন্তু যিসকল অসহায় পুৰুষ, নাৰী আৰু শিশুৱে কোনো উপায় অৱলম্বন কৰিব নোৱাৰে আৰু কোনো পথ বিচাৰিও নাপায় (সিহঁতৰ কথাটো সুকীয়া)।

আল্লাহে হয়তো শীঘ্ৰেই সিহঁতৰ পাপ মোচন কৰিব, কাৰণ আল্লাহ পাপ মোচনকাৰী, ক্ষমাশীল।44 (ছুৰা আন-নিছা: ৯৭-৯৯)

আৰু কৈছে:

﴿يَٰعِبَادِيَ ٱلَّذِينَ ءَامَنُوٓاْ إِنَّ أَرۡضِي وَٰسِعَةٞ فَإِيَّٰيَ فَٱعۡبُدُونِ56

অৰ্থ: হে মোৰ মুমিন বান্দাসকল! নিশ্চয় মোৰ পৃথিৱীখন বহুত প্ৰশস্ত, এতেকে তোমালোকে কেৱল মোৰেই ইবাদত কৰা।45 (ছুৰা আনকাবুত: ৫৬)

ইমাম বাগৱী ৰাহিমাহুল্লাহে কৈছেঃ “এই আয়াতটো মক্কাৰ সেইসকল মুছলিমৰ বিষয়ে অৱতীৰ্ণ হৈছিল, যিসকলে মক্কাৰ পৰা হিজৰত কৰা নাছিল। আল্লাহে তেওঁলোককো মুমিন বুলি উল্লেখ কৰিছে।

হিজৰতৰ সমৰ্থনত হাদীছৰ পৰা প্ৰমাণঃ

"لَا تَنْقَطِعُ الهِجْرَةُ حَتَّى تَنْقَطِعَ التَّوْبَةُ، وَلَا تَنْقَطِعُ التَّوْبَةُ حَتَّى تَطْلُعَ الشَّمْسُ مِنْ مَغْرِبِهَا".

অৰ্থ: “তাওবা বন্ধ নোহোৱালৈকে হিজৰত বন্ধ নহয়, আৰু সূৰ্য পশ্চিম ফালৰ পৰা উদয় নোহোৱালৈকে তাওবাৰ দুৱাৰো বন্ধ নহ’ব।”46 নবী চাল্লাল্লুহু আলাইহি অছাল্লাম মদীনাত আহি উপস্থিত হোৱাৰ পিছত চৰীয়তৰ অন্যান্য বিধানসমূহ প্ৰদান কৰা হৈছিল। যেনে- যাকাত, দান-খয়ৰাত, ৰোজা, হজ্জ, আজান, জিহাদ, সৎকৰ্মৰ আদেশ আৰু অসৎ কৰ্মৰ পৰা মানুহক নিষেধ কৰা ইত্যাদি।

হিজৰতৰ পিছত তেখেতে মদীনাত দহ বছৰ সময় অতিবাহিত কৰিছিল। ইয়াৰ পিছত তেখেতৰ মৃত্যু হয়। (তেখেতৰ ওপৰত অসংখ্য দৰূদ আৰু শান্তি বৰ্ষিত হওক)

তেখেতে প্ৰচাৰ কৰা এই ধৰ্ম কিয়ামত পৰ্যন্ত প্ৰতিষ্ঠিত থাকিব। তেখেতে তেখেতৰ উম্মতক যাৱতীয় সৎ কৰ্ম সম্পৰ্কে অৱহিত কৰিছে আৰু যাৱতীয় অসৎকৰ্মৰ পৰা সতৰ্ক কৰিছে। তেখেতে দেখুৱাই যোৱা সৰ্বোত্তম পথটো হৈছে তাওহীদৰ পথ। তেখেতে এনেকুৱা পথ দেখুৱাইছে যিটো আল্লাহৰ ওচৰত অতিকৈ প্ৰিয় আৰু তেওঁৰ পছন্দনীয়। এইদৰে তেখেতে যিটো অকল্যাণৰ পৰা মানুহক সতৰ্ক কৰিছে, সেইটো হৈছে শ্বিৰ্ক, যিটোক আল্লাহে অপছন্দ কৰে। মহান আল্লাহে তেখেতক গোটেই মানৱজাতি আৰু সমগ্ৰ জ্বিন জাতিৰ প্ৰতি প্ৰেৰণ কৰিছে। লগতে সমগ্ৰ জিন জাতি আৰু মানৱজাতিৰ প্ৰতি তেখেতৰ আনুগত্য অপৰিহাৰ্য কৰি দিছে। পৱিত্ৰ কোৰআনত এই বিষয়ে মহান আল্লাহে কৈছেঃ

﴿قُلۡ يَٰٓأَيُّهَا ٱلنَّاسُ إِنِّي رَسُولُ ٱللَّهِ إِلَيۡكُمۡ جَمِيعًا...

অৰ্থ: কোৱা, ‘হে মানৱ! নিশ্চয় মই তোমালোক সকলোৰে প্ৰতি আল্লাহৰ (তৰফৰ পৰা প্ৰেৰিত) ৰাছুল।47 (ছুৰা আল-আৰাফ: ১৫৮) মহান আল্লাহে তেওঁৰ নবীৰ জৰিয়তে এই ধৰ্মক পৰিপূৰ্ণ কৰি দিছে।

এই বিষয়ে আল্লাহ তাআলাই কৈছে:

﴿...ٱلۡيَوۡمَ أَكۡمَلۡتُ لَكُمۡ دِينَكُمۡ وَأَتۡمَمۡتُ عَلَيۡكُمۡ نِعۡمَتِي وَرَضِيتُ لَكُمُ ٱلۡإِسۡلَٰمَ دِينٗا...

অৰ্থ: আজি মই তোমালোকৰ বাবে তোমালোকৰ দ্বীনক পৰিপূৰ্ণ কৰিলোঁ আৰু তোমালোকৰ ওপৰত মোৰ অনুগ্ৰহ সম্পূৰ্ণ কৰিলোঁ, আৰু তোমালোকৰ বাবে ইছলামক দ্বীন হিচাপে মনোনীত কৰিলোঁ।48 (ছুৰা আল- মায়িদা: ৩)

নবী মুহাম্মদ চাল্লাল্লা-হু আলাইহি অছাল্লামৰ মৃত্যু সম্পৰ্কে আল্লাহৰ বাণী:

﴿إِنَّكَ مَيِّتٞ وَإِنَّهُم مَّيِّتُونَ30 ثُمَّ إِنَّكُمۡ يَوۡمَ ٱلۡقِيَٰمَةِ عِندَ رَبِّكُمۡ تَخۡتَصِمُونَ31

অথ: (হে নবী!) নিশ্চয় তুমি মৰণশীল আৰু সিহঁতেও মৰণশীল।

এতেকে কিয়ামতৰ দিনা নিশ্চয় তোমালোকে নিজ প্ৰতিপালকৰ সন্মুখত পৰস্পৰে বাক-বিতণ্ডা কৰিবা।49 (ছুৰা যুমাৰ: ৩০-৩১) মৃত্যুৰ পিছত কিয়ামতৰ দিনা সকলোকে পুনৰুথিত কৰা হ’ব। এই বিষয়ে কোৰআন মাজীদত বহুতো প্ৰমাণ আছে: যেনেঃ

﴿مِنۡهَا خَلَقۡنَٰكُمۡ وَفِيهَا نُعِيدُكُمۡ وَمِنۡهَا نُخۡرِجُكُمۡ تَارَةً أُخۡرَىٰ55

অৰ্থ: আমি তোমালোকক মাটিৰ পৰাই সৃষ্টি কৰিছোঁ, তালৈকেই তোমালোকক ওভতাই দিম আৰু তাৰ পৰাই তোমালোকক পুনৰ উলিয়াই আনিম।50 (ছুৰা ত্ব-হা: ৫৫)

আৰু কৈছে:

﴿وَٱللَّهُ أَنۢبَتَكُم مِّنَ ٱلۡأَرۡضِ نَبَاتٗا17 ثُمَّ يُعِيدُكُمۡ فِيهَا وَيُخۡرِجُكُمۡ إِخۡرَاجٗا18

অৰ্থ: ‘আৰু আল্লাহে তোমালোকক মাটিৰ পৰা উদ্ভূত কৰিছে,

‘তাৰ পিছত তেওঁ তোমালোকক তালৈকেই ওভতাই নিব আৰু নিশ্চিতভাৱে তোমালোকক পুনৰুত্থিত কৰিব।51 (ছুৰা নুহ: ১৭-১৮) আৰু পুনৰুথানৰ পিছত প্ৰত্যেককে জবাবদিহি কৰা হ’ব, পুংখানুপুংখভাৱে হিচাপ-নিকাচ লোৱা হ’ব আৰু আমল অনুসৰি তেওঁলোকক পুৰস্কাৰ অথবা শাস্তি প্ৰদান কৰা হ’ব। এই বিষয়ে আল্লাহে কৈছে:

﴿وَلِلَّهِ مَا فِي السَّمَاوَاتِ وَمَا فِي الْأَرْضِ لِيَجۡزِيَ ٱلَّذِينَ أَسَٰٓـُٔواْ بِمَا عَمِلُواْ وَيَجۡزِيَ ٱلَّذِينَ أَحۡسَنُواْ بِٱلۡحُسۡنَى 31

অৰ্থ: আকাশমণ্ডলত যি আছে আৰু পৃথিৱীত যি আছে সেই সকলো আল্লাহৰেই। যাতে তেওঁ সেইসকল লোকক বেয়া প্ৰতিফল দিব পাৰে যিসকলে বেয়া কৰ্ম কৰে, আৰু যাতে সেইসকল লোকক উত্তম পুৰস্কাৰ দিব পাৰে যিসকলে সৎকৰ্ম কৰে।52 (ছুৰা আন-নাজম: ৩১)

এতেকে যিয়ে পুনৰুথানক অস্বীকাৰ কৰিছে সি কুফৰী কৰিছে। প্ৰমাণঃ

﴿زَعَمَ ٱلَّذِينَ كَفَرُوٓاْ أَن لَّن يُبۡعَثُواْۚ قُلۡ بَلَىٰ وَرَبِّي لَتُبۡعَثُنَّ ثُمَّ لَتُنَبَّؤُنَّ بِمَا عَمِلۡتُمۡۚ وَذَٰلِكَ عَلَى ٱللَّهِ يَسِيرٞ7

অৰ্থ: কাফিৰসকলে ধাৰণা কৰে যে, সিহঁতক কেতিয়াও পুনৰুত্থিত কৰা নহ’ব। কোৱা, ‘নিশ্চয় কৰা হ’ব, মোৰ প্ৰতিপালকৰ শপত! তোমালোকক নিশ্চয় পুনৰুত্থিত কৰা হ’ব। তাৰ পিছত তোমালোকে যি কৰিছিলা সেই বিষয়ে তোমালোকক নিশ্চয় অৱগত কৰোৱা হ’ব আৰু এইটো আল্লাহৰ পক্ষে তেনেই সহজ’।53 (ছুৰা আত-তাগাবুন: ৭) আল্লাহ তা’আলা সকলো নবীসকলক শুভ সংবাদ প্ৰদানকাৰী আৰু সতৰ্ককাৰী হিচাপে প্ৰেৰণ কৰিছিল। প্ৰমাণঃ

﴿رُّسُلٗا مُّبَشِّرِينَ وَمُنذِرِينَ لِئَلَّا يَكُونَ لِلنَّاسِ عَلَى ٱللَّهِ حُجَّةُۢ بَعۡدَ ٱلرُّسُلِ...

অৰ্থ: সুসংবাদবাহী আৰু সাৱধানকাৰী ৰাছুল প্ৰেৰণ কৰিছোঁ, যাতে ৰাছুলসকল অহাৰ পিছত আল্লাহৰ বিৰুদ্ধে মানুহৰ বাবে কোনো অভিযোগ নাথাকে; আৰু আল্লাহ পৰাক্ৰমশালী, প্ৰজ্ঞাময়।54 (ছুৰা নিছা: ১৬৫) ৰাছুলসকলৰ মাজত সৰ্বপ্ৰথম ৰাছুল হৈছে নুহ আলাইহিচ্ছালাম আৰু সৰ্বশেষ ৰাছুল হৈছে নবী মুহাম্মদ চাল্লাল্লা-হু আলাইহি অছাল্লাম, তেখেত নবীসকলৰ ধাৰাবাহিকতাৰ মোহৰ স্বৰূপ৷

নুহ আলাইহিচ্ছালাম হৈছে সৰ্বপ্ৰথম ৰাছুল, ইয়াৰা প্ৰমাণ মহান আল্লাহে কৈছেঃ

﴿إِنَّآ أَوۡحَيۡنَآ إِلَيۡكَ كَمَآ أَوۡحَيۡنَآ إِلَىٰ نُوحٖ وَٱلنَّبِيِّـۧنَ مِنۢ بَعۡدِهِ...

অৰ্থ: (হে মুহাম্মদ!) নিশ্চয় আমি তোমাৰ ওচৰলৈ অহী প্ৰেৰণ কৰিছোঁ, যেনেকৈ নূহ আৰু তেওঁৰ পৰৱৰ্তী নবীসকলৰ প্ৰতি অহী প্ৰেৰণ কৰিছিলোঁ।”55 (ছুৰা আন-নিছা: ১৬৩) নুহ আলাইহিচ্ছালামৰ পৰা আৰম্ভ কৰি মুহাম্মদ চাল্লাল্লা-হু আলাইহি অছাল্লামলৈকে প্ৰতিটো জাতিৰ ওচৰলৈ বাৰ্তাবাহক প্ৰেৰণ কৰা হৈছিল, যাতে সিহঁতে কেৱল আল্লাহৰেই ইবাদত কৰে আৰু তাগুতক পৰিহাৰ কৰে। প্ৰমাণঃ

﴿وَلَقَدۡ بَعَثۡنَا فِي كُلِّ أُمَّةٖ رَّسُولًا أَنِ ٱعۡبُدُواْ ٱللَّهَ وَٱجۡتَنِبُواْ ٱلطَّٰغُوتَ...

অৰ্থ: আৰু নিশ্চয় আমি প্ৰত্যেক জাতিৰ ওচৰলৈ একো একোজন ৰাছুল প্ৰেৰণ কৰিছিলোঁ।”56 (ছুৰা আন-নাহল: ৩৬) মহান আল্লাহে সকলো মানুহৰ ওপৰতে তেওঁৰ প্ৰতি বিশ্বাস স্থাপন কৰা আৰু তাগুতক পৰিহাৰ কৰা (আল্লাহৰ বাহিৰে আনৰ উপাসনা কৰাক অস্বীকাৰ কৰা) অনিবাৰ্য কৰিছে।

প্ৰখ্যাত ইমাম আল্লামা ইবনুল কায়্যিম ৰাহিমাহুল্লাহে কৈছে: তাগুত শব্দৰ অৰ্থ হৈছে, এনেকুৱা বাতিল উপাস্য অথবা অনুসৰণীয় সত্ত্বা তথা অনুকৰণীয় ব্যক্তিত্ব, যাৰ সম্পৰ্কে সীমালঙ্ঘন কৰা হয়। সেয়া উপাস্যও হ’ব পাৰে আকৌ উপাসনাকাৰীও হ’ব পাৰে, অনুগত ব্যক্তিও হ’ব পাৰে আকৌ যাৰ অনুগত্য কৰা হয় তেনেকুৱা ব্যক্তিও হ’ব পাৰে। তাগুতৰ প্ৰকাৰ বহুত। তাৰে অন্যতম হৈছে পাঁচটাঃ যেনে- -

ইবলিছ (ইয়াৰ ওপৰত আল্লাহে অভিশাপ কৰিছে)।

যাৰ উপাসনা কৰা হয়, আৰু সেই উপাসনাত সি সন্তুষ্ট।

যিয়ে নিজৰ উপাসনা কৰিবলৈ মানুহক আহ্বান কৰে।

যিয়ে অদৃশ্য বা ভৱিষ্যত জ্ঞানৰ দাবী কৰে।

যিয়ে এনেকুৱা বিধানৰ দ্বাৰা শাসনকাৰ্য পৰিচালনা কৰে যিটো আল্লাহে অৱতীৰ্ণ কৰা নাই।

মহান আল্লাহে কৈছে:

﴿لَآ إِكۡرَاهَ فِي ٱلدِّينِۖ قَد تَّبَيَّنَ ٱلرُّشۡدُ مِنَ ٱلۡغَيِّۚ فَمَن يَكۡفُرۡ بِٱلطَّٰغُوتِ وَيُؤۡمِنۢ بِٱللَّهِ فَقَدِ ٱسۡتَمۡسَكَ بِٱلۡعُرۡوَةِ ٱلۡوُثۡقَىٰ لَا ٱنفِصَامَ لَهَاۗ وَٱللَّهُ سَمِيعٌ عَلِيمٌ256

অৰ্থ: দ্বীন গ্ৰহণৰ ক্ষেত্ৰত কোনো জোৰ-জবৰদস্তি নাই; সত্য পথ ভ্ৰান্ত পথৰ পৰা সুস্পষ্ট হৈছে। এতেকে যিয়ে তাগুতক (অৰ্থাৎ আল্লাহৰ বাহিৰে অন্যান্য বাতিল উপাস্যসমূহক) অস্বীকাৰ কৰিব আৰু আল্লাহৰ প্ৰতি ঈমান আনিব, সি দৰাচলতে এনেকুৱা এডাল ৰছীত খামুচি ধৰিব যিটো কেতিয়াও বিচ্ছিন্ন নহ’ব; আৰু আল্লাহ সৰ্বশ্ৰোতা, সৰ্বজ্ঞানী।”57 (ছুৰা আল-বাক্বাৰাহ: ২৫৬) এইটোৱে হৈছে ‘লা ইলা-হা ইল্লাল্লা-হ’ৰ অৰ্থ বা তাৎপৰ্য।

হাদীছত কোৱা হৈছে:

"رَأْسُ الأَمْرِ: الإِسْلَامُ، وَعَمُودُهُ: الصَّلَاةُ، وَذِرْوَةُ سَنَامِهِ: الجِهَادُ فِي سَبِيلِ اللَّهِ".

অৰ্থ: সকলো কৰ্মৰ শীৰ্ষত হৈছে ইছলাম আৰু ইছলামৰ স্তম্ভ হৈছে নামাজ, আৰু ইয়াৰ সৰ্বোচ্চ শৃংগ হৈছে আল্লাহৰ পথত যুদ্ধ কৰা।58 আল্লাহেই সৰ্বজ্ঞ।

 

 

***

সূচীপত্ৰ

 

এজন মুছলিমৰ বাবে যিখিনি জ্ঞান অৰ্জন কৰা অনিবাৰ্য 2

একনিষ্ঠ আনুগত্যই হৈছে ইব্ৰাহীমৰ মিল্লত, অৰ্থাৎ একমাত্ৰ আল্লাহৰ ইবাদত কৰা। 6

আল্লাহে নিৰ্দেশ দিয়া ইবাদতসমূহৰ প্ৰকাৰভেদ 11

দ্বিতীয় মূলনীতি 17

প্ৰমাণপঞ্জীসহ ইছলাম ধৰ্ম সম্পৰ্কে পৰিচয় আৰু জ্ঞান লাভ কৰা। 17

প্ৰথম পৰ্যায়ঃ 18

ইছলাম 18

দ্বিতীয় পৰ্যায় 22

ঈমান 23

তৃতীয় পৰ্যায় 24

ইহছান 24

ইহছানৰ ৰুকন বা স্তম্ভ হৈছে মাত্ৰ এটা। 24

তৃতীয় মূলনীতি 28

নবী মুহাম্মদ চাল্লাল্লা-হু আলাইহি অছাল্লাম সম্পৰ্কে অৱগত হোৱা। 28


(ছুৰা মুহাম্মদ: ১৯)

(ছুৰা আল-মুঝঝম্মিল: ১৫-১৬)

(ছুৰা আল-জিন, ১৮)

(ছুৰা আল-মুজাদালা: ২২)

(ছুৰা আজ-যাৰিয়াত: ৫৬)

(ছুৰা আন-নিছা: ৩৬)

(ছুৰা আল-ফাতিহাঃ ১)

(ছুৰা হা-মীম ছাজদাহ: ৩৭)

(ছুৰা আল-আৰাফ: ৫৪)

(ছুৰা আল- বাক্বাৰাহ: ২১-২২)

(ছুৰা আল-জিন ১৮)

(ছুৰা আল-মুমিনুন: ১১৭)

তিৰমিজী কিতাবুত দা'ৱাত (৩৩৭১)

(ছুৰা আল-মুমিন: ৬০)

(ছুৰা আলে-ইমৰাণ: ১৭৫)

(ছুৰা কাহাফ: ১১০)

(ছুৰা আল-মায়িদাহ: ২৩)

(ছুৰা আত-তালাক্ব: ৩)

(ছুৰা আল-আম্বিয়া: ৯০)

(ছুৰা আল-বাক্বাৰাহ: ১৫০)

(ছুৰা আজ-ঝুমাৰ: ৫৪)

(ছুৰা আল-ফাতিহা: ৫)

(তিৰমিজী (২৫১৬) আৰু আহমদ ১/৩০৮)

(ছুৰা নাছ: ১-২)

(ছুৰা আল-আনফাল: ৯)

(ছুৰা আল-আনআম: ১৬২-১৬৩)

মুছলিম কিতাবুল আজাহী (১৯৭৮), নাছায়ী আজ-জাহায়া (৪৪২২), আহমদ (১/১১৮)

(ছুৰা দাহ্ৰ: ৭)

(ছুৰা আলে ইমৰাণ: ১৮)

(ছুৰা আজ-ঝুখৰূফ: ২৬-২৮)

(ছুৰা আলে ইমৰাণ: ৬৪)

(ছুৰা আত-তাওবা: ১২৮)

(ছুৰা আল-বাইয়্যিনাহ: ৫)

(ছুৰা আল-বাক্বাৰাহ: ১৮৩)

(ছুৰা আলে ইমৰাণ: ৯৭)

(ছুৰা আল-বাক্বাৰাহ: ১৭৭)

(ছুৰা আল-ক্বমাৰ: ৪৯)

(ছুৰা আন-নাহল: ১২৮)

(ছুৰা আশ্ব-শ্বুআৰা: ২১৭-২২০)

(ছুৰা ইউনুছ: ৬১)

মুছলিম কিতাবুল ঈমান (৮), তিৰমিজী কিতাবুল ঈমান (২৬১০), নাছাঈ আল-ঈমান অশ্বাৰায়েউ (৪৯৯০), আবু দাঊদ আচ্ছুন্নাহ (৪৬৯৫), ইবনে মাজাহ আল-মুক্বাদ্দামাহ (৬৩), আহমদ (১/৫২)

(ছুৰা আল-মুদ্দাচ্ছিৰ: ১-৭)

(ছুৰা আন-নিছা: ৯৭-৯৯)

(ছুৰা আনকাবুত: ৫৬)

আবু দাউদ (২৪৭৯), আহমদ (৪/৯৯), দাৰিমী (২৫১৩)

(ছুৰা আল-আৰাফ: ১৫৮)

(ছুৰা আল- মায়িদা: ৩)

(ছুৰা যুমাৰ: ৩০-৩১)

(ছুৰা ত্ব-হা: ৫৫)

(ছুৰা নুহ: ১৭-১৮)

(ছুৰা আন-নাজম: ৩১)

(ছুৰা আত-তাগাবুন: ৭)

(ছুৰা নিছা: ১৬৫)

(ছুৰা আন-নিছা: ১৬৩)

(ছুৰা আন-নাহল: ৩৬)

(ছুৰা আল-বাক্বাৰাহ: ২৫৬)

তিৰমিজী আল-ঈমান (২৬১৬), ইবনে মাজাহ আল-ফিতান (৩৯৭৩), আহমদ ৫/২৪৬)

(ছুৰা আল-আচৰঃ ১-৩)