كَيْفِيَّةُ صَلَاةِ النَّبِيِّ صَلَّى اللَّهُ عَلَيْهِ وَسَلَّمَ
নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ছালাত (নামাজ) আদায় কৰাৰ পদ্ধতি
لِفَضِيلَةِ الشَّيْخِ العَلَّامَةِ
عَبْدِ العَزِيزِ بْنِ عَبْدِ اللَّهِ بْنِ بَازٍ
غَفَرَ اللَّهُ لَهُ وَلِوَالِدَيْهِ وَلِلْمُسْلِمِينَ
মহামান্য শ্বাইখ
আব্দুল আজীজ বিন আব্দুল্লাহ বিন বাজ
بِسْمِ اللَّهِ الرَّحْمَنِ الرَّحِيمِ
নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ছালাত (নামাজ) আদায় কৰাৰ পদ্ধতি
মহামান্য শ্বাইখ
আব্দুল আজীজ বিন আব্দুল্লাহ বিন বাজ
আৰম্ভ কৰিছোঁ পৰম কৰুণাময় পৰম দয়ালু আল্লাহৰ নামত
সকলো ধৰণৰ প্ৰশংসা একমাত্ৰ আল্লাহৰ বাবে, দৰুদ আৰু ছালাম বৰ্ষিত হওক তেওঁৰ বান্দা আৰু ৰাছুল তথা আমাৰ প্ৰিয় নবী মুহাম্মদৰ ওপৰত, আৰু তেখেতৰ পৰিয়ালবৰ্গ লগতে তেখেতৰ সকলো চাহাবাৰ ওপৰত। ইয়াৰ পিছতঃ
এইখন এখন সৰু তথা সংক্ষিপ্ত পুস্তিকা, য'ত মই নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ নামাজ পঢ়াৰ পদ্ধতি স্পষ্টভাৱে সংক্ষিপ্ত আকাৰে উল্লেখ কৰিবলৈ চেষ্টা কৰিছোঁ, যাতে প্ৰতিজন মুছলিম নৰ-নাৰীয়ে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ নামাজৰ সঠিক পদ্ধতি অনুসৰণ কৰিব পাৰে, কিয়নো তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
(صَلُّوا كَمَا رَأَيْتُمُونِي أُصَلِّي).
"তোমালোকে সেইদৰেই ছালাত আদায় কৰা, যেনেকৈ মোক ছালাত আদায় কৰোঁতে দেখিছা।"1 পাঠকসকলৰ বাবে এই পদ্ধতি উপস্থাপন কৰা হ'লঃ
১- প্ৰথমে পৰিপূৰ্ণৰূপে পৱিত্ৰতা অৰ্জন কৰিব। অৰ্থাৎ সঠিক পদ্ধতিত অজু কৰিব, যিদৰে মহান আল্লাহে অজু কৰিবলৈ নিৰ্দেশ দিছে। মহান আল্লাহে পৱিত্ৰ কোৰআনত কৈছেঃ
﴿يَٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُوٓاْ إِذَا قُمۡتُمۡ إِلَى ٱلصَّلَوٰةِ فَٱغۡسِلُواْ وُجُوهَكُمۡ وَأَيۡدِيَكُمۡ إِلَى ٱلۡمَرَافِقِ وَٱمۡسَحُواْ بِرُءُوسِكُمۡ وَأَرۡجُلَكُمۡ إِلَى ٱلۡكَعۡبَيۡنِ...﴾.
"হে মুমিনসকল! যেতিয়া তোমালোকে ছালাতৰ বাবে থিয় হ’ব বিচৰা তেতিয়া তোমালোকে নিজৰ মুখমণ্ডল ধুই ল’বা লগতে কিলাকুটিলৈকে হাত ধুই ল’বা, তোমালোকৰ মূৰ মছেহ কৰিবা আৰু সৰুগাঁঠিলৈকে ভৰি ধুই ল’বা...." (ছুৰা মায়িদাহঃ ৬) আয়াত।
লগতে নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
(لَا تُقْبَلُ صَلَاةٌ بِغَيْرِ طُهُورٍ) .
"পৱিত্ৰতা অবিহনে নামাজ গ্ৰহণযোগ্য নহয়।"2
ইয়াৰ উপৰিও তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে নামাজত ভুল কৰা ব্যক্তিক উদ্দেশ্যি কৈছিলঃ
(إِذَا قُمْتَ إِلَى الصَّلَاةِ، فَأَسْبِغِ الْوُضُوءَ).
"যেতিয়া তুমি নামাজ পঢ়িবলৈ থিয় হ'বা, তেতিয়া উত্তমৰূপে অজু কৰি ল'বা।"3
২- নামাজ পঢ়িব বিচৰা ব্যক্তিজনে য'তেই নাথাকক কিয় সম্পূৰ্ণৰূপে কিবলামুখী হৈ থিয় হ’ব লাগিব। যিটো নামাজ পঢ়িবলৈ মনস্থ কৰিছে, সেই নামাজৰ বাবে মনে মনে নিয়্যত কৰিব, ফৰজ নামাজ হওক বা নফল নামাজ। নিয়্যত মুখেৰে উচ্চাৰণ কৰাৰ কোনো প্ৰয়োজন নাই। কিয়নো চৰীয়তত এনে কৰাৰ আদেশ নাই। বৰং এইটো এটা বিদআত। কাৰণ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে আৰু চাহাবাসকলে কেতিয়াও মুখেৰে উচ্চাৰণ কৰি নিয়্যত কৰা নাছিল।
ইমাম হওক বা অকলশৰীয়া ছালাত আদায়কাৰী, সন্মুখত যদি কোনো ছুৎৰা নাথাকে তেন্তে ছুৎৰা ৰাখি ছালাত আদায় কৰিব। কিবলাৰ ফালে মুখ কৰি থিয় হোৱাটো হৈছে নামাজৰ এটা অন্যতম চৰ্ত, কেৱল সেইসমূহ বিশেষ পৰিস্থিতিৰ বাহিৰে, যিবোৰ অৱস্থা সম্পৰ্কে বিশেষজ্ঞ উলামাসকলে তেওঁলোকৰ কিতাপত বিস্তাৰিতভাৱে উল্লেখ কৰিছে।
৩- আল্লাহু আকবাৰ বুলি কৈ তাকবীৰে তাহৰীমা বান্ধিব আৰু দৃষ্টি ছাজদাহৰ ঠাইত ৰাখিব।
৪- তাকবীৰৰ সময়ত দুয়ো হাত কান্ধ অথবা কাণৰ লতি পৰ্যন্ত উঠাব।
৫- সোঁহাত বাওঁহাতৰ ওপৰত ৰাখি বাওঁহাতৰ গাঁঠি অথবা বাহু ধাৰণ কৰিব আৰু বুকুৰ ওপৰত ৰাখিব। কিয়নো ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে এনেকৈ কৰিছে বুলি হাদীছৰ দ্বাৰা প্ৰমাণিত।
৬- ইয়াৰ পিছত দুআয়ে ইস্তিফতাহ পঢ়িব লাগে, এইটো হৈছে ছুন্নত। সেয়া হৈছেঃ
(اللَّهُمَّ بَاعِدْ بَيْنِي وبيْنَ خَطَايَايَ، كَمَا بَاعَدْتَ بيْنَ المَشْرِقِ والمَغْرِبِ، اللَّهُمَّ نَقِّنِي مِنَ الخَطَايَا كَمَا يُنَقَّى الثَّوْبُ الأبْيَضُ مِنَ الدَّنَسِ، اللَّهُمَّ اغْسِلْ خَطَايَايَ بالمَاءِ والثَّلْجِ والبَرَدِ).
আল্লাহম্মা বা-ইদ বাইনী অবাইনা খাত্বা ইয়া-ইয়া কামা বা-আত্তা বাইনাল মাশ্বৰিক্বি অল মাগৰিব। আল্লাহুম্মা নাক্ব-কিনী মিন খাত্বা ইয়া-ইয়া কামা ইউনাক্ব-কাছ ছাউবুল আব-ইয়াজু মিনাদ দানাছ। আল্লাহুম্মাগ-ছিলনী মিন খাত্বা ইয়া-ইয়া বিল মা-য়ি অচ-ছালজি অলবাৰ্দ।4
অৰ্থঃ হে আল্লাহ! মোৰ গুণাহ আৰু মোৰ মাজত এনেকুৱা দুৰত্ব প্ৰদান কৰা, যেনেকৈ তুমি পূৱ আৰু পশ্চিমৰ মাজত দূৰত্ব সৃষ্টি কৰিছা। হে আল্লাহ! মোক গুণাহৰ পৰা এনেকৈ পৱিত্ৰ কৰা, যেনেকৈ বগা কাপোৰ ময়লাৰ পৰা পৰিষ্কাৰ কৰা হয়। হে আল্লাহ! মোৰ গুণাহ ঠাণ্ডা বৰফ পানীৰে ধুই দিয়া।
ইয়াৰ বিপৰীতে ইচ্ছা কৰিলে এই দুআটোও পঢ়িব পাৰে।
(سُبْحَانَكَ اللَّهُمَّ وبِحَمْدِكَ، وَتَبَارَكَ اسْمُكَ، وَتَعَالَى جَدُّكَ، ولَا إلَهَ غَيْرُكَ).
ছুবহা-নাকা আল্লা-হুম্মা অবিহামদিকা অতাবা-ৰাকাছমুকা অতাআ-লা জাদ্দুকা অলা ইলা-হা গাইৰুক।5
অৰ্থাৎ হে আল্লাহ! তোমাৰ পৱিত্ৰতা বৰ্ণনা কৰোঁ আৰু তোমাৰ প্ৰশংসা কৰোঁ, তোমাৰ নাম বৰকতময়। তোমাৰ মৰ্যাদা মহিমান্বিত সুউচ্চ। তোমাৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। এই দুটা দুআৰ বাহিৰে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা প্ৰমাণিত বেলেগ কোনো দুআ পাঠ কৰাত কোনো অসুবিধা নাই। উত্তম হৈছে কেতিয়াবা ইটো পঢ়া আৰু কেতিয়াবা সিটো পঢ়া। কাৰণ এনেকুৱা কৰিলে পূৰ্ণাংগৰূপে অনুসৰণ কৰা হ'ব। তাৰ পিছত পঢ়িব। "আউজু বিল্লাহি মিনাশ্ব শ্বাইতানিৰ ৰাজীম।" অৰ্থাৎ মই অভিশপ্ত চয়তানৰ পৰা আল্লাহৰ ওচৰত আশ্ৰয় বিচাৰোঁ। "বিছমিল্লাহিৰ ৰহমানিৰ ৰাহীম।" অৰ্থাৎ পৰম কৰুণাময় পৰম দয়ালু আল্লাহৰ নামত আৰম্ভ কৰিছোঁ।
তাৰ পিছত ছুৰা ফাতিহা পাঠ কৰিব। কিয়নো ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
(لَا صَلَاةَ لِمَنْ لَمْ يَقْرَأْ بفَاتِحَةِ الكِتَابِ).
"সেই ব্যক্তিৰ নামাজ হোৱা নাই, যিয়ে নামাজত ছুৰা ফাতিহা পঢ়া নাই।"6 ছুৰা ফাতিহা পাঠ কৰাৰ পিছত উচ্চস্বৰীয় নামাজত উচ্চস্বৰে আমীন ক'ব, আৰু নিম্নস্বৰে পঢ়িবলগীয়া নামাজত নিম্নস্বৰে ক'ব। তাৰ পিছত সক্ষম অনুযায়ী যিকোনো এটা ছুৰা পাঠ কৰিব। জোহৰ, আছৰ আৰু ইশ্বা চালাতত ছুৰা ফাতিহাৰ পিছত মধ্যস্তৰীয় ছুৰা পাঠ কৰা উত্তম আৰু ফজৰৰ চালাতত দীৰ্ঘ ছুৰা আৰু মাগৰিবৰ চালাতত কেতিয়াবা দীৰ্ঘ আৰু কেতিয়াবা চুটি ছুৰা পাঠ কৰা উত্তম। যাতে এই বিষয়ত বৰ্ণিত সকলো হাদীছৰ ওপৰত আমল হয়।
৭- দুয়ো হাত কান্ধ অথবা কাণৰ লতি পৰ্যন্ত উঠাই তাকবীৰ দি ৰুকু কৰিব। মূৰ আৰু পিঠি সমতল ৰাখিব আৰু হাতৰ আঙুলিবোৰ ফাঁক-ফাঁক কৰি উভয় আঁঠুত ৰাখিব। ৰুকুত স্থিৰতা বাঞ্ছনীয়। ইয়াৰ পিছত পঢ়িব, "ছুবহা-না ৰাব্বীয়াল আজীম।" অৰ্থাৎ মোৰ প্ৰতিপালক পৱিত্ৰ মহান। উক্ত দুআটো তিনিবাৰ অথবা ততোধিকবাৰ পঢ়া উত্তম। ইয়াৰ উপৰিও এই দুআটো পঢ়া মুস্তাহাবঃ
(سُبْحَانَكَ اللهُمَّ وَبِحَمْدِكَ، اللهُمَّ اغْفِرْ لِي).
"ছুবহা-নাকা আল্লা-হুম্মা অবিহামদিকা, আল্লাহুম্মাগফিৰলী।"7
৮- ৰুকুৰ পৰা মূৰ তোলাৰ সময়ত দুয়ো হাত উভয় কান্ধ অথবা উভয় কাণ পৰ্যন্ত উঠাই ক’বঃ "ছামিয়াল্লাহু লিমান হামিদাহ।" যদি ইমাম অথবা অকলশৰীয়া চালাত আদায়কাৰী হয় তেন্তে থিয় হৈ থকা অৱস্থাত ক’বঃ
(رَبَّنَا ولَكَ الحَمْدُ حَمْدًا كَثِيرًا طَيِّبًا مُبَارَكًا فِيهِ مِلْءَ السَّمَواتِ ومِلْءَ الأرضِ، ومِلْءَ ما شِئتَ مِن شيءٍ بَعدُ).
ৰাব্বানা অলাকাল হাম্দ, হামদান কাছীৰান ত্বায়্যিবান মুবাৰাকান ফীহ, মিলআচ্ছামাৱাতি অমিল আল আৰজি, অমিলআ মা শ্বি'তা মিন শ্বাইয়িন বা'দ।8
অৰ্থাৎ হে আমাৰ প্ৰতিপালক। তোমাৰ বাবেই সকলো প্ৰশংসা। তোমাৰ প্ৰশংসা অগণন, উত্তম আৰু বৰকতময়, যাৰ দ্বাৰা আকাশমণ্ডল আৰু পৃথিৱী ভৰি পৰে, ইয়াৰ উপৰিও তুমি যি ইচ্ছা কৰা সেইটোও পৰিপূৰ্ণ হৈ পৰে।
আনহাতে মুক্তাদি হ’লে ৰুকুৰ পৰা মূৰ তুলি এই দুআ পঢ়িব। "ৰাব্বানা অলাকাল হামদ..."। ইমাম হওক বা মুক্তাদী অথবা অকলশৰীয়া নামাজী উক্ত দুআটোৰ সৈতে যদি তলত উল্লেখ কৰা এই দুআটোও পাঠ কৰে তেন্তে সেয়া উত্তম।
(أهْلَ الثَّنَاءِ والْمجْدِ، أحَقُّ مَا قَالَ العَبْدُ، وكُلُّنَا لَكَ عَبْدٌ: اللَّهُمَّ لَا مَانِعَ لِمَا أعْطَيْتَ، ولَا مُعْطِيَ لِمَا مَنَعْتَ، ولَا يَنْفَعُ ذَا الجَدِّ مِنْكَ الجَدُّ).
আহলাচ ছানায়ি অল মাজ্দ, আহাক্কু মা ক্বা-লাল আব্দু, অকুল্লুনা লাকা আব্দ, আল্লাহুম্মা লা মানিআ লিমা আ'ত্বাইতা, অলা মু'ত্বিয়া লিমা মানা'তা। অলা য়ানফাউ যাল-জাদ্দি মিনকাল জাদ্দু।9
অৰ্থঃ হে আল্লাহ! তুমিয়ে প্ৰশংসা আৰু মৰ্যাদাৰ অধিকাৰী, বান্দাই যি কয় তাতকৈও অধিক তুমি অধিকাৰী। আমি সকলোৱে তোমাৰেই বান্দা। হে আল্লাহ! তুমি যিটো দিব বিচৰা সেইটো কোনেও ৰোধ কৰিব নোৱাৰে আৰু তুমি যিটোক বাধা দিয়া সেইটো কোনেও প্ৰদান কৰিব নোৱাৰে। লগতে কোনো মৰ্যাদাৱানৰ মৰ্যাদাই তোমাৰ ওচৰত কোনো উপকাৰ কৰিব নোৱাৰে। এইটো পাঠ কৰা উত্তম, কিয়নো নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা এইটো প্ৰমাণিত।
ৰুকুৰ পৰা উঠি প্ৰত্যেক ব্যক্তিয়ে - ইমাম হওক বা মুক্তাদি অথবা অকলশৰীয়া নামাজী- বুকুৰ ওপৰত হাত বান্ধি ৰখাটো মুস্তাহাব, যিদৰে ৰুকুত যোৱাৰ আগত আছিল। এই বিষয়টো ওৱাইল ইবনে হুজৰ আৰু ছাহল ইবনে ছাআদ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত হাদীছৰ দ্বাৰা প্ৰমাণিত।
৯- তাৰ পিছত তাকবীৰ দি ছাজদাহ কৰিব। ছাজদা কৰোঁতে পাৰিলে হাতৰ আগত আঁঠু ৰাখিব, আৰু যদি অসুবিধা হয় তেন্তে প্ৰথমে লাহেকৈ বহি ল'ব তাৰ পিছত আঁঠু থোৱাৰ আগত দুয়ো হাত মাটিত ৰাখিব। ছাজদাত হাত আৰু ভৰিৰ আঙুলিসমূহ কিবলা মুখী হোৱা উচিত। হাতৰ আঙুলিবোৰ মিলিত আৰু প্ৰসাৰিত হ’ব লাগিব। ছাজদা ৭টা অংগৰ ওপৰত কৰিব। সেই ৭টা অংগ হৈছে- কপাল নাকসহ, দুই হাত, দুই আঁঠু, দুই ভৰিৰ আঙুলিৰ পেটসমূহ। ছাজদাত এই দুআ পাঠ কৰিব। "ছুবহা-না ৰাব্বীয়াল আলা।" অৰ্থাৎ মোৰ প্ৰতিপালক পৱিত্ৰ, সুউচ্চ। তিনিবাৰ বা ততোধিকবাৰ পঢ়া ছুন্নত। ইয়াৰ উপৰিও এই দুআটো পঢ়া মুস্তাহাবঃ
(سُبْحانَكَ اللَّهُمَّ رَبَّنا وبِحَمْدِكَ، اللَّهُمَّ اغْفِرْ لِي).
"ছুবহা-নাকা আল্লা-হুম্মা ৰাব্বানা অবিহামদিকা, আল্লাহুম্মাগফিৰলী।" ছাজদাত বেছি বেছি দুআ কৰিব লাগে। কাৰণ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
(أَمَّا الرُّكُوعُ، فَعَظِّمُوا فِيهِ الرَّبَّ، وَأَمَّا السُّجُودُ، فَاجْتَهِدُوا فِي الدُّعَاءِ، فَقَمِنٌ أَنْ يُسْتَجَابَ لَكُمْ).
"ৰূকুত তোমালোকে সৰ্বশক্তিমান আল্লাহৰ মহত্ব বৰ্ণনা কৰা। আনহাতে ছাজদাত বেছি বেছি দুআ কৰা, কিয়নো ছাজদাত কৰা দুআ কবূল হোৱাৰ বেছি সম্ভাৱনা থাকে।"10
লগতে দুনিয়া আৰু আখিৰাতৰ কল্যাণ প্ৰাৰ্থনা কৰিব। ফৰজ হওক বা নফল উভয় চালাতৰে ছাজদাত দুআ কৰিব পাৰে। ছাজদাৰ সময়ত দুয়ো হাতৰ বাহুক শৰীৰৰ কাষৰ পৰা, পেটক উৰুৰ পৰা আৰু উৰুক কলাফুলৰ পৰা দূৰত ৰাখিব, লগতে উভয় বাহুক মাটিৰ পৰা ওপৰত ৰাখিব। কিয়নো ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
(اعْتَدِلُوا في السُّجُودِ، ولَا يَبْسُطْ أحَدُكُمْ ذِرَاعَيْهِ انْبِسَاطَ الكَلْبِ).
"ছাজদাত তোমালোকে পোনহৈ থাকিবা। তোমালোকৰ কোনেও যাতে কুকুৰৰ নিচিনা দুয়ো হাত পাৰি প্ৰসাৰিত কৰি নাৰাখে।"11
১০- তাৰ পিছত আল্লাহু আকবাৰ বুলি কৈ মূৰ তুলিব। বাওঁ ভৰি পাৰি তাৰ ওপৰত বহিব। সোঁ ভৰি থিয় কৰাই আঙুলিবোৰ কিবলাৰ পিনে ৰাখিব। হাত দুখন আঁঠু বা উৰুৰ ওপৰত ৰাখিব। লগতে এই দুআ পাঠ কৰিব।
(رَبِّ اغْفِرْ لِي وَارْحَمْنِي وَاهْدِنِي وَارْزُقْنِي وَعَافِنِي وَاجْبُرْنِي).
"ৰাব্বিগ ফিৰলী, অৰহামনী, অহদিনী, অৰজুক্বনী, অআফিনী, অজবুৰনী।"12
অৰ্থাৎ হে মোৰ প্ৰতিপালক! মোক মাৰ্জনা কৰা। মোৰ ওপৰত দয়া কৰা আৰু মোক হিদায়ত প্ৰদান কৰা। মোক জীৱিকা প্ৰদান কৰা আৰু মোক সুস্থতা প্ৰদান কৰা আৰু মোৰ সকলো ক্ষয়-ক্ষতি পূৰণ কৰি দিয়া। এই বৈঠকত স্থিৰতা অৱলম্বন কৰিব লাগে।
১১- তাৰ পিছত তাকবীৰ কৈ দ্বিতীয় ছাজদাহ কৰিব। প্ৰথম ছাজদাত যেনেকৈ যিবোৰ দুআ পাঠ কৰিছিল সেইদৰে দ্বিতীয় ছাজদাতো পাঠ কৰিব।
১২- তাৰ পিছত তাকবীৰ কৈ মূৰ তুলিব আৰু কিছু পলৰ বাবে বহিব। যেনেকৈ দুই ছাজদাৰ মাজত কিছু সময় বহিছিল। এই বৈঠকক জলছায়ে ইছতিৰাহত (প্ৰশান্তিৰ বৈঠক) বোলা হয়। এইটো কৰা মুস্তাহাব। এইটো নকৰিলেও কোনো অসুবিধা নাই। এই বৈঠকৰ কোনো নিৰ্দিষ্ট জিকৰ আৰু দুআ নাই। তাৰ পিছত দ্বিতীয় ৰাকাতৰ বাবে আঁঠুৰ ওপৰত ভৰ কৰি থিয় হ'ব, যদি অসুবিধা হয় তেন্তে হাতৰ ওপৰত ভৰ দি থিয় হ’ব। থিয় হোৱাৰ পিছত ছুৰা ফাতিহাৰ লগতে আন কোনো সহজ ছুৰা পাঠ কৰিব আৰু প্ৰথম ৰাকাতৰ দৰে দ্বিতীয় ৰাকাত সম্পূৰ্ণ কৰিব।
১৩- যদি দুই ৰাকাত বিশিষ্ট ছালাত হয় (যেনে ফজৰ, জুমুআ, ঈদৰ ছালাত) তেনেহ'লে দ্বিতীয় ছাজদাৰ পিছত সোঁ ভৰি থিয় কৰাই বাওঁ ভৰি পাৰি বহিব। সোঁ হাত, সোঁ উৰুৰ ওপৰত ৰাখি শ্বাহাদত আঙুলিৰ বাহিৰে সকলো আঙুলি মুঠ বান্ধি শ্বাহাদত আঙুলিৰে তাওহীদৰ ইংগিত দিব। কিন্তু কনিষ্ঠ আৰু অনামিকা আঙুলি বন্ধ ৰাখি মধ্যমা আৰু বৃদ্ধাংগুলিৰ দ্বাৰা ঘূৰণীয়া আকাৰ কৰি শ্বাহাদত আঙুলিৰ দ্বাৰা ইংগিত কৰা উত্তম। হাদীছত উভয় প্ৰকাৰৰ বৰ্ণনা পোৱা যায়। সেয়ে কেতিয়াবা ইটো আৰু কেতিয়াবা সিটো আমল কৰা উচিত।লগতে বাওঁহাত বাওঁ উৰুৰ ওপৰত অথবা আঁঠুৰ ওপৰত ৰাখি তাশ্বাহহুদ পাঠ কৰিব। তাশ্বাহহুদ হৈছেঃ
(التَّحِيَّاتُ للهِ والصَّلَوَاتُ والطَّيِّبَاتُ، السَّلَامُ عَلَيْكَ أيُّها النَّبيُّ ورَحْمَةُ اللهِ وبَرَكَاتُهُ، السَّلَامُ عَلَيْنَا وَعَلَى عِبَادِ الله الصَّالِحِينَ، أشْهَدُ أنْ لا إلَهَ إلَّا الله وأَشْهَدُ أنَّ مُحَمَّدًا عَبْدُهُ ورَسولُهُ).
(আত্তাহিয়্যাতু লিল্লা-হি অচ্ছালাৱাতু অত-তায়্যিবাতু, আচ্ছালামু আলাইকা আইয়্যুহান নাবীয়্যু অৰাহমাতুল্লাহি অবাৰাকাতুহ, আচ্ছালামু আলাইনা ৱাআলা ইবাদিল্লাহিচ্ছলিহীন, আশ্বহাদু আন-লা ইলা-হা ইল্লাল্লাহু, ৱা আশ্বহাদু আন্না মুহাম্মাদান আব্দুহু অৰাছুলুহ)
অৰ্থঃ “যাৱতীয় ইবাদত মৌখিক, শাৰীৰিক আৰু আৰ্থিক সকলো আল্লাহৰ বাবে, হে নবী আপোনাৰ ওপৰত আল্লাহৰ শান্তি, ৰহমত আৰু বৰকত অৱতীৰ্ণ হওক। আমাৰ ওপৰত আৰু আল্লাহৰ নেক বান্দাসকলৰ ওপৰতো শান্তি অৱতীৰ্ণ হওক। মই সাক্ষ্য দিওঁ যে, আল্লাহৰ বাহিৰে ইবাদতৰ যোগ্য আন কোনো মা‘বুদ নাই আৰু সাক্ষ্য দিওঁ যে, মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম আল্লাহৰ বান্দা আৰু ৰাছুল। ইয়াৰ পিছত ক'বঃ
(اللَّهُمَّ صَلِّ علَى مُحَمَّدٍ وعلَى آلِ مُحَمَّدٍ، كَمَا صَلَّيْتَ عَلَى إبْرَاهِيمَ وَعَلَى آلِ إبْرَاهِيمَ؛ إنَّكَ حَمِيدٌ مَجِيدٌ، وَبَارِكْ علَى مُحَمَّدٍ وعلَى آلِ مُحَمَّدٍ، كما بَارَكْتَ علَى إبْرَاهِيمَ وعلَى آلِ إبْرَاهِيمَ؛ إنَّكَ حَمِيدٌ مَجِيدٌ).
আল্লা-হম্মা চল্লি আলা মুহাম্মদ, ৱা আলা আলি মুহাম্মদ, কামা চাল্লাইতা আলা ইব্ৰাহীম, ৱা আলা আলি ইব্ৰাহীম, ইন্নাকা হামীদুম মাজীদ। আল্লা-হম্মা বা-ৰিক আলা মুহাম্মদ, ৱা আলা আলি মুহাম্মদ, কামা বা-ৰাকতা আলা ইব্ৰাহীম, ৱা আলা আলি ইব্ৰাহীম, ইন্নাকা হামীদুম মাজীদ।13
অৰ্থঃ “হে আল্লাহ! মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম আৰু তেওঁৰ বংশধৰসকলৰ ওপৰত ৰহমত অৱতীৰ্ণ কৰা, যেনেকৈ ৰহমত অৱতীৰ্ণ কৰিছিলা ইব্ৰাহীম আলাইহিচ্ছালাম আৰু তেওঁৰ বংশধৰসকলৰ ওপৰত। নিশ্চয় তুমি প্ৰশংসনীয় আৰু সন্মানীয়। হে আল্লাহ! বৰকত অৱতীৰ্ণ কৰা মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত, আৰু তেওঁৰ বংশধৰসকলৰ ওপৰত, যেনেকৈ বৰকত অৱতীৰ্ণ কৰিছিলা ইব্ৰাহীম আলাইহিচ্ছালাম আৰু তেওঁৰ বংশধৰসকলৰ ওপৰত। নিশ্চয় তুমি প্ৰশংসনীয় আৰু সন্মানীয়।”
তাৰ পিছত চাৰিটা বস্তুৰ পৰা আশ্ৰয় প্ৰাপ্তিৰ বাবে এই দুআ পাঠ কৰিবঃ
( اللَّهُمَّ إنِّي أَعُوذُ بِكَ مِن عَذَابِ جَهَنَّمَ، وَمِنْ عَذَابِ القَبْرِ، وَمِنْ فِتْنَةِ المَحْيَا وَالْمَمَاتِ، وَمِنْ شَرِّ فِتْنَةِ المَسِيحِ الدَّجَّالِ).
আল্লাহুম্মা ইন্নি আউজুবিকা মিন আজাবি জাহান্নাম, অমিন আজাবিল কাবৰি, অমিন ফিতনাতিল মাহয়া অল মামাত, অমিন শ্বাৰ্ৰি ফিতনাতিল মাছীহিদ দাজ্জাল।14
ইয়াৰ পিছত দুনিয়া আৰু আখিৰাতৰ যি যি কল্যাণ বিচাৰিবলগীয়া আছে সেয়া বিচাৰি দুআ কৰিব। নিজৰ পিতৃ-মাতৃ আৰু অন্যান্য মুছলিমসকলৰ বাবে দুআ কৰাতো কোনো অসুবিধা নাই। সেয়া ফৰজ নামাজে হওক বা নফল। কিয়নো নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ইবনে মাছউদক শিকোৱা তাশ্বাহহুদৰ সেই হাদীছটোত ইয়াৰ ব্যাপক নিৰ্দেশনা প্ৰদান কৰিছে।
(ثُمَّ لِيَتَخَيَّرْ مِنَ الدُّعَاءِ بَعْدُ أَعْجَبَهُ إِلَيْهِ فَيَدْعُو).
"ইয়াৰ পিছত তেওঁ নিজৰ পছন্দমতে পছন্দনীয় দুআ কৰিব।"15 আন এটা হাদীছত তেখেতে কৈছেঃ
(ثُمَّ لِيَخْتَرْ مِنَ الْمَسْأَلَةِ مَا شَاءَ).
"ইয়াৰ পিছত তেওঁ যি বিচাৰিবলগীয়া আছে, সেয়া আল্লাহৰ ওচৰত বিচাৰিব।"16
দুনিয়া আৰু আখিৰাতত বান্দাৰ বাবে যি যি কল্যাণকৰ সেই সকলোবোৰ ইয়াৰ অন্তৰ্ভুক্ত। ইয়াৰ পিছত সোঁফালে আৰু বাওঁফালে "আচ্ছালামু আলাইকুম অৰাহমাতুল্লাহ" "আচ্ছালামু আলাইকুম অৰাহমাতুল্লাহ" বুলি কৈ ছালাম ফিৰাব।
যদি তিনি ৰাকাতবিশিষ্ট ছালাত হয়, যেনে মাগৰিব অথবা চাৰি ৰাকাতবিশিষ্ট, যেনে জোহৰ, আচৰ আৰু ঈশ্বা তেন্তে উল্লিখিত তাশ্বাহহুদৰ পিছত দৰূদ পঢ়িব। তাৰ পিছত আল্লাহু আকবাৰ কৈ আঁঠুৰ ওপৰত ভৰ দি থিয় হ’ব। থিয় হোৱাৰ পিছত উভয় হাত কান্ধ অথবা কাণ পৰ্যন্ত উঠাই বুকুৰ ওপৰত আগৰ দৰে ৰাখিব। তাৰ পিছত কেৱল ছুৰা ফাতিহা পাঠ কৰিব। যদি কোনোবাই কেতিয়াবা তৃতীয় অথবা চতুৰ্থ ৰাকাতত ছুৰা ফাতিহাৰ বাহিৰেও অতিৰিক্ত কোনো ছুৰা পাঠ কৰে তেন্তে কোনো অসুবিধা নাই। কিয়নো আবু ছাঈদ ৰাদ্বিয়াল্লাহু আনহুৰ হাদীছৰ দ্বাৰা নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা এইটোও প্ৰমাণিত আছে। আনহাতে প্ৰথম তাশ্বাহহুদত যদি কোনোবাই দৰূদ নপঢ়ে তথাপিও কোনো অসুবিধা নাই। কিয়নো প্ৰথম তাশ্বাহহুদত এইটো পাঠ কৰা মুস্তাহাব, ওৱাজিব নহয়।
মাগৰিবৰ ছালাতত তৃতীয় ৰাকাতৰ পিছত আৰু জোহৰ, আচৰ আৰু ঈশ্বা ছালাতৰ চতুৰ্থ ৰাকাতৰ পিছত দুই ৰাকাতবিশিষ্ট ছালাতৰ দৰেই তাশ্বাহুদ পঢ়িব। তাৰ পিছত সোঁফালে আৰু বাওঁফালে ছালাম ফিৰাব। তাৰ পিছত তিনিবাৰ আছতাগফিৰুল্লাহ ক'ব আৰু এই দুআ পাঠ কৰিবঃ
(اللَّهُمَّ أَنْتَ السَّلَامُ وَمِنْكَ السَّلَامُ، تَبَارَكْتَ يا ذَا الجَلَالِ وَالإِكْرَامِ).
আল্লাহুম্মা আন্তাছ ছালাম, অমিনকাছ ছালাম, তাবাৰাকতা ইয়া যাল-জালালি অল-ইকৰাম।17
(হে আল্লাহ তুমিয়েই শান্তিময়, আৰু তোমাৰ পৰাই শান্তি বৰ্ষণ হয়, হে মহিমাময় আৰু মহানুভৱ! তুমি মহা বৰকতময়।) ইমামে মুক্তাদিৰ ফালে মুখ ফিৰোৱাৰ আগতেই (আছতাগফিৰুল্লাহ) আৰু উক্ত দুআটো পাঠ কৰিব। তাৰ পিছত এই দুআ পাঠ কৰিবঃ
(لَا إلَهَ إلَّا الله وحْدَهُ لَا شَرِيكَ لَه، لَهُ المُلْكُ، ولَهُ الحَمْدُ، وَهُوَ عَلَى كُلِّ شيءٍ قَدِيرٌ، لَا حَوْلَ وَلَا قُوَّةَ إلَّا بالله، اللَّهُمَّ لَا مَانِعَ لِمَا أعْطَيْتَ، ولَا مُعْطِيَ لِمَا مَنَعْتَ، وَلَا يَنْفَعُ ذَا الجَدِّ مِنْكَ الجَدُّ، لَا إلَهَ إلَّا الله، وَلَا نَعْبُدُ إلَّا إيَّاهُ، لَهُ النِّعْمَةُ وَلَهُ الفَضْلُ، وَلَهُ الثَّنَاءُ الحَسَنُ، لَا إلَهَ إلَّا الله مُخْلِصِينَ لَهُ الدِّينَ وَلَو كَرِهَ الكَافِرُونَ).
লা ইলা-হা ইল্লাল্লা-হু অহদাহু লা শ্বাৰীকা লাহু, লাহুল মুল্কু অলাহুল হাম্দু, অহুৱা আলা কুল্লি শ্বাইয়িন ক্বাদীৰ। লা হাওলা অলা কুওৱাতা ইল্লা বিল্লাহ। অলা না'বুদু ইল্লা ইয়্যাহ, লাহুন নি'মাহ, অলাহুল ফজল, অলাহুচ ছানা উল হাছান, লা ইলা-হা ইল্লাল্লা-হু মুখলিচীনা লাহুদ দ্বীন, অলাও কাৰিহাল কাফিৰূন।18
অৰ্থঃ (আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। তেওঁ একক, তেওঁৰ কোনো অংশীদাৰ নাই। ৰাজত্ব তেওঁৰেই আৰু প্ৰশংসাও কেৱল তেওঁৰেই। তেওঁ সকলো ক্ষেত্ৰতে ক্ষমতাৱান। সৰ্বশক্তিমান আল্লাহৰ বাহিৰে আন কাৰো শক্তি নাই তথা ক্ষমতাও নাই। আমি একমাত্ৰ তেওঁৰেই ইবাদত কৰোঁ। নিয়ামত একমাত্ৰ তেওঁৰেই আৰু তেওঁৰেই অনুগ্ৰহ আৰু উত্তম প্ৰশংসা তেওঁৰ বাবেই নিৰ্দিষ্ট। আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। যাৱতীয় ইবাদত নিৰ্ভেজালভাৱে একমাত্ৰ তেওঁৰেই প্ৰাপ্য, যদিও কাফিৰসকলে অপছন্দ কৰে।
"আৰু 'ছুবহানাল্লাহ' ৩৩ বাৰ, 'আলহামদুলিল্লাহ' ৩৩ বাৰ, 'আল্লাহু আকবাৰ' ৩৩ বাৰ পঢ়িব। এশ পূৰ্ণ কৰিবলৈ তলৰ দুআটো পঢ়িব:
'লা ইলাহা ইল্লাল্লাহু অহদাহু লা শ্বাৰীকা লাহু, লাহুল মুলকু অলাহুল হাম্দু অহুৱা আলা কুল্লি শ্বাইয়িন কাদীৰ'।
(অৰ্থ: আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই, তেওঁ একক তথা অদ্বিতীয়, তেওঁৰ কোনো অংশীদাৰ নাই। ৰাজত্ব একমাত্ৰ তেওঁৰেই আৰু সকলো ধৰণৰ প্ৰশংসাও একমাত্ৰ তেওঁৰেই, আৰু তেওঁ সকলো বস্তুৰ ওপৰত পূৰ্ণ ক্ষমতাশীল)।"
এইদৰে প্ৰত্যেক নামাজৰ পিছত আয়াতুল কুৰছী, ছুৰা ইখলাচ, ছুৰা ফালাক আৰু ছুৰা নাছ পঢ়িব। মাগৰিব আৰু ফজৰৰ নামাজৰ পিছত এই তিনিওটা ছুৰা তিনিবাৰকৈ পুনৰাবৃত্তি কৰাটো মুস্তাহাব। এইটো নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা বৰ্ণিত হাদীছৰ দ্বাৰা প্ৰমাণিত। এই আজকাৰ বা দুআবোৰ পঢ়া ছুন্নত, ফৰজ নহয়।
মুছলিম নাৰী-পুৰুষ উভয়ৰ বাবে জোহৰৰ নামাজৰ আগত ৪ ৰাকাত আৰু পিছত ২ ৰাকাত, মাগৰিবৰ নামাজৰ পিছত ২ ৰাকাত, ঈশ্বাৰ নামাজৰ পিছত ২ ৰাকাত আৰু ফজৰৰ নামাজৰ আগত ২ ৰাকাত - এই মুঠ ১২ ৰাকাত নামাজ পঢ়াটো চৰীয়ত সম্মত। এই ১২ ৰাকাত নামাজক "ছুন্নতে ৰাতিবা" বোলা হয়; কিয়নো নবী (চাল্লাল্লাহু আলাইহি অছাল্লামে) মুকীম অৱস্থাত (স্ব-স্থানত থাকোঁতে) এই নামাজসমূহ নিয়মীয়াকৈ যত্ন সহকাৰে আদায় কৰিছিল। আনহাতে তেখেতে ভ্ৰমণ অৱস্থাত ফজৰৰ ছুন্নত আৰু ৱিতিৰৰ বাহিৰে এইবোৰ আদায় কৰা নাছিল। কাৰণ তেখেতে ফজৰৰ ছুন্নত আৰু ৱিতিৰ নামাজ উভয় অৱস্থাতে পঢ়িছিল, মুক্বীম অৱস্থাত হওক বা ভ্ৰমণ অৱস্থাত। ৱিতিৰ নামাজ আৰু উক্ত ছুন্নতবোৰ নিজৰ ঘৰত পঢ়া উত্তম, কিন্তু যদি কোনোবাই মছজিদত পঢ়ে কোনো অসুবিধা নাই। এই বিষয়ে নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
(أفْضَلُ صَلَاةِ المَرْءِ في بَيْتِهِ، إلَّا الصَّلَاةَ المَكْتُوبَةَ).
"মানুহৰ বাবে ফৰজ নামাজৰ বাহিৰে বাকী নামাজবোৰ ঘৰত পঢ়া উত্তম।"19
উক্ত ছুন্নতবোৰ নিয়মিত যত্ন সহকাৰে আদায় কৰাটো হৈছে জান্নাতত প্ৰৱেশৰ অন্যতম এটা মাধ্যম। কিয়নো নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
(مَنْ صَلَّى اثْنَتَيْ عَشْرَةَ رَكْعَةً فِي يَومٍ وَلَيْلَةٍ، بُنِيَ لَه بِهِنَّ بَيْتٌ فِي الجَنَّةِ).
"যিয়ে দিনে ৰাতি ১২ ৰাকাত (ছুনানে ৰাৱাতিব) আদায় কৰে, তাৰ বাবে জান্নাতত এটি ঘৰ নিৰ্মাণ কৰা হয়।"20
আনহাতে যদি কোনোবাই আচৰৰ আগত চাৰি ৰাকাত, মাগৰিবৰ আগত দুই ৰাকাত আৰু ঈশ্বাৰ আগত দুই ৰাকাত পঢ়ে, তেন্তে এইটো অধিক উত্তম। কিয়নো নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা এই বিষয়ে বিশুদ্ধ হাদীছ প্ৰমাণিত আছে। ইয়াৰ উপৰিও জোহৰৰ পূৰ্বে চাৰি ৰাকাত আৰু পিছত চাৰি ৰাকাত পঢ়ে, তেন্তে পঢ়িব পাৰে। এই বিষয়েও হাদীছ বৰ্ণিত হৈছে, তেখেতে কৈছেঃ
(مَنْ حَافَظَ عَلَى أَرْبَعِ رَكَعَاتٍ قَبْلَ الظُّهْرِ، وَأَرْبَعٍ بَعْدَهَا حَرَّمَهُ اللَّهُ عَلَى النَّارِ).
"যিয়ে জোহৰৰ পূৰ্বে চাৰি ৰাকাত আৰু ইয়াৰ পিছত চাৰি ৰাকাত নামাজ নিয়মিতভাৱে আদায় কৰে, তাৰ বাবে আল্লাহে জাহান্নাম হাৰাম কৰি দিয়ে।"21 অৰ্থাৎ জোহৰৰ পিছত ছুন্নতে ৰাতিবাৰ সৈতে অতিৰিক্ত ২ ৰাকাত চালাত আদায় কৰিব। কিয়নো ছুন্নতে ৰাতিবাহ জোহৰৰ আগত হৈছে চাৰি ৰাকাত আৰু পিছত হৈছে দুই ৰাকাত। এতেকে যিয়ে উক্ত ২ ৰাকাত ছুন্নতে ৰাতিবাৰ সৈতে আৰু ২ ৰাকাত পঢ়িব, যিটো উপৰোক্ত উম্মে হাবীবা ৰাদ্বিয়াল্লাহু ‘আনহাৰ হাদীছত আহিছে, তেওঁ উক্ত মৰ্যাদা লাভ কৰিব।
মহান আল্লাহেই তাওফীক প্ৰদানকাৰী। দৰূদ আৰু ছালাম বৰ্ষিত হওক আমাৰ প্ৰিয় নবী মুহাম্মদ বিন আব্দুল্লাহ আৰু তেওঁৰ পৰিয়ালবৰ্গ, চাহাবাসকল, লগতে কিয়ামত পৰ্যন্ত তেওঁলোকক এহছানৰ সৈতে অনুসৰণ কৰা লোকসকলৰ ওপৰত।
***
(মুছলিমঃ ২২৪)
(বুখাৰীঃ হাদীছ নং ৫৭৮২)
ছহীহ বুখাৰী (৭৪৪); ছহীহ মুছলিম (৫৯৮)।
(মুছলিমঃ ৩৯৯)
(বুখাৰীঃ হাদীছ নং ৭৫৬)
(বুখাৰীঃ ৮১৭, আৰু মুছলিমঃ ৪৮৪)
(বুখাৰীঃ ৭১১, আৰু মুছলিমঃ ৫৯৮)
(মুছলিমঃ ৪৭৭)
(মুছলিমঃ ৪৭৯)
(বুখাৰীঃ ৭৮৮, আৰু মুছলিমঃ ৪৯৩)
তিৰমিজী (২৮৪), আবূ দাউদ (৮৫০), ইবনে মাজাহ (৮৯৮)।
(বুখাৰীঃ ৭৯৭, আৰু মুছলিমঃ ৪০২)
(বুখাৰীঃ ১৩১১, আৰু মুছলিমঃ ৫৮৮)
(নাছায়ীঃ হাদীছ নং ১২৯৮)
(মুছলিমঃ ৪০২)
(মুছলিমঃ ৫৯১)
(মুছলিমঃ ৪০২)
(বুখাৰীঃ হাদীছ নং ৬৮৬০)
(মুছলিমঃ ৭২৮)
(আহমদঃ ২৫৫৪৭, তিৰমিজীঃ ৩৯৩, আবূ দাঊদঃ ১০৭৭)
(বুখাৰীঃ হাদীছ নং ৬০৫)