الدُّرُوسُ الْمُهِمَّةُ لِعَامَّةِ الْأُمَّةِ
উম্মতৰ সৰ্বসাধাৰণ লোকৰ বাবে গুৰুত্বপূৰ্ণ পাঠসমূহ
লেখক:
সম্মানীয় শ্বাইখ, বিদ্বান আব্দুল আজিজ বিন আব্দুল্লাহ বিন বায (ৰহিমাহুল্লাহ)
উম্মতৰ সৰ্বসাধাৰণ লোকৰ বাবে গুৰুত্বপূৰ্ণ পাঠসমূহ
মহামান্য শ্বাইখ আল্লামা
আব্দুল আজীজ বিন আব্দুল্লাহ বিন বাজ ৰাহিমাহুল্লাহ
আৰম্ভ কৰিছোঁ পৰম কৰুণাময় পৰম দয়ালু আল্লাহৰ নামত
লেখকৰ ভূমিকা
সকলো ধৰণৰ প্ৰশংসা বিশ্বজগতৰ প্ৰতিপালক মহান আল্লাহৰ বাবে, আৰু শুভ পৰিণাম কেৱল মুত্তাক্বীসকলৰ বাবেই নিৰ্দিষ্ট। লগতে দৰূদ আৰু ছালাম বৰ্ষিত হওক তেওঁৰ বান্দা আৰু ৰাছুল, আমাৰ প্ৰিয় নবী মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত আৰু তেখেতৰ পৰিয়ালবৰ্গ আৰু সকলো চাহাবাৰ ওপৰত।
ইয়াৰ পিছতঃ
এই কিতাপখনত ইছলাম সম্পৰ্কে সৰ্বসাধাৰণৰ বাবে যিবোৰ বিষয় অৱগত হোৱা একান্ত অপৰিহার্য সেইবোৰ বিষয় সংক্ষিপ্তভাৱে বৰ্ণনা কৰা হৈছে। কিতাপখনক “
الدروس المهمة لعامة الأمة
উম্মতৰ সৰ্বসাধাৰণ লোকৰ বাবে গুৰুত্বপূৰ্ণ পাঠসমূহ” শিৰোনামেৰে নামকৰণ কৰিছোঁ।
মহান আল্লাহৰ ওচৰত প্রাৰ্থনা কৰোঁ, তেওঁ যেন ইয়াৰ দ্বাৰা সকলো মুছলিমকে উপকৃত কৰে আৰু মোৰ ফালৰ পৰা এই প্ৰচেষ্টা কবূল কৰে। নিশ্চয় তেওঁ মহান দাতা অতি দয়ালু।
আব্দুল আজীজ ইবনে আব্দুল্লাহ ইবনে বাজ “উম্মতৰ সৰ্বসাধাৰণ লোকৰ বাবে গুৰুত্বপূৰ্ণ পাঠসমূহ”1
প্ৰথম পাঠ: ছুৰা আল-ফাতিহা আৰু সৰু ছুৰাসমূহ।
ছুৰা আল-ফাতিহা আৰু ছুৰা যিলযালৰ পৰা ছুৰা ‘আন-নাছ’ পৰ্যন্ত সৰু সৰু ছুৰাসমূহ সক্ষম অনুযায়ী অধ্যয়ন কৰা, বিশুদ্ধভাৱে পাঠ কৰাৰ চেষ্টা কৰা আৰু মুখস্থকে আদি কৰি এইবোৰৰ মাজত যিবোৰ বিষয় অনুধাৱন কৰাটো অপৰিহাৰ্য সেইবোৰৰ ব্যাখ্যা জনাৰ প্ৰয়াস কৰা।
দ্বিতীয় পাঠঃ আৰকানুল ইছলাম বা ইছলামৰ ভিত্তিসমূহ
ইছলামৰ আৰকান পাঁচটাৰ বিৱৰণ। তাৰে প্ৰথম আৰু সৰ্বাধিক গুৰুত্বপূৰ্ণ ৰুকনটো হৈছেঃ
شهادة أن لا إ له إلا الله وأنّ محمدا رسول الله
এই কথাৰ সাক্ষ্য প্রদান কৰা যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই আৰু মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম হৈছে আল্লাহৰ ৰাছুল।”
لا اله إلا الله
ৰ চৰ্তাৱলীৰ বৰ্ণনাৰ লগতে শ্বাহাদত বাক্য দুটাৰ ব্যাখ্যা হৈছেঃ ‘লা-ইলাহা’ৰ দ্বাৰা, আল্লাহৰ বাহিৰে যিবোৰ বস্তুৰ ইবাদত কৰা হয়, সেই সকলোবোৰক অস্বীকাৰ কৰা বুজায়, আৰু ‘ইল্লাল্লাহ’ৰ দ্বাৰা যাৱতীয় ইবাদত একমাত্র আল্লাহৰেই প্ৰাপ্য এইটো বুজায়, এই ক্ষেত্ৰত তেওঁৰ কোনো অংশীদাৰ নাই। আনহাতে “লা-ইলাহা-ইল্লাল্লাহ”ৰ চৰ্তাৱলীসমূহ হৈছে: ১. ইলম (জ্ঞান), যিটো অজ্ঞতাৰ পৰিপন্থী। ২. ইয়াক্বীন (দৃঢ় বিশ্বাস) যিটো সন্দেহৰ পৰিপন্থী। ৩. ইখলাছ (নিষ্ঠা), যিটো শ্বিৰ্কৰ পৰিপন্থী। ৪. আচ-চিদ্ক (সততা), যিটো মিছাৰ পৰিপন্থী। ৫. মুহাব্বত (ভালপোৱা), যিটো বিদ্বেষৰ পৰিপন্থী। ৬. আল-ইনক্বিয়াদ (আনুগত্য), যিটো অবাধ্যতাৰ পৰিপন্থী। ৭. কবুল (গ্ৰহণ), যিটো প্ৰত্যাখ্যানৰ পৰিপন্থী। ৮. লগতে আল্লাহৰ বাহিৰে যিবোৰৰ উপাসনা কৰা হয়, সেই সকলোবোৰক অস্বীকাৰ কৰা। এই চৰ্তবোৰ নিম্নোক্ত আৰবী কবিতাৰ দুটা পংক্তিৰ ভিতৰত একত্ৰিত কৰি সুন্দৰভাৱে উপস্থাপন কৰা হৈছে:
জ্ঞান, পূৰ্ণ বিশ্বাস, একনিষ্ঠতা,
লগতে তোমাৰ সত্যায়ন,
মুহাব্বতৰ সৈতে আনুগত্য,
আন্তৰিকতাৰে আঁকোৱালি লোৱা। অষ্টমটো হৈছে —
তুমি অস্বীকাৰ কৰা সেই সকলোবোৰ,
যিবোৰক আল্লাহৰ বাহিৰে কৰা হয় উপাসনা।
ইয়াৰ লগতে এই স্বীকাৰোক্তিও দিব লাগিব যে,
محمد رسول الله
(“মুহাম্মদ হৈছে আল্লাহৰ ৰাছুল”) আৰু ইয়াৰ দাবী হৈছে: ৰাছুল (চাল্লাল্লাহু আলাইহি অছাল্লামে) যিবোৰ সংবাদ দিছে তাৰ প্ৰতি বিশ্বাস স্থাপন কৰা, তেখেতে যি কৰাৰ নিৰ্দেশ দিছে তাৰ প্ৰতি আনুগত্য কৰা। লগতে তেখেতে যিবোৰ বিষয়ৰ পৰা নিষেধ কৰিছে সেইবোৰৰ পৰা আঁতৰি থকা, এইদৰে তেখেতে দেখুৱাই দিয়া পদ্ধিতেই একমাত্ৰ আল্লাহৰ বাবে যাৱতীয় ইবাদত পালন কৰা। ইয়াৰ পিছত শিক্ষাৰ্থীৰ সন্মুখত আৰকানুল ইছলাম বা ইছলামৰ পাঁচটা ভিত্তি সম্পৰ্কে উপস্থাপন কৰা উচিত। ক্ৰমে: ২.নামাজ প্রতিষ্ঠা কৰা, ৩. জাকাত প্রদান কৰা, ৪. ৰমজানৰ ৰোজা পালন কৰা, আৰু ৫. সামৰ্থৱান ব্যক্তিয়ে বায়তুল্লাহৰ হজ্জ পালন কৰা।
তৃতীয় পাঠঃ আৰকানুল ঈমান বা ঈমানৰ স্তম্ভসমূহ
ঈমানৰ মৌলিক আৰকান হৈছে ছয়টা: ১- আল্লাহৰ প্ৰতি বিশ্বাস কৰা, ২- তেওঁৰ ফিৰিস্তাসকলৰ প্ৰতি বিশ্বাস কৰা, ৩- তেওঁ অৱতীৰ্ণ কৰা কিতাবসমূহৰ প্ৰতি বিশ্বাস কৰা, ৪- তেওঁৰ প্ৰেৰিত নবী-ৰাছুলসকলৰ প্ৰতি বিশ্বাস কৰা, ৫- আখিৰাতৰ দিৱসৰ প্ৰতি বিশ্বাস কৰা আৰু ৬- তাকদীৰৰ মঙ্গল অমঙ্গলৰ প্ৰতি বিশ্বাস কৰা, যিটো আল্লাহৰ তৰফৰ পৰা নিৰ্ধাৰিত হৈ আছে।
চতুৰ্থ পাঠঃ তাওহীদৰ প্ৰকাৰসমূহ আৰু শ্বিৰ্কৰ প্ৰকাৰসমূহ
তাওহীদ হৈছে তিনি প্ৰকাৰঃ ১. তাওহীদে ৰুবুবিয়্যাহ (আল্লাহৰ প্ৰভূত্বত তাওহীদ) ২. তাওহীদে উলুহীয়্যাহ (আল্লাহৰ ইবাদতত তাওহীদ) ৩. তাওহীদে আছমা অচ্ছিফাত (আল্লাহৰ নাম আৰু গুণাৱলীৰ ক্ষেত্ৰত তাওহীদ)
১- তাওহীদুৰ ৰুবুবিয়্যাহ বা প্ৰভুত্বত তাওহীদ: অৰ্থাৎ এই বিশ্বাস স্থাপন কৰা যে, আল্লাহেই হৈছে সকলো বস্তুৰ একক স্ৰষ্টা, জীৱিকা দাতা আৰু সকলো বস্তুৰ নিয়ন্ত্ৰণকাৰী। তেওঁ একক তেওঁৰ কোনো অংশীদাৰ নাই।
২- তাওহীদুল উলুহিয়্যাহ বা ইবাদতত তাওহীদ: অৰ্থাৎ এই বিশ্বাস স্থাপন কৰা যে, আল্লাহেই হৈছে সত্য মা‘বুদ (উপাস্য), ইয়াত তেওঁৰ কোনো অংশীদাৰ নাই। এইটোৱেই হৈছে কলিমা ‘লা-ইলা-হা-ইল্লাল্লাহৰ ভাৱাৰ্থ। কিয়নো, ইয়াৰ প্ৰকৃত অৰ্থ হৈছে: আল্লাহৰ বাহিৰে সত্য আন কোনো মা‘বুদ (উপাস্য) নাই। সকলো প্ৰকাৰ ইবাদত যেনে, চালাত, চওম ইত্যাদি একমাত্ৰ আল্লাহৰ বাবেই নিষ্ঠা সহকাৰে নিবেদিত কৰা অপৰিহাৰ্য। কোনো প্ৰকাৰ ইবাদত আন কাৰো বাবেই নিবেদিত কৰা বৈধ নহয়।
৩- নাম আৰু গুণাৱলীসমূহৰ ক্ষেত্ৰত তাওহীদ: ইয়াৰ অৰ্থ হৈছে, পৱিত্ৰ কোৰআন আৰু নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৱিত্ৰ বাণী ছহীহ হাদীছ গ্ৰন্থত আল্লাহৰ যিবোৰ নাম আৰু গুণাৱলী উল্লেখ হৈছে, সেইবোৰ নাম আৰু গুণাৱলীসমূহক আল্লাহৰ বাবে আল্লাহৰ মহত্ব আৰু তেওঁৰ মৰ্যাদা অনুযায়ী কোনো ধৰণৰ পৰিবৰ্তন, পৰিবৰ্ধন, ধৰণ-গঠণ আৰু অসদ্ব্যৱহাৰ নকৰাকৈ সাব্যস্ত কৰা। যেনে- মহান পৱিত্ৰ আল্লাহে কৈছেঃ
﴿قُلۡ هُوَ ٱللَّهُ أَحَدٌ 1 ٱللَّهُ ٱلصَّمَدُ 2 لَمۡ يَلِدۡ وَلَمۡ يُولَدۡ 3 وَلَمۡ يَكُن لَّهُۥ كُفُوًا أَحَدُۢ4﴾
"কোৱা, ‘তেওঁ আল্লাহ, এজন-অদ্বিতীয়, (১) আল্লাহ হৈছে ছামাদ; (তেওঁ কাৰো মুখাপেক্ষী নহয়, সকলো তেওঁৰেই মুখাপেক্ষী)(২) তেওঁ কাকো জন্ম দিয়া নাই, আৰু তেৱোঁ জন্ম লোৱা নাই, (৩) আৰু তেওঁৰ সমতুল্য কোনো নাই’। (৪)" (ছুৰা আল-ইখলাচঃ ১-৪) সৰ্বশক্তিমান আল্লাহে কৈছেঃ
﴿...لَيۡسَ كَمِثۡلِهِۦ شَيۡءٞۖ وَهُوَ ٱلسَّمِيعُ ٱلۡبَصِيرُ﴾
"তেওঁৰ লগত একোৱেই ৰিজনি নাখাটে। তেওঁ সৰ্বশ্ৰোতা, সৰ্বদ্ৰষ্টা।" (ছুৰা আশ্ব-শ্বুৰাঃ ১১) কিছুমান আলিমে তাওহীদক দুই প্রকাৰত বিভক্ত কৰিছে আৰু তাওহীদে আছমা অচ্ছিফাত বা নাম আৰু গুণাৱলী সংক্ৰান্তীয় তাওহীদক তাওহীদে ৰুবুবিয়্যাতৰ অন্তৰ্ভুক্ত কৰে। ইয়াত অসুবিধাৰ একো নাই, কিয়নো দুয়োটা প্রকাৰ বিন্যাশৰেই উদ্দেশ্য একেবাৰে স্পষ্ট।
আৰু শ্বিৰ্কৰ প্ৰকাৰ হৈছে তিনিটা যেনে: ১. শ্বিৰ্কে আকবৰ বা ডাঙৰ শ্বিৰ্ক ২. শ্বিৰ্কে আচগাৰ বা সৰু শ্বিৰ্ক আৰু ৩. শ্বিৰ্কে খাফী বা গোপন শ্বিৰ্ক।
এতেকে শ্বিৰ্কে আকবৰ বা ডাঙৰ শ্বিৰ্ক হৈছে সেইটো, যাৰ ফলত মানুহৰ আমল বিনষ্ট হৈ যায় আৰু সি জাহান্নামত চিৰকাল থাকিবলগীয়া হয়। যদি সি শ্বিৰ্কে আকবৰত লিপ্ত থকা অৱস্থাত মৃত্যুবৰণ কৰে। যেনে- আল্লাহে কৈছেঃ
﴿...وَلَوۡ أَشۡرَكُواْ لَحَبِطَ عَنۡهُم مَّا كَانُواْ يَعۡمَلُونَ88﴾
“আৰু যদি তেওঁলোকেও আল্লাহৰ লগত অংশীদাৰ স্থাপন কৰিলেহেঁতেন তেনেহ’লে তেওঁলোকৰ সকলো আমল নিষ্ফল হৈ গ'লহেঁতেন।” (ছুৰা আল-আনআমঃ ৮৮) তেওঁ আৰু কৈছেঃ
﴿مَا كَانَ لِلۡمُشۡرِكِينَ أَن يَعۡمُرُواْ مَسَٰجِدَ ٱللَّهِ شَٰهِدِينَ عَلَىٰٓ أَنفُسِهِم بِٱلۡكُفۡرِۚ أُوْلَٰٓئِكَ حَبِطَتۡ أَعۡمَٰلُهُمۡ وَفِي ٱلنَّارِ هُمۡ خَٰلِدُونَ17﴾
"মুশ্বৰিকসকলৰ কোনো অধিকাৰ নাই যে, সিহঁতে আল্লাহৰ মছজিদসমূহৰ তত্বাৱধায়ক হ’ব, যিহেতু সিহঁত নিজেই নিজৰ কুফুৰীৰ সাক্ষ্য দিছে। সিহঁতৰ সকলো আমল বিনষ্ট হৈছে আৰু সিহঁত জাহান্নামতেই স্থায়ীভাৱে অৱস্থান কৰিব।" (ছুৰা আত-তাওবাহঃ ১৭) এই প্ৰকাৰ শ্বিৰ্কৰ ওপৰত যিয়ে মৃত্যুবৰণ কৰিব, তাক কেতিয়াও ক্ষমা কৰা নহ’ব, আৰু তাৰ ওপৰত জান্নাত হাৰাম কৰা হৈছে। সৰ্বশক্তিমান আল্লাহে কৈছেঃ
﴿إِنَّ ٱللَّهَ لَا يَغۡفِرُ أَن يُشۡرَكَ بِهِۦ وَيَغۡفِرُ مَا دُونَ ذَٰلِكَ لِمَن يَشَآءُ...﴾
“নিশ্চয় মহান আল্লাহে শ্বিৰ্ক গুনাহ কেতিয়াও ক্ষমা নকৰে। ইয়াৰ বাহিৰে তেওঁ যি ইচ্ছা ক্ষমা কৰিব পাৰে”। (ছুৰা নিছাঃ ৪৮) তেওঁ আৰু কৈছেঃ
﴿…إِنَّهُۥ مَن يُشۡرِكۡ بِٱللَّهِ فَقَدۡ حَرَّمَ ٱللَّهُ عَلَيۡهِ ٱلۡجَنَّةَ وَمَأۡوَىٰهُ ٱلنَّارُۖ وَمَا لِلظَّٰلِمِينَ مِنۡ أَنصَارٖ72﴾
"নিশ্চয় যিয়ে আল্লাহৰ লগত অংশীদাৰ স্থাপন কৰে, আল্লাহে তাৰ ওপৰত জান্নাত হাৰাম কৰি দিছে আৰু তাৰ ঠিকনা হ’ব জাহান্নাম; আৰু যালিমসকলৰ বাবে কোনো সহায়কাৰী নাই।" (ছুৰা মায়িদাহঃ ৭২)
এই প্ৰকাৰ শ্বিৰ্কৰ ভিতৰত আছে মৃত ব্যক্তি আৰু প্ৰতিমাৰ ওচৰত দুআ কৰা, সিহঁতৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰা, সিহঁতৰ উদ্দেশ্যে মান্নত আৰু জীৱ-জন্তু জবেহ কৰা ইত্যাদি।
এইদৰে সৰু শ্বিৰ্ক বোলোঁতে এনেকুৱা কৰ্মক বুজায়, যাক কোৰআন বা হাদীছত শ্বিৰ্ক বুলি নামাকৰণ কৰা হৈছে, কিন্তু ই ডাঙৰ শ্বিৰ্কৰ অন্তৰ্ভুক্ত নহয়। যেনে, ৰিয়া বা লোকক দেখুৱাবলৈ কৰা কাম, এইদৰে আল্লাহৰ বাহিৰে আনৰ নামত শপত খোৱা, আৰু এনেকুৱা কথা কোৱা যে, আল্লাহে আৰু অমুকে যি বিচাৰে” ইত্যাদি। এই ক্ষেত্ৰত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
"أَخْوَفُ مَا أَخَافُ عَلَيْكُمُ الشِّرْكُ الْأَصْغَرُ". فَسُئِلَ عَنْهُ، فَقَالَ: "الرِّيَاءُ"
“মই তেমালোকৰ ওপৰত যিটো বিষয়ক আটাইতকৈ বেছি ভয় কৰোঁ সেইটো হৈছে সৰু শ্বিৰ্ক। এই সম্পর্কে প্ৰশ্ন কৰাত তেখেতে কৈছেঃ সেইটো হৈছে ৰিয়া (লোকক দেখুৱাবলৈ কৰা আমল)।"2 এই হাদীছটো ইমাম আহমদ, তাবৰানী আৰু বায়হাকীয়ে মাহমুদ ইবনে লাবীদ আনছাৰী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বিশুদ্ধ সূত্ৰত বৰ্ণনা কৰিছে। তাবৰানীয়ে আৰু কিছুমান বিশুদ্ধ সূত্ৰত মাহমুদ ইবনে লাবীদৰ পৰা আৰু তেওঁ ৰাফে‘ ইবনে খাদীজৰ পৰা বৰ্ণনা কৰিছে।
তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে আৰু কৈছেঃ
"مَنْ حَلَفَ بِشَيْءٍ دُونَ اللَّهِ فَقَدْ أَشْرَكَ"
“যি ব্যক্তিয়ে আল্লাহৰ বাহিৰে আন কাৰো শপত খাইছে, প্ৰকৃততে সি শ্বিৰ্ক কৰিছে।”3 ইমাম আহমদে বিশুদ্ধ চনদেৰে ওমৰ ইবনুল খাত্তাব ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা এই হাদীছটো বৰ্ণনা কৰিছে। আবু দাউদ আৰু তিৰমিজীত আব্দুল্লাহ ইবনে ওমৰ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বিশুদ্ধ চনদত বৰ্ণিত এক হাদীছত আছে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
"مَن حَلَفَ بِغَيْرِ اللهِ فَقَدْ كَفَرَ أَوْ أَشْرَكَ"
"যি ব্যক্তিয়ে আল্লাহৰ বাহিৰে আনৰ নামত শপত কৰিছে, সি দৰাচলতে কুফৰী কৰিছে অথবা শ্বিৰ্ক কৰিছে।"4 তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে আৰু কৈছেঃ
"لا تَقُولُوا: ما شَاءَ اللهُ وَشَاءَ فُلانٌ، وَلَكِنْ قُولُوا: ما شَاءَ اللهُ ثُمَّ شَاءَ فُلانٌ"
“তোমালোকে এনেকৈ নক'বা যে, 'আল্লাহে যি বিচাৰে আৰু অমুকে যি বিচাৰে'; বৰং এনেকৈ কোৱা, 'আল্লাহে যি বিচাৰিছে, তাৰ পিছত অমুকে যি বিচাৰিছে'।“5 এই হাদীছটো আবু দাউদে বিশুদ্ধ চনদৰে হুজাইফা ইবনে য়ামান ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বৰ্ণনা কৰিছে।
শ্বিৰ্কৰ এই প্ৰকাৰত লিপ্ত ব্যক্তি অৰ্থাৎ সৰু শ্বিৰ্কৰ কাৰণে বান্দা ধৰ্মত্যাগী বুলি বিবেচিত নহয় বা ইছলামৰ পৰা বহিস্কাৰ নহয় আৰু সি জাহান্নামত চিৰস্থায়ীও নহ’ব; বৰং ই হৈছে অপৰিহাৰ্য পূৰ্ণাংগ তাওহীদৰ পৰিপন্থী এটা পাপ বিশেষ।
তৃতীয় প্ৰকাৰ: গোপন শ্বিৰ্ক: ইয়াৰ প্ৰমাণ, নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ নিম্নোক্ত হাদীছ। তেখেতে কৈছেঃ
"أَلَا أُخْبِرُكُمْ بِمَا هُوَ أَخْوَفُ عَلَيْكُمْ عِندِي مِنَ الْمَسِيحِ الدَّجَّالِ؟" قَالُوا: بَلَى يَا رَسُولَ الله، قَالَ: "الشِّرْكُ الخَفِيُّ، يَقُومُ الرَّجُلُ فَيُصَلِّي، فَيُزَيِّنُ صَلَاتَهُ لِمَا يَرَى مِنْ نَظَرِ الرَّجُلِ إِلَيْهِ"
“(হে ছাহাবীসকল), মই তোমালোকক এনে এটা বিষয় সম্পৰ্কে সংবাদ নিদিমনে, যিটো মোৰ দৃষ্টিত তোমালোকৰ পক্ষে মছীহ-দাজ্জালতকৈও অধিক ভয়ংকৰ? তেওঁলোকে ক'লে, হয়, নিশ্চয়, কওক হে আল্লাহৰ ৰাছুল। তেতিয়া তেখেতে ক’লে, সেইটো হৈছে গোপন শ্বিৰ্ক। কোনো ব্যক্তিয়ে চালাতত থিয় হৈ নিজৰ চালাতক এই কাৰণে সুন্দৰ কৰাৰ চেষ্টা কৰে যে, মানুহে তাক দেখি আছে।”6 ইমাম আহমদে তেখেতৰ মুছনাদত এই হাদীছটো আবু ছাঈদ খুদৰী ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বৰ্ণনা কৰিছে।
যাৱতীয় শ্বিৰ্ক কেৱল দুই প্ৰকাৰতো বিভক্ত কৰিব পাৰি।
সৰু শ্বিৰ্ক আৰু ডাঙৰ শ্বিৰ্ক। কাৰণ গোপন শ্বিৰ্কটো সৰু আৰু ডাঙৰ উভয় প্ৰকাৰ শ্বিৰ্কৰ অন্তৰ্ভুক্ত হ’ব পাৰে। কেতিয়াবা ই ডাঙৰ শ্বিৰ্কৰ তালিকাত পৰে। যেনে, মুনাফিকসকলৰ শ্বিৰ্ক, কাৰণ সিহঁতে নিজৰ ভ্ৰান্ত বিশ্বাসক গোপন ৰাখে আৰু প্ৰাণৰ ভয়ত প্ৰকাশ্যভাৱে নিজকে মুছলিম বুলি দাবী কৰে।
এইদৰে কেতিয়াবা সৰু শ্বিৰ্কৰ তালিকাতো আহে। যেনে, ‘ৰিয়া’ বা লোকক দেখুৱাবলৈ কৰা কাম, ইয়াৰ উল্লেখ মাহমুদ ইবনে লাবীদ আনছাৰী আৰু আবু ছাঈদ খুদৰী ৰাদ্বিয়াল্লাহু ‘আনহুমাৰ পৰা বৰ্ণিত উপৰোক্ত হাদীছ দুটাত আছে। আল্লাহেই তাওফীক প্ৰদানকাৰী।
পঞ্চম পাঠ: এহছান
এহছানৰ মৌলিক বিষয় হৈছে, আল্লাহৰ ইবাদত এনেকৈ কৰা যেনিবা তুমি আল্লাহক দেখি আছা। যদি এইটো অনুভৱ নহয়, তেনেহ'লে মনত ৰাখিবা আল্লাহে তোমাক দেখি আছে।
ষষ্ঠ পাঠ: চালাতৰ চৰ্তাৱলী
চালাতৰ চৰ্তাৱলী হৈছে ন (৯) টা: যেনে
১. ইছলাম ২. বুদ্ধিমত্তা (জ্ঞান) ৩. ভাল-বেয়া পাৰ্থক্য কৰিব পৰা জ্ঞান ৪.পৱিত্ৰতা অৰ্জন কৰা ৫. নাপাকি দূৰ কৰা ৬. ছতৰে আওৰাহ অৰ্থাৎ লজ্জাস্থানসহ শৰীৰৰ নিৰ্ধাৰিত অংশ আবৃত ৰখা ৭. চালাতৰ সময় হোৱা ৮. কিবলামুখী হোৱা আৰু ৯. নিয়ত কৰা।
সপ্তম পাঠ: চালাতৰ আৰকান
চালাতৰ আৰকান হৈছে ১৪ টা:
১. সক্ষম অনুযায়ী থিয় হোৱা, ২. তাকবীৰে তাহৰীমাহ দিয়া, ৩. ছুৰা আল-ফাতিহা পাঠ কৰা, ৪. ৰুকু কৰা, ৫. ৰুকুৰ পৰা উঠি পোন হৈ থিয় হোৱা, ৬. সপ্তাঙ্গৰ ওপৰত ভৰ কৰি ছাজদাহ কৰা, ৭. ছাজদাহৰ পৰা উঠা, ৮. উভয় ছাজদাহৰ মাজত বহা, ৯. ছালাতৰ সকলো কৰ্ম সম্পাদনত ধীৰ-স্থিৰতা অৱলম্বন কৰা, ১০. সকলো ৰুকন ধাৰাবাহিকভাৱে সম্পাদন কৰা, ১১. শেষ বৈঠকত তাশ্বাহহুদ পঢ়া, ১২. তাশ্বাহহুদ পঢ়া অৱস্থাত বহি থকা, ১৩. নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত দুৰূদ পঢ়া ১৪. আৰু দুয়ো ফালে ছালাম ফিৰোৱা।
অষ্টম পাঠ: চালাতৰ ওৱাজিবাতসমূহ
ইয়াৰ মুঠ সংখ্যা হৈছে আঠটা।
১. তাকবীৰে তাহৰীমাৰ বাহিৰে আন আন তাকবীৰসমূহ ২. ইমাম আৰু অকলশৰীয়া ছালাত আদায়কাৰীৰ বাবে سَمِعَ للهُ لِمَنْ حَمِدَه কোৱা। ৩. সকলোৱে رَبَّنَا وَلَكَ الْحَمْد কোৱা। ৪. ৰুকুত سُبْحَانَ رَبِّيَ الْعَظِيْمِ কোৱা। ৫. ছাজদাত سُبْحَانَ رَبِّيَ الْأعْلى কোৱা। ৬. দুই ছাজদাৰ মাজত رَبِّ اغْفِرْ لِيْ কোৱা। ৭. প্ৰথম তাশ্বাহ্হুদ পাঠ কৰা। ৮. প্ৰথম তাশ্বাহহুদ পঢ়াৰ বাবে বহা।
নৱম পাঠ: তাশ্বাহহুদৰ বৰ্ণনা
অৰ্থাৎ এইদৰে কোৱাঃ
(আত্তাহিয়্যাতু লিল্লা-হি অচ্ছালাৱাতু অত-তায়্যিবাতু, আচ্ছালামু আলাইকা আইয়্যুহান নাবীয়্যু অৰাহমাতুল্লাহি অবাৰাকাতুহ, আচ্ছালামু আলাইনা ৱাআলা ইবাদিল্লাহিচ্ছলিহীন, আশ্বহাদু আন-লা ইলা-হা ইল্লাল্লাহু, ৱা আশ্বহাদু আন্না মুহাম্মাদান আব্দুহু অৰাছুলুহ)
অৰ্থঃ “যাৱতীয় ইবাদত মৌখিক, শাৰীৰিক আৰু আৰ্থিক সকলো আল্লাহৰ বাবে, হে নবী আপোনাৰ ওপৰত আল্লাহৰ শান্তি, ৰহমত আৰু বৰকত অৱতীৰ্ণ হওক। আমাৰ ওপৰত আৰু আল্লাহৰ নেক বান্দাসকলৰ ওপৰতো শান্তি অৱতীৰ্ণ হওক। মই সাক্ষ্য দিওঁ যে, আল্লাহৰ বাহিৰে ইবাদতৰ যোগ্য আন কোনো মা‘বুদ নাই আৰু সাক্ষ্য দিওঁ যে, মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম হৈছে আল্লাহৰ বান্দা আৰু ৰাছুল।
তাৰপিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত এইদৰে দৰূদ পাঠ কৰিব: আল্লা-হম্মা চল্লি আলা মুহাম্মদ, ৱা আলা আলি মুহাম্মদ, কামা চাল্লাইতা আলা ইব্ৰাহীম, ৱা আলা আলি ইব্ৰাহীম, ইন্নাকা হামীদুম মাজীদ। আল্লা-হম্মা বা-ৰিক আলা মুহাম্মদ, ৱা আলা আলি মুহাম্মদ, কামা বা-ৰাকতা আলা ইব্ৰাহীম, ৱা আলা আলি ইব্ৰাহীম, ইন্নাকা হামীদুম মাজীদ।
অৰ্থঃ “হে আল্লাহ! মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম আৰু তেওঁৰ বংশধৰসকলৰ ওপৰত ৰহমত অৱতীৰ্ণ কৰা, যেনেকৈ ৰহমত অৱতীৰ্ণ কৰিছিলা ইব্ৰাহীম আলাইহিচ্ছালাম আৰু তেওঁৰ বংশধৰসকলৰ ওপৰত। নিশ্চয় তুমি প্ৰশংসনীয় আৰু সন্মানীয়। হে আল্লাহ! বৰকত অৱতীৰ্ণ কৰা মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত, আৰু তেওঁৰ বংশধৰসকলৰ ওপৰত, যেনেকৈ বৰকত অৱতীৰ্ণ কৰিছিলা ইব্ৰাহীম আলাইহিচ্ছালাম আৰু তেওঁৰ বংশধৰসকলৰ ওপৰত। নিশ্চয় তুমি প্ৰশংসনীয় আৰু সন্মানীয়।”
ইয়াৰ পিছত ছালাত আদায়কাৰীয়ে শেষ তাশ্বাহহুদত আল্লাহৰ ওচৰত জাহান্নামৰ আজাব আৰু কবৰৰ আজাবৰ পৰা, জীৱন-মৃত্যুৰ ফিতনাৰ পৰা আৰু মছীহ-দজ্জালৰ ফিতনাৰ পৰা আশ্ৰয় বিচাৰিব। তাৰপিছত নিজৰ ইচ্ছামতে আল্লাহৰ ওচৰত দুআ কৰিব, বিশেষকৈ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা বৰ্ণিত দুআসমূহ ব্যৱহাৰ কৰা উত্তম। যেনেঃ
“আল্লাহুম্মা আ-ইন্নী আলা-জিক্ৰিকা অশ্বুক্ৰিকা অহুছনি ইবাদাতিক। আল্লা-হুম্মা ইন্নি জালামতু নাফছি জুলমান কাছীৰা, অলা য়াগফিৰুজ জুনূবা ইল্লা আনতা। ফাগফিৰলী মাগফিৰাতাম মিন ইনদিক, অৰহামনী ইন্নাকা আনতাল গাফুৰুৰ ৰাহীম।
অৰ্থঃ “ হে আল্লাহ! মোক তোমাৰ স্মৰণ, কৃতজ্ঞতা-জ্ঞাপন আৰু উত্তমভাৱে তোমাৰেই ইবাদত কৰাৰ তাওফীক প্ৰদান কৰা। হে আল্লাহ! মই মোৰ নিজৰ ওপৰত বহুত অন্যায় কৰিছোঁ, আৰু তুমি বিনে কোনেও গুনাহসমূহ ক্ষমা কৰিব নোৱাৰে। এতেকে তুমি তোমাৰ ক্ষমাকাৰী গুণেৰে মোক মাৰ্জনা কৰা আৰু মোৰ প্ৰতি ৰহম কৰা। নিশ্চয় তুমি মাৰ্জনাকাৰী অতি দয়ালু”।
জোহৰ, আচৰ, মাগৰিব আৰু ঈশ্বাৰ চালাতত প্ৰথম তাশ্বাহহুদৰ পিছত তৃতীয় ৰাকাতৰ বাবে থিয় হ'ব লাগে, প্ৰথম তাশ্বাহহুদত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত দৰূদ পঢ়া উত্তম, এই ক্ষেত্ৰত বৰ্ণিত হাদীছৰ সামগ্ৰীক অৰ্থ এইটোৱেই প্ৰকাশ কৰে। তাৰ পিছত তৃতীয় ৰাকাতৰ বাবে থিয় হ'ব।
দশম পাঠ: চালাতৰ ছুন্নতসমুহ
যেনে-
১. চালাতৰ আৰম্ভণিত প্ৰাৰম্ভিক দুআ (দুআ উল ইস্তিফতাহ) পাঠ কৰা।
২) থিয় হোৱা অৱস্থাত বাওঁহাতৰ ওপৰত সোঁহাত ৰাখি বুকুৰ ওপৰত ৰাখিব। ৰুকূৰ আগত আৰু ৰুকূৰ পিছতো।
৩. প্ৰথম তাকবীৰ কোৱাৰ সময়ত, ৰুকুত যোৱাৰ সময়ত, ৰুকুৰ পৰা উঠাৰ সময়ত আৰু প্ৰথম তাশ্বাহহুদৰ শেষত অৰ্থাৎ তৃতীয় ৰাকা‘আতৰ বাবে থিয় হোৱাৰ সময়ত হাতৰ আঙুলিবোৰ সংযুক্ত আৰু সৰলকৈ ৰাখি দুয়ো হাত উভয় কান্ধ বা কাণ পৰ্যন্ত উত্তোলন কৰিব।
৪. ৰুকু‘ আৰু ছাজদাত একাধিকবাৰ তাছবীহ পাঠ কৰা।
৫. ৰুকুৰ পৰা উঠাৰ পিছত ‘ৰাব্বানা লাকাল হামদ’ ৰ বাহিৰে অতিৰিক্ত যি বৰ্ণিত আছে সেইটো পাঠ কৰা, লগতে দুই ছাজদাৰ মাজত একাধিকবাৰ মাগফিৰাতৰ দুআ কৰা।
৬. ৰুকু অৱস্থাত পিঠি আৰু মূৰ সমতল ৰখা।
৭. ছাজদা অৱস্থাত দুয়ো বাহুক কাষৰ পৰা আৰু পেটক দুয়ো উৰুৰ পৰা আৰু দুয়ো উৰুক কলাফুলিৰ পৰা আঁতৰাই ৰখা।
৮. ছাজদাহ অৱস্থাত দুয়ো বাহুক মাটিৰ পৰা ওপৰত ৰখা।
৯. প্ৰথম তাশ্বাহহুদৰ সময়ত আৰু দুই ছাজদাৰ মাজৰ বৈঠকত বাওঁ ভৰি পাৰি তাৰ ওপৰত বহা আৰু সোঁ ভৰি থিয়কৈ ৰখা।
১০. তিনি অথবা চাৰি ৰাকাত বিশিষ্ট্য নামাজৰ শেষ তাশ্বাহহুদত ‘তাওৱাৰ্ৰুক’ কৰি বহা। ইয়াৰ পদ্ধতি হৈছে, বাওঁ ভৰি সোঁ ভৰিৰ তলেদি উলিয়াই মাটিত বহা, আৰু সোঁ ভৰি থিয়কৈ ৰখা।
১১. প্ৰথম আৰু দ্বিতীয় তাশাহহুদত বহাৰ আৰম্ভণিৰ পৰা তাশ্বাহহুদৰ শেষলৈকে শ্বাহাদত আঙুলিৰ দ্বাৰা ইংগিত কৰা আৰু দুআৰ সময়ত লৰচৰ কৰা।
১২. প্ৰথম তাশ্বাহহুদত মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম আৰু তেওঁৰ পৰিয়ালবৰ্গ আৰু ইব্ৰাহীম আলাইহিচ্ছালাম আৰু তেওঁৰ পৰিয়ালবৰ্গৰ ওপৰত দুৰূদ আৰু বৰকতৰ দুআ কৰা।
১৩. শেষ তাশ্বাহহুদত দুআ কৰা।
১৪. ফজৰ, মাগৰিব আৰু ইশ্বাৰ চালাতৰ প্ৰথম দুই ৰাকা‘আতত, জুমুআৰ চালাত, দুই ঈদৰ চালাত, ইস্তিছকাৰ চালাত আদিত উচ্চস্বৰে কিৰাত কৰা।
১৫. জোহৰ আৰু আচৰ চালাতত লগতে মাগৰিবৰ তৃতীয় ৰাকা‘আতত আৰু ‘ইশ্বাৰ শেষ দুই ৰাকা‘আতত নিম্নস্বৰে কিৰাত পাঠ কৰা।
১৬. ছুৰা আল-ফাতিহাৰ বাহিৰে অতিৰিক্ত কোৰআন পাঠ কৰা। ইয়াৰ বাহিৰেও হাদীছৰ দ্বাৰা বৰ্ণিত আন আন ছুন্নতসমূহৰ প্ৰতিও খিয়াল ৰাখিব লাগিব। যেনে- ৰুকুৰ পৰা উঠি ইমাম হওক বা মুক্তাদী নাইবা অকলশৰীয়া নামাজীয়ে ৰাব্বানা অলাকাল হাম্দৰ বাহিৰে অতিৰিক্ত দুআ পাঠ কৰা, কাৰণ এইটো ছুন্নত। এইদৰে ৰুকু অৱস্থাত হাতৰ আঙুলিবোৰ ফাঁক ফাঁক কৈ ৰাখি আঠুত খামুচি ধৰাৰ নিচিনাকৈ ৰখা।
এঘাৰতম পাঠ: চালাত বাতিল হোৱাৰ কাৰণসমূহ
আঠটা কাৰণত চালাত বাতিল হয়।
১. জানি শুনি ইচ্ছাকৃতভাৱে কথা কোৱা। নজনা অৱস্থাত বা ভুলতে কথা ক’লে চালাত বাতিল নহয়।
২. হাঁহিলে।
৩. কিবা খালে
৪. কিবা সেৱন কৰিলে
৫. চালাতত শৰীৰৰ যিখিনি অংগ আবৃত ৰখা অপৰিহাৰ্য এনে অংগ উন্মুক্ত হ’লে
৬. কিবলাৰ ফালৰ পৰা আন দিশত বেছিকৈ উভতিলে
৭. চালাতৰ মাজত বাৰে বাৰে অলাগতিয়াল কৰ্ম কৰিলে
৮. পৱিত্ৰতা বিনষ্ট হ’লে।
দ্বাদশতম পাঠ: অজুৰ চৰ্তসমূহ
অজুৰ চৰ্ত হৈছে মুঠ দহ টা:
১- মুছলিম হোৱা, ২- বুদ্ধি সম্পন্ন হোৱা, ৩- পাৰ্থক্য কৰিব পৰা জ্ঞান থকা, ৪- নিয়ত কৰা, ৫- এই নিয়ত অজু শেষ নোহোৱা পৰ্যন্ত বজাই ৰখা, ৬- যিবোৰ কাম কৰিলে অজু কৰা ওৱাজিব হৈ পৰে সেইবোৰ কামৰ পৰা আঁতৰি থকা, ৭- অজুৰ আগত ইস্তেঞ্জা কৰা (প্ৰস্ৰাৱ কৰি পানী ব্যৱহাৰ কৰাক ইস্তিঞ্জা বোলে) অথবা ইস্তেজমাৰ কৰা (ঢিলা কুলুখ ব্যৱহাৰ কৰাক ইস্তিজমাৰ বোলে), ৮- অজুৰ পানীৰ পৱিত্ৰতা আৰু ব্যৱহাৰৰ বৈধতা থকা, ৯- অজু কৰোঁতে শৰীৰৰ ছালত পানী ঢুকি পাব নোৱাৰা কোনো প্ৰতিবন্ধকতা থাকিলে সেইটো দূৰ কৰা, ১০- যি ব্যক্তিয়ে কোনো পধ্যেই অজু ধৰি ৰাখিব নোৱাৰে সেই ব্যক্তিয়ে চালাতৰ সময় পোৱাৰ পিছত চালাত আদায় কৰাৰ আগমুহূৰ্তত অজু কৰা।
তেৰতম পাঠ: অজুৰ ফৰজসমুহ
অজুৰ ফৰজ হৈছে ছয়টাঃ
১. মুখমণ্ডল ধোৱা। নাকত পানী দিয়া আৰু কুলি কৰাটো হৈছে ইয়াৰেই অন্তৰ্ভুক্ত। ২. দুয়ো হাত কিলাকুটিলৈকে ধোৱা। ৩. সম্পূৰ্ণ মূৰ মছেহ কৰা। কাণ মছেহ কৰাটো হৈছে ইয়াৰেই অন্তৰ্ভুক্ত। ৫. দুয়ো ভৰি সৰুগাঁঠিলৈকে ধোৱা। ৪. অজুৰ কাৰ্যাৱলী পৰ্যায়ক্ৰমে সম্পন্ন কৰা আৰু ৬. এটাৰ পিছত এটাকৈ একেলেঠাৰিয়ে সম্পাদন কৰা। জানি থওক, মুখমণ্ডল, দুয়ো হাত আৰু ভৰি আদি তিনিবাৰকৈ ধোৱাটো মুস্তাহাব। এইদৰে তিনিবাৰ কুলি কৰা আৰু নাকত পানী দি নাক চাফ কৰাটোও হৈছে মুস্তাহাব। ফৰজ কেৱল এবাৰেই। কিন্তু, একাধিকবাৰ মূৰ মছেহ কৰাটো মুস্তাহাব নহয়। এই ক্ষেত্ৰত কেইবাটাও ছহীহ হাদীছ বৰ্ণিত আছে।
(জানি থোৱা উচিত যে, গলধন বা কান্ধ মছেহ কৰাটো হৈছে এক প্ৰকাৰ বিদআত। অনুবাদক)
চৈদ্ধতম পাঠ: অজু ভংগকাৰী বিষয়সমূহ
অজু ভংগকাৰী মুঠ বিষয় হৈছে ছয়টাঃ
১. দুয়ো লজ্জস্থানৰ পৰা কিবা বাহিৰ হ'লে।
২. দেহৰ পৰা স্পষ্ট অপৱিত্ৰ কোনো পদাৰ্থ নিৰ্গত হ'লে।
৩. টোপনি বা আন কোনো কাৰণত জ্ঞান হৰণ হ'লে।
৪. কোনো আৱৰণ নোহোৱাকৈ সন্মুখৰ বা পিছৰ লজ্জাস্থান হাতেৰে স্পৰ্শ কৰিলে।
৫. উটৰ মাংস খালে আৰু
৬. ইছলাম পৰিত্যাগ কৰিলে। মহান আল্লাহে আমাক তথা সকলো মুছলিমকে ইয়াৰ পৰা আশ্ৰয় দান কৰক।
বিঃদ্ৰঃ মৃত ব্যক্তিক গোছল দিয়াৰ ক্ষেত্ৰত সঠিক মতটো হৈছে , ইয়াৰ ফলত অজু ভংগ নহয়। অধিকাংশ আলিমৰ এইটোৱে অভিমত। কাৰণ, অজু ভংগ হোৱাৰ কোনো প্ৰমাণ নাই। কিন্তু যদি গোছল দিয়া ব্যক্তিয়ে কোনো আৱৰণ নোহোৱাকৈয়ে মৃত ব্যক্তিৰ লজ্জাস্থান স্পৰ্শ কৰে তেনেহ’লে তাৰ বাবে অজু কৰা ওৱাজিব হৈ পৰিব।
কোনো আৱৰণ নোহোৱাকৈ মৃত ব্যক্তিৰ লজ্জাস্থানত যাতে হাতেৰে স্পৰ্শ নকৰে এই কথাটো গোছল দিয়া ব্যক্তিজনে অৱশ্যই মনত ৰাখিব লাগিব।
এইদৰে স্ত্ৰীক স্পৰ্শ কৰিলেও অজু ভংগ নহয়, সেয়া কামভাৱতে হওক বা স্বাভাৱিক স্পৰ্শ। যদি এই স্পৰ্শৰ ফলত লজ্জাস্থানৰ পৰা একো নোলায় তেন্তে অজু ভংগ নহ'ব, এইটোৱেই হৈছে আলিমসকলৰ সঠিক অভিমত। কিয়নো নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেখেতৰ স্ত্ৰীক চুমা খাইছিল, তাৰ পিছত পুনৰ অজু নকৰাকৈয়ে সেই অজুতেই নামাজ পঢ়িছিল।
উল্লেখ্য যে, ছুৰা আন-নিছা আৰু ছুৰা আল-মায়িদাৰ দুই আয়াতত যি স্পৰ্শৰ কথা কোৱা হৈছেঃ
﴿...أَوۡ لَٰمَسۡتُمُ ٱلنِّسَآءَ...﴾
“অথবা তোমালোকে স্ত্রী সহবাস কৰিলে” (ছুৰা আন-নিছাঃ ৪৩) (ছুৰা মায়িদাহঃ ৬) ইয়াৰ দ্বাৰা সহবাসক (স্বামী স্ত্ৰীৰ একান্ত অৱস্থাৰ মিলনক) বুজোৱা হৈছে। এইটোৱেই আলিমসকলৰ সঠিক অভিমত। ইবনে আব্বাছসহ পূৰ্বৱৰ্তী আৰু পৰৱৰ্তী বিশিষ্ট্য লোকসকলৰো এইটোৱেই অভিমত। আল্লাহেই তাওফীক প্ৰদানকাৰী।
পোন্ধৰতম পাঠ: ইছলামী চৰিত্ৰ। প্ৰতিজন মুছলিমেই ইছলামী চৰিত্ৰ অৱলম্বন কৰিবলৈ দায়বদ্ধ।
ইছলামী চৰিত্ৰৰ দ্বাৰা বুজোৱা হৈছে যেনে- সততা, বিশ্বস্ততা বা আমানত, নৈতিক আৰু চাৰিত্ৰিক পৱিত্ৰতা, লাজ বা হায়া, সাহস, দানশীলতা, প্ৰতিজ্ঞা ৰক্ষা কৰা, আল্লাহ তা‘আলাই হাৰাম কৰা বিষয়ৰ পৰা দূৰত থকা, প্ৰতিৱেশীৰ লগত সদ্ব্যৱহাৰ কৰা, সক্ষমানুযায়ী অভাৱগ্ৰস্ত লোকৰ সহায় কৰা আৰু ইয়াৰ বাহিৰেও যিবোৰ সৎচৰিত্ৰাৱলীৰ বৈধতা সম্পৰ্কে পৱিত্ৰ কোৰআন আৰু ছুন্নাহত প্ৰমাণ পোৱা যায় সেই সকলোবোৰ ইয়াৰ অন্তৰ্ভুক্ত।
ষোলতম পাঠ: ইছলামী শিষ্টাচাৰ তথা নিয়ম-নীতি অৱলম্বন
যেনে- ছালাম দিয়া, হাঁহিমুখে সাক্ষাৎ কৰা, সোঁহাতে পানাহাৰ কৰা, আহাৰ গ্ৰহণৰ আৰম্ভণিত বিছমিল্লাহ কোৱা আৰু শেষত আলহামদুলিল্লাহ কোৱা, হাঁচি দিয়াৰ পিছত ‘আলহামদুলিল্লাহ’ কোৱা আৰু ইয়াৰ উত্তৰত দ্বিতীয় জনে ‘য়াৰহামুকাল্লাহ’ (আল্লাহে আপোনাৰ ওপৰত ৰহম কৰক) কোৱা। অসুস্থ ব্যক্তিক শুশ্ৰূষা কৰা, মৃত ব্যক্তিৰ জানাজা আৰু দাফনত অংশ গ্ৰহণ কৰা, লগতে মছজিদ বা ঘৰত প্ৰৱেশ কৰাৰ সময়ত আৰু ওলোৱাৰ সময়ত, এইদৰে ভ্ৰমণত ইছলামী নীতি-নিয়ম অৱলম্বন কৰা, পিতৃ-মাতৃ, আত্মীয়-স্বজন, প্ৰতিৱেশী আৰু সৰু-বৰ সকলোৰে সৈতে সদ্ব্যৱহাৰ কৰা, নৱজাত শিশুৰ জন্মত অভিনন্দন জনোৱা, বিবাহ উপলক্ষত বৰকতৰ দুআ কৰা আৰু বিপদত আৰু মৃত্যুত সান্তনা তথা সমবেদনা প্ৰকাশ কৰা, এইদৰে বস্ত্ৰ পৰিধান আৰু খোলাৰ সময়তো ইছলামী আদাব-কায়দা মানি চলা জৰুৰী।
সোতৰতম পাঠ: শ্বিৰ্ক আৰু বিভিন্ন প্ৰকাৰৰ পাপ কৰ্মৰ পৰা সতৰ্ক থকা আৰু আনক সতৰ্ক কৰা
ইয়াৰে সাতটা ধ্বংসকাৰী পাপকৰ্ম হৈছে অন্যতম। সেইবোৰ হৈছে: ১। আল্লাহৰ লগত শ্বিৰ্ক কৰা, ২। যাদু শিকা তথা প্ৰয়োগ কৰা, ৩। অন্যায়ভাৱে কোনোবাক হত্যা কৰা যিটো আল্লাহে নিষিদ্ধ কৰিছে, ৪। এতিমৰ সম্পদ আত্মসাৎ কৰা, ৫। সুতৰ লেনদেন কৰা, ৬। যুদ্ধৰ ময়দানৰ পৰা পলায়ন কৰা আৰু ৭। সৎচৰিত্ৰা মুমিনা সহজ-সৰল নাৰীসকলৰ প্ৰতি ব্যভিচাৰৰ অপবাদ দিয়া।
এইদৰে পিতৃ-মাতৃৰ অবাধ্য হোৱা, আত্মীয়তাৰ সম্পৰ্ক বিছিন্ন কৰা, মিছা সাক্ষ্য প্ৰদান কৰা, মিছা শপত গ্ৰহণ কৰা, প্ৰতিৱেশীক কষ্ট দিয়া, তেজ, সম্পদ আৰু মান-সন্মান আদিৰ ক্ষেত্ৰত অত্যাচাৰ কৰা, নিচা জাতীয় দ্ৰৱ্য সেৱন কৰা, জুৱা খেল, গীবত বা সমালোচনা কৰা আৰু ইজনৰ কথা সিজনক লগোৱা ইত্যাদি যিবোৰ বিষয় আল্লাহ তা‘আলা আৰু তেওঁৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে নিষেধ কৰিছে।
ওঠৰতম পাঠ: মৃত ব্যক্তিৰ কাফন-দাফন আৰু জানাযা
সবিশেষ তলত উল্লেখ কৰা হ'লঃ
প্ৰথমঃ মুমূৰ্ষ অৱস্থাত থকা ব্যক্তিক লা ইলা-হা ইল্লাল্লাহ পাঠ কৰিবলৈ তালকীন কৰা উচিত। কিয়নো নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
"لَقِّنُوا مَوْتَاكُمْ: لَا إِلَهَ إِلَّا اللَّهُ"
"মুমূৰ্ষ অৱস্থাত থকা ব্যক্তিক তোমালোকে লা ইলা-হা ইল্লাল্লাহৰ তালকীন কৰা।“7 মুছলিমে বৰ্ণনা কৰিছে, হাদীছটো ছহীহ। উক্ত হাদীছত মাওতাকুম শব্দৰ দ্বাৰা মুমূৰ্ষ অৱস্থাত থকা ব্যক্তিক বুজোৱা হৈছে। অৰ্থাৎ এনেকুৱা ব্যক্তি, যাৰ মৃত্যুৰ আলামত দেখা দিছে।
দ্বিতীয়: মৃত্যু নিশ্চিত হ’লে তাৰ দুয়ো চকু বন্ধ কৰি দিয়া আৰু মুখ বন্ধ কৰি দিয়া।
কাৰণ এই ক্ষেত্ৰত হাদীছ বৰ্ণিত আছে।
তৃতীয়ঃ মৃত মুছলিম ব্যক্তিক গোছল কৰোৱাটো ওৱাজিব, কিন্তু যুদ্ধৰ ময়দানত শ্বহীদ হোৱা লোকৰ বাহিৰে, কাৰণ শ্বহীদক গোছল কৰোৱা নহয় আৰু জানাজাও কৰা নহয়।
বৰং তেওঁ পিন্ধি থকা কাপোৰতেই তেওঁক দাফন কৰা হ'ব। কাৰণ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে উহুদত শ্বহীদ হোৱা লোকসকলক গোছল দিয়াও নাছিল আৰু জানাজা কৰাও নাছিল।
চতুৰ্থঃ মৃত ব্যক্তিক গোছল কৰোৱাৰ পদ্ধতি
মৃত ব্যক্তিক গোছল কৰোৱাৰ পদ্ধতি।
গোছল কৰোৱাৰ সময়ত প্ৰথমে মৃত ব্যক্তিৰ লজ্জাস্থান ঢাকি ল'ব। তাৰপিছত মুৰ্দাক অলপ দাঙি ধৰি লাহে লাহে তাৰ পেটত অলপ হেঁচা দিব। গোছল প্ৰদানকাৰী ব্যক্তিয়ে নিজৰ হাতত মোজা বা কোনো কাপোৰ মেৰিয়াই ল'ব, যাতে মৃত ব্যক্তিৰ মল-মূত্ৰৰ পৰা নিজকে ৰক্ষা কৰিব পাৰে । তাৰপিছত মৃত ব্যক্তিক চালাতৰ অজুৰ দৰে অজু কৰাব আৰু তাৰ মূৰ আৰু দাঢ়ি বগৰী পাতেৰে আৰু পানীৰে ধুব। তাৰপিছত শৰীৰৰ সোঁফালে পানী ঢালিব তাৰপিছত বাওঁ ফালে। এনেকৈ দ্বিতীয় আৰু তৃতীয়বাৰ ধুই ল'ব। প্ৰতিবাৰ হাতেৰে পেটৰ ওপৰত অলপ লাহেকৈ চাপ দিব। কিবা বাহিৰ হ’লে সেইটো ধুই দিব আৰু তুলা বা এনে কোনো বস্তুৰে স্থানটো বন্ধ কৰি ৰাখিব। যদি তথাপিও বন্ধ নহয় তেনেহ’লে উপযুক্ত কোনো বস্তুৰ দ্বাৰা অথবা আধুনিক কোনো ডাক্তৰি পদ্ধতিৰে যেনে প্লাষ্টাৰ বা আন কোনো বস্তুৰে বন্ধ কৰিব লাগিব।
আৰু পুনৰ অজু কৰাব লাগিব। যদি তিনিবাৰত পৰিষ্কাৰ নহয় তেনেহ’লে পাঁচৰ পৰা সাতবাৰ লৈকে ধুব লাগিব। তাৰপিছত কাপোৰেৰে শৰীৰটো মচি দিব আৰু ছাজদাৰ অংগ আৰু অপ্ৰকাশ্য স্থানসমূহত সুগন্ধি লগাব। যদি গোটেই শৰীৰত সুগন্ধি লগোৱা হয় তেন্তে আৰু ভাল। লগতে তাৰ কাফনসমূহ ধুপ-ধুনাৰে সুগন্ধি কৰি লব। যদি তাৰ মুচ আৰু নখ ডাঙৰ থাকে তেনেহ’লে কাটি দিব, কিন্তু চুলি খুৰাই নিদিব। নাৰী হ’লে তাইৰ চুলি তিনিটা বেনু গাথি পিছফালে ওলমাই দিব।
পঞ্চমঃ মৃত ব্যক্তিৰ কাফন
বগা ৰঙৰ তিনিখন কাপোৰত পুৰুষৰ কাফন দিয়া উত্তম। কুৰ্তা আৰু পাগুৰী ইয়াৰ অন্তৰ্ভুক্ত নহয়। যিদৰে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক কাফন দিয়া হৈছিল। মৃত ব্যক্তিক ইয়াৰ মাজত পৰ্যায়ক্ৰমে ৰখা হ’ব। ইয়াৰ পৰিবৰ্তে এটা কুৰ্তা, এটা ইজাৰ আৰু এটা লিফাফাৰ দ্বাৰা কাফন দিলেও কোনো অসুবিধা নাই।
নাৰীৰ কাফন পাঁচ টুকৰা কাপোৰত দিয়া হ’ব, সেয়া হৈছে চাদৰ, মুখাবৰণ, ইজাৰ আৰু দুটা লিফাফা। শিশু বালকৰ কাফন একৰ পৰা তিনিটা কাপোৰত দিব পাৰি আৰু সৰু ছোৱালীৰ কাফন এটা কুৰ্তা আৰু দুটা লিফাফাৰে দিয়া হয়।
সকলোৰে বাবে এখন কাপোৰেই ওৱাজিব, যাতে মৃত্য ব্যক্তিৰ সম্পূৰ্ণ শৰীৰ আবৃত হয়। কিন্তু মৃত ব্যক্তি যদি ইহৰাম অৱস্থাত থাকে তেনেহ'লে তেওঁক বগৰী পাত আৰু গৰম পানীৰে গোছল কৰোৱাব লাগে আৰু তেওঁক তেওঁৰ ইজাৰ আৰু চাদৰ অথবা বেলেগ কাপোৰত কাফন দিলেও অসুবিধা নাই। কিন্তু তেওঁৰ মূৰ আৰু মুখমণ্ডল আবৃত কৰা নাযাব, লগতে তেওঁৰ শৰীৰৰ কোনো অংগত সুগন্ধিও ব্যৱহাৰ কৰা নাযাব। কিয়নো, ক্বিয়ামতৰ দিনা তেওঁ তালবিয়া পাঠ কৰা অৱস্থাত পুনৰুত্থিত হ'ব। এই বিষয়ে ৰাছুল (চাল্লাল্লাহু আলাইহি অছাল্লাম)ৰ পৰা বিশুদ্ধ হাদীছ বৰ্ণিত আছে। আনহাতে যদি কোনো মহিলা ইহৰাম অৱস্থাত মৃত্যুবৰণ কৰে তেনেহ'লে তেওঁকো অন্যান্য নাৰীসকলৰ দৰেই কাফন দিয়া হ'ব। কিন্তু তাইৰ শৰীৰত সুগন্ধি ব্যৱহাৰ কৰা নাযাব, এইদৰে নেকাবেৰে তাইৰ মুখমণ্ডল আৰু মোজাৰে তাইৰ দুয়ো হাত আবৃত কৰা নাযাব, বৰং কাফনৰ কাপোৰেৰেই আবৃত কৰিব লাগিব। ইতিপূৰ্বে মহিলাসকলৰ কাফন সম্পর্কে আলোচনা কৰা হৈছে।
ষষ্ঠঃ মৃত ব্যক্তিক গোছল আৰু জানাজা পঢ়োৱাৰ অধিকাৰ কাৰ বেছি।
মৃত ব্যক্তিয়ে জীৱিত অৱস্থাত যাক অছিয়্যত কৰি যাব, সিয়েই হ’ব তাৰ গোছল কৰোৱা, দাফন কৰা আৰু তাৰ ওপৰত জানাযাৰ চালাত পঢ়োৱাৰ বেছি হকদাৰ। তাৰপিছত তাৰ পিতা, তাৰপিছত তাৰ পিতামহ, তাৰপিছত তাৰ বংশৰ অধিকতৰ ঘনিষ্ঠ লোকৰ হক।
এনেকৈ নাৰীয়ে যাক অছিয়্যত কৰিব সিয়েই হ’ব উপৰোক্ত কামসমূহ সম্পাদনৰ অধিকতৰ হকদাৰ। তাৰপিছত তাইৰ মা, তাৰপিছত আইতা, তাৰপিছত পৰ্য়ায়ক্ৰমে তাইৰ বংশৰ অধিকতৰ ঘনিষ্ঠ নাৰী। স্বামী-স্ত্ৰীৰ ক্ষেত্ৰত এজনে আনজনক গোছল দিব পাৰে। আবু বকৰ চিদ্দীক ৰাদ্বিয়াআল্লাহু ‘আনহুক তেওঁৰ স্ত্ৰীয়ে গোছল দিছিল আৰু আলী ৰাদ্বিয়াল্লাহু ‘আনহুৱে তেওঁৰ স্ত্ৰী ফাতিমা ৰাদ্বিয়াল্লাহু ‘আনহাক গোছল দিছিল।
সপ্তমঃ জানাজাৰ নামাজৰ পদ্ধতি
প্ৰথম তাকবীৰৰ পিছত ছুৰা আল-ফাতিহা পঢ়া হয়। ইয়াৰ লগতে যদি সৰু কোনো ছুৰা বা দুটা অথবা এটা আয়াত পাঠ কৰা হয় তেন্তে ভাল। কাৰণ, এই সম্পৰ্কে ইবনে আব্বাচ ৰাদ্বিয়াল্লাহু ‘আনহুমাৰ পৰা হাদীছ বৰ্ণিত আছে। ইয়াৰ পিছত দ্বিতীয় তাকবীৰ দিয়া হ’লে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত দুৰূদ পঢ়া হয় যিটো চালাতত তাশ্বাহুহদৰ (আত্তাহিয়্যাতুৰ) পিছত পঢ়া হয়। তাৰপিছত তৃতীয় তাকবীৰ দি নিম্ন লিখিত দুআ কৰা হয়: আল্লাহুম্মাগফিৰলী হাইয়্যিনা ওৱা মাইয়্যিতিনা ওৱা শ্বা-হিদীনা ওৱা গা-ইবিনা ওৱা ছাগীৰিনা ওৱা কাবীৰিনা ওৱা যাকাৰিনা ওৱা উনছা-না। আল্লাহুম্মা মান আহ-ইয়াইতাহু মিন্না ফা আহ-য়িহী-আলাল ইছলাম, অমান তাওৱাফ্ফাইতাহু মিন্না ফাতাৱাফ্ফাহু আলাল ঈমান। আল্লাহুম্মাগফিৰলাহু অৰহামহু, ওৱা আফিহি, ওৱা আ‘ফু আনহু ওৱা আকৰিম নুযুলাহু ওৱাছ্ছি’ মুদখালাহু, অগছিলহু বিলমা-য়ি ওৱাচ-ছালজি ওৱাল বাৰদি। ওৱা নাক্কিহি মিনাল খাতায়া কামা য়ূনাক্কাচ ছাওবুল আবয়াযু মিনাদ্দানাছি, ওৱা আবদিলহু দাৰান খাইৰাম্ মিন্ দা-ৰিহী ওৱা আহলান খাইৰাম্ মিন আহলিহী, ওৱা ঝাওজান খাইৰাম মিন্ ঝাওজিহি, ওৱা আদখিলহুল জান্নাতা, ওৱা আয়িযহু মিন আযাবিল ক্বাবৰি (ওৱা আযাবিন্নাৰ), ওৱা আফছিহ লাহু ফি ক্বাবৰিহি ওৱা নাওৱীৰ লাহু ফীহি, আল্লাহুম্মা লা তাহৰিমনা আজৰাহু অলা তুজিল্লানা বা’দাহু।” তাৰপিছত চতুৰ্থ তাকবীৰ দিব আৰু সোঁফালে ছালাম ফিৰাব। ছালাম কেৱল এটাই। (বাওঁ ফালে ছালাম ফিৰোৱাৰ প্ৰয়োজন নাই)
জানাযাৰ চালাতত প্ৰত্যেক তাকবীৰৰ সৈতে হাত উঠোৱা মুস্তাহাব। যদি মৃত ব্যক্তি পুৰুষ হয় তেনেহ’লে الخ... اَللهُمَّ اغْفِرْلَهُক’ব। আৰু যদি মৃত ব্যক্তি মহিলা হয় তেনেহ’লে ইয়াৰ পৰিবৰ্তে اَللهُمَّ اغْفِرْلَهَا....الخ অৰ্থাৎ স্ত্রীলিঙ্গৰ সৰ্বনাম যোগ কৰিব লাগিব, আৰু যদি মৃতৰ সংখ্যা দুজন হয়, তেনেহ’লে اَللهُمَّ اغْفِرْلَهُمَا ..الخ আৰু ইয়াৰ বেছি হ’লে الخ .... اَللهُمَّ اغْفِرْلَهُمْ অৰ্থাৎ সংখ্যা হিচাপে সৰ্বনাম ব্যৱহাৰ কৰিব লাগিব। মুৰ্দা যদি শিশু হয় তেনেহ’লে উপৰোক্ত মাগফিৰাতৰ দুআৰ পৰিবৰ্তে এই দুআ পঢ়া হ’ব: “আল্লাহুম্মাজ্ আলহু ফাৰাতান ওৱা জুখৰান লিওৱালিদাইহি, ওৱা শ্বাফীআন মুাজাবা। আল্লাহুম্মা ছাক্কিলবিহী মাওৱাযীনাহুমা- ওৱা আ’জিম বিহী উজু-ৰাহুমা-, ওৱা আলহিকুহু বিছা-লিহিল মু’মিনীন অজআলহু ফী কিফা- লাতি ইব্ৰাহীমা আলাইহিচ্ছালাম, অক্বিহী বিৰাহমাতিকা আযাবাল জাহীম।”
ছুন্নত হৈছে, ইমাম মৃত পুৰুষৰ মূৰৰ সন্মুখত থিয় হ’ব আৰু নাৰী হ’লে শৰীৰৰ মাজ ভাগত থিয় হ’ব। মৃতৰ সংখ্যা একাধিক হ’লে পুৰুষৰ মৃতদেহ ইমামৰ নিকটৱৰ্তী থাকিব আৰু নাৰীৰ মৃতদেহ কিবলাৰ নিকটৱৰ্তী থাকিব। সিহঁতৰ লগত সৰু ল’ৰা-ছোৱালী হ’লে পুৰুষৰ পিছত ল’ৰাৰ স্থান, তাৰপিছত নাৰীৰ আৰু সৰ্বশেষত ছোৱালীৰ স্থান হ’ব। মৃত লৰাৰ মূৰ পুৰুষৰ মূৰ বৰাবৰ ৰাখিব আৰু নাৰীৰ মধ্যাংশ পুৰুষৰ মূৰ বৰাবৰ ৰাখিব। এইদৰে ছোৱালীৰ মূৰ নাৰীৰ মূৰ বৰাবৰ আৰু ছোৱালীৰ মধ্যাংশ পুৰুষৰ মূৰ বৰাবৰ ৰখা হ’ব। সকলো মুছাল্লী ইমামৰ পিছফালে থিয় হ’ব। কিন্তু যদি কোনোবাই ইমামৰ পিছত থিয় হ’বলৈ স্থান নাপায় তেনেহ’লে সি ইমামৰ সোঁ ফালে থিয় হ’ব।
অষ্টম: মৃত ব্যক্তিৰ দাফন প্ৰক্ৰিয়া:
চৰীয়ত মতে কবৰখন এজন পুৰুষৰ বুকু পৰিমাণ গভীৰ হ’ব লাগে আৰু কিবলাৰ ফালে লহদ (বাকচৰ নিচিনা কবৰ) আকাৰত খান্দিব লাগে। মৃত ব্যক্তিক সোঁফালে অকণমান ঢাল খোৱাই ৰাখি লাহাদত ৰাখিব লাগে। ইয়াৰ পিছত কাফনৰ গাঁঠিবোৰ খুলি দিব লাগে, কিন্তু কাপোৰ খুলি নিদিব, বৰং তেনেকৈয়ে ৰাখি দিব। মৃত ব্যক্তি পুৰুষেই হওক বা নাৰী, কবৰত ৰখাৰ পিছত মুখমণ্ডল উন্মোক্ত কৰা নাযাব। ইয়াৰ পিছত কেচা ইট আদিৰে সেই লহদ বন্ধ কৰি দিব, যাতে মাটি খহি পৰিলেও লাশৰ ওপৰত নপৰে। যদি ইট পোৱা নাযায় তেনেহ’লে বেলেগ কোনো বস্তুৰে যেনে- কাঠৰ টুকুৰা, শিল আদিৰে বন্ধ কৰি দিব যাতে লাশৰ ওপৰত মাটি খহি নপৰে। ইয়াৰ পিছত ডাঙৰ গাতটোত মাটি পেলোৱা হ’ব এই মাটি পেলোৱাৰ সময়ত: «بِسْمِ اللهِ وَعَلَى مِلَّةِ رَسُوْلِ اللهِ» (“বিছমিল্লা-হি ৱা আলা মিল্লাতি ৰাছূলিল্লাহ” আৰম্ভ কৰিছোঁ আল্লাহৰ নামত, আৰু ৰাছুল (চাল্লাল্লাহু আলাইহি অছাল্লাম)ৰ দ্বীনৰ ওপৰত ৰাখিলোঁ) এই দুআটো কোৱা মুস্তাহাব। কবৰ এক বেগেত পৰিমাণ ওখ কৰিব লাগে আৰু সম্ভৱ হ’লে কিছুমান শিলগুটি ছটিয়াই ওপৰত পানী ছটিয়াই দিব লাগে।
মৃত ব্যক্তিক দাফন কৰিবলৈ অহা লোকসকলে দাফন কৰাৰ পিছত কবৰৰ ওচৰত থিয় হৈ মৃত ব্যক্তিৰ বাবে দু’আ কৰাৰ বৈধতা আছে। ইয়াৰ প্রমাণ, ৰাছুল (চাল্লাল্লাহু আলাইহি অছাল্লাম) যেতিয়া দাফনৰ কাম সম্পন্ন কৰিছিল তেতিয়া তেখেত কবৰৰ ওচৰত থিয় হৈছিল আৰু মানুহক কৈছিলঃ
"اسْتَغْفِرُوا لِأَخِيكُمْ، وَاسْأَلُوا لَهُ التَّثْبِيتَ، فَإِنَّهُ الْآنَ يُسْأَلُ".
“তোমালোকে তোমালোকৰ ভাতৃৰ বাবে মাগফিৰাতৰ দুআ কৰা আৰু ঈমানৰ ওপৰত অটল থকাৰ বাবে দু’আ কৰা; কিয়নো, এতিয়া তাক প্ৰশ্ন কৰা হ’ব।”8
নৱম: দাফন কৰাৰ আগত যিজন ব্যক্তিয়ে জানাজাৰ নামাজত অংশ ল'ব পৰা নাছিল, তেওঁ দাফনৰ পিছতো জানাজা পঢ়িব পাৰে।
কিয়নো, নবী (চাল্লাল্লাহু আলাইহি অছাল্লামে) নিজেই এয়া কৰিছে। কিন্তু এই নামাজ এমাহৰ ভিতৰতেই হ’ব লাগিব, ইয়াতকৈ বেছি সময় পাৰ হ’লে কবৰৰ ওপৰত জানাজা পঢ়া বৈধ নহয়। কিয়নো, দাফনৰ এমাহ পিছত ৰাছুল (চাল্লাল্লাহু আলাইহি অছাল্লামে) কোনো মৃত ব্যক্তিৰ জানাজা পঢ়িছিল বুলি কোনো হাদীছ পোৱা নাযায়।
দশম: জানাজাত অংশগ্ৰহণ কৰা লোকসকলৰ বাবে মৃত্য ব্যক্তিৰ পৰিয়ালে খাদ্য প্রস্তুত কৰাটো জায়েজ নহয়।
প্রসিদ্ধ চাহাবী জাবিৰ বিন আব্দুল্লাহ আল-বাজালী (ৰাদ্বিয়াল্লাহু আনহুৱে) কৈছে:
"كُنَّا نَعُدُّ الاِجْتِمَاعَ إِلَى أَهْلِ الْمَيِّتِ، وَصَنْعَةَ الطَّعَامِ بَعْدَ الدَّفْنِ مِنَ النِّيَاحَةِ"
“মৃত্য ব্যক্তিৰ পৰিয়ালৰ ওচৰত সমবেত হোৱা আৰু দাফনৰ পিছত সিহঁতৰ বাবে খাদ্যৰ যোগান ধৰাক আমি মৃত ব্যক্তিৰ ওপৰত ‘নিয়াহা’ (বিলাপ) হিচাপে গণ্য কৰিছিলোঁ।”9 (এই হাদীছটোক ইমাম আহমদে উত্তম চনদৰ সৈতে বৰ্ণনা কৰিছে।) কিন্তু মৃত ব্যক্তিৰ পৰিয়ালৰ বাবে বা তেওঁলোকৰ ঘৰত অহা অতিথিসকলৰ বাবে খাদ্য প্রস্তুত কৰাত কোনো আপত্তি নাই। আনকি এইক্ষেত্ৰত মৃত ব্যক্তিৰ আত্মীয়-স্বজন তথা প্রতিৱেশীসকলে তেওঁলোকৰ বাবে খাদ্য সৰবাহ কৰাটো বেছি উত্তম। কিয়নো এইটো হাদীছৰ দ্বাৰা প্ৰমাণিত, ৰাছুল (চাল্লাল্লাহু আলাইহি অছাল্লাম)ৰ ওচৰত যেতিয়া জাফৰ বিন আবূ তালিব (ৰাদ্বিয়াল্লাহু আনহু)ৰ মৃত্যুৰ সংবাদ আহিছিল, তেতিয়া তেখেতে নিজৰ পৰিয়ালৰ লোকক উদ্দেশ্যি কৈছিল: “জাফৰৰ পৰিয়ালৰ বাবে খাদ্য প্রস্তুত কৰি পঠোৱা।” লগতে কৈছিল যে,
"إِنَّهُ أَتَاهُمْ مَا يَشْغَلُهُمْ"
“তেওঁলোকৰ ওপৰত এনেকুৱা বিপদ নামি আহিছে যি বিপদে তেওঁলোকক খাদ্য প্ৰস্তুত কৰাৰ পৰা বিৰত ৰাখিছে।”10
মৃত্য ব্যক্তিৰ পৰিয়াললৈ প্ৰেৰণ কৰা খাদ্যত বেলেগ লোকক বা প্ৰতিৱেশীক আহ্বান কৰাত কোনো অসুবিধা নাই। লগতে এই খাদ্য প্ৰেৰণ কৰাৰ কোনো নিৰ্দিষ্ট সময়-সীমাও আমাৰ জনা নাই।
একাদশ: কোনো নাৰীয়ে নিজৰ স্বামীৰ বাহিৰে আন কোনো মৃত ব্যক্তিৰ ক্ষেত্ৰত তিনি দিনতকৈ অধিক সময় শোক প্রকাশ কৰা বৈধ নহয়।
আনহাতে স্বামীৰ বাবে চাৰি মাহ দহ দিনলৈকে শোক প্রকাশ কৰা ওৱাজিব। কিন্তু যদি গৰ্ভৱতী হয় তেন্তে সন্তান প্রসৱ নকৰালৈকে শোক প্রকাশ কৰাটো তাইৰ বাবে ওৱাজিব। এই বিষয়ে ৰাছুল (চাল্লাল্লাহু আলাইহি অছল্লাম)ৰ পৰা বিশুদ্ধ হাদীছ বৰ্ণিত আছে।
মৃত ব্যক্তি আত্মীয় হওক বা নহওক কোনো পুৰুষৰ বাবে শোক পালন কৰা জায়েজ নহয়।
দ্বাদশ: পুৰুষসকলৰ বাবে সময়ে সময়ে কবৰ জিয়াৰত কৰাটো হৈছে ছুন্নত, আৰু ইয়াৰ উদ্দেশ্য হ’ব লাগিব মৃত ব্যক্তিসকলৰ বাবে দু’আ কৰা, ৰহমত কামনা কৰা, মৃত্যু আৰু মৃত্যুৰ পিছৰ অৱস্থাক স্মৰণ কৰা।
ৰাছুল (চাল্লাল্লাহু আলাইহি অছাল্লামে) কৈছে,
"زُورُوا الْقُبُورَ، فَإِنَّهَا تُذَكِّرُكُمُ الْآخِرَةَ"
“তোমালোকে কবৰ জিয়াৰত কৰা; কাৰণ, ই তোমালোকক আখিৰাতৰ কথা স্মৰণ কৰোৱাব”11 হাদীছটো ছহীহ মুছলিমত আছে। ৰাছুল (চাল্লাল্লাহু আলাইহি অছাল্লামে) তেখেতৰ চাহাবীসকলক এই শিক্ষা দিছিল যে, তেওঁলোকে যেতিয়া কবৰ জিয়াৰত কৰিব, তেতিয়া তেওঁলোকে যেন এই দুআ কয়:
"السَّلَامُ عَلَيْكُمْ أَهْلَ الدِّيَارِ مِنَ الْمُؤْمِنِينَ وَالْمُسْلِمِينَ، وَإِنَّا إِنْ شَاءَ اللَّهُ بِكُمْ لَاحِقُونَ، نَسْأَلُ اللَّهَ لَنَا وَلَكُمُ الْعَافِيَةَ، يَرْحَمُ اللَّهُ الْمُتَقَدِّمِينَ مِنَّا وَالْمُسْتَأْخِرِينَ"
“আচ্ছালামু আলাইকুম ইয়া আহলাদ্ দিয়াৰি মিনাল মু’মিনীনা অল মুছলিমীন, ৱা ইন্না ইন্ শ্বা আল্লাহু বিকুম লা-হিকূন। নাছআলুল্লাহা লানা অলাকুমুল আ-ফিয়াহ, য়াৰহামুল্লা-হুল্ মুস্তাকদিমীনা অল মুস্তাখিৰীন।”12 মহিলাসকলৰ বাবে কবৰ জিয়াৰত কৰা বৈধ নহয়। কিয়নো, ৰাছুল (চাল্লাল্লাহু আলাইহি অছাল্লামে) কবৰ জিয়াৰত কৰা নাৰীসকলৰ প্ৰতি অভিশাপ কৰিছে। ইয়াৰ বাহিৰেও মহিলাসকলৰ কবৰ জিয়াৰতত ফিতনা আৰু অধৈৰ্য্য সৃষ্টি হোৱাৰ আশংকা আছে। এইদৰে মহিলাসকলৰ বাবে জানাযাৰ অনুসৰণ কৰি কবৰস্থানলৈকে যোৱাও বৈধ নহয়। কিয়নো, ৰাছুল (চাল্লাল্লাহু আলাইহি অছাল্লামে) তেওঁলোকক ইয়াৰ পৰা নিষেধ কৰিছে। কিন্তু মছজিদ বা আন কোনো ঠাইত জানাযাৰ নামাজ আদায় কৰা হ’লে তাত নাৰী পুৰুষ উভয়েই অংশ গ্ৰহণ কৰিব পাৰে।
সাধ্য অনুসৰি পাঠসমূহ সংকলনৰ কাম ইয়াতেই সমাপ্ত হ’ল। আল্লাহে আমাৰ প্রিয় নবী মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম আৰু তেখেতৰ পৰিয়ালবৰ্গ আৰু চাহাবীসকলৰ ওপৰত দৰূদ আৰু ছালাম বৰ্ষণ কৰক।
***
সূচীপত্ৰ
আৰম্ভ কৰিছোঁ পৰম কৰুণাময় পৰম দয়ালু আল্লাহৰ নামত 2
লেখকৰ ভূমিকা 2
প্ৰথম পাঠ: ছুৰা আল-ফাতিহা আৰু সৰু ছুৰাসমূহ। 3
দ্বিতীয় পাঠঃ আৰকানুল ইছলাম বা ইছলামৰ ভিত্তিসমূহ 3
তৃতীয় পাঠঃ আৰকানুল ঈমান বা ঈমানৰ স্তম্ভসমূহ 5
চতুৰ্থ পাঠঃ তাওহীদৰ প্ৰকাৰসমূহ আৰু শ্বিৰ্কৰ প্ৰকাৰসমূহ 5
পঞ্চম পাঠ: এহছান 12
ষষ্ঠ পাঠ: চালাতৰ চৰ্তাৱলী 13
সপ্তম পাঠ: চালাতৰ আৰকান 13
অষ্টম পাঠ: চালাতৰ ওৱাজিবাতসমূহ 13
নৱম পাঠ: তাশ্বাহহুদৰ বৰ্ণনা 14
দশম পাঠ: চালাতৰ ছুন্নতসমুহ 16
এঘাৰতম পাঠ: চালাত বাতিল হোৱাৰ কাৰণসমূহ 18
দ্বাদশতম পাঠ: অজুৰ চৰ্তসমূহ 19
তেৰতম পাঠ: অজুৰ ফৰজসমুহ 20
চৈদ্ধতম পাঠ: অজু ভংগকাৰী বিষয়সমূহ 20
পোন্ধৰতম পাঠ: ইছলামী চৰিত্ৰ। প্ৰতিজন মুছলিমেই ইছলামী চৰিত্ৰ অৱলম্বন কৰিবলৈ দায়বদ্ধ। 22
ষোলতম পাঠ: ইছলামী শিষ্টাচাৰ তথা নিয়ম-নীতি অৱলম্বন 22
সোতৰতম পাঠ: শ্বিৰ্ক আৰু বিভিন্ন প্ৰকাৰৰ পাপ কৰ্মৰ পৰা সতৰ্ক থকা আৰু আনক সতৰ্ক কৰা 23
ওঠৰতম পাঠ: মৃত ব্যক্তিৰ কাফন-দাফন আৰু জানাযা 24
দ্বিতীয়: মৃত্যু নিশ্চিত হ’লে তাৰ দুয়ো চকু বন্ধ কৰি দিয়া আৰু মুখ বন্ধ কৰি দিয়া। কাৰণ এই ক্ষেত্ৰত হাদীছ বৰ্ণিত আছে। 24
তৃতীয়ঃ মৃত মুছলিম ব্যক্তিক গোছল কৰোৱাটো ওৱাজিব, কিন্তু যুদ্ধৰ ময়দানত শ্বহীদ হোৱা লোকৰ বাহিৰে, কাৰণ শ্বহীদক গোছল কৰোৱা নহয় আৰু জানাজাও কৰা নহয়। বৰং তেওঁ পিন্ধি থকা কাপোৰতেই তেওঁক দাফন কৰা হ'ব। কাৰণ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে উহুদত শ্বহীদ হোৱা লোকসকলক গোছল দিয়াও নাছিল আৰু জানাজা কৰাও নাছিল। 25
চতুৰ্থঃ মৃত ব্যক্তিক গোছল কৰোৱাৰ পদ্ধতি 25পঞ্চমঃ মৃত ব্যক্তিৰ কাফন 26
ষষ্ঠঃ মৃত ব্যক্তিক গোছল আৰু জানাজা পঢ়োৱাৰ অধিকাৰ কাৰ বেছি। 27
সপ্তমঃ জানাজাৰ নামাজৰ পদ্ধতি 28
অষ্টম: মৃত ব্যক্তিৰ দাফন প্ৰক্ৰিয়া: 30
নৱম: দাফন কৰাৰ আগত যিজন ব্যক্তিয়ে জানাজাৰ নামাজত অংশ ল'ব পৰা নাছিল, তেওঁ দাফনৰ পিছতো জানাজা পঢ়িব পাৰে। 32
দশম: জানাজাত অংশগ্ৰহণ কৰা লোকসকলৰ বাবে মৃত্য ব্যক্তিৰ পৰিয়ালে খাদ্য প্রস্তুত কৰাটো জায়েজ নহয়। 32
একাদশ: কোনো নাৰীয়ে নিজৰ স্বামীৰ বাহিৰে আন কোনো মৃত ব্যক্তিৰ ক্ষেত্ৰত তিনি দিনতকৈ অধিক সময় শোক প্রকাশ কৰা বৈধ নহয়। 33
দ্বাদশ: পুৰুষসকলৰ বাবে সময়ে সময়ে কবৰ জিয়াৰত কৰাটো হৈছে ছুন্নত, আৰু ইয়াৰ উদ্দেশ্য হ’ব লাগিব মৃত ব্যক্তিসকলৰ বাবে দু’আ কৰা, ৰহমত কামনা কৰা, মৃত্যু আৰু মৃত্যুৰ পিছৰ অৱস্থাক স্মৰণ কৰা। 34
***
মুছনাদে আহমদ (৫/৪২৮), তাবাৰানী মুজামুল কাবীৰ'-(৪/৩৩৮) আৰু বায়হাকীয়ে 'আশ্ব-শ্বু'আবত' (১৪/৩৫৫)। 'মাজমাউঝ ঝাৱায়িদত' (১/১২১) কৈছে যে: এইটো আহমদে বৰ্ণনা কৰিছে আৰু ইয়াৰ বৰ্ণনাকাৰীসকল হৈছে ছহীহ হাদীছৰ বৰ্ণনাকাৰী।
মুছনাদে আহমদ ( ১/৪৭)।
আবু দাউদ (হাদীছ নং ৩২৫১), তিৰমিজী (হাদীছ নং ১৫৩৫)।
আবু দাউদ (হাদীছ নং ৪৯৮০), আহমদ (৫/৩৮৪)।
ইবনে মাজাহ (৪২০৪), আহমদ (৩/৩০)।
ছহীহ মুছলিম (হাদীছ নং ৯১৬-৯১৭)।
আবু দাউদ (হাদীছ নং: ৩২২১), হাকিম (৩/৩৯৯)।
ইবনে মাজাহ (১৬১২), আহমদ (২/২০৪)।
মুছলিম জানাইঝ (৯৭৬), নাছায়ী (২০৩৪), আবু দাঊদ জানাইঝ (৩২৩৪), ইবনে মাজাহ (১৫৬৯), আহমদ (২/৪৪১)
ইবনে মাজাহ (হাদীছ নং ১৫৬৯), শ্বাইখ আলবানীয়ে হাদীছটোক ছহীহ বুলি কৈছে।
ছহীহ মুছলিম (975)।
শ্বাইখ ইবনে বাজৰ "মজমু ফাতাৱা অমাকালাত মুতানাওৱিয়া।" (৩/২৮৮-২৯৮)