PHPWord

 

 

حِصْنُ المُسْلِمِ

مِنْ أَذْكَارِ الكِتَابِ وَالسُّنَّةِ

 

 

হিচনুল মুছলিম

(কোৰআন আৰু ছুন্নাহৰ পৰা সংগৃহীত কিছুমান আজকাৰ)

 

 

 

د. سَعِيدُ بْنُ عَلِيِّ بْنِ وَهْفٍ الْقَحْطَانِيُّ

 

মহান আল্লাহৰ মুখাপেক্ষী

ড. ছাঈদ বিন আলী বিন অহাফ আল-ক্বাহতানী

 

 


بِسْمِ اللهِ الرَّحمَنِ الرَّحِيمِ

হিচনুল মুছলিম

(কোৰআন আৰু ছুন্নাহৰ পৰা সংগৃহীত কিছুমান আজকাৰ)

আৰম্ভ কৰিছোঁ পৰম কৰুণাময় পৰম দয়ালু আল্লাহৰ নামত

ভূমিকা

নিশ্চয় সকলো ধৰণৰ প্ৰশংসা কেৱল আল্লাহৰ বাবে; আমি তেওঁৰেই প্ৰশংসা কৰোঁ, তেওঁৰ ওচৰতেই সহায় আৰু ক্ষমা প্ৰাৰ্থনা কৰোঁ; আৰু আমি আমাৰ নফছৰ সকলো প্ৰকাৰ কুমন্ত্ৰণা আৰু আমাৰ সকলো প্ৰকাৰ বেয়া আমলৰ পৰা আল্লাহৰ ওচৰত আশ্ৰয় বিচাৰোঁ। আল্লাহে যাক হিদায়ত দিয়ে, তাক কোনেও পথভ্ৰষ্ট কৰিব নোৱাৰে; আৰু তেওঁ যাক পথভ্ৰষ্ট কৰে, তাক কোনেও হিদায়ত দিব নোৱাৰে। মই সাক্ষ্য দিওঁ যে, আল্লাহৰ বাহিৰে আন কোনো সত্য ইলাহ নাই, তেওঁ একক, তেওঁৰ কোনো অংশীদাৰ নাই। লগতে মই সাক্ষ্য দিওঁ যে, মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম হৈছে তেওঁৰ বান্দা আৰু ৰাছুল। তেখেতৰ ওপৰত, তেখেতৰ পৰিয়ালবৰ্গ আৰু চাহাবাসকলৰ ওপৰত, লগতে কিয়ামত দিৱসলৈকে যিসকলে তেওঁলোকক উত্তমৰূপে অনুসৰণ কৰিব, তেওঁলোক সকলোৰে ওপৰত আল্লাহৰ দৰূদ আৰু অগণন ছালাম বৰ্ষিত হওক। ইয়াৰ পাছতঃ

এইখন হৈছে মোৰ গ্ৰন্থ "আয-জিকৰ অদ-দুআ অল-ইলাজ বিৰ-ৰুক্বা মিনাল-কিতাবি অচ্ছুন্নাহ" ৰ এটা সংক্ষিপ্ত ৰূপ, য’ত মই কেৱল দুআসমূহৰ অংশটোকে সংক্ষিপ্তভাৱে উল্লেখ কৰিছোঁ; যাতে ভ্ৰমণৰ সময়ত ইয়াক সহজে কঢ়িয়াই নিব পৰা যায়।1

"মই ইয়াত কেৱল দুআসমূহৰ মূল পাঠখিনিহে অন্তৰ্ভুক্ত কৰিছোঁ, আৰু ইয়াৰ তাখৰীজৰ ক্ষেত্ৰত মূল কিতাপত থকা এটা বা দুটা উৎস উল্লেখ কৰাতেই ক্ষান্ত হৈছোঁ। আনহাতে যিয়ে চাহাবাৰ বিষয়ে বা তাখৰীজ সম্পৰ্কে অধিক জানিবলৈ ইচ্ছুক, তেওঁ যেন মূল কিতাপখন চাই লয়।" আৰু মই মহান আল্লাহৰ ওচৰত তেওঁৰ সুন্দৰ নামসমূহৰ জৰিয়তে আৰু তেওঁৰ মহৎ গুণাৱলীৰ জৰিয়তে দুআ কৰোঁ, তেওঁ যেন ইয়াক একমাত্ৰ তেওঁৰ সন্তুষ্টিৰ বাবে কবূল কৰে, আৰু ইয়াৰ দ্বাৰা মোক মোৰ জীৱনকালত আৰু মৃত্যুৰ পিছতো যাতে উপকৃত কৰে, লগতে যিসকলে এইখন পঢ়িব, ছপা কৰিব বা প্ৰচাৰৰ কাৰণ হ'ব, তেওঁলোককো যেন ইয়াৰ দ্বাৰা উপকৃত কৰে। নিশ্চয় পৱিত্ৰ মহান আল্লাহ তেৱেঁই ইয়াৰ অভিভাৱক আৰু একমাত্ৰ তেৱেঁই এইটো কৰিবলৈ সক্ষম। দৰূদ আৰু ছালাম বৰ্ষিত হওক আমাৰ প্ৰিয় নবী মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত, তেওঁৰ পৰিয়ালবৰ্গ আৰু চাহাবাসকলৰ ওপৰত, লগতে সেইসকল লোকৰ ওপৰত যিসকলে কিয়ামত দিৱস পৰ্যন্ত এহছানৰ সৈতে তেওঁলোকৰ অনুসৰণ কৰিব।

লেখক

ছফৰ ১৪০৯ হিজৰীত লিখা হৈছে।

 

 

***

 


জিকৰ-আজকাৰ বা দুআৰ ফজীলত

মহান আল্লাহে কৈছেঃ

﴿فَٱذۡكُرُونِيٓ أَذۡكُرۡكُمۡ وَٱشۡكُرُواْ لِي وَلَا تَكۡفُرُونِ 152﴾

"এতেকে, তোমালোকে মোকেই স্মৰণ কৰা, ময়ো তোমালোকক স্মৰণ কৰিম; আৰু তোমালোকে মোৰ প্ৰতি কৃতজ্ঞ হোৱা আৰু অকৃতজ্ঞ নহ’বা।"2

﴿يَٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُواْ ٱذۡكُرُواْ ٱللَّهَ ذِكۡرٗا كَثِيرٗا41﴾

"হে ঈমান্দাৰসকল! তোমালোকে আল্লাহক বেছি বেছি স্মৰণ কৰা৷"3

﴿...وَالذَّاكِرِينَ اللَّهَ كَثِيرًا وَالذَّاكِرَاتِ أَعَدَّ اللَّهُ لَهُم مَّغْفِرَةً وَأَجْرًا عَظِيمًا﴾

"আল্লাহক অধিক স্মৰণকাৰী পুৰুষ আৰু আল্লাহক অধিক স্মৰণকাৰীণী নাৰী, তেওঁলোকৰ বাবে আল্লাহে প্ৰস্তুত কৰি ৰাখিছে ক্ষমা আৰু মহাপ্ৰতিদান।"4

﴿وَٱذۡكُر رَّبَّكَ فِي نَفۡسِكَ تَضَرُّعٗا وَخِيفَةٗ وَدُونَ ٱلۡجَهۡرِ مِنَ ٱلۡقَوۡلِ بِٱلۡغُدُوِّ وَٱلۡأٓصَالِ وَلَا تَكُن مِّنَ ٱلۡغَٰفِلِينَ 205﴾

"আৰু তুমি তোমাৰ প্ৰতিপালকক পুৱা-গধূলি মনে মনে সবিনয়ে, সশংকচিত্তে আৰু অনুচ্চস্বৰে স্মৰণ কৰা। লগতে তুমি উদাসীনসকলৰ অন্তৰ্ভুক্ত নহ’বা।"5

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ

«مَثَلُ الَّذِي يَذْكُرُ رَبَّهُ، وَالَّذِي لَا يَذْكُرُ ربَّهُ، مَثَلُ الحَيِّ وَالمَيِّتِ».

"যিয়ে আল্লাহক স্মৰণ কৰে আৰু যিয়ে নকৰে তাৰ উদাহৰণ হৈছে জীৱিত আৰু মৃতৰ দৰে।"6

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে আৰু কৈছেঃ

«أَلَا أُنبِّئُكُم بِخَيْرِ أَعْمَالِكُمْ، وَأَزْكَاهَا عِنْدَ مَلِيكِكُمْ، وَأَرْفَعِهَا فِي دَرَجَاتِكُمْ، وَخَيْرٍ لَكُمْ مِنْ إِنْفَاقِ الذَّهَبِ وَالوَرِقِ، وَخَيْرٍ لَكُمْ مِنْ أَنْ تَلْقَوْا عَدُوَّكُمْ فَتَضْرِبُوا أَعْنَاقَهُمْ وَيَضْرِبُوا أَعْنَاقِكُم؟» قَالُوا بَلَى. «ذِكْرُ اللَّهِ تَعَالَى».

"মই তোমালোকক তোমালোকৰ সকলো আমলতকৈ উত্তম এটা আমল সম্পৰ্কে সংবাদ নিদিমনে, যিটো আমল তোমালোকৰ প্ৰতিপালকৰ ওচৰত অতিকৈ পৱিত্ৰ, আৰু যাৰ ফলত তোমালোকৰ মৰ্যাদা উন্নীত কৰিব। এনেকুৱা আমল যিটো সোণ-ৰূপ দান কৰাতকৈও উত্তম আৰু সেই যুদ্ধতকৈও উত্তম যি যুদ্ধত তোমালোকে শত্ৰুসকলক হত্যা কৰা আৰু সিহঁতে তোমালোকক শ্বহীদ কৰে?" চাহাবাসকলে ক'লেঃ নিশ্চয় জনাওক। (তেখেতে ক'লেঃ) "মহান আল্লাহক স্মৰণ কৰা (অৰ্থাৎ জিকৰ-আজকাৰ কৰা)।"7

তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে আৰু কৈছেঃ

«يَقُولُ اللَّهُ تَعَالَى: أَنَا عِنْدَ ظَنِّ عَبْدِي بِي، وَأَنَا مَعَهُ إِذَا ذَكَرَنِي، فَإِنْ ذَكَرَنِي فِي نَفْسِهِ، ذَكَرْتُهُ فِي نَفْسِي، وَإِنْ ذَكَرَنِي فِي مَلَأٍ ، ذَكَرْتُهُ فِي مَلَأٍ خَيْرٍ مِنْهُمْ، وَإِنْ تَقَرَّبَ إِلَيَّ شِبْرًا، تَقَرَّبْتُ إِلَيْهِ ذِرَاعًا، وَإِنْ تَقَرَّبَ إِلَيَّ ذِرَاعًا، تَقَرَّبْتُ إِلَيْهِ بَاعًا، وَإِنْ أَتَانِي يَمْشِي أَتَيْتُهُ هَرْوَلَةً».

"মহান আল্লাহে কৈছে: "মই মোৰ বান্দাৰ সৈতে সেইদৰেই আচৰণ কৰোঁ, যিদৰে সি মোক ধাৰণা কৰে। সি মোক যেতিয়াই স্মৰণ কৰে তেতিয়াই মই তাৰ স্মৰণত সঁহাৰি দিওঁ। সি যদি মোক মনে মনে স্মৰণ কৰে তেন্তে ময়ো তাক মনে মনে স্মৰণ কৰোঁ। আনহাতে সি যদি মোক কোনো সমাৱেশত স্মৰণ কৰে, তেন্তে মই তাক তাতকৈও উত্তম সমাৱেশত স্মৰণ কৰোঁ। সি যদি মোৰ ওচৰলৈ এবেগেত পৰিমাণ নিকটৱৰ্তী হয় তেন্তে মই তাৰ ওচৰলৈ এক হাত পৰিমাণ আগুৱাই যাওঁ। এইদৰে সি যদি মোৰ ওচৰলৈ এক হাত পৰিমাণ আগুৱাই আহে, তেন্তে মই তাৰ ওচৰলৈ এক গজ পৰিমাণ আগুৱাই যাওঁ। সি যদি মোৰ ওচৰলৈ খোজকাঢ়ি আহে তেন্তে মই তাৰ ওচৰলৈ দৌৰি যাওঁ।"8

আৰু আব্দুল্লাহ বিন বুছৰ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত যে, এজন ব্যক্তিয়ে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ আহি ক'লেঃ হে আল্লাহৰ ৰাছুল! মোৰ বাবে ইছলামী চৰীয়তৰ বিধানসমূহ বহুত বেছি হৈ পৰিছে। গতিকে মোক এনেকুৱা এটা বস্তু শিকাই দিয়ক যিটো মই মজবুতভাৱে ধৰি ৰাখিব পাৰিম। তেখেতে ক'লেঃ

«لَا يَزَالُ لِسَانُكَ رَطْبًا مِنْ ذِكْرِ اللَّهِ».

"সৰ্বশক্তিমান আল্লাহৰ জিকৰৰ দ্বাৰা তোমাৰ জিভাখনক সদায় সিক্ত ৰাখিবা।"9

তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে আৰু কৈছেঃ

«مَنْ قَرَأَ حَرْفًا مِنْ كِتَابِ اللَّهِ فَلَهُ بِهِ حَسَنَةٌ، وَالحَسَنَةُ بِعَشْرِ أَمْثَالِهَا، لَا أَقُولُ: ﴿الــم﴾ حَرْفٌ، وَلَكِنْ: أَلِفٌ حَرْفٌ، وَلَامٌ حَرْفٌ، وَمِيْمٌ حَرْفٌ».

আল্লাহৰ কিতাবৰ পৰা যিয়ে এটা হৰফ (আখৰ) পাঠ কৰিব, তেওঁ ইয়াৰ ফলত এটা ছোৱাব পাব। লগতে প্ৰতিটো ছোৱাব দহগুণ বৃদ্ধিকৈ প্ৰদান কৰা হ'ব। মই এইটো নকওঁ যে, আলিফ, লাম, মীম হৈছে এটা হৰফ। বৰং আলিফ হৈছে এটা হৰফ, লাম হৈছে এটা হৰফ আৰু মীম হৈছে এটা হৰফ।10

আৰু উক্ববাহ বিন আমিৰ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লাম ওলাই আহিল আৰু আমি ছুফফাত আছিলোঁ, তেতিয়া তেখেতে ক’লেঃ

«أَيُّكُمْ يُحِبُّ أَنْ يَغْدُوَ كُلَّ يَوْمٍ إِلَى بُطْحَانَ، أَوْ إِلَى العَقِيقِ، فَيَأْتيَ مِنْهُ بِنَاقَتَيْنِ كَوْمَاوَيْنِ فِي غَيْرِ إِثْمٍ وَلَا قَطِيعَةِ رَحِمٍ؟»

“তোমালোকৰ মাজৰ কোনে এইটো কামনা কৰে যে, সি দৈনিক পুৱাই বুতহান অথবা আকীকলৈ যাব আৰু তাৰ পৰা কোনো গুনাহ নকৰাকৈ আৰু আত্মীয়তাৰ সম্পৰ্ক ছিন্ন নকৰাকৈ দুটাকৈ ওখ কুঁজবিশিষ্ট উটনী লৈ আহিব?” আমি ক'লোঁঃ হে আল্লাহৰ ৰাছুল! আমি সকলোৱে এইটো পছন্দ কৰোঁ। তেখেতে ক'লেঃ

«أَفَلَا يَغْدُو أَحَدُكُمْ إِلَى المَسْجِدِ فَيَعْلَمَ، أَوْ يَقْرَأَ آيَتَيْنِ مِنْ كِتَابِ اللَّهِ عز وجل خَيْرٌ لَهُ مِنْ نَاقَتَيْنِ، وَثَلاثٌ خَيْرٌ لَهُ مِنْ ثَلَاثٍ، وَأَرْبَعٌ خَيْرٌ لَهُ مِنْ أَرْبَعٍ، وَمِنْ أَعْدَادِهِنَّ مِنَ الإِبِلِ».

"তোমালোকৰ মাজৰ কোনোবাই যদি ৰাতিপুৱা মছজিদলৈ গৈ সৰ্বশক্তিমান আল্লাহৰ কিতাবৰ পৰা দুটা আয়াত শিকে অথবা তিলাৱত কৰে, এইটো হৈছে তেওঁৰ বাবে দুটা উট পোৱাতকৈও উত্তম। এইদৰে তিনিটা (আয়াত) তিনিটা (উট)তকৈ উত্তম, চাৰিটা (আয়াত) চাৰিটা (উট)তকৈ উত্তম, আৰু যিকোনো সংখ্যাৰ আয়াত সেই সমপৰিমাণৰ উট পোৱাতকৈও উত্তম।"11

তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে আৰু কৈছেঃ

«مَنْ قَعَدَ مَقْعَدًَا لَمْ يَذْكُرِ اللَّهَ فِيهِ، كَانَتْ عَلَيْهِ مِنَ اللَّهِ تِرَةٌ، وَمَنِ اضْطَجَعَ مَضْجِعًا لَمْ يَذْكُرِ اللَّهَ فِيهِ كَانَتْ عَلَيْهِ مِنَ اللَّهِ تِرَةٌ».

"যিয়ে কোনো ঠাইত বহে আৰু তাত আল্লাহক স্মৰণ নকৰে, তাৰ বাবে (সেই সময়ছোৱা) আল্লাহৰ তৰফৰ পৰা ক্ষতি বা আক্ষেপৰ কাৰণ হ'ব, আৰু যিয়ে কোনো ঠাইত শুৱে আৰু তাত আল্লাহক স্মৰণ নকৰে, তাৰ বাবে (সেই সময়ছোৱা) আল্লাহৰ তৰফৰ পৰা ক্ষতি বা আক্ষেপৰ কাৰণ হ'ব৷’’12

তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে আৰু কৈছেঃ

«مَا جَلَسَ قَوْمٌ مَجْلِسًَا لَمْ يَذْكُرُوا اللَّهَ فِيهِ، وَلَمْ يُصَلُّوا عَلَى نَبِيِّهِمْ إِلَّا كَانَ عَلَيْهِمْ تِرَةً، فَإِنْ شَاءَ عذَّبَهُمْ، وَإِنْ شَاءَ غَفَرَ لَهُمْ».

"যি বৈঠকত আল্লাহক স্মৰণ কৰা নহয় আৰু নবীৰ প্ৰতি দৰূদ পাঠ কৰা নহয়, তেনেকুৱা বৈঠক (কিয়ামতৰ দিনা) সিহঁতৰ বাবে পৰিতাপৰ কাৰণ হ'ব। আল্লাহে ইচ্ছা কৰিলে সিহঁতক শাস্তি বিহিব পাৰে আৰু ইচ্ছা কৰিলে ক্ষমা কৰি দিব পাৰে।"13

তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে আৰু কৈছেঃ

«مَا مِنْ قَوْمٍ يَقُومُونَ مِنْ مَجْلِسٍ لَا يَذْكُرُونَ اللَّهَ فِيهِ إِلَّا قَامُوا عَنْ مِثْلِ جِيفَةِ حِمَارٍ، وَكَانَ لهُمْ حَسْرةً».

"যিসকল লোকে কোনো বৈঠকৰ পৰা আল্লাহক স্মৰণ (তথা জিকৰ-আজকাৰ পাঠ) নকৰাকৈ উঠে, সিহঁতে যেনিবা মৰা গাধৰ শৱদেহৰ পৰা উঠে। (কিয়ামতৰ দিনা) এইটো সিহঁতৰ বাবে অনুতাপৰ কাৰণ হ'ব।"14

১. টোপনিৰ পৰা সাৰ পোৱাৰ পাছত পঢ়িবলগীয়া দুআ

«الحَمْدُ للَّهِ الَّذِي أَحْيَانَا بَعْدَ مَا أَمَاتَنَا، وَإِلَيْهِ النُّشُورُ».

(আলহাম্দুলিল্লা-হিল লাজী আহয়া-না বা'দামা আমা-তানা ৱা ইলাইহিন নুশ্বূৰ)

 

অৰ্থঃ সকলো ধৰণৰ প্ৰশংসা আল্লাহৰ বাবে, যিয়ে আমাক মৃত্যুৰ পিছত জীৱিত কৰিলে, আৰু তেওঁৰ ওচৰতেই পুনৰ্জীৱিত হৈ যাব লাগিব।15

«لَا إِلَهَ إِلَّا اللَّهُ وَحْدَهُ لَا شَريكَ لَهُ، لَهُ المُلْكُ وَلَهُ الحَمْدُ، وَهُوَ عَلَى كُلِّ شَيْءٍ قَدِيرٌ، سُبْحَانَ اللَّهِ، وَالحَمْدُ للَّهِ، وَلَا إِلَهَ إِلَّا اللَّهُ، وَاللَّهُ أَكبَرُ، وَلَا حَوْلَ وَلَا قُوَّةَ إِلَّا بِاللَّهِ العَلِيِّ العَظِيمِ، رَبِّ اغْفرْ لِي».

"লা ইলা-হা ইল্লাল্লা-হু অহদাহু লা শ্বাৰীকা লাহ, লাহুল মুল্কু অলাহুল হাম্দু, অহুৱা আলা কুল্লি শ্বাইয়িন ক্বাদীৰ, ছুবহা-নাল্লাহ, অলহাম্দুলিল্লাহ, অলা ইলা-হা ইল্লাল্লা-হ, অল্লাহু আকবাৰ, অলা হাওলা অলা কুওৱাতা ইল্লা বিল্লাহিল্ ‘আলিয়্যিল্ ‘আযীম, ৰাব্বিগ্ফিৰ লী৷"

 

অৰ্থঃ আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। তেওঁ একক, তেওঁৰ কোনো অংশীদাৰ নাই। ৰাজত্ব কেৱল তেওঁৰেই আৰু প্ৰশংসাও কেৱল তেওঁৰেই। তেওঁ সকলো ক্ষেত্ৰতে ক্ষমতাৱান। আল্লাহ পৱিত্ৰ, আৰু সকলো প্ৰশংসা আল্লাহৰ বাবেই, আৰু আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই, আৰু আল্লাহেই মহান। সুউচ্চ, মহান আল্লাহৰ বাহিৰে আন কাৰো শক্তি নাই তথা ক্ষমতাও নাই। হে মোৰ ৰব্ব! মোক ক্ষমা কৰা।16

«الحَمْدُ لِلَّهِ الَّذِي عَافَانِي فِي جَسَدِي، وَرَدَّ عَلَيَّ رُوحِي، وَأَذِنَ لِي بِذِكْرِهِ».

(আলহাম্দুলিল্লা-হিল লাজী আ-ফানী ফী জাচাদী, অৰাদ্দা আলাইয়্যা ৰূহী, ৱা আজিনা লী বিজিকৰিহ।)

 

অৰ্থঃ সকলো ধৰণৰ প্ৰশংসা আল্লাহৰ বাবে, যিয়ে মোৰ শৰীৰক সুস্থতা প্ৰদান কৰিছে, মোৰ আত্মাক মোৰ ওচৰলৈ ঘূৰাই পঠিয়াইছে আৰু মোক তেওঁৰ জিকৰ কৰাৰ অনুমতি দিছে।17

﴿إِنَّ فِي خَلۡقِ ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضِ وَٱخۡتِلَٰفِ ٱلَّيۡلِ وَٱلنَّهَارِ لَأٓيَٰتٖ لِّأُوْلِي ٱلۡأَلۡبَٰبِ190 ٱلَّذِينَ يَذۡكُرُونَ ٱللَّهَ قِيَٰمٗا وَقُعُودٗا وَعَلَىٰ جُنُوبِهِمۡ وَيَتَفَكَّرُونَ فِي خَلۡقِ ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضِ رَبَّنَا مَا خَلَقۡتَ هَٰذَا بَٰطِلٗا سُبۡحَٰنَكَ فَقِنَا عَذَابَ ٱلنَّارِ 191 رَبَّنَآ إِنَّكَ مَن تُدۡخِلِ ٱلنَّارَ فَقَدۡ أَخۡزَيۡتَهُۥۖ وَمَا لِلظَّٰلِمِينَ مِنۡ أَنصَارٖ 192 رَّبَّنَآ إِنَّنَا سَمِعۡنَا مُنَادِيٗا يُنَادِي لِلۡإِيمَٰنِ أَنۡ ءَامِنُواْ بِرَبِّكُمۡ فَـَٔامَنَّاۚ رَبَّنَا فَٱغۡفِرۡ لَنَا ذُنُوبَنَا وَكَفِّرۡ عَنَّا سَيِّـَٔاتِنَا وَتَوَفَّنَا مَعَ ٱلۡأَبۡرَارِ 193 رَبَّنَا وَءَاتِنَا مَا وَعَدتَّنَا عَلَىٰ رُسُلِكَ وَلَا تُخۡزِنَا يَوۡمَ ٱلۡقِيَٰمَةِۖ إِنَّكَ لَا تُخۡلِفُ ٱلۡمِيعَادَ 194 فَٱسۡتَجَابَ لَهُمۡ رَبُّهُمۡ أَنِّي لَآ أُضِيعُ عَمَلَ عَٰمِلٖ مِّنكُم مِّن ذَكَرٍ أَوۡ أُنثَىٰۖ بَعۡضُكُم مِّنۢ بَعۡضٖۖ فَٱلَّذِينَ هَاجَرُواْ وَأُخۡرِجُواْ مِن دِيَٰرِهِمۡ وَأُوذُواْ فِي سَبِيلِي وَقَٰتَلُواْ وَقُتِلُواْ لَأُكَفِّرَنَّ عَنۡهُمۡ سَيِّـَٔاتِهِمۡ وَلَأُدۡخِلَنَّهُمۡ جَنَّٰتٖ تَجۡرِي مِن تَحۡتِهَا ٱلۡأَنۡهَٰرُ ثَوَابٗا مِّنۡ عِندِ ٱللَّهِۚ وَٱللَّهُ عِندَهُۥ حُسۡنُ ٱلثَّوَابِ 195 لَا يَغُرَّنَّكَ تَقَلُّبُ ٱلَّذِينَ كَفَرُواْ فِي ٱلۡبِلَٰدِ 196 مَتَٰعٞ قَلِيلٞ ثُمَّ مَأۡوَىٰهُمۡ جَهَنَّمُۖ وَبِئۡسَ ٱلۡمِهَادُ 197 لَٰكِنِ ٱلَّذِينَ ٱتَّقَوۡاْ رَبَّهُمۡ لَهُمۡ جَنَّٰتٞ تَجۡرِي مِن تَحۡتِهَا ٱلۡأَنۡهَٰرُ خَٰلِدِينَ فِيهَا نُزُلٗا مِّنۡ عِندِ ٱللَّهِۗ وَمَا عِندَ ٱللَّهِ خَيۡرٞ لِّلۡأَبۡرَارِ 198 وَإِنَّ مِنۡ أَهۡلِ ٱلۡكِتَٰبِ لَمَن يُؤۡمِنُ بِٱللَّهِ وَمَآ أُنزِلَ إِلَيۡكُمۡ وَمَآ أُنزِلَ إِلَيۡهِمۡ خَٰشِعِينَ لِلَّهِ لَا يَشۡتَرُونَ بِـَٔايَٰتِ ٱللَّهِ ثَمَنٗا قَلِيلًاۚ أُوْلَٰٓئِكَ لَهُمۡ أَجۡرُهُمۡ عِندَ رَبِّهِمۡۗ إِنَّ ٱللَّهَ سَرِيعُ ٱلۡحِسَابِ 199 يَٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُواْ ٱصۡبِرُواْ وَصَابِرُواْ وَرَابِطُواْ وَٱتَّقُواْ ٱللَّهَ لَعَلَّكُمۡ تُفۡلِحُونَ 200﴾

"নিশ্চয় আকাশসমূহ আৰু পৃথিৱীৰ সৃষ্টিত, লগতে ৰাতি আৰু দিনৰ পৰিৱৰ্তনৰ মাজত বিবেকসম্পন্ন লোকসকলৰ বাবে বহুতো নিদৰ্শনাৱলী আছে।

যিসকলে থিয় হৈ, বহি আৰু শুই শুই আল্লাহক স্মৰণ কৰে আৰু আকাশসমূহ আৰু পৃথিৱীৰ সৃষ্টি সম্পৰ্কে চিন্তা-চৰ্চা কৰে, লগতে কয়, ‘হে আমাৰ প্ৰতিপালক! তুমি এইবোৰ অনৰ্থক সৃষ্টি কৰা নাই, তুমি অত্যন্ত পৱিত্ৰ, এতেকে তুমি আমাক জুইৰ শাস্তিৰ পৰা ৰক্ষা কৰা’।

হে আমাৰ প্ৰতিপালক! ‘তুমি যাক জুইত নিক্ষেপ কৰিবা, নিশ্চয় তুমি তাক লাঞ্ছিত কৰিবা; আৰু যালিমসকলৰ বাবে কোনো সহায়কাৰী নাই’।

হে আমাৰ প্ৰতিপালক! ‘আমি এজন আহ্বায়কক ঈমানৰ পিনে আহ্বান কৰা শুনিছোঁ যে, ‘তোমালোকে তোমালোকৰ প্ৰতিপালকৰ প্ৰতি ঈমান পোষণ কৰা’। সেয়ে আমি ঈমান আনিছোঁ। হে আমাৰ প্ৰতিপালক! ‘তুমি আমাৰ পাপসমূহ ক্ষমা কৰি দিয়া, আৰু আমাৰ ত্ৰুটি-বিচ্যুতিসমূহ দূৰ কৰি দিয়া, লগতে আমাক সৎকৰ্মপৰায়ণ লোকসকলৰ সহগামী কৰি মৃত্যু প্ৰদান কৰা’।

হে আমাৰ প্ৰতিপালক! ‘তোমাৰ ৰাছুলসকলৰ মাধ্যমত আমাক যিটো দিবলৈ প্ৰতিশ্ৰুতি দিছা সেয়া আমাক দান কৰা আৰু কিয়ামতৰ দিনা আমাক অপমান নকৰিবা। নিশ্চয় তুমি প্ৰতিশ্ৰুতিৰ ব্যতিক্ৰম নকৰা’।

তাৰ পিছত সিহঁতৰ প্ৰতিপালকে সিহঁতৰ আহ্বানত সঁহাৰি দি ক’লে, ‘নিশ্চয় মই তোমালোকৰ মাজৰ আমলকাৰী কোনো নৰ বা নাৰীৰ আমল বিনষ্ট নকৰোঁ, তোমালোকে ইজনে সিজনৰ অংশ। এতেকে যিসকলে হিজৰত কৰিছে, নিজ ঘৰৰ পৰা উৎখাত হৈছে, আৰু মোৰ পথত নিৰ্যাতিত হৈছে তথা যুদ্ধ কৰিছে লগতে নিহতও হৈছে, নিশ্চয় মই সিহঁতৰ পাপসমূহ মোচন কৰি দিম আৰু সিহঁতক জান্নাতত প্ৰৱেশ কৰাম, যাৰ তলত নদীসমূহ প্ৰবাহিত থাকিব। এইটোৱে হৈছে আল্লাহৰ তৰফৰ পৰা পুৰস্কাৰ; আৰু আল্লাহৰ ওচৰতেই আছে উত্তম পুৰস্কাৰ’।

যিসকলে কুফুৰী কৰিছে, দেশ-বিদেশলৈ সিহঁতৰ অবাধ বিচৰণে যেন তোমাক বিচলিত নকৰে।

এইবোৰ হৈছে সামান্য ভোগ-বিলাস মাত্ৰ। ইয়াৰ পিছত জাহান্নামেই হৈছে সিহঁতৰ আবাস; আৰু সেইটো কিমান যে নিকৃষ্ট বিশ্ৰামস্থল!

কিন্তু যিসকলে নিজ প্ৰতিপালকক ভয় কৰে তেওঁলোকৰ বাবে আছে জান্নাত, যাৰ তলত নদীসমূহ প্ৰবাহিত থাকিব, তাত তেওঁলোক স্থায়ী হ’ব। এয়া হৈছে আল্লাহৰ তৰফৰ পৰা আতিথ্য; আৰু আল্লাহৰ ওচৰত যি আছে সেয়া সৎকৰ্মপৰায়ণসকলৰ বাবে অতি উত্তম।

আৰু নিশ্চয় কিতাবীসকলৰ মাজত এনেকুৱা লোকো আছে যিসকলে আল্লাহৰ প্ৰতি বিনয়াৱনত হৈ তেওঁৰ প্ৰতি ঈমান পোষণ কৰে আৰু তেওঁ যি তোমালোকৰ প্ৰতি অৱতীৰ্ণ কৰিছে আৰু যি তেওঁলোকৰ প্ৰতি অৱতীৰ্ণ কৰিছে তাৰ প্ৰতিও ঈমান পোষণ কৰে। তেওঁলোকে আল্লাহৰ আয়াতসমূহক তুচ্ছ মূল্যত বিক্ৰী নকৰে। তেওঁলোকৰ বাবেই আছে আল্লাহৰ ওচৰত পুৰস্কাৰ। নিশ্চয় আল্লাহ দ্ৰুত হিচাপ গ্ৰহণকাৰী।

হে মুমিনসকল! তোমালোকে ধৈৰ্য্য ধাৰণ কৰা আৰু ধৈৰ্য্য ধাৰণত প্ৰতিযোগিতা কৰা, লগতে সদায় যুদ্ধৰ বাবে প্ৰস্তুত থাকিবা। আল্লাহৰ তাক্বৱা অৱলম্বন কৰা যাতে সফল হ’ব পাৰা।"

(ছুৰা আলে-ইমৰাণঃ ১৯০-২০০)18

২- কাপোৰ পিন্ধাৰ সময়ত পঢ়িবলগীয়া দুআ

«الحَمْدُ للَّهِ الَّذِي كَسَانِي هَذَا (الثَّوْبَ) وَرَزَقَنِيهِ مِنْ غَيْرِ حَوْلٍ مِنِّي وَلَّا قُوَّة...».

"আলহাম্দু লিল্লা-হিল লাজী, কাছা-নী, হা-জা (আচ-ছাওবা), অৰাঝাক্বানীহি মিন গাইৰি হাওলিম মিন্নী অলা কুওৱাহ...।"

 

অৰ্থঃ সকলো ধৰণৰ প্ৰশংসা একমাত্ৰ আল্লাহৰ বাবে, যিয়ে মোক এইটো (কাপোৰ) পৰিধান কৰাৰ তাওফীক দিছে। মোৰ ফালৰ পৰা বিনা কোনো শক্তি আৰু ক্ষমতাৰে তেওঁ মোক প্ৰদান কৰিছে...19

৩- নতুন কাপোৰ পিন্ধাৰ সময়ত পঢ়িবলগীয়া দুআ

«اللَّهُمَّ لَكَ الحَمْدُ أَنْتَ كَسَوْتَنِيهِ، أَسْأَلُكَ مِنْ خَيْرِهِ وَخَيْرِ مَا صُنِعَ لَهُ، وَأَعُوذُ بِكَ مِنْ شَرِّهِ وَشَرِّ مَا صُنِعَ لَهُ».

"আল্লা-হুম্মা লাকাল হাম্দু আন্তা কাছাওতানীহি, আছআলুকা মিন খাইৰিহী অখাইৰি মা চুনিআ লাহ, ওৱা আউজুবিকা মিন শ্বাৰ্ৰিহী অশ্বাৰ্ৰি মা চুনিআ লাহ।"

 

অৰ্থঃ হে আল্লাহ! প্ৰশংসা একমাত্ৰ তোমাৰ বাবেই, তুমিয়েই মোক পৰিধান কৰোৱাইছা, মই তোমাৰ পৰা ইয়াৰ কল্যাণ কামনা কৰোঁ আৰু সেই কল্যাণ কামনা কৰোঁ যিটোৰ বাবে ইয়াক তৈয়াৰ কৰা হৈছে। লগতে ইয়াৰ অনিষ্টতাৰ পৰা আৰু যি উদ্দেশ্যে ইয়াক তৈয়াৰ কৰা হৈছে তাৰ অনিষ্টৰ পৰা মই তোমাৰ আশ্ৰয় বিচাৰোঁ।20

৪. নতুন কাপোৰ পৰিধানকাৰীক দিবলগীয়া দুআ

«تُبْلِي وَيُخْلِفُ اللَّهُ تَعَالَى».

তুব্লি ৱা ইউখলিফুল্লা-হু তাআলা।

 

অৰ্থঃ (তুমি ইয়াক পূৰণি কৰা, ইয়াৰ ঠাইত আল্লাহে তোমাক আৰু অধিক দিয়ক।)21

«اِلبَسْ جَدِيدًا، وَعِشْ حَمِيدًا، وَمُتْ شَهِيدًا».

"ইলবাছ জাদীদান, ওৱা ইশ্ব হামীদান, ওৱা মুত শ্বাহীদান।".

 

অৰ্থঃ নতুন কাপোৰ পৰিধান কৰা, প্ৰশংসনীয় জীৱন-যাপন কৰা আৰু শ্বহীদ হৈ মৃত্যুবৰণ কৰা।22

৫- কাপোৰ খোলাৰ সময়ত পঢ়িবলগীয়া দুআ

«بِسْمِ اللَّه».

"বিছমিল্লাহ"৷23

৬. শৌচাগাৰত প্ৰৱেশ কৰাৰ সময়ত পঢ়িবলগীয়া দুআ

«[بِسْمِ اللَّهِ] اللَّهُمَّ إِنِّي أَعُوذُ بِكَ مِنَ الخُبْثِ وَالخَبَائِثِ».

"[বিছমিল্লাহ] আল্লা-হুম্মা ইন্নি আউজুবিকা মিনাল খুবছি অল খাবা-ইছ।"

 

অৰ্থঃ [আল্লাহৰ নামত] হে আল্লাহ! মই দুষ্ট পুৰুষ জিনৰ পৰা আৰু দুশ্চৰিত্ৰা নাৰী জিনৰ (অনিষ্টৰ) পৰা তোমাৰ আশ্ৰয় বিচাৰোঁ।24

৭- শৌচালয়ৰ পৰা ওলোৱাৰ সময়ত পঢ়িবলগীয়া দুআ।

«غُفْرَانَكَ».

"(গুফৰা-নাকা)”

 

অৰ্থঃ মই তোমাৰ ক্ষমা প্ৰাৰ্থনা কৰিছোঁ৷25

৮. অজু কৰাৰ আগত পঢ়িবলগীয়া দুআ

«بِسْمِ اللَّهِ».

"বিছমিল্লাহ।"26

৯. অজুৰ শেষত পঢ়িবলগীয়া দুআ

«أَشْهَدُ أَنْ لَا إِلَهَ إِلَّا اللَّهُ وَحْدَهُ لَا شَرِيكَ لَهُ وَأَشْهَدُ أَنَّ مُحَمَّدًا عَبْدُهُ وَرَسُولُهُ..».

আশ্বহাদু আল লা ইলা-হা ইল্লাল্লাহু অহদাহু লা শ্বাৰীকা লাহ, ওৱা আশ্বহাদু আন্না মুহাম্মাদান আব্দুহু ওৱা ৰাছুলুহু।

 

অৰ্থঃ মই সাক্ষ্য দিওঁ যে, আল্লাহৰ বাহিৰে আন কোনো সত্য ইলাহ নাই, তেওঁৰ কোনো অংশীদাৰ নাই, মই আৰু সাক্ষ্য দিওঁ যে, মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম হৈছে তেওঁৰ বান্দা আৰু ৰাছুল..৷27

«اللَّهُمَّ اجْعَلْنِي مِنَ التَّوَّابِينَ وَاجْعَلْنِي مِنَ المُتَطَهِّرِينَ».

"আল্লাহুম্মাজ আলনী মিনাত তাওৱা-বীনা অজ আলনী মিনাল মুতাত্বহহিৰীন।"

 

অৰ্থঃ হে আল্লাহ! মোক তাওবাকাৰীসকলৰ অন্তৰ্ভুক্ত কৰা আৰু মোক পৱিত্ৰতা অৰ্জনকাৰীসকলৰ অন্তৰ্ভুক্ত কৰা।28

«سُبْحانَكَ اللَّهُمَّ وَبِحَمْدِكَ، أَشْهَدُ أَنْ لَا إِلَهَ إِلَّا أَنْتَ، أَسْتَغْفِرُكَ وَأَتوبُ إِلَيْكَ».

"ছুবাহা-নাকা আল্লা-হুম্মা অবিহামদিকা, আশ্বহাদু আল লা ইলা-হা ইল্লা আন্তা, আছতাগফিৰুকা ওৱা আতূবু ইলাইক৷"

 

অৰ্থঃ হে আল্লাহ! মই তোমাৰ পবিত্ৰতা ঘোষণা কৰিছোঁ আৰু সকলো প্ৰশংসা একমাত্ৰ তোমাৰেই। মই সাক্ষ্য দিওঁ যে, তোমাৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। মই তোমাৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰিছোঁ আৰু তোমাৰ ফালেই প্ৰত্যাৱৰ্তন (তাওবা) কৰিছোঁ।29

১০- ঘৰৰ পৰা ওলোৱাৰ সময়ত পঢ়িবলগীয়া দুআ

«بِسْمِ اللَّهِ، تَوَكَّلْتُ عَلَى اللَّهِ، وَلَا حَوْلَ وَلَا قُوَّةَ إِلَّّا بِاللَّهِ».

বিছমিল্লাহি তাৱাক্কালতু আলাল্লাহ, অলা হাওলা অলা কুউৱাতা ইল্লা বিল্লাহ।

 

অৰ্থঃ আল্লাহৰ নামত (আৰম্ভ কৰিছোঁ), মই আল্লাহৰ ওপৰত ভৰসা কৰিলোঁ। আল্লাহৰ সহায় অবিহনে (পাপকৰ্মৰ পৰা আঁতৰি থকাৰ) কোনো উপায় নাই আৰু (সৎ কাম কৰাৰো) কোনো শক্তি নাই।30

«اللَّهُمَّ إِنِّي أَعُوذُ بِكَ أَنْ أَضِلَّ، أَوْ أُضَلَّ، أَوْ أَزِلَّ، أَوْ أُزَلَّ، أَوْ أَظْلِمَ، أَوْ أُظْلَمَ، أَوْ أَجْهَلَ، أَوْ يُجْهَلَ عَلَيَّ».

"আল্লা-হুম্মা ইন্নি আউজুবিকা আন আজিল্লা আও উজাল্লা, আও আঝিল্লা আও উঝাল্লা, আও আজলামা আও উজলামা, আও আজহালা আও ইউজহালা আলাইয়্যা।"

 

অৰ্থঃ হে আল্লাহ! মই তোমাৰ ওচৰত আশ্ৰয় বিচাৰিছোঁ যাতে মই নিজে পথভ্ৰষ্ট নহওঁ অথবা আনে মোক পথভ্ৰষ্ট কৰিব নোৱাৰে, মই নিজে উজুটি খাই নপৰোঁ (ভুল নকৰোঁ) অথবা আনে মোক উজুটি খুৱাব (ভুল কৰাব) নোৱাৰে, মই কাৰোবাৰ ওপৰত অন্যায় নকৰোঁ অথবা মোৰ ওপৰত কোনেও অন্যায় কৰিব নোৱাৰে, আৰু মই কাৰো প্ৰতি অজ্ঞানতা (মূৰ্খামি) প্ৰদৰ্শন নকৰোঁ অথবা মোৰ প্ৰতি কোনেও অজ্ঞানতা প্ৰদৰ্শন কৰিব নোৱাৰে।31

১১. ঘৰত প্ৰৱেশ কৰাৰ সময়ত পঢ়িবলগীয়া দুআ

«بِسْمِ اللَّهِ وَلَجْنَا، وَبِسْمِ اللَّهِ خَرَجْنَا، وَعَلَى اللَّهِ رَبِّنَا تَوَكَّلْنَا، ثُمَّ لِيُسَلِّمْ عَلَى أَهْلِهِ».

"বিছমিল্লাহি অলাজনা, অবিছমিল্লাহি খাৰাজনা, ওৱা আলাল্লা-হি ৰাব্বিনা তাৱাক্কালনা।"

 

অৰ্থঃ (আল্লাহৰ নামত আমি প্ৰৱেশ কৰিলোঁ, আৰু আল্লাহৰ নামতেই আমি ওলাইছিলোঁ, আৰু আমি আমাৰ প্ৰতিপালক আল্লাহৰ ওপৰতেই ভৰসা কৰোঁ।) এই দুআ কোৱাৰ পিছত পৰিয়ালক ছালাম কৰিব লাগে।32

১২. মছজিদলৈ যোৱাৰ সময়ত পঢ়িবলগীয়া দুআ

«اللَّهُمَّ اجْعَلْ فِي قَلْبِي نُورًا، وَفِي لِسَانِي نُورًا، وَفِي سَمْعِي نُورًا، وَفِي بَصَرِي نُورًا، وَمِنْ فَوْقِي نُورًا، وَمِنْ تَحْتِي نُورًا، وَعَنْ يَمِينِي نُورًا، وَعَنْ شِمَالِي نُورًا، وَمِنْ أَمَامِي نُورًا، وَمِنْ خَلْفِي نُورًا، وَاجْعَلْ فِي نَفْسِي نُورًا، وَأَعْظِمْ لِي نُورًا، وَعَظِّمْ لِي نُورًا، وَاجْعَلْ لِي نُورًا، وَاجْعَلْنِي نُورًا، اللَّهُمَّ أَعْطِنِي نُورًا، وَاجْعَلْ فِي عَصَبِي نُورًا، وَفِي لَحْمِي نُورًا، وَفِي دَمِي نُورًا، وَفِي شَعْرِي نُورًا، وَفِي بَشَرِي نُورًا».

"আল্লা-হুম্মাজ‘আল ফী ক্বালবী নূৰা, অফী লিছানী নূৰা, অফী ছাম‘য়ী নূৰা, অফী বাচাৰী নূৰা, অমিন ফাওক্বী নূৰা, অমিন তাহ্‌তী নূৰা, ৱা ‘আন য়ামীনী নূৰা, ৱা ‘আন শ্বিমালী নূৰা, অমিন আমামী নূৰা, অমিন খাল্ফী নূৰা, অজ‘আল ফী নাফছী নূৰা, অ-আ‘জিম লী নূৰা, ৱা-‘আজ্জিম লী নূৰা, অজ‘আল লী নূৰা, অজ‘আলনী নূৰা, আল্লা-হুম্মা আ‘ত্বিনী নূৰা, অজ‘আল ফী ‘আচাবী নূৰা, অফী লাহ্‌মী নূৰা, অফী দামী নূৰা, অফী শ্বা‘ৰী নূৰা, অফী বাশ্বাৰী নূৰা।"

অৰ্থঃ হে আল্লাহ! মোৰ অন্তৰত নূৰ দান কৰা, মোৰ জিভাত নূৰ দান কৰা, মোৰ শ্ৰৱণশক্তিত নূৰ দান কৰা, মোৰ দৃষ্টিশক্তিত নূৰ দান কৰা, মোৰ ওপৰত নূৰ দান কৰা, মোৰ তলত নূৰ দান কৰা, মোৰ সোঁফালে নূৰ দান কৰা, মোৰ বাঁওফালে নূৰ দান কৰা, মোৰ সন্মুখৰ ফালে নূৰ দান কৰা, মোৰ পিছফালে নূৰ দান কৰা আৰু মোৰ আত্মাত নূৰ দান কৰা। মোৰ বাবে নূৰ বৃদ্ধি কৰি দিয়া, মোৰ বাবে নূৰক মহান কৰি দিয়া, মোৰ বাবে নূৰ বনাই দিয়া, আনকি মোকেই নূৰ বনাই দিয়া। হে আল্লাহ! মোক নূৰ দান কৰা। মোৰ স্নায়ুত নূৰ দান কৰা, মোৰ মাংসত নূৰ দান কৰা, মোৰ তেজত নূৰ দান কৰা, মোৰ চুলিত নূৰ দান কৰা আৰু মোৰ গাৰ ছালত নূৰ দান কৰা।"33

«اللَّهُمَّ اجْعَلْ لِي نُورًا فِي قَبْرِي... وَنُورًا فِي عِظَامِي» «وَزِدْنِي نُورًا، وَزِدْنِي نُورًا، وَزِدْنِي نُورًا» «وَهَبْ لِي نُورًا عَلَى نُورٍ».

"আল্লা-হুম্মাজআল লী নূৰান ফী ক্বাবৰী... ওৱা নূৰান ফী ইজা-মী।" "ওৱা ঝিদনী নূৰা, ওৱা ঝিদনী নূৰা, ওৱা ঝিদনী নূৰা।" "অহাব লী নূৰান আলা নূৰ।"

অৰ্থঃ হে আল্লাহ! মোৰ কবৰত নূৰ দান কৰা... আৰু মোৰ অস্থিসমূহত নূৰ দান কৰা। মোৰ নূৰ বৃদ্ধি কৰি দিয়া, মোৰ নূৰ বৃদ্ধি কৰি দিয়া, মোৰ নূৰ বৃদ্ধি কৰি দিয়া। আৰু মোক নূৰৰ ওপৰত নূৰ দান কৰা।343536

১৩. মছজিদত প্ৰৱেশ কৰাৰ সময়ত পঢ়িবলগীয়া দুআ

(প্ৰথমে সোঁ ভৰি দিব), আৰু ক'বঃ37

«أَعُوذُ بِاللَّهِ العَظِيمِ، وَبِوَجْهِهِ الكَرِيمِ، وَسُلْطَانِهِ القَدِيمِ، مِنَ الشَّيْطَانِ الرَّجِيمِ».

"আউজু বিল্লা-হিল আজীম, অবিৱাজহিহিল কাৰীম, অছুলত্বা-নিহিল ক্বাদীম, মিনাশ্ব শ্বাইত্ব-নিৰ ৰাজীম।"

অৰ্থঃ মই অভিশপ্ত চয়তানৰ পৰা মহান আল্লাহৰ, তেওঁৰ সন্মানিত মুখমণ্ডলৰ আৰু তেওঁৰ অনাদি আধিপত্যৰ আশ্ৰয় প্ৰাৰ্থনা কৰোঁ।38

«بِسْمِ اللَّهِ، وَالصَّلَاةُ» «وَالسَّلَامُ عَلَى رَسُولِ اللَّهِ».

"«বিছমিল্লাহ, অচ্ছালাতু» «অচ্ছালামু আলা ৰাছূলিল্লাহ»

অৰ্থঃ আল্লাহৰ নামত, লগতে দৰূদ আৰু ছালাম বৰ্ষিত হওক আল্লাহৰ ৰাছুলৰ ওপৰত।3940

«اللَّهُمَّ افْتَحْ لِي أَبْوَابَ رَحْمَتِكَ».

"আল্লা-হুম্মাফ তাহলী আবৱা-বা ৰাহমাতিক।"

 

অৰ্থঃ হে আল্লাহ! মোৰ বাবে তোমাৰ কৰুণাৰ দুৱাৰসমূহ খুলি দিয়া।41

১৪. মছজিদৰ পৰা ওলোৱাৰ সময়ত পঢ়িবলগীয়া দুআ

(প্ৰথমে বাওঁ ভৰি আগুৱাই দিব) আৰু ক'বঃ42

«بِسْمِ اللَّهِ وَالصَّلَاةُ وَالسَّلَامُ عَلَى رَسُولِ اللَّهِ،

"বিছমিল্লাহি অচ্ছলাতু অচ্ছালামু 'আলা ৰাছুলিল্লাহ"

 

অৰ্থঃ (আৰম্ভ কৰিছোঁ) আল্লাহৰ নামত; লগতে দৰূদ আৰু ছালাম বৰ্ষিত হওক আল্লাহৰ ৰাছুলৰ ওপৰত।

اللَّهُمَّ إِنِّي أَسْأَلُكَ مِنْ فَضْلِك،

"আল্লা-হুম্মা ইন্নী আছআলুকা মিন ফাজলিক।"

 

অৰ্থঃ হে আল্লাহ! মই তোমাৰ ওচৰত তোমাৰ অনুগ্ৰহ প্ৰাৰ্থনা কৰোঁ৷

اللَّهُمَّ اعْصِمْنِي مِنَ الشَّيْطَانِ الرَّجِيمِ».

"আল্লা-হুম্মা‘চিমনী মিনাশ্ব শ্বাইত্ব-নিৰ ৰাজীম।"

 

অৰ্থঃ হে আল্লাহ! মোক অভিশপ্ত চয়তানৰ পৰা ৰক্ষা কৰা।43

১৫. আজানৰ দুআসমূহ

মুআজ্জিনে যিবোৰ বাক্য উচ্চাৰণ কৰে, সেইবোৰ বাক্যই ক'ব লাগে, কেৱল "হাই আলাচ্ছালাহ" আৰু "হাই আলাল ফালাহ"ৰ বাহিৰে, তেতিয়া ক'ব লাগেঃ

«لَا حَوْلَ وَلَا قُوَّةَ إِلَّا بِاللَّهِ».

"লা হাওলা অলা কুউৱাতা ইল্লা বিল্লাহ"।

 

অৰ্থঃ আল্লাহৰ সহায় অবিহনে (পাপকৰ্মৰ পৰা আঁতৰি থকাৰ) কোনো উপায় নাই আৰু (সৎ কৰ্ম কৰাৰো) কোনো শক্তি নাই।44

তেওঁ কৈছেঃ

«وَأَنَا أَشْهَدُ أَنْ لَا إِلَهَ إِلَّا اللَّهُ وَحْدَهُ لَا شَرِيكَ لَهُ وَأَنَّ مُحَمَّدًا عَبْدُهُ وَرَسُولُهُ، رَضِيتُ بِاللَّهِ رَبًَّا، وَبِمُحَمَّدٍ رَسُولًا، وَبِالإِسْلَامِ دِينًَا».

(ওৱা আনা আশ্বহাদু আল লা ইলা-হা ইল্লাল্লাহু অহদাহু লা শ্বাৰীকা লাহ, ওৱা আন্না মুহাম্মাদান আব্দুহু ওৱা ৰাছুলুহু, ৰাজীতু বিল্লা-হি ৰাব্বান, অবিমুহাম্মাদিন ৰাছুলান, অবিল ইছলামি দ্বীনান)

অৰ্থঃ আৰু মই সাক্ষ্য দিওঁ যে, আল্লাহৰ বাহিৰে আন কোনো সত্য ইলাহ নাই, তেওঁৰ কোনো অংশীদাৰ নাই, আৰু মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম হৈছে তেওঁৰ বান্দা আৰু ৰাছুল। মই সন্তুষ্ট হৈছোঁ, আল্লাহক প্ৰতিপালক হিচাপে গ্ৰহণ কৰি, মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক ৰাছুল হিচাপে গ্ৰহণ কৰি, আৰু ইছলামক দ্বীন হিচাপে পাই।45

"মুআজ্জিনে যেতিয়া সাক্ষ্যদানৰ বাক্য উচ্চাৰণ কৰে তেতিয়া এইটো পাঠ কৰিব লাগে।"46

(আজানৰ উত্তৰ দিয়াৰ পাছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত দৰূদ পাঠ কৰিব৷)47

আৰু এইটো পঢ়িবঃ

«اللَّهُمَّ رَبَّ هَذِهِ الدَّعْوَةِ التَّامَّةِ، وَالصَّلَاةِ القَائِمَةِ، آتِ مُحَمَّدًا الوَسِيلَةَ وَالفَضِيلَةَ، وَابْعَثْهُ مَقَامًَا مَحمُودًا الَّذِي وَعَدْتَهُ، [إِنَّكَ لَا تُخْلِفُ المِيعَادَ]».

আল্লা-হুম্মা ৰাব্বা হা-জিহিদ দা'ৱাতিত তা-ম্মাহ, অচ্ছালাতিল ক্বা-য়িমাহ, আ-তি মুহাম্মাদানিল অচীলাতা অল ফাজীলাহ, অবআছহু মাক্বা-মাম মাহমূদানিল লাজী ওৱা আত্তাহ, [ইন্নাকা লা তুখলিফুল মীআ-দ]।

অৰ্থঃ (হে আল্লাহ! তুমিয়েই এই পূৰ্ণ দুআ আৰু প্ৰতিষ্ঠিত চালাতৰ প্ৰতিপালক, গতিকে মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক বিশেষ নৈকট্য আৰু বিশেষ অনুগ্ৰহ প্ৰদান কৰা। তেওঁক মাক্বামে মাহমূদ (প্ৰশংসিত ঠাইত) থিয় কৰোৱা। যি ঠাইৰ প্ৰতিশ্ৰুতি তুমি তেওঁক প্ৰদান কৰিছা। [নিশ্চয় তুমি প্ৰতিশ্ৰুতি ভঙ্গ নকৰা।])48

(আজান আৰু ইক্বামতৰ মাজত নিজৰ বাবে দুআ কৰিব লাগে। কাৰণ এই সময়ছোৱাত কৰা দুআ প্ৰত্যাখ্যান কৰা নহয়।)49

১৬. দুআয়ে ইস্তিফতাহ

«اللَّهُمَّ بَاعِدْ بَيْنِي وَبَيْنَ خَطَايَايَ كَمَا بَاعَدْتَ بَيْنَ المَشْرِقِ وَالمَغْرِبِ، اللَّهُمَّ نَقِّنِي مِنْ خَطَايَايَ كَمَا يُنَقَّى الثَّوْبُ الأَبْيَضُ مِنَ الدَّنَسِ، اللَّهُمَّ اغْسِلْني مِنْ خَطَايَايَ، بِالثَّلْجِ وَالماءِ وَالبَرَدِ».

"আল্লা-হুম্মা বা-ঈদ বাইনী অবাইনা খাতা-ইয়া-য়া কামা বা-আত্তা বাইনাল মাশ্বৰিক্বি অল মাগৰিব, আল্লা-হুম্মা নাক্কিনী মিন খাতা-ইয়া-য়া কামা য়ুনাক্কাছ ছাউবুল আবিয়াজু মিনাদ দানাছ, আল্লা-হুম্মাগ ছিলনী মিন খাতা-ইয়া-য়া বিচ্ছালজি অল মা-য়ী অল বাৰাদ।"

অৰ্থঃ হে আল্লাহ! মোৰ আৰু মোৰ পাপসমূহৰ মাজত এনেকুৱা ব্যৱধান কৰি দিয়া, যেনেকৈ তুমি পূৱ আৰু পশ্চিমৰ মাজত ব্যৱধান কৰিছা। হে আল্লাহ! মোক মোৰ পাপসমূহৰ পৰা এনেদৰে পৰিষ্কাৰ কৰি দিয়া, যেনেকৈ বগা কাপোৰ মইলাৰ পৰা পৰিষ্কাৰ কৰা হয়। হে আল্লাহ! মোৰ পাপসমূহক বৰফ, পানী আৰু শিলাবৃষ্টিৰে ধুই নিকা কৰি দিয়া।50

«سُبْحانَكَ اللَّهُمَّ وَبِحَمْدِكَ، وَتَبارَكَ اسْمُكَ، وَتَعَالَى جَدُّكَ، وَلَا إِلَهَ غَيْرُكَ».

"ছুবহা-নাকা আল্লা-হুম্মা অবিহামদিকা, অতাবা-ৰাকাছমুকা, অতাআ-লা জাদ্দুকা, অলা ইলা-হা গাইৰুক।"

 

অৰ্থঃ হে আল্লাহ! মই তোমাৰ পৱিত্ৰতা ঘোষণা কৰিছোঁ আৰু তোমাৰেই প্ৰশংসা বৰ্ণনা কৰিছোঁ। তোমাৰ নাম অত্যন্ত বৰকতময় (কল্যাণকৰ), তোমাৰ মৰ্যাদা অতি উচ্চ আৰু তুমি অবিহনে আন কোনো সত্য উপাস্য নাই।51

«وَجَّهْتُ وَجْهِيَ لِلَّذِي فَطَرَ السَّمَوَاتِ وَالأَرْضَ حَنِيفًَا وَمَا أَنَا مِنَ المُشْرِكِينَ، إِنَّ صَلَاتِي، وَنُسُكِي، وَمَحْيَايَ، وَمَمَاتِي لِلَّهِ رَبِّ العَالَمِينَ، لَا شَرِيكَ لَهُ وَبِذَلِكَ أُمِرْتُ وَأَنَا مِنَ المُسْلِمِينَ، اللَّهُمَّ أَنْتَ المَلِكُ لَا إِلَهَ إِلَّا أَنْتَ، أَنْتَ رَبِّي وَأَنَا عَبْدُكَ، ظَلَمْتُ نَفْسِي وَاعْتَرَفْتُ بِذَنْبِي فَاغْفِرْ لِي ذُنُوبي جَمِيعًَا إِنَّهُ لَا يَغْفِرُ الذُّنوبَ إِلَّا أَنْتَ، وَاهْدِنِي لِأَحْسَنِ الأَخْلاقِ لَا يَهْدِي لِأَحْسَنِها إِلَّا أَنْتَ، وَاصْرِفْ عَنِّي سَيِّئَهَا، لَا يَصْرِفُ عَنِّي سَيِّئَهَا إِلَّا أَنْتَ، لَبَّيْكَ وَسَعْدَيْكَ، وَالخَيْرُ كُلُّهُ بِيَدَيْكَ، وَالشَّرُّ لَيْسَ إِلَيْكَ، أَنَا بِكَ وَإِلَيْكَ، تَبارَكْتَ وَتَعَالَيْتَ، أَسْتَغْفِرُكَ وَأَتوبُ إِلَيْكَ».

“অজ্জাহতু অজহিয়া লিল্লাজী ফাত্বাৰাছ ছামা-ৱা-তি অল আৰ্জা হানীফাওঁ অমা আনা মিনাল মুশ্বৰিকীন, ইন্না চলা-তী, অনুচুকী, অমাহয়া-য়া, অমামা-তী লিল্লাহি ৰাব্বিল আ-লামীন, লা শ্বাৰীকা লাহু অবিযালিকা উমিৰতু ৱা আনা মিনাল মুছলিমীন। আল্লা-হুম্মা আন্তাল মালিকু লা ইলা-হা ইল্লা আন্তা, আন্তা ৰাব্বী ৱা আনা আব্দুকা, জলামতু নাফছী অ'তাৰাফতু বিজাম্বী ফাগফিৰলী জুনূবী জামী'আ, ইন্নাহু লা য়াগফিৰুজ জুনূবা ইল্লা আন্তা, অহদিনী লিআহচানিল আখলা-ক্বি লা য়াহদী লিআহচানিহা ইল্লা আন্তা, অচৰিফ আন্নী ছায়্যিআহা, লা য়াচৰিফু আন্নী ছায়্যিআহা ইল্লা আন্তা, লাব্বাইকা অছা'দাইক, অলখাইৰু কুল্লুহু বিয়াদাইক, অশ্ব শ্বাৰ্ৰু লাইছা ইলাইক, আনা বিকা ৱা ইলাইক, তাবা-ৰাকতা অতাআ-লাইতা, আছতাগফিৰুকা ৱা আতূবু ইলাইক।”

অৰ্থ: “মই একনিষ্ঠভাৱে মোৰ মুখমণ্ডল সেই সত্তাৰ পিনে ঘূৰাইছোঁ, যিজন আকাশমণ্ডল আৰু পৃথিৱীৰ সৃষ্টিকৰ্তা, আৰু মই মুশ্বৰিকসকলৰ অন্তৰ্ভুক্ত নহয়। নিশ্চয় মোৰ চালাত, মোৰ কুৰবানী, মোৰ জীৱন আৰু মোৰ মৰণ বিশ্বজগতৰ প্ৰতিপালক আল্লাহৰ বাবেই। তেওঁৰ কোনো অংশীদাৰ নাই, আৰু মোক ইয়াৰেই নিৰ্দেশ দিয়া হৈছে আৰু মই মুছলিমসকলৰ অন্তৰ্ভুক্ত। হে আল্লাহ! তুমিয়েই অধিপতি, তোমাৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। তুমিয়েই মোৰ ৰব্ব, মই তোমাৰ বান্দা। মই মোৰ নিজৰ ওপৰত যুলুম কৰিছোঁ আৰু মই মোৰ গুনাহ কবুল কৰিছোঁ। গতিকে তুমি মোৰ সকলো গুনাহ ক্ষমা কৰি দিয়া, কাৰণ নিশ্চিতভাৱে তোমাৰ বাহিৰে আন কোনেও গুনাহ ক্ষমা কৰিব নোৱাৰে। তুমি মোক সৰ্বোত্তম চৰিত্ৰৰ পিনে হিদায়ত কৰা, তোমাৰ বাহিৰে আন কোনেও ইয়াৰ সৰ্বোত্তম দিশৰ পিনে হিদায়ত কৰিব নোৱাৰে। তুমি মোৰ পৰা ইয়াৰ বেয়া দিশসমূহ দূৰ কৰি দিয়া, তোমাৰ বাহিৰে আন কোনেও ইয়াৰ বেয়া দিশসমূহ মোৰ পৰা দূৰ কৰিব নোৱাৰে। মই তোমাৰ দৰবাৰত উপস্থিত আছোঁ আৰু তোমাৰ আজ্ঞাপালনৰ বাবে প্ৰস্তুত আছোঁ। সকলো কল্যাণ তোমাৰেই দুহাতত আৰু অকল্যাণ কেতিয়াও তোমাৰ ফালে সম্পৰ্কিত নহয়। মই তোমাৰ দ্বাৰাই প্ৰতিষ্ঠিত আৰু তোমাৰ ওচৰলৈকেই উভতি যাম। তুমি বৰকতময় আৰু তুমি সুমহান। মই তোমাৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰোঁ আৰু তোমাৰ ফালেই তাওবা কৰোঁ।”52

«اللَّهُمَّ رَبَّ جِبْرَائِيلَ، وَمِيْكَائِيلَ، وَإِسْرَافِيلَ، فَاطِرَ السَّمَوَاتِ وَالأَرْضِ، عَالِمَ الغَيْبِ وَالشَّهَادَةِ أَنْتَ تَحْكُمُ بَيْنَ عِبَادِكَ فِيمَا كَانُوا فِيهِ يَخْتَلِفُونَ، اهْدِنِي لِمَا اخْتُلِفَ فِيهِ مِنَ الحَقِّ بِإِذْنِكَ إِنَّكَ تَهْدِي مَنْ تَشَاءُ إِلَى صِرَاطٍ مُسْتَقيمٍ».

"আল্লা-হুম্মা ৰাব্বা জিব্ৰাঈল, অমীকাঈল, ৱা ইছ্ৰাফীল, ফাতিৰাছ ছামা-ৱা-তি অল আৰ্দ্বি, আ-লিমাল-গাইবি অশ্ব শ্বাহাদাহ, আন্তা তাহকুমু বাইনা ইবা-দিকা ফীমা- কা-নূ ফীহি য়াখতালিফূন, ইহদিনী লিমাখতুলিফা ফীহি মিনাল হাক্কি বিইজনিক, ইন্নাকা তাহদী মান তাশ্বা-উ ইলা চিৰা-তিম মুছতাক্বীম৷"

অৰ্থঃ হে আল্লাহ! জিব্ৰাঈল, মীকাঈল আৰু ইছ্ৰাফীলৰ প্ৰতিপালক! আকাশসমূহ আৰু পৃথিৱীৰ স্ৰষ্টা, প্ৰকাশ্য আৰু অপ্ৰকাশ্য বিষয়াদিৰ জ্ঞানী, তুমিয়ে তোমাৰ বান্দাসকলৰ মাজত সেই বিষয়ে ফয়চালা কৰি দিবা যি বিষয়ে সিহঁতে মতবিৰোধ কৰি আছে। যিটো সত্যৰ বিষয়ে মতবিৰোধ কৰা হৈছে, তোমাৰ অনুমতিক্ৰমে মোক সেই সত্যৰ পথ প্ৰদৰ্শন কৰা; নিশ্চয় তুমি যাক ইচ্ছা কৰা সৰল পথৰ দিশে হিদায়ত প্ৰদান কৰা।53

«اللَّهُ أَكْبَرُ كَبِيرًَا، اللَّهُ أَكْبَرُ كَبِيرًا، اللَّهُ أَكْبَرُ كَبِيرًا، وَالحَمْدُ لِلَّهِ كَثيرًا، وَالحَمْدُ لِلَّهِ كَثيرًا، وَالحَمْدُ لِلَّهِ كَثيرًا، وَسُبْحَانَ اللَّهِ بُكْرَةً وَأَصِيلًا».

"আল্লা-হু আকবাৰ কাবীৰাহ, আল্লা-হু আকবাৰ কাবীৰাহ, আল্লা-হু আকবাৰ কাবীৰাহ, অলহাম্দু লিল্লাহি কাছীৰাহ, অলহাম্দু লিল্লাহি কাছীৰাহ, অলহাম্দু লিল্লাহি কাছীৰাহ, অছুবহা-নাল্লাহি বুকৰাতাওঁ ৱা আচীছীলাহ।"

অৰ্থঃ আল্লাহ আটাইতকৈ মহান অত্যন্ত মহান, আল্লাহ আটাইতকৈ মহান অত্যন্ত মহান, আল্লাহ আটাইতকৈ মহান অত্যন্ত মহান, আৰু আল্লাহৰ বাবে প্ৰচুৰ প্ৰশংসা, আৰু আল্লাহৰ বাবে প্ৰচুৰ প্ৰশংসা, আৰু আল্লাহৰ বাবে প্ৰচুৰ প্ৰশংসা, আৰু পুৱা আৰু গধূলি আল্লাহৰ পৱিত্ৰতা ঘোষণা কৰিছোঁ।

তিনিবাৰ পাঠ কৰিব।

«أَعُوذُ بِاللَّهِ مِنَ الشَّيْطَانِ: مِنْ نَفْخِهِ، وَنَفْثِهِ، وَهَمْزِهِ».

"আ‘ঊজু বিল্লা-হি মিনাশ্ব শ্বাইত্বা-নি: মিন নাফখিহি, অনাফছিহি, অহামঝিহ।"

 

অৰ্থঃ মই চয়তানৰ পৰা আল্লাহৰ আশ্ৰয় প্ৰাৰ্থনা কৰোঁ: তাৰ অহংকাৰৰ পৰা, তাৰ যাদুৰ পৰা আৰু তাৰ কুমন্ত্ৰণাৰ পৰা।54

«اللَّهُمَّ لَكَ الحَمْدُ، أَنْتَ نُورُ السَّمَوَاتِ وَالأَرْضِ وَمَنْ فِيهِنَّ، وَلَكَ الحَمْدُ أَنْتَ قَيِّمُ السَّمَوَاتِ وَالأَرْضِ وَمَنْ فِيهِنَّ، [وَلَكَ الحَمْدُ أَنْتَ رَبُّ السَّمَوَاتِ وَالأَرْضِ وَمَنْ فِيهِنَّ] [وَلَكَ الحَمْدُ لَكَ مُلْكُ السَّمَوَاتِ وَالأَرْضِ وَمَنْ فِيهِنَّ] [وَلَكَ الحَمْدُ أَنْتَ مَلِكُ السَّمَوَاتِ وَالأَرْضِ] [وَلَكَ الحَمْدُ] [أَنْتَ الحَقُّ، وَوَعْدُكَ الحَقُّ، وَقَوْلُكَ الحَقُّ، وَلِقاؤُكَ الحَقُّ، وَالجَنَّةُ حَقٌّ، وَالنَّارُ حَقٌّ، وَالنَّبِيُّونَ حَقٌّ، وَمحَمَّدٌ ﷺ حَقٌّ، وَالسَّاعَةُ حَقٌّ] [اللَّهُمَّ لَكَ أَسْلَمتُ، وَعَلَيْكَ تَوَكَّلْتُ، وَبِكَ آمَنْتُ، وَإِلَيْكَ أَنَبْتُ، وَبِكَ خاصَمْتُ، وَإِلَيْكَ حاكَمْتُ. فَاغْفِرْ لِي مَا قَدَّمْتُ، وَمَا أَخَّرْتُ، وَمَا أَسْرَرْتُ، وَمَا أَعْلَنْتُ] [وَمَا أَنْتَ أَعْلَمُ بِهِ مِنِّي] [أَنْتَ المُقَدِّمُ، وَأَنْتَ المُؤَخِّرُ لَا إِلَهَ إِلَّا أَنْتَ] [أَنْتَ إِلَهِي لَا إِلَهَ إِلَّا أَنْتَ] [وَلَا حَوْلَ وَلَا قُوَّةَ إِلَّا بِاللَّهِ]».

"আল্লা-হুম্মা লাকাল হাম্দ, আন্তা নূৰুছ ছামা-ৱা-তি অল আৰ্জি অমান ফীহিন্না, অলাকাল হাম্দু আন্তা ক্বাইয়িমুছ ছামা-ৱা-তি অল আৰ্জি অমান ফীহিন্না, [অলাকাল হাম্দু আন্তা ৰাব্বুছ ছামা-ৱা-তি অল আৰ্জি অমান ফীহিন্না] [অলাকাল হাম্দু লাকা মুল্কুছ ছামা-ৱা-তি অল আৰ্জি অমান ফীহিন্না] [অলাকাল হাম্দু আন্তা মালিকুছ ছামা-ৱা-তি অল আৰ্জি] [অলাকাল হাম্দ] [আন্তাল হাক্ক, অৱা'দুকাল হাক্ক, অক্বাওলুকাল হাক্ক, অলিক্বা-উকাল হাক্ক, অলজান্নাতু হাক্ক, অন্না-ৰু হাক্ক, অন্নাবিয়্যূনা হাক্ক, অমুহাম্মাদুন ﷺ হাক্ক, অচ্ছাআতু হাক্ক] [আল্লা-হুম্মা লাকা আছলামতু, ৱা আলাইকা তাৱাক্কালতু, অবিকা আ-মান্তু, ৱা ইলাইকা আনাবতু, অবিকা খাছামতু, ৱা ইলাইকা হাকামতু। ফাগফিৰ লী মা ক্বাদ্দামতু, অমা আখ্খাৰতু, অমা আছৰাৰ্তু, অমা আ'লানতু] [অমা আন্তা আ'লামু বিহি মিন্নী] [আন্তাল মুক্বাদ্দিমু, ৱা আন্তাল মুআখ্খিৰু লা ইলা-হা ইল্লা আন্তা] [আন্তা ইলা-হী লা ইলা-হা ইল্লা আন্তা] [অলা হাওলা অলা কুউৱাতা ইল্লা বিল্লাহ]।"

অৰ্থঃ হে আল্লাহ! তোমাৰ বাবেই যাৱতীয় প্ৰশংসা, আকাশমণ্ডল আৰু পৃথিৱী লগতে এই দুয়োৰে মাজত যি আছে সেই সকলোবোৰৰ তুমিয়েই নূৰ। সকলো প্ৰশংসা তোমাৰেই, আকাশমণ্ডল আৰু পৃথিৱী লগতে এই দুয়োৰে মাজত যি আছে সেই সকলোবোৰৰ ধাৰক তুমিয়েই। [সকলো প্ৰশংসা তোমাৰেই, আকাশমণ্ডল আৰু পৃথিৱী লগতে এই দুয়োৰে মাজত যি আছে সেই সকলোবোৰৰ প্ৰতিপালক তুমিয়েই।] [সকলো প্ৰশংসা তোমাৰেই, আকাশমণ্ডল আৰু পৃথিৱী লগতে এই দুয়োৰে মাজত যি আছে সেই সকলোবোৰৰ সাৰ্বভৌমত্ব একমাত্ৰ তোমাৰেই।] [সকলো প্ৰশংসা তোমাৰেই, তুমি আকাশমণ্ডল আৰু পৃথিৱীৰ অধিপতি।] [আৰু সকলো প্ৰশংসা তোমাৰেই।] [তুমিয়েই সত্য, তোমাৰ প্ৰতিশ্ৰুতি সত্য, তোমাৰ বাণী সত্য, তোমাৰ সাক্ষাৎ সত্য, জান্নাত সত্য, জাহান্নাম সত্য, নবীসকল সত্য, মুহাম্মদ ﷺ সত্য আৰু কিয়ামত সত্য।] [হে আল্লাহ! মই তোমাৰ ওচৰতেই আত্মসমৰ্পণ কৰিছোঁ, তোমাৰ ওপৰতেই ভৰসা কৰিছোঁ, তোমাৰ প্ৰতি ঈমান আনিছোঁ, তোমাৰ ফালেই প্ৰত্যাৱৰ্তন কৰিছোঁ, তোমাৰ সহায়তেই শত্ৰুৰ সৈতে বিবাদ কৰিছোঁ আৰু তোমাৰ ওচৰতেই বিচাৰ প্ৰাৰ্থনা কৰিছোঁ। সেয়ে তুমি মোৰ আগৰ আৰু পাছৰ, গোপনে আৰু প্ৰকাশ্যে কৰা সকলো পাপ ক্ষমা কৰি দিয়া।] [লগতে সেইবোৰ গুনাহো ক্ষমা কৰি দিয়া যিবোৰৰ বিষয়ে তুমি মোতকৈ অধিক অৱগত।] [তুমিয়েই আগুৱাই দিয়া আৰু তুমিয়েই পিছুৱাই দিয়া, তোমাৰ বাহিৰে আন কোনো সত্য উপাস্য নাই।] [তুমিয়েই মোৰ উপাস্য, তোমাৰ বাহিৰে আন কোনো সত্য উপাস্য নাই।] [আৰু আল্লাহৰ সহায়ৰ বাহিৰে কোনো উপায় আৰু শক্তি নাই।]5556

 

১৭. ৰূকুত পঢ়িবলগীয়া দুআসমূহ

«سُبْحانَ رَبِّيَ العَظِيمِ».

"ছুবহা-না ৰাব্বিয়াল আজীম।"

অৰ্থঃ মোৰ মহান প্ৰতিপালক অতি পৱিত্ৰ।

নূন্যতম তিনিবাৰ পাঠ কৰিব লাগে৷57

«سُبْحَانَكَ اللَّهُمَّ رَبَّنَا وَبِحَمْدِكَ، اللَّهُمَّ اغْفِرْ لِي».

"ছুবহা-নাকা আল্লা-হুম্মা ৰাব্বানা অবিহামদিকা, আল্লা-হুম্মাগফিৰলী।"

অৰ্থঃ হে আল্লাহ, আমাৰ প্ৰতিপালক! মই তোমাৰ পৱিত্ৰতা ঘোষণা কৰিছোঁ আৰু তোমাৰেই প্ৰশংসা বৰ্ণনা কৰিছোঁ। হে আল্লাহ! মোক ক্ষমা কৰি দিয়া।58

«سُبُّوُحٌ، قُدُّوسٌ، رَبُّ المَلَائِكَةِ وَالرُّوحِ».

"ছুব্বূহুন কুদ্দূছুন ৰাব্বুল মালা-ইকাতি অৰ্ৰূহ।"

অৰ্থঃ অতি পৱিত্ৰ, মহা পৱিত্ৰ, ফিৰিস্তাসকল আৰু ৰূহৰ প্ৰতিপালক।59

«اللَّهُمَّ لَكَ رَكَعْتُ، وَبِكَ آمَنْتُ، وَلَكَ أَسْلَمْتُ، خَشَعَ لَكَ سَمْعِي، وَبَصَرِي، وَمُخِّي، وَعَظْمِي، وَعَصَبِي، [وَمَا استَقَلَّتْ بِهِ قَدَمِي».

"আল্লা-হুম্মা লাকা ৰাকাতু, অবিকা আ-মান্তু, অলাকা আছলামতু, খাশ্বাআ লাকা ছাময়ী, অবাচাৰী, অমুখখী, ৱা আজমী, ৱা আচাবী, [অমাছতাকাল্লাত বিহি ক্বাদামী]।"

অৰ্থঃ হে আল্লাহ! মই তোমাৰ বাবেই ৰুকু কৰিছোঁ। তোমাৰ ওপৰতে ঈমান আনিছোঁ আৰু তোমাৰ ওচৰতে আত্মসমৰ্পণ কৰিছোঁ। তোমাৰ ওচৰতেই বিনয় অৱনত হৈছে মোৰ শ্ৰৱণশক্তি, মোৰ দৃষ্টিশক্তি, মোৰ মগজু, মোৰ হাড়, মোৰ স্নায়ু [আৰু মোৰ দুভৰিয়ে যি বহন কৰিছে সেবোৰো]।60

«سُبْحَانَ ذِي الجَبَرُوتِ، وَالمَلَكُوتِ، وَالكِبْرِيَاءِ، وَالعَظَمَةِ».

"ছুবহা-না যিল জাবাৰূতি, অলমালাকূতি, অলকিবৰিয়াই, অলআজামাতি।"

 

অৰ্থঃ মই সেই আল্লাহৰ পৱিত্ৰতা বৰ্ণনা কৰিছোঁ, যিজন মহা প্ৰতাপশালী, সাৰ্বভৌমত্ব, গৰিমা আৰু মহত্ত্বৰ অধিকাৰী।61

 

 

 

১৮. ৰুকুৰ পৰা উঠাৰ সময়ত পঢ়িবলগীয়া দুআ

«سَمِعَ اللَّهُ لِمَنْ حَمِدَهُ».

"ছামিআল্লা-হু লিমান হামিদাহ।"

 

অৰ্থঃ যিয়ে আল্লাহৰ প্ৰশংসা কৰে, আল্লাহে তেওঁৰ কথা শ্ৰৱণ কৰে (গ্ৰহণ কৰে)।62

«رَبَّنَا وَلَكَ الحَمْدُ، حَمْدًا كَثيرًا طَيِّبًا مُبارَكًا فِيهِ».

"ৰাব্বানা অলাকাল হাম্দ, হামদান কাছীৰান ত্বায়্যিবান মুবাৰাকান ফীহ।"

অৰ্থঃ হে আমাৰ প্ৰতিপালক! তোমাৰ বাবেই সকলো প্ৰশংসা। তোমাৰ প্ৰশংসা অগণন, উত্তম আৰু বৰকতময়।63

«مِلْءَ السَّمَوَاتِ وَمِلْءَ الأَرْضِ، وَمَا بَيْنَهُمَا، وَمِلْءَ مَا شِئْتَ مِنْ شَيءٍ بَعْدُ. أَهلَ الثَّناءِ وَالمَجْدِ، أَحَقُّ مَا قَالَ العَبْدُ، وَكُلُّنَا لَكَ عَبْدٌ، اللَّهُمَّ لَا مَانِعَ لِمَا أَعْطَيْتَ، وَلَا مُعْطِيَ لِمَا مَنَعْتَ، وَلَا يَنْفَعُ ذَا الجَدِّ مِنْكَ الجَدُّ».

"মিলআচ্ছামা-ৱা-তি অমিল আল আৰ্জি, অমা বাইনাহুমা, অমিলআ মা শ্বি'তা মিন শ্বাইয়িন বা'দ। আহলাচ ছানা-য়ি অল মাজ্দ, আহাক্কু মা ক্বা-লাল আব্দু, অকুল্লুনা লাকা আব্দ, আল্লা-হুম্মা লা মা-নিআ লিমা আ'ত্বাইত, অলা মু'ত্বিয়া লিমা মানা'তা, অলা য়ানফাউ যাল-জাদ্দি মিনকাল জাদ্দ।"।

অৰ্থঃ যাৰ দ্বাৰা আকাশমণ্ডল, পৃথিৱী আৰু এই দুয়োৰে মাজত যি আছে সেই সকলো ভৰি পৰে, আৰু ইয়াৰ উপৰিও তুমি যি ইচ্ছা কৰা সেইটোও পৰিপূৰ্ণ হৈ পৰে। তুমিয়েই প্ৰশংসা আৰু মৰ্যাদাৰ অধিকাৰী। বান্দাই যি কয় তাতকৈও অধিক তুমি অধিকাৰী। আমি সকলোৱে তোমাৰেই বান্দা। হে আল্লাহ! তুমি যিটো দিব বিচৰা সেইটো কোনেও ৰোধ কৰিব নোৱাৰে আৰু তুমি যিটোক বাধা দিয়া সেইটো কোনেও প্ৰদান কৰিব নোৱাৰে। লগতে কোনো মৰ্যাদাৱানৰ মৰ্যাদাই তোমাৰ ওচৰত কোনো উপকাৰ কৰিব নোৱাৰে।64

১৯. ছাজদাত পঢ়িবলগীয়া দুআসমূহ

«سُبْحَانَ رَبِّيَ الأَعْلَى».

"ছুবহা-না ৰাব্বিয়াল আ'লা।"

 

অৰ্থঃ পৱিত্ৰ মোৰ প্ৰতিপালক আটাইতকৈ সুউচ্চ।

নূন্যতম তিনিবাৰ পাঠ কৰিব লাগে।65

«سُبْحَانَكَ اللَّهُمَّ رَبَّنَا وَبِحَمْدِكَ، اللَّهُمَّ اغْفِرْ لِي».

"ছুবহা-নাকা আল্লা-হুম্মা ৰাব্বানা অবিহামদিকা, আল্লা-হুম্মাগফিৰলী।"66

«سُبُّوحٌ، قُدُّوسٌ، رَبُّ المَلَائِكَةِ وَالرُّوحِ».

"ছুব্বুহুন, কুদ্দূছুন, ৰাব্বুল মালা-ইকাতি অৰ্ৰূহ৷"67

«اللَّهُمَّ لَكَ سَجَدْتُ وَبِكَ آمَنْتُ، وَلَكَ أَسْلَمْتُ، سَجَدَ وَجْهِيَ لِلَّذِي خَلَقَهُ، وَصَوَّرَهُ، وَشَقَّ سَمْعَهُ وَبَصَرَهُ، تَبَارَكَ اللَّهُ أَحْسَنُ الخَالِقِينَ».

"আল্লা-হুম্মা লাকা ছাজাদতু, অবিকা আ-মানতু, অলাকা আছলামতু, ছাজাদা অজহিয়া লিল্লাজী খালাক্বাহু, অচাউৱাৰাহু, অশ্বাক্কা ছামআহু অবাচাৰাহু, তাবা-ৰাকাল্লা-হু আহছানুল খা-লিক্বীন।''

অৰ্থঃ হে আল্লাহ! মই তোমাকেই ছাজদা কৰিছোঁ, তোমাৰ ওপৰতেই ঈমান আনিছোঁ আৰু তোমাৰ ওচৰতেই আত্মসমৰ্পণ কৰিছোঁ। মোৰ মুখমণ্ডলে সেই সত্তাৰ বাবে ছাজদা কৰিছে যিজনে ইয়াক সৃষ্টি কৰিছে, ইয়াৰ আকৃতি প্ৰদান কৰিছে আৰু ইয়াৰ শ্ৰৱণশক্তি তথা দৃষ্টিশক্তি উন্মুক্ত কৰিছে। সৰ্বশ্ৰেষ্ঠ স্ৰষ্টা আল্লাহ অতি বৰকতময়।68

«سُبْحَانَ ذِي الجَبَرُوتِ، وَالمَلَكُوتِ، وَالكِبْرِيَاءِ، وَالعَظَمَةِ».

"ছুবহা-না যিল জাবাৰূতি, অলমালাকূতি, অলকিবৰিয়াই, অলআজামাহ।"

 

অৰ্থঃ মই পৱিত্ৰতা ঘোষণা কৰিছোঁ সেই সত্তাৰ, যিজন মহা প্ৰতাপশালী, সাৰ্বভৌমত্ব, গৰিমা আৰু মহত্ত্বৰ অধিকাৰী।69

«اللَّهُمَّ اغْفِرْ لِي ذَنْبِي كُلَّهُ: دِقَّهُ وَجِلَّهُ، وَأَوَّلَهُ وَآخِرَهُ، وَعَلَانِيَّتَهُ وَسِرَّهُ».

"আল্লা-হুম্মাগ ফিৰলী জাম্বী কুল্লাহ: দিক্কাহু অজিল্লাহ, ৱা আউৱালাহু ৱা আখিৰাহ, ৱা আলানিয়্যাতাহু অছিৰ্ৰাহ।"

 

অৰ্থঃ হে আল্লাহ! মোৰ সকলো গুনাহ ক্ষমা কৰি দিয়া; সৰু আৰু ডাঙৰ, আগৰ আৰু পিছৰ, লগতে প্ৰকাশ্য আৰু অপ্ৰকাশ্য।70

«اللَّهُمَّ إِنِّي أَعُوذُ بِرِضَاكَ مِنْ سَخَطِكَ، وَبِمُعَافَاتِكَ مِنْ عُقوبَتِكَ، وَأَعُوذُ بِكَ مِنْكَ، لَا أُحْصِي ثَنَاءً عَلَيْكَ، أَنْتَ كَمَا أَثْنَيْتَ عَلَى نَفْسِكَ».

"আল্লা-হুম্মা ইন্নী আ’উজু বিৰিজা-কা মিন ছাখাতিক, অবিমুআ-ফা-তিকা মিন উকূবাতিক, ৱা আ’উজু বিকা মিনকা, লা উহচী ছানা-আন আলাইকা, আন্তা কামা আছনাইতা আলা নাফছিক।"

অৰ্থঃ হে আল্লাহ! নিশ্চয় মই তোমাৰ সন্তুষ্টিৰ জৰিয়তে তোমাৰ অসন্তুষ্টিৰ পৰা, তোমাৰ ক্ষমাৰ জৰিয়তে তোমাৰ শাস্তিৰ পৰা আৰু তোমাৰ পৰা তোমাৰ ওচৰতেই আশ্ৰয় প্ৰাৰ্থনা কৰোঁ। মই তোমাৰ প্ৰশংসা কৰি শেষ কৰিব নোৱাৰোঁ। তুমি ঠিক তেনেকুৱাই, যেনেকৈ তুমি নিজেই নিজৰ প্ৰশংসা কৰিছা।"71

২০. দুই ছাজদাৰ মাজৰ বৈঠকত পঢ়িবলগীয়া দুআ

«رَبِّ اغْفِرْ لِي، رَبِّ اغْفِرْ لِي».

"ৰাব্বিগ ফিৰলী, ৰাব্বিগ ফিৰলী।"

 

অৰ্থঃ হে মোৰ প্ৰতিপালক! মোক ক্ষমা কৰি দিয়া, হে মোৰ প্ৰতিপালক! মোক ক্ষমা কৰি দিয়া।72

«اللَّهُمَّ اغْفِرْ لِي، وَارْحَمْنِي، وَاهْدِنِي، وَاجْبُرْنِي، وَعَافِنِي، وَارْزُقْنِي، وَارْفَعْنِي».

"আল্লা-হুম্মাগ ফিৰলী, অৰহামনী, অহদিনী, অজবুৰনী, ৱা আ-ফিনী, অৰঝুকনী, অৰফা'নী।"

অৰ্থঃ হে আল্লাহ! মোক ক্ষমা কৰি দিয়া, মোৰ প্ৰতি দয়া কৰা, মোক সঠিক পথ দেখুৱা, মোৰ সকলো ক্ষয়-ক্ষতি পূৰণ কৰি দিয়া, মোক আৰোগ্য দান কৰা, মোক জীৱিকা দান কৰা আৰু মোৰ মৰ্যাদা বৃদ্ধি কৰি দিয়া।73

২১- তিলাৱতৰ ছাজদাৰ দুআ।

«سَجَدَ وَجْهِيَ لِلَّذِي خَلَقَهُ، وَشَقَّ سَمْعَهُ وَبَصَرَهُ بِحَوْلِهِ وَقُوَّتِهِ، فَتَبارَكَ اللَّهُ أَحْسَنُ الخَالِقِينَ».

"ছাজাদা অজহিয়া লিল্লাজী খালাক্বাহু, অশ্বাক্কা ছাম'আহু অবাচাৰাহু বিহাউলিহী অকুউৱাতিহী, ফাতাবা-ৰাকাল্লাহু আহছানুল খা-লিকীন।"

অৰ্থঃ মোৰ মুখমণ্ডলে তেওঁৰ বাবে ছাজদাহ কৰিছে যিজনে ইয়াক সৃষ্টি কৰিছে, আৰু তেওঁৰ নিজ শক্তি আৰু ক্ষমতাৰে ইয়াৰ শ্ৰৱণশক্তি আৰু দৃষ্টি শক্তি উন্মুক্ত কৰিছে। এতেকে সৰ্বশ্ৰেষ্ঠ সৃষ্টিকৰ্তা আল্লাহ পৰম বৰকতময়।

(ছুৰা আল-মুমিনূনঃ ১৪)74

«اللَّهُمَّ اكْتُبْ لِي بِهَا عِنْدَكَ أَجْرًا، وَضَعْ عَنِّي بِهَا وِزْرًا، وَاجْعَلْهَا لِي عِنْدَكَ ذُخْرًا، وَتَقَبَّلْهَا مِنِّي كَمَا تَقَبَّلْتَهَا مِنْ عَبْدِكَ دَاوُدَ».

"আল্লা-হুম্মাকতুব্‌ লী বিহা ‘ইন্দাকা আজৰান, অদ্বা‘ আন্নী বিহা ৱিঝৰান, অজ‘আলহা লী ‘ইন্দাকা যুখৰান, অতাকাব্বালহা মিন্নী কামা তাকাব্বালতাহা মিন ‘আব্দিকা দাঊদ।"

 

অৰ্থঃ হে আল্লাহ! ইয়াৰ বিনিময়ত তোমাৰ ওচৰত মোৰ বাবে প্ৰতিদান লিখি ৰাখা, ইয়াৰ দ্বাৰা মোৰ পৰা গুণাহৰ বোজা আঁতৰাই দিয়া, ইয়াক তোমাৰ ওচৰত মোৰ বাবে সাঁচতীয়া ভাণ্ডাৰ হিচাপে জমা কৰি ৰাখা আৰু মোৰ পৰা ইয়াক কবূল কৰা, যিদৰে তুমি তোমাৰ বান্দা দাঊদৰ পৰা কবূল কৰিছিলা।75

২২. তাশ্বাহহুদ

«التَّحِيَّاتُ لِلَّهِ، وَالصَّلَواتُ، وَالطَّيِّبَاتُ، السَّلَامُ عَلَيْكَ أَيُّهَا النَّبِيُّ وَرَحْمَةُ اللَّهِ وَبَرَكَاتُهُ، السَّلَامُ عَلَيْنَا وَعَلَى عِبَادِ اللَّهِ الصَّالِحِينَ، أَشْهَدُ أَنْ لَا إِلَهَ إِلَّا اللَّهُ وَأَشْهَدُ أَنَّ مُحَمَّدًا عَبْدُهُ وَرَسولُهُ».

"আত্তা-হিয়্যা-তু লিল্লা-হি অচ্ছালাৱা-তু অত্তায়্যিবা-তু, আচ্ছালা-মু আলাইকা আইয়্যুহান নাবীয়্যু অৰাহমাতুল্লাহি অবাৰাকাতুহ, আচ্ছালামু আলাইনা ৱাআলা ইবা-দিল্লা-হিচ্ছা-লিহীন, আশ্বহাদু আল লা ইলা-হা ইল্লাল্লাহ, ৱা আশ্বহাদু আন্না মুহাম্মাদান আব্দুহু অৰাছূলুহ।"

অৰ্থঃ “যাৱতীয় ইবাদত মৌখিক, শাৰীৰিক আৰু আৰ্থিক সকলো আল্লাহৰ বাবে, হে নবী আপোনাৰ ওপৰত আল্লাহৰ শান্তি, ৰহমত আৰু বৰকত অৱতীৰ্ণ হওক। আমাৰ ওপৰত আৰু আল্লাহৰ নেক বান্দাসকলৰ ওপৰতো শান্তি অৱতীৰ্ণ হওক। মই সাক্ষ্য দিওঁ যে, আল্লাহৰ বাহিৰে ইবাদতৰ যোগ্য আন কোনো মা‘বুদ নাই আৰু সাক্ষ্য দিওঁ যে, মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম হৈছে আল্লাহৰ বান্দা আৰু ৰাছুল।"76

২৩. তাশ্বাহহুদৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত দৰূদ পাঠ কৰিব লাগে।

«اللَّهُمَّ صَلِّ عَلَى مُحَمَّدٍ، وَعَلَى آلِ مُحَمَّدٍ، كَمَا صَلَّيتَ عَلَى إِبْرَاهِيمَ، وَعَلَى آلِ إِبْرَاهِيمَ، إِنَّكَ حَمِيدٌ مَجِيدٌ، اللَّهُمَّ بَارِكْ عَلَى مُحَمَّدٍ وَعَلَى آلِ مُحَمَّدٍ، كَمَا بَارَكْتَ عَلَى إِبْرَاهِيمَ وَعَلَى آلِ إِبْرَاهِيمَ، إِنَّكَ حَمِيدٌ مَجِيدٌ».

"আল্লা-হম্মা চল্লি আলা মুহাম্মদ, ৱা আলা আ-লি মুহাম্মদ, কামা চাল্লাইতা আলা ইব্ৰাহীম, ৱা আলা আ-লি ইব্ৰাহীম, ইন্নাকা হামীদুম মাজীদ।

আল্লা-হম্মা বা-ৰিক আলা মুহাম্মদ, ৱা আলা আ-লি মুহাম্মদ, কামা বা-ৰাকতা আলা ইব্ৰাহীম, ৱা আলা আ-লি ইব্ৰাহীম, ইন্নাকা হামীদুম মাজীদ।"

অৰ্থঃ হে আল্লাহ! মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম আৰু তেওঁৰ বংশধৰসকলৰ ওপৰত ৰহমত অৱতীৰ্ণ কৰা, যেনেকৈ ৰহমত অৱতীৰ্ণ কৰিছিলা ইব্ৰাহীম আলাইহিচ্ছালাম আৰু তেওঁৰ বংশধৰসকলৰ ওপৰত। নিশ্চয় তুমি প্ৰশংসনীয় আৰু সন্মানীয়। হে আল্লাহ! বৰকত অৱতীৰ্ণ কৰা মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত, আৰু তেওঁৰ বংশধৰসকলৰ ওপৰত, যেনেকৈ বৰকত অৱতীৰ্ণ কৰিছিলা ইব্ৰাহীম আলাইহিচ্ছালাম আৰু তেওঁৰ বংশধৰসকলৰ ওপৰত। নিশ্চয় তুমি প্ৰশংসনীয় আৰু সন্মানীয়।77

«اللَّهُمَّ صَلِّ عَلَى مُحَمَّدٍ وَعَلَى أَزْوَاجِهِ وَذُرِّيَّتِهِ، كَمَا صَلَّيْتَ عَلَى آلِ إِبْرَاهِيمَ، وَبَارِكْ عَلَى مُحَمَّدٍ وَعَلَى أَزْواجِهِ وَذُرِّيَّتِهِ، كَمَا بَارَكْتَ عَلَى آلِ إِبْرَاهِيمَ، إِنَّكَ حَمِيدٌ مَجِيدٌ».

“আল্লা-হম্মা চল্লি আলা মুহাম্মদ, ৱা আলা আঝৱা-জিহি অজুৰ্ৰিয়া-তিহি, কামা চাল্লাইতা আলা আ-লি ইব্ৰাহীম, অবা-ৰিক আলা মুহাম্মদ, ৱা আলা আঝৱা-জিহি অজুৰ্ৰিয়া-তিহি, কামা বা-ৰাকতা আলা আ-লি ইব্ৰাহীম, ইন্নাকা হামীদুম মাজীদ।”

অৰ্থঃ হে আল্লাহ! মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম আৰু তেওঁৰ পত্নীসকল তথা বংশধৰসকলৰ ওপৰত ৰহমত অৱতীৰ্ণ কৰা, যেনেকৈ ৰহমত অৱতীৰ্ণ কৰিছিলা ইব্ৰাহীম আলাইহিচ্ছালামৰ বংশধৰসকলৰ ওপৰত। এইদৰে বৰকত অৱতীৰ্ণ কৰা মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম আৰু তেওঁৰ পত্নীসকল তথা বংশধৰসকলৰ ওপৰত, যেনেকৈ বৰকত অৱতীৰ্ণ কৰিছিলা ইব্ৰাহীম আলাইহিচ্ছালামৰ বংশধৰসকলৰ ওপৰত। নিশ্চয় তুমি প্ৰশংসনীয় আৰু সন্মানীয়।78

২৪. শেষ তাশ্বাহহুদৰ পিছত ছালাম ফিৰোৱাৰ আগত পঢ়িবলগীয়া দুআ।

«اللَّهُــمَّ إِنِّي أَعُوذُ بِكَ مِنْ عَذَابِ القَبْرِ، وَمِنْ عَذَابِ جَهَنَّمَ، وَمِنْ فِتْنَةِ المَحْيَا وَالمَمَاتِ، وَمِنْ شَرِّ فِتْنَةِ المَسِيحِ الدَّجَّالِ».

"আল্লা-হুম্মা ইন্নি আউজুবিকা মিন আজা-বিল কাব্ৰি, অমিন আজা-বি জাহান্নাম, অমিন ফিতনাতিল মাহয়া অল মামাত, অমিন শ্বাৰ্ৰি ফিতনাতিল মাছীহিদ দাজ্জাল।"79

«اللَّهُمَّ إِنِّي أَعُوذُ بِكَ مِنْ عَذَابِ القَبْرِ، وَأَعُوذُ بِكَ مِنْ فِتْنَةِ المَسِيحِ الدَّجَّالِ، وَأَعُوذُ بِكَ مِنْ فِتْنَةِ المَحْيَا وَالمَمَاتِ، اللَّهُمَّ إِنِّي أَعُوذُ بِكَ مِنَ المَأْثَمِ وَالمَغْرَمِ»[80].

"আল্লা-হুম্মা ইন্নি আউজুবিকা মিন আজা-বিল কাব্ৰি, ৱা আউজুবিকা মিন ফিতনাতিল মাছীহিদ দাজ্জাল, ৱা আউজুবিকা মিন ফিতনাতিল মাহয়া অল মামাত, আল্লা-হুম্মা ইন্নি আউজুবিকা মিনাল মা'ছামি অল মাগৰাম।"80

«اللَّهُمَّ إِنِّي ظَلَمْتُ نَفْسِي ظُلْمًا كَثِيرًا، وَلَا يَغْفِرُ الذُّنُوبَ إِلَّا أَنْتَ، فَاغْفِرْ لِي مَغْفِرَةً مِنْ عِنْدِكَ وَارْحَمْنِي، إِنَّكَ أَنْتَ الغَفُورُ الرَّحِيمُ».

“আল্লা-হুম্মা ইন্নি জালামতু নাফছি জুলমান কাছীৰা, অলা য়াগফিৰুজ জুনূবা ইল্লা আন্তা। ফাগফিৰলী মাগফিৰাতাম মিন ইন্দিক, অৰহাম্নী ইন্নাকা আন্তাল গাফূৰুৰ ৰাহীম।”

 

অৰ্থঃ “হে আল্লাহ! মই মোৰ নিজৰ ওপৰত বহুত অন্যায় কৰিছোঁ, আৰু তুমি বিনে কোনেও গুনাহসমূহ ক্ষমা কৰিব নোৱাৰে। এতেকে তুমি তোমাৰ ক্ষমাকাৰী গুণেৰে মোক মাৰ্জনা কৰা আৰু মোৰ প্ৰতি ৰহম কৰা। নিশ্চয় তুমি মাৰ্জনাকাৰী অতি দয়ালু”।81

«اللَّهُمَّ اغْفِرْ لِي مَا قَدَّمْتُ، وَمَا أَخَّرْتُ، وَمَا أَسْرَرْتُ، وَمَا أَعْلَنْتُ، وَمَا أَسْرَفْتُ، وَمَا أَنْتَ أَعْلَمُ بِهِ مِنِّي، أَنْتَ المُقَدِّمُ، وَأَنْتَ المُؤَخِّرُ لَا إِلَهَ إِلَّا أَنْتَ».

"আল্লা-হুম্মাগ ফিৰলী মা ক্বাদ্দামতু অমা আখ্খাৰতু, অমা আছৰাৰতু অমা আ'লানতু, অমা আছৰাফতু, অমা আন্তা আ'লামু বিহি মিন্নী, আন্তাল মুক্বাদ্দিমু ওৱা আন্তাল মুআখ্খিৰ, লা ইলা-হা ইল্লা আন্তা।"

অৰ্থঃ হে আল্লাহ! মোৰ পূৰ্বৱৰ্তী আৰু পৰৱৰ্তী সকলো গুনাহ ক্ষমা কৰি দিয়া, লগতে প্ৰকাশ্য়ভাৱে কৰা গুনাহ আৰু অপ্ৰকাশ্যভাৱে কৰা গুনাহো ক্ষমা কৰি দিয়া, আৰু মই কৰা সীমালংঘন, লগতে সেই যাৱতীয় ভুল-ত্ৰুটি ক্ষমা কৰি দিয়া, যিবোৰৰ বিষয়ে তুমি মোতকৈ অধিক অৱগত। তুমিয়ে অগ্ৰসৰকাৰী আৰু তুমিয়ে পিছুৱাই দিয়াৰ অধিকাৰী। তোমাৰ বাহিৰে আন কোনো সত্য ইলাহ নাই।82

«اللَّهُمَّ أَعِنِّي عَلَى ذِكْرِكَ، وَشُكْرِكَ، وَحُسْنِ عِبادَتِكَ».

“আল্লা-হুম্মা আ‘ইন্নী ‘আলা যিকৰিকা, অশ্বুকৰিকা, অহুছনি ‘ইবা-দাতিক।”

অৰ্থঃ হে আল্লাহ! মোক তোমাৰ স্মৰণ, কৃতজ্ঞতা-জ্ঞাপন আৰু উত্তমভাৱে তোমাৰেই ইবাদত কৰাৰ তাওফীক প্ৰদান কৰা।83

«اللَّهُمَّ إِنِّي أَعُوذُ بِكَ مِنَ البُخْلِ، وَأَعُوذُ بِكَ مِنَ الجُبْنِ، وَأَعُوذُ بِكَ مِنْ أَنْ أُرَدَّ إِلَى أَرْذَلِ العُمُرِ، وَأَعُوذُ بِكَ مِنْ فِتْنَةِ الدُّنْيَا وَعَذَابِ القَبْرِ».

"আল্লা-হুম্মা ইন্নী আ‘উজু বিকা মিনা'ল-বুখলি, ৱা আ‘উজু বিকা মিনা'ল-জুবনি, ৱা আ‘উজু বিকা মিন আন উৰাদ্দা ইলা আৰজালিল উমুৰ, ৱা আ‘উজু বিকা মিন ফিতনাতিদ্-দুনিয়া ৱা আ’জা-বিল ক্বাব্ৰ।"

অৰ্থঃ হে আল্লাহ! মই কৃপণতাৰ পৰা, আৰু কাপুৰুষত্বৰ পৰা তোমাৰ আশ্ৰয় প্ৰাৰ্থনা কৰোঁ। লগতে মই বাৰ্ধক্য অৱস্থাৰ অসহায়ত্বৰ পৰা তোমাৰ আশ্ৰয় বিচাৰোঁ, এইদৰে পৃথিৱীৰ ফিতনা আৰু কবৰৰ শাস্তিৰ পৰা তোমাৰ আশ্ৰয় বিচাৰোঁ।84

«اللَّهُمَّ إِنِّي أَسْأَلُكَ الجَنَّةَ وَأَعُوذُ بِكَ مِنَ النَّارِ».

"আল্লা-হুম্মা ইন্নী আছআলুকাল জান্নাতা ৱা আউজু বিকা মিনান্না-ৰ৷"

অৰ্থঃ হে আল্লাহ! মই তোমাৰ ওচৰত জান্নাত প্ৰাৰ্থনা কৰোঁ আৰু জাহান্নামৰ পৰা তোমাৰ আশ্ৰয় প্ৰাৰ্থনা কৰোঁ।85

«اللَّهُمَّ بِعِلْمِكَ الغَيْبَ وَقُدْرَتِكَ عَلَى الخَلقِ أَحْيِنِي مَا عَلِمْتَ الحَيَاةَ خَيْرًا لِي، وَتَوَفَّنِي إِذَا عَلِمْتَ الْوَفَاةَ خَيْرًا لِي، اللَّهُمَّ إِنِّي أَسْأَلُكَ خَشْيَتَكَ فِي الغَيْبِ وَالشَّهَادَةِ، وَأَسْأَلُكَ كَلِمَةَ الحَقِّ فِي الرِّضَا وَالغَضَبِ، وَأَسْأَلُكَ القَصْدَ فِي الغِنَى وَالفَقْرِ، وَأَسْأَلُكَ نَعِيمًا لَا يَنْفَدُ، وَأَسْأَلُكَ قُرَّةَ عَيْنٍ لَا تَنْقَطِعُ، وَأَسْأَلُكَ الرِّضَا بَعْدَ القَضَاءِ، وَأَسْأَلُكَ بَرْدَ العَيْشِ بَعْدَ المَوْتِ، وَأَسْأَلُكَ لَذَّةَ النَّظَرِ إِلَى وَجْهِكَ، وَالشَّوْقَ إِلَى لِقَائِكَ فِي غَيرِ ضَرَّاءَ مُضِرَّةٍ، وَلَا فِتْنَةٍ مُضِلَّةٍ، اللَّهُمَّ زَيِّنَا بِزِينَةِ الإِيمَانِ، وَاجْعَلْنَا هُدَاةً مُهْتَدِينَ».

"আল্লা-হুম্মা বিইল্মিকাল-গাইবা, অকুদ্ৰাতিকা 'আলাল-খাল্ক, আহ্‌য়িনি মা 'আলিমতাল-হায়া'তা খাইৰান-লী, অতাৱাফ্‌ফানী ইজা 'আলিমতাল অফাতা খাইৰান-লী, আল্লা-হুম্মা ইন্নী আছআলুকা খাশ্বয়াতাকা ফিল-গাইবি অশ্ব-শ্বাহাদা, ৱা আছআলুকা কালিমাতাল-হাক্কি ফিৰ ৰিজা অল গাজাব, ৱা আছআলুকাল কাচদা ফিল গিনা অল ফাক্ৰ, ৱা আছআলুকা নায়ীমান লা য়ানফাদ, ৱা আছআলুকা কুৰ্ৰাতা 'আঈনিল লা তানক্বাতি', ৱা আছআলুকাৰ ৰিজা বা'দাল-ক্বাজা, ৱা আছআলুকা বাৰ্দাল 'আঈশ্বি বা'দাল মাওত, ৱা আছআলুকা লাজ্জাতান্-নাজৰি ইলা অজহিক, অশ্ব-শ্বাওক্বা ইলা লিক্বা- ইক, ফী গাইৰি জাৰ্ৰা-আ মুজিৰ্ৰাহ, অলা ফিতনাতিন্ মুজিল্লাহ, আল্লা-হুম্মা ঝাইয়্যিন্না বিঝীনাতিল-ঈমান, অজ্আ'লনা হুদা-তাম মুহতাদীন।’’

অৰ্থঃ হে আল্লাহ! তোমাৰ অদৃশ্য জ্ঞান আৰু সৃষ্টিৰ ওপৰত থকা তোমাৰ ক্ষমতাৰ অছিলাৰে মই দুআ কৰোঁ, হে আল্লাহ! যদি জীৱিত থকাটো মোৰ বাবে কল্যাণকৰ হয় তেন্তে মোক জীৱিত ৰাখা, আৰু যদি মৃত্যু হোৱাটো মোৰ বাবে কল্যাণকৰ হয় তেন্তে মোক মৃত্যু দান কৰা। হে আল্লাহ! মই প্ৰকাশ্যে আৰু গোপনে তোমাক ভয় কৰাৰ তাওফীক বিচাৰোঁ, মই সন্তোষত আৰু খঙত সঁচা কথা কোৱাৰ তাওফীক বিচাৰোঁ; আৰু ধনী আৰু দাৰিদ্ৰ্যতাৰ মাজত থকা মধ্যপন্থা অৱলম্বন কৰি জীৱন যাপন কৰিব বিচাৰোঁ; লগতে মই তোমাৰ ওচৰত এনেকুৱা নিআ'মত বিচাৰোঁ যিটো কেতিয়াও শেষ নহয়; আৰু মই তোমাৰ ওচৰত এনেকুৱা চকু শীতলকাৰী বস্তু বিচাৰোঁ যিটো কেতিয়াও বিচ্ছিন্ন নহয়; আৰু ফয়চালাৰ পিছত তোমাৰ সন্তুষ্টি বিচাৰোঁ; আৰু মৃত্যুৰ পাছত শান্তিপূৰ্ণ জীৱন বিচাৰোঁ; আৰু মই তোমাৰ মুখমণ্ডলৰ প্ৰতি চাই থকাৰ সুখ বিচাৰোঁ, আৰু তোমাৰ সাক্ষাতৰ এই চাহিদাক কোনো ক্ষতিকৰ বিপদে অথবা কোনো বিভ্ৰান্তকাৰী ফিতনাই যেন বিনষ্ট কৰিব নোৱাৰে। হে আল্লাহ! আমাক ঈমানৰ সৌন্দৰ্য্যৰে সুশোভিত কৰা, আৰু আমাক হিদায়তকাৰী আৰু হিদায়তপ্ৰাপ্ত বনাই দিয়া।86

«اللَّهُمَّ إِنِّي أَسْأَلُكَ يَا أَللَّهُ بِأَنَّكَ الوَاحِدُ الأَحَدُ الصَّمَدُ الَّذِي لَمْ يَلِدْ وَلَمْ يُولَدْ، وَلَمْ يَكُنْ لَهُ كُفُوًا أَحَدٌ، أَنْ تَغْفِرَ لِي ذُنُوبِي إِنَّكَ أَنْتَ الغَفُورُ الرَّحِّيمُ».

"আল্লা-হুম্মা ইন্নী আছআলুকা য়া-আল্লাহ, বিআন্নাকাল ৱা-হিদুল আহাদুছ-চামাদ, আল্লাজী লাম য়ালিদ অলাম ইউলাদ, অলাম য়াকুল লাহু কুফুৱান আহাদ; আন তাগফিৰা লী জুনূবী, ইন্নাকা আন্তাল গাফূৰূৰ ৰাহীম।"

অৰ্থঃ হে আল্লাহ! মই তোমাৰ ওচৰতেই প্ৰাৰ্থনা কৰোঁ, কাৰণ একমাত্ৰ তুমিয়ে একক অদ্বিতীয়, তুমিয়ে সেই সত্ত্বা যিজন কাৰো মুখাপেক্ষী নহয়। যিয়ে কাকো জন্ম দিয়া নাই, আৰু নিজেও কাৰো পৰা জন্ম লোৱা নাই। যাৰ সমকক্ষ কোনো নাই। হে আল্লাহ! তুমি মোৰ গুনাহসমূহ ক্ষমা কৰি দিয়া, নিশ্চয় তুমি ক্ষমাশীল অত্যন্ত দয়ালু।87

«اللَّهُمَّ إِنِّي أَسْأَلُكَ بِأَنَّ لَكَ الحَمْدَ لَا إِلَهَ إِلَّا أَنْتَ وَحْدَكَ لَا شَرِيكَ لَكَ، المَنَّانُ، يَا بَدِيعَ السَّمَوَاتِ وَالأَرْضِ يَا ذَا الجَلَالِ وَالإِكْرَامِ، يَا حَيُّ يَا قَيُّومُ إِنِّي أَسْأَلُكَ الجَنَّةَ وَأَعُوذُ بِكَ مِنَ النَّارِ».

"আল্লা-হুম্মা ইন্নী আছআলুকা বিআন্না লাকাল হাম্দ, লা ইলা-হা ইল্লা আন্তা, অহদাকা লা শ্বাৰীকা লাকাল মান্না-ন, য়া বাদী'আচ্ছামাৱা-তি অল আৰ্জ, য়া জাল জালা-লি অল ইকৰা-ম, য়া হাইয়্যু য়া কাইয়্যুম; ইন্নী আছআলুকাল জান্নাহ, ৱা আউজুবিকা মিনান্না-ৰ।"

অৰ্থঃ হে আল্লাহ! মই একমাত্ৰ তোমাৰ ওচৰতেই প্ৰাৰ্থনা কৰোঁ। নিশ্চয় সকলো প্ৰশংসা তোমাৰেই, তোমাৰ বাহিৰে আন কোনো সত্য উপাস্য নাই, তুমি একক তথা অদ্বিতীয়, তোমাৰ কোনো অংশীদাৰ নাই। তুমিয়ে মহা অনুগ্ৰহশীল। হে আকাশমণ্ডল আৰু পৃথিৱীৰ অনন্য সৃষ্টিকৰ্তা! হে মহিমাময় আৰু মহা মৰ্যাদাৰ অধিকাৰী! হে চিৰঞ্জীৱ, সৰ্বসত্ত্বাৰ ধাৰক! মই তোমাৰ ওচৰত জান্নাত প্ৰাৰ্থনা কৰোঁ আৰু জাহান্নামৰ পৰা আশ্ৰয় বিচাৰোঁ।88

«اللَّهُمَّ إِنِّي أَسْأَلُكَ بِأَنَّي أَشْهَدُ أَنَّكَ أَنْتَ اللَّهُ لَا إِلَهَ إِلَّا أَنْتَ الأَحَدُ الصَّمَدُ الَّذِي لَمْ يَلِدْ وَلَمْ يُولَدْ وَلَمْ يَكُنْ لَهُ كُفُوًا أَحَدٌ».

"আল্লা-হুম্মা ইন্নী আছআলুকা বিআন্নী আশ্বহাদু আন্নাকা আন্তাল্লা-হ, লা ইলা-হা ইল্লা আন্তা, আল আহাদ, আচ্ছামাদ, আল্লাজী লাম য়ালিদ, অলাম ইউলাদ, অলাম য়াকুল লাহূ কুফুৱান আহাদ।"

অৰ্থঃ হে আল্লাহ! মই তোমাৰেই ওচৰত প্ৰাৰ্থনা কৰোঁ, কাৰণ মই সাক্ষ্য দিওঁ যে, তুমিয়েই আল্লাহ, যাৰ বাহিৰে আন কোনো সত্য ইলাহ নাই। তুমি একক, অমুখাপেক্ষী, যিয়ে কাকো জন্মও দিয়া নাই, নিজেও কাৰো পৰা জন্ম লোৱা নাই। তেওঁৰ সমকক্ষ কোনো নাই।89

২৫. নামাজৰ ছালাম ফিৰোৱাৰ পিছত পঢ়িবলগীয়া দুআসমূহ

«أَسْتَغْفِرُ اللَّهَ

"আস্তাগফিৰুল্লাহ।"

অৰ্থঃ মই আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰিছোঁ৷

তিনিবাৰ পঢ়িব।

اللَّهُمَّ أَنْتَ السَّلَامُ، وَمِنْكَ السَّلَامُ، تَبَارَكْتَ يَا ذَا الجَلَالِ وَالإِكْرَامِ».

"আল্লা-হুম্মা আন্তাছ ছালাম, অমিনকাছ ছালাম, তাবা-ৰাকতা ইয়া যাল-জালালি অল ইকৰাম।"

অৰ্থঃ হে আল্লাহ তুমিয়েই শান্তিময়, আৰু তোমাৰ পৰাই শান্তি বৰ্ষণ হয়, হে মহিমাময় আৰু মহানুভৱ! তুমি মহা বৰকতময়।90

«لَا إِلَهَ إِلَّا اللَّهُ وَحْدَهُ لَا شَرِيكَ لَهُ، لَهُ المُلْكُ وَلَهُ الحَمْدُ وَهُوَ عَلَى كُلِّ شَيْءٍ قَدِيرٌ

"লা ইলা-হা ইল্লাল্লা-হু অহদাহু লা শ্বাৰীকা লাহ, লাহুল মুল্কু অলাহুল হাম্দু, অহুৱা আলা কুল্লি শ্বাইয়িন ক্বাদীৰ।"

অৰ্থঃ আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। তেওঁ একক, তেওঁৰ কোনো অংশীদাৰ নাই। ৰাজত্ব তেওঁৰেই আৰু প্ৰশংসাও কেৱল তেওঁৰেই। তেওঁ সকলো ক্ষেত্ৰতে ক্ষমতাৱান।

তিনিবাৰ পঢ়িব।

اللَّهُمَّ لَا مَانِعَ لِمَا أَعْطَيْتَ، وَلَا مُعْطِيَ لِمَا مَنَعْتَ، وَلَا يَنْفَعُ ذَا الجَدِّ مِنْكَ الجَدُّ».

"আল্লা-হুম্মা লা মা-নিআ লিমা আ'ত্বাইতা, অলা মু'ত্বিয়া লিমা মানা'তা, অলা য়ানফাউ যাল-জাদ্দি মিনকাল জাদ্দু।"

অৰ্থঃ হে আল্লাহ! তুমি যিটো দিব বিচৰা সেইটো কোনেও ৰোধ কৰিব নোৱাৰে আৰু তুমি যিটোক বাধা দিয়া সেইটো কোনেও প্ৰদান কৰিব নোৱাৰে। লগতে কোনো মৰ্যাদাৱানৰ মৰ্যাদাই তোমাৰ ওচৰত কোনো উপকাৰ কৰিব নোৱাৰে।91

«لَا إِلَهَ إِلَّا اللَّهُ وَحْدَهُ لَا شَرِيكَ لَهُ، لَهُ المُلْكُ، وَلَهُ الحَمدُ، وَهُوَ عَلَى كُلِّ شَيْءٍ قَدِيرٌ، لَا حَوْلَ وَلَا قُوَّةَ إِلَّا بِاللَّهِ، لَا إِلَهَ إِلَّا اللَّهُ، وَلَا نَعْبُدُ إِلَّا إِيَّاهُ لَهُ النِّعْمَةُ وَلَهُ الفَضْلُ وَلَهُ الثَّنَاءُ الحَسَنُ، لَا إِلَهَ إِلَّا اللَّهُ مُخْلِصِينَ لَهُ الدِّينَ وَلَوْ كَرِهَ الكَافِرُونَ».

"লা ইলা-হা ইল্লাল্লা-হু অহদাহু লা শ্বাৰীকা লাহ, লাহুল মুল্কু অলাহুল হাম্দু, অহুৱা আলা কুল্লি শ্বাইয়িন ক্বাদীৰ। লা হাওলা অলা কুওৱাতা ইল্লা বিল্লাহ। লা ইলা-হা ইল্লাল্লা-হ, অলা না'বুদু ইল্লা ইয়্যাহ, লাহুন নি'মাহ, অলাহুল ফাজল, অলাহুচ ছানা উল হাছান, লা ইলা-হা ইল্লাল্লা-হু মুখলিচীনা লাহুদ দ্বীন, অলাও কাৰিহাল কাফিৰূন।"

অৰ্থঃ আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। তেওঁ একক, তেওঁৰ কোনো অংশীদাৰ নাই। ৰাজত্ব তেওঁৰেই আৰু প্ৰশংসাও কেৱল তেওঁৰেই। তেওঁ সকলো ক্ষেত্ৰতে ক্ষমতাৱান। সৰ্বশক্তিমান আল্লাহৰ বাহিৰে আন কাৰো শক্তি নাই তথা ক্ষমতাও নাই। আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। আমি একমাত্ৰ তেওঁৰেই ইবাদত কৰোঁ। নিয়ামত একমাত্ৰ তেওঁৰেই আৰু তেওঁৰেই অনুগ্ৰহ আৰু উত্তম প্ৰশংসা তেওঁৰ বাবেই নিৰ্দিষ্ট। আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। যাৱতীয় ইবাদত নিৰ্ভেজালভাৱে একমাত্ৰ তেওঁৰেই প্ৰাপ্য, যদিও কাফিৰসকলে অপছন্দ কৰে।92

«سُبْحَانَ اللَّهِ، وَالحَمْدُ لِلَّهِ، وَاللَّهُ أَكْبَرُ

“ছুবহা-নাল্লাহ, অলহাম্দুলিল্লাহ, অল্লা-হু আকবাৰ।’’

অৰ্থঃ আল্লাহ পৱিত্ৰ, সকলো প্ৰশংসা আল্লাহৰ বাবে, আৰু আল্লাহ আটাইতকৈ মহান।

৩৩ বাৰ পঢ়িব।

لَا إِلَهَ إِلَّا اللَّهُ وَحْدَهُ لَا شَرِيكَ لَهُ، لَهُ المُلْكُ وَلَهُ الحَمْدُ وَهُوَ عَلَى كُلِّ شَيْءٍ قَدِيرٌ».

“লা ইলা-হা ইল্লাল্লা-হু অহদাহু লা শ্বাৰীকা লাহ, লাহুল মুল্কু অলাহুল হাম্দু, অহুৱা আলা কুল্লি শ্বাইয়িন ক্বাদীৰ।”

অৰ্থঃ আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। তেওঁ একক, তেওঁৰ কোনো অংশীদাৰ নাই। ৰাজত্ব তেওঁৰেই আৰু প্ৰশংসাও কেৱল তেওঁৰেই। তেওঁ সকলো ক্ষেত্ৰতে ক্ষমতাৱান।93

﴿قُلۡ هُوَ ٱللَّهُ أَحَدٌ1 ٱللَّهُ ٱلصَّمَدُ2 لَمۡ يَلِدۡ وَلَمۡ يُولَدۡ3 وَلَمۡ يَكُن لَّهُۥ كُفُوًا أَحَدُۢ4﴾

কোৱা, ‘তেওঁ আল্লাহ, একক-অদ্বিতীয়,

আল্লাহ হৈছে ছামাদ; (তেওঁ কাৰো মুখাপেক্ষী নহয়, সকলো তেওঁৰেই মুখাপেক্ষী),

তেওঁ কাকো জন্ম দিয়া নাই আৰু তেৱোঁ (কাৰো পৰা) জন্ম লোৱা নাই,

আৰু তেওঁৰ সমতুল্য কোনো নাই’।

(ছুৰা আল-ইখলাচঃ ১-৪)

﴿قُلۡ أَعُوذُ بِرَبِّ ٱلۡفَلَقِ1 مِن شَرِّ مَا خَلَقَ2 وَمِن شَرِّ غَاسِقٍ إِذَا وَقَبَ3 وَمِن شَرِّ ٱلنَّفَّٰثَٰتِ فِي ٱلۡعُقَدِ4 وَمِن شَرِّ حَاسِدٍ إِذَا حَسَدَ5﴾

কোৱা, মই আশ্ৰয় বিচাৰোঁ ঊষাৰ প্ৰতিপালকৰ।

তেওঁ যি সৃষ্টি কৰিছে তাৰ অনিষ্টৰ পৰা,

আৰু ৰাতিৰ অন্ধকাৰৰ অনিষ্টৰ পৰা, যেতিয়া ই গভীৰ হয়,

আৰু সেইসকল নাৰীৰ অনিষ্টৰ পৰা যিসকলে গাঁঠিত ফুঁ দিয়ে,

আৰু হিংসুকৰ অনিষ্টৰ পৰা, যেতিয়া সি হিংসা কৰে। (ছুৰা আল-ফালাক্বঃ ১-৫)

﴿قُلۡ أَعُوذُ بِرَبِّ ٱلنَّاسِ1 مَلِكِ ٱلنَّاسِ2 إِلَٰهِ ٱلنَّاسِ3 مِن شَرِّ ٱلۡوَسۡوَاسِ ٱلۡخَنَّاسِ4 ٱلَّذِي يُوَسۡوِسُ فِي صُدُورِ ٱلنَّاسِ5 مِنَ ٱلۡجِنَّةِ وَٱلنَّاسِ6﴾

কোৱা- মই মানুহৰ প্ৰতিপালকৰ আশ্ৰয় প্ৰাৰ্থনা কৰিছোঁ,

মানুহৰ অধিপতিৰ,

মানুহৰ ইলাহৰ ওচৰত,

আত্মগোপনকাৰী কুমন্ত্ৰণাদাতাৰ অনিষ্টৰ পৰা,

যিয়ে মানুহৰ মনত কুমন্ত্ৰণা দিয়ে,

জিনৰ মাজৰ পৰা আৰু মানুহৰ মাজৰ পৰা।

(ছুৰা আন-নাছঃ ১-৬)

প্ৰত্যেক নামাজৰ পিছত পঢ়িব লাগে৷94

﴿ٱللَّهُ لَآ إِلَٰهَ إِلَّا هُوَ ٱلۡحَيُّ ٱلۡقَيُّومُۚ لَا تَأۡخُذُهُۥ سِنَةٞ وَلَا نَوۡمٞۚ لَّهُۥ مَا فِي ٱلسَّمَٰوَٰتِ وَمَا فِي ٱلۡأَرۡضِۗ مَن ذَا ٱلَّذِي يَشۡفَعُ عِندَهُۥٓ إِلَّا بِإِذۡنِهِۦۚ يَعۡلَمُ مَا بَيۡنَ أَيۡدِيهِمۡ وَمَا خَلۡفَهُمۡۖ وَلَا يُحِيطُونَ بِشَيۡءٖ مِّنۡ عِلۡمِهِۦٓ إِلَّا بِمَا شَآءَۚ وَسِعَ كُرۡسِيُّهُ ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضَۖ وَلَا يَـُٔودُهُۥ حِفۡظُهُمَاۚ وَهُوَ ٱلۡعَلِيُّ ٱلۡعَظِيمُ255﴾

"আল্লা-হু লা ইলা-হা ইল্লা হুৱাল হাইয়্যুল কাইয়্যূম, লা তা’খুযুহু ছিনাতুঁও অলা নাওম, লাহু মা ফিছ ছামা-ৱা-তি অমা ফিল আৰ্দ্ব, মাং যাল্লাযী য়াশ্বফাউ ইন্দাহু ইল্লা বিইযনিহ, য়া’লামু মা বাইনা আইদীহিম অমা খলফাহুম, অলা যুহীতূনা বিশ্বাইয়িম মিন ইলমিহী ইল্লা বিমা শ্বা-আ, অছিআ কুৰছিয়্যুহুছ ছামা-ৱা-তি অল আৰ্দ্ব, অলা য়াউদুহু হিফযুহুমা, অহুৱাল আলিয়্যুল আজীম।"

অৰ্থঃ আল্লাহ, তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই। তেওঁ চিৰঞ্জীৱ, সকলো সত্ত্বাৰ ধাৰক। তেওঁক কলাঘূমটিও স্পৰ্শ কৰিব নোৱাৰে আৰু টোপনিও নহয়। আকাশমণ্ডলত যি আছে আৰু পৃথিৱীত যি আছে সকলো তেওঁৰেই। কোন আছে এনেকুৱা, যিয়ে তেওঁৰ অনুমতি অবিহনে তেওঁৰ ওচৰত চুপাৰিছ কৰিব পাৰিব? সিহঁতৰ সন্মুখত আৰু পাছত যি যি আছে সেই সকলো তেওঁ জানে; আৰু তেওঁ যি ইচ্ছা কৰে সেইখিনিৰ বাহিৰে তেওঁৰ জ্ঞানৰ একোৱেই সিহঁতে আয়ত্ত কৰিব নোৱাৰে। তেওঁৰ কুৰছী আকাশমণ্ডল আৰু পৃথিৱীক পৰিব্যপ্ত কৰি আছে; আৰু এই দুটাৰ ৰক্ষণাবেক্ষণ তেওঁৰ বাবে বোজা নহয়; আৰু তেওঁ সুউচ্চ, সুমহান।

(ছুৰা আল-বাক্বাৰাহঃ ২৫৫) প্ৰত্যেক নামাজৰ পিছত পঢ়িব লাগে৷95

«لَا إِلَهَ إِلَّا اللَّهُ وَحْدَهُ لَا شَرِيكَ لَهُ، لَهُ المُلْكُ وَلَهُ الحَمْدُ يُحْيِي وَيُمِيتُ وَهُوَ عَلَى كُلِّ شَيْءٍ قَدِيرٌ».

“লা ইলা-হা ইল্লাল্লা-হু অহদাহু লা শ্বাৰীকা লাহু, লাহুল মুল্কু অলাহুল হাম্দু, য়ুহয়ী অয়ুমীতু অহুৱা আলা কুল্লি শ্বাইয়িন ক্বাদীৰ।’’

অৰ্থঃ আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। তেওঁ একক, তেওঁৰ কোনো অংশীদাৰ নাই। ৰাজত্ব তেওঁৰেই আৰু প্ৰশংসাও কেৱল তেওঁৰেই। তেওঁ জীৱন দান কৰে আৰু মৃত্যু দিয়ে। তেওঁ সকলো ক্ষেত্ৰতে ক্ষমতাৱান।

মাগৰিব আৰু ফজৰৰ নামাজৰ পিছত দহবাৰকৈ পঢ়িব লাগে৷96

«اللَّهُمَّ إِنِّي أَسْأَلُكَ عِلْمًا نافِعًا، وَرِزْقًا طَيِّبًا، وَعَمَلًا مُتَقَبَّلًا».

"আল্লা-হুম্মা ইন্নী আছআলুকা ইল্মান না-ফিআ, অৰিঝক্বান ত্বাইয়্যিবা, ৱা আমালান মুতাক্বাব্বালা।"

অৰ্থঃ হে আল্লাহ! মই তোমাৰ ওচৰত উপকাৰী জ্ঞান, পৱিত্ৰ জীৱিকা আৰু গ্ৰহণযোগ্য আমলৰ তাওফীক বিচাৰোঁ।

بَعْدَ السَّلامِ مِنْ صَلَاةِ الفَجْرِ.

ফজৰৰ নামাজৰ ছালাম ফিৰোৱাৰ পিছত পঢ়িব লাগে৷97

২৬. ইস্তিখাৰা ছালাতৰ দুআ।

জাবিৰ বিন আব্দুল্লাহ ৰাদ্বিয়াল্লাহু আনহুমাই কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে আমাক যাৱতীয় কামৰ ক্ষেত্ৰতে ইস্তিখাৰা কৰিবলৈ শিকাইছিল, যিদৰে তেখেতে আমাক কোৰআনৰ ছুৰা শিকাইছিল। তেখেতে কৈছেঃ

«إِذَا هَمَّ أَحَدُكُمْ بِالأَمْرِ فَلْيَرْكَعْ رَكْعَتَيْنِ مِنْ غَيْرِ الفَرِيضَةِ، ثُمَّ لْيَقُلْ:

"যেতিয়া তোমালোকৰ মাজৰ কোনোবাই কোনো কামৰ মনস্থ কৰে, তেতিয়া তেওঁ ফৰজ নামাজৰ বাহিৰে দুই ৰাকাত নামাজ পঢ়ি লোৱা উচিত, তাৰ পিছত ক’বঃ

اللَّهُمَّ إِنِّي أَسْتَخِيرُكَ بِعِلْمِكَ، وَأَسْتَقْدِرُكَ بِقُدْرَتِكَ، وَأَسْأَلُكَ مِنْ فَضْلِكَ العَظِيمِ؛ فَإِنَّكَ تَقْدِرُ وَلَا أَقْدِرُ، وَتَعْلَمُ وَلَا أَعْلَمُ، وَأَنْتَ عَلَّامُ الغُيُوبِ، اللَّهُمَّ إِنْ كُنْتَ تَعْلَمُ أَنَّ هَذَا الأمْرَ - وَيُسَمِّي حَاجَتَهُ - خَيْرٌ لِي فِي دِينِي وَمَعَاشِي وَعَاقِبَةِ أَمْرِي – أَوْ قَالَ: عَاجِلِهِ وَآجِلِهِ - فَاقْدُرْهُ لِي وَيَسِّرْهُ لِي ثمَّ بَارِكْ لِي فِيهِ، وَإِنْ كُنْتَ تَعْلَمُ أَنَّ هَذَا الْأَمْرَ شَرٌّ لِي فِي دِينِي وَمَعَاشِي وَعَاقِبَةِ أَمْرِي – أَوْ قَالَ: عَاجِلِهِ وَآجِلِهِ – فَاصْرِفْهُ عَنِّي وَاصْرِفْنِي عَنْهُ وَاقْدُرْ لِيَ الْخَيْرَ حَيْثُ كَانَ، ثُمَّ أَرْضِنِي بِهِ».

"আল্লা-হুম্মা ইন্নি আস্তাখীৰুকা বিইল্মিকা, ৱা আস্তাক্বদিৰুকা বিকুদ্ৰাতিকা, ৱা আছআলুকা মিন ফাজলিকাল আযীম; ফা-ইন্নাকা তাক্বদিৰু অলা আক্বদিৰু, অতা'লামু অলা আ'লামু, ৱা আন্তা আল্লামুল গুয়ূব, আল্লা-হুম্মা ইন কুন্তা তা'লামু আন্না হা-জাল আম্ৰা - ৱা ইউছাম্মি হা-জাতাহু - খাইৰুন লি ফী দ্বীনি অমাআ-শ্বি ৱা আ-ক্বিবাতি আম্ৰি - আও ক্বা-লা: আ'-জিলিহি ৱা আ-জিলিহি - ফাক্বদুৰহু লি ৱা ইয়াচ্ছিৰহু লি ছুম্মা বা-ৰিক লী ফীহ, ৱা ইন কুন্তা তা'লামু আন্না হা-জাল আম্ৰা শ্বাৰ্ৰুন লী ফী দ্বীনি ৱা মাআ-শ্বি ৱা আ-ক্বিবাতি আম্ৰি - আও ক্বা-লা: আ'-জিলিহি ৱা আ-জিলিহি - ফাছৰিফহু আন্নী অছৰিফনি আনহু অক্বদুৰ লিয়াল খাইৰা হাইছু কা-না, ছুম্মা আৰজিনি বিহ।"

অৰ্থঃ হে আল্লাহ! মই তোমাৰ ওচৰত কল্যাণকৰ বিষয়টো প্ৰাৰ্থনা কৰিছোঁ তোমাৰ ইল্মৰ মাধ্যমত, আৰু মই তোমাৰ ওচৰত সামৰ্থ কামনা কৰিছোঁ তোমাৰ কুদৰতৰ দ্বাৰা। লগতে তোমাৰ ওচৰত তোমাৰ মহা অনুগ্ৰহ কামনা কৰিছোঁ। কাৰণ তোমাৰ ক্ষমতা আছে, মোৰ ক্ষমতা নাই। তুমি জনা, আৰু মই নাজানো। নিশ্চয় তুমি গায়েব সম্পৰ্কে সৰ্বাধিক জ্ঞানী। হে আল্লাহ! যদি তুমি জানা যে, এই কামটো - ইয়াত নিজৰ প্ৰয়োজনৰ নাম ল'ব - মোৰ দ্বীনি, দুনিয়াৱী আৰু শেষ পৰিণতিৰ বাবে কল্যাণকৰ হয় – অথবা এইদৰে ক'ব যে, ইহকাল আৰু পৰকালৰ বাবে কল্যাণকৰ হয় – তেন্তে এইটো মোৰ বাবে নিৰ্ধাৰিত কৰি দিয়া আৰু মোৰ বাবে সহজ কৰি দিয়া, তাৰ পিছত এই ক্ষেত্ৰত মোক বৰকত দান কৰা। আনহাতে যদি তুমি জানা যে, এই কামটো মোৰ পক্ষে বেয়া, মোৰ দ্বীনি, দুনিয়াৱী আৰু শেষ পৰিণতিৰ বাবে বেয়া– অথবা এইদৰে ক'ব যে, ইহকাল আৰু পৰকালৰ বাবে বেয়া– তেন্তে এইটোক মোৰ পৰা আঁতৰাই দিয়া, আৰু মোকো সেইটোৰ পৰা আঁতৰাই দিয়া। লগতে য'ত কল্যাণ আছে সেইটো মোক নচীব কৰা, তাৰ পিছত মোক তাৰ প্ৰতি সন্তুষ্ট কৰি দিয়া।98

যি ব্যক্তিয়ে সৃষ্টিকৰ্তাৰ ওচৰত ইস্তিখাৰা কৰে, মুমিন বান্দাসকলৰ লগত পৰামৰ্শ কৰে আৰু নিজৰ কামত স্থিৰ থাকে, তেওঁ কেতিয়াও লজ্জিত হ’বলগীয়া নহয়। যেনে- আল্লাহ চুবহানাহু ৱা তাআলাই কৈছেঃ

﴿...وَشَاوِرۡهُمۡ فِي ٱلۡأَمۡرِۖ فَإِذَا عَزَمۡتَ فَتَوَكَّلۡ عَلَى ٱللَّهِ...﴾

"...কাম-কাজৰ বাবে সিহঁতৰ লগত পৰামৰ্শ কৰা, তাৰ পিছত তুমি কোনো সংকল্প কৰিলে আল্লাহৰ ওপৰত নিৰ্ভৰ কৰা...৷"99

২৭. পুৱা-গধূলি পঢ়িবলগীয়া আজকাৰসমূহ

“সকলো ধৰণৰ প্ৰশংসা একমাত্ৰ আল্লাহৰ বাবে, দৰূদ আৰু ছালাম বৰ্ষিত হওক সেই অন্তিম নবীৰ ওপৰত, যাৰ পিছত আন কোনো নবী নাই৷”100

আউজু বিল্লা-হি মিনাশ্ব শ্বাইত্বনিৰ ৰাজীম৷

﴿ٱللَّهُ لَآ إِلَٰهَ إِلَّا هُوَ ٱلۡحَيُّ ٱلۡقَيُّومُۚ لَا تَأۡخُذُهُۥ سِنَةٞ وَلَا نَوۡمٞۚ لَّهُۥ مَا فِي ٱلسَّمَٰوَٰتِ وَمَا فِي ٱلۡأَرۡضِۗ مَن ذَا ٱلَّذِي يَشۡفَعُ عِندَهُۥٓ إِلَّا بِإِذۡنِهِۦۚ يَعۡلَمُ مَا بَيۡنَ أَيۡدِيهِمۡ وَمَا خَلۡفَهُمۡۖ وَلَا يُحِيطُونَ بِشَيۡءٖ مِّنۡ عِلۡمِهِۦٓ إِلَّا بِمَا شَآءَۚ وَسِعَ كُرۡسِيُّهُ ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضَۖ وَلَا يَـُٔودُهُۥ حِفۡظُهُمَاۚ وَهُوَ ٱلۡعَلِيُّ ٱلۡعَظِيمُ255﴾

"আল্লা-হু লা ইলা-হা ইল্লা হুৱাল হাইয়্যুল কাইয়্যূম, লা তা’খুযুহু ছিনাতুঁও অলা নাওম, লাহু মা ফিছ ছামা-ৱা-তি অমা ফিল আৰ্দ্ব, মাং যাল্লাযী য়াশ্বফাউ ইন্দাহু ইল্লা বিইযনিহ, য়া’লামু মা বাইনা আইদীহিম অমা খলফাহুম, অলা যুহীতূনা বিশ্বাইয়িম মিন ইলমিহী ইল্লা বিমা শ্বা-আ, অছিআ কুৰছিয়্যুহুছ ছামা-ৱা-তি অল আৰ্দ্ব, অলা য়াউদুহু হিফযুহুমা, অহুৱাল আলিয়্যুল আজীম।"

অৰ্থঃ আল্লাহ, তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই। তেওঁ চিৰঞ্জীৱ, সকলো সত্ত্বাৰ ধাৰক। তেওঁক কলাঘূমটিও স্পৰ্শ কৰিব নোৱাৰে আৰু টোপনিও নহয়। আকাশমণ্ডলত যি আছে আৰু পৃথিৱীত যি আছে সকলো তেওঁৰেই। কোন আছে এনেকুৱা, যিয়ে তেওঁৰ অনুমতি অবিহনে তেওঁৰ ওচৰত চুপাৰিছ কৰিব পাৰিব? সিহঁতৰ সন্মুখত আৰু পাছত যি যি আছে সেই সকলো তেওঁ জানে; আৰু তেওঁ যি ইচ্ছা কৰে সেইখিনিৰ বাহিৰে তেওঁৰ জ্ঞানৰ একোৱেই সিহঁতে আয়ত্ত কৰিব নোৱাৰে। তেওঁৰ কুৰছী আকাশমণ্ডল আৰু পৃথিৱীক পৰিব্যপ্ত কৰি আছে; আৰু এই দুটাৰ ৰক্ষণাবেক্ষণ তেওঁৰ বাবে বোজা নহয়; আৰু তেওঁ সুউচ্চ, সুমহান।

(ছুৰা আল-বাক্বাৰাহঃ ২৫৫)101

﴿قُلۡ هُوَ ٱللَّهُ أَحَدٌ1 ٱللَّهُ ٱلصَّمَدُ2 لَمۡ يَلِدۡ وَلَمۡ يُولَدۡ3 وَلَمۡ يَكُن لَّهُۥ كُفُوًا أَحَدُۢ4﴾

কোৱা, ‘তেওঁ আল্লাহ, একক-অদ্বিতীয়,

আল্লাহ হৈছে ছামাদ; (তেওঁ কাৰো মুখাপেক্ষী নহয়, সকলো তেওঁৰেই মুখাপেক্ষী),

তেওঁ কাকো জন্ম দিয়া নাই আৰু তেৱোঁ (কাৰো পৰা) জন্ম লোৱা নাই,

আৰু তেওঁৰ সমতুল্য কোনো নাই’।

(ছুৰা আল-ইখলাচঃ ১-৪)

﴿قُلۡ أَعُوذُ بِرَبِّ ٱلۡفَلَقِ1 مِن شَرِّ مَا خَلَقَ2 وَمِن شَرِّ غَاسِقٍ إِذَا وَقَبَ3 وَمِن شَرِّ ٱلنَّفَّٰثَٰتِ فِي ٱلۡعُقَدِ4 وَمِن شَرِّ حَاسِدٍ إِذَا حَسَدَ5﴾

কোৱা, মই আশ্ৰয় বিচাৰোঁ ঊষাৰ প্ৰতিপালকৰ।

তেওঁ যি সৃষ্টি কৰিছে তাৰ অনিষ্টৰ পৰা,

আৰু ৰাতিৰ অন্ধকাৰৰ অনিষ্টৰ পৰা, যেতিয়া ই গভীৰ হয়,

আৰু সেইসকল নাৰীৰ অনিষ্টৰ পৰা যিসকলে গাঁঠিত ফুঁ দিয়ে,

আৰু হিংসুকৰ অনিষ্টৰ পৰা, যেতিয়া সি হিংসা কৰে।

(ছুৰা আল-ফালাক্বঃ ১-৫)

﴿قُلۡ أَعُوذُ بِرَبِّ ٱلنَّاسِ1 مَلِكِ ٱلنَّاسِ2 إِلَٰهِ ٱلنَّاسِ3 مِن شَرِّ ٱلۡوَسۡوَاسِ ٱلۡخَنَّاسِ4 ٱلَّذِي يُوَسۡوِسُ فِي صُدُورِ ٱلنَّاسِ5 مِنَ ٱلۡجِنَّةِ وَٱلنَّاسِ6﴾

কোৱা- মই মানুহৰ প্ৰতিপালকৰ আশ্ৰয় প্ৰাৰ্থনা কৰিছোঁ,

মানুহৰ অধিপতিৰ,

মানুহৰ ইলাহৰ ওচৰত

আত্মগোপনকাৰী কুমন্ত্ৰণাদাতাৰ অনিষ্টৰ পৰা,

যিয়ে মানুহৰ মনত কুমন্ত্ৰণা দিয়ে,

জিনৰ মাজৰ পৰা আৰু মানুহৰ মাজৰ পৰা।

(ছুৰা আন-নাছঃ ১-৬) তিনিবাৰ পঢ়িব৷102

«أَصْبَحْنَا وَأَصْبَحَ المُلْكُ لِلَّهِ، وَالحَمْدُ لِلَّهِ، لَا إِلَهَ إلَّا اللَّهُ وَحْدَهُ لَا شَرِيكَ لَهُ، لَهُ الْمُلْكُ وَلَهُ الحَمْدُ وَهُوَ عَلَى كُلِّ شَيْءٍ قَدِيرٌ، رَبِّ أَسْأَلُكَ خَيْرَ مَا فِي هَذَا اليَوْمِ وَخَيرَ مَا بَعْدَهُ، وَأَعُوذُ بِكَ مِنْ شَرِّ مَا فِي هَذَا اليَوْمِ وَشَرِّ مَا بَعْدَهُ، رَبِّ أَعُوذُ بِكَ مِنَ الكَسَلِ وَسُوءِ الكِبَرِ، رَبِّ أَعُوذُ بِكَ مِنْ عَذَابٍ فِي النَّارِ وَعَذَابٍ فِي القَبْرِ».

“আচবাহনা ওৱা আছবাহাল মুল্কু লিল্লা-হ। অল হামদু লিল্লা-হ ৷ লা ইলা-হা ইল্লাল্লা-হু অহদাহু লা শ্বাৰীকা লাহ, লাহুল মুল্কু অলাহুল হাম্দু, অহুৱা আলা কুল্লি শ্বাইয়িন ক্বাদীৰ। ৰাব্বি আছআলুকা খাইৰা মা ফী হা-জাল ইয়াওম অখাইৰা মা বা’দাহ। ৱা আউজু বিকা মিন শ্বাৰ্ৰি মা ফী হা-জাল ইয়াউম অশ্বাৰ্ৰি মা বা’দাহ। ৰাব্বি আউজুবিকা মিনাল কাছলি অছু-য়িল কিবাৰ। ৰাব্বি আউজুবিকা মিন আজা-বিন ফিন না-ৰ, ৱা আজা-বিন ফিল কাব্ৰ”।

অৰ্থ: “আমি প্ৰভাত কৰিলোঁ আৰু আল্লাহৰ জগতসমূহেও প্ৰভাত কৰিলে। সকলো ধৰণৰ প্ৰশংসা আল্লাহৰেই; আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই, তেওঁ একক। তেওঁৰ কোনো অংশীদাৰ নাই। ৰাজত্ব তেওঁৰেই আৰু প্ৰশংসাও কেৱল তেওঁৰেই। তেওঁ সকলো ক্ষেত্ৰতে ক্ষমতাৱান। হে আল্লাহ! এই দিনৰ যি কল্যাণ আছে আৰু যি ইয়াৰ পিছত আছে সেইটো মই কামনা কৰোঁ। লগতে এই দিনৰ অমঙ্গলৰ পৰা আৰু ইয়াৰ পিছৰ অমঙ্গলৰ পৰা মই তোমাৰ আশ্ৰয় বিচাৰোঁ। হে মোৰ ৰব্ব! মই অলসতা আৰু বৃদ্ধাৱস্থাৰ অসহায়ৰ পৰা তোমাৰ আশ্ৰয় বিচাৰোঁ। হে মোৰ প্ৰতিপালক! মই জাহান্নামৰ জুইৰ শাস্তিৰ পৰা আৰু কবৰৰ শাস্তিৰ পৰা তোমাৰ আশ্ৰয় বিচাৰোঁ।”103

আৰু সন্ধিয়া এইদৰে ক'বঃ

«أَمْسَيْنَا وَأَمْسَى الْمُلْكُ لِلَّهِ، وَالحَمْدُ لِلَّهِ، لَا إِلَهَ إلَّا اللَّهُ وَحْدَهُ لَا شَرِيكَ لَهُ، لَهُ الْمُلْكُ وَلَهُ الحَمْدُ وَهُوَ عَلَى كُلِّ شَيْءٍ قَدِيرٌ، رَبِّ أَسْأَلُكَ خَيْرَ مَا فِي هَذِهِ اللَّيْلَةِ، وَخَيْرَ مَا بَعْدَهَا، وَأَعُوذُ بِكَ مِنْ شَرِّ مَا فِي هَذِهِ اللَّيْلَةِ، وَشَرِّ مَا بَعْدَهَا، رَبِّ أَعُوذُ بِكَ مِنَ الكَسَلِ وَسُوءِ الكِبَرِ، رَبِّ أَعُوذُ بِكَ مِنْ عَذَابٍ فِي النَّارِ وَعَذَابٍ فِي القَبْرِ».

“আমছাইনা ৱা আমছাল মুল্কু লিল্লা-হ। অল হাম্দু লিল্লা-হ ৷ লা ইলা-হা ইল্লাল্লা-হু অহদাহু লা শ্বাৰীকালাহ, লাহুল মুল্‌কু অলাহুল হামদু অহুৱা আলা কুল্লি শ্বাইয়িন কাদীৰ। ৰাব্বী আছআলুকা খাইৰা মা ফী হা-জিহিল লাইলাহ। অখাইৰামা বা’দাহা। ৱা আউজু বিকা মিন শ্বাৰ্ৰি হা-জিহিল লাইলাহ। অশ্বাৰ্ৰি মা বা’দাহা। ৰাব্বি আউজুবিকা মিনাল কাছ্‌লি, অছু-য়িল কিবাৰ, ৰাব্বি আউজুবিকা মিন আজা-বিন ফিন্না-ৰ, ৱা আজা-বিন ফিল কাব্ৰ”।

অৰ্থ: আমি সন্ধিয়াত উপনীত হৈছোঁ আৰু আল্লাহৰ জগতসমূহেও সন্ধিয়াত উপনীত হৈছে। সকলো ধৰণৰ প্ৰশংসা আল্লাহৰেই; আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই, তেওঁ একক। তেওঁৰ কোনো অংশীদাৰ নাই। ৰাজত্ব তেওঁৰেই, আৰু প্ৰশংসাও তেওঁৰেই ৷ তেওঁ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান। হে আল্লাহ! এই ৰাতিৰ যি কল্যাণ আছে আৰু যি ইয়াৰ পিছত আছে সেইটো মই কামনা কৰোঁ। লগতে এই ৰাতিৰ অমঙ্গলৰ পৰা আৰু ইয়াৰ পিছৰ অমঙ্গলৰ পৰা মই তোমাৰ আশ্ৰয় বিচাৰোঁ। হে মোৰ ৰব্ব! মই অলসতা আৰু বৃদ্ধাৱস্থাৰ অসহায়ৰ পৰা তোমাৰ আশ্ৰয় বিচাৰোঁ। হে মোৰ প্ৰতিপালক! মই জাহান্নামৰ জুইৰ পৰা আৰু কবৰৰ শাস্তিৰ পৰা তোমাৰ আশ্ৰয় বিচাৰোঁ।104

«اللَّهُمَّ بِكَ أَصْبَحْنَا، وَبِكَ أَمْسَيْنَا، وَبِكَ نَحْيَا، وَبِكَ نَمُوتُ وَإِلَيْكَ النُّشُورُ».

“আল্লা-হুম্মা বিকা আছবাহনা, অবিকা আমছাইনা, অবিকা নাহয়া, অবিকা নামূতু, অ ইলাইকান নুশ্বু-ৰ৷”

অৰ্থ: হে আল্লাহ! তোমাৰ নামতে আমি প্ৰভাত কৰিলোঁ আৰু তোমাৰ নামতে আমি ৰাতিত প্রৱেশ কৰিছোঁ আৰু তোমাৰ নামতে আমি জীৱিত হওঁ আৰু তোমাৰ নামতে আমি মৃত্যুবৰণ কৰোঁ আৰু তোমাৰ ফালেই উভতি যাম।105

আৰু সন্ধিয়া হ'লে এনেকৈ ক'বঃ

«اللَّهُمَّ بِكَ أَمْسَيْنَا، وَبِكَ أَصْبَحْنَا، وَبِكَ نَحْيَا، وَبِكَ نَمُوتُ، وَإِلَيْكَ الْمَصِيرُ».

“আল্লা-হুম্মা বিকা আমছাইনা, অবিকা আচবাহনা, অবিকা নাহয়া, অবিকা নামূতু, ৱা ইলাইকাল মাচীৰ৷”

অৰ্থ: হে আল্লাহ! আমি তোমাৰ নামতে সন্ধিয়াত উপনীত হৈছোঁ আৰু তোমাৰ নামতে আমি প্ৰভাত কৰিছোঁ আৰু তোমাৰ নামতে আমি জীৱিত হওঁ আৰু তোমাৰ নামতে আমি মৃত্যুবৰণ কৰোঁ আৰু তোমাৰ ওচৰলৈকেই আমাৰ শেষ ঠিকনা।106

«اللَّهُمَّ أَنْتَ رَبِّي لَا إِلَهَ إِلَّا أَنْتَ، خَلَقْتَنِي وَأَنَا عَبْدُكَ، وَأَنَا عَلَى عَهْدِكَ وَوَعْدِكَ مَا اسْتَطَعْتُ، أَعُوذُ بِكَ مِنْ شَرِّ مَا صَنَعْتُ، أَبُوءُ لَكَ بِنِعْمَتِكَ عَلَيَّ، وَأَبُوءُ بِذَنْبِي فَاغْفِرْ لِي فَإِنَّهُ لَا يَغْفِرُ الذُّنُوبَ إِلَّا أَنْتَ».

“আল্লা-হুম্মা আন্তা ৰাব্বী, লা ইলা-হা ইল্লা আন্তা, খালাক্বতানী ৱা আনা আব্দুক, ৱা আনা আলা আহদিকা, ৱা অ'দিকা মাচ-তাত্বা'তু। আউজুবিকা মিন শ্বাৰ্ৰি মা চানা'তু। আবুও লাকা বিনি'মাতিকা আলাইয়্য়া, ৱা আবুও বিজান্বী, ফাগফিৰলী, ফা ইন্নাহু লা য়াগফিৰুজ জুনূবা ইল্লা আন্তা।”

অৰ্থঃ হে আল্লাহ! তুমিয়েই মোৰ ৰব্ব। তোমাৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। তুমিয়েই মোক সৃষ্টি কৰিছা, মই তোমাৰ বান্দা। মই তোমাৰ প্ৰতিশ্ৰুতিৰ ওপৰত সাধ্যানুসাৰে প্ৰতিষ্ঠিত। মই যি কৰিছোঁ তাৰ অন্যায়ৰ পৰা মই তোমাৰ ওচৰত আশ্ৰয় বিচাৰোঁ। তুমি মোক যি নিয়ামত প্ৰদান কৰিছা তাৰ বাবে মই তোমাৰ ওচৰত কৃতজ্ঞ। মই মোৰ গুনাহ কবুল কৰিছোঁ। গতিকে তুমি মোক ক্ষমা কৰি দিয়া, কাৰণ নিশ্চিতভাৱে তোমাৰ বাহিৰে আন কোনেও গুনাহ ক্ষমা কৰিব নোৱাৰে।107108

«اللَّهُمَّ إِنِّي أَصْبَحْتُ أُشْهِدُكَ، وَأُشْهِدُ حَمَلَةَ عَرْشِكَ، وَمَلَائِكَتِكَ، وَجَمِيعَ خَلْقِكَ، أَنَّكَ أَنْتَ اللَّهُ لَا إِلَهَ إِلَّا أَنْتَ وَحْدَكَ لَا شَرِيكَ لَكَ، وَأَنَّ مُحَمَّدًا عَبْدُكَ وَرَسُولُكَ».

“আল্লা-হুম্মা ইন্নি আছবাহতু উশ্বহিদুক, ৱা উশ্বহিদু হামালাতা আৰ্শ্বিক, অমালা-ইকাতিক, অজামীআ খালক্বিক, আন্নাকা আন্তাল্লাহ, লা ইলা-হা ইল্লা আন্তা, অহদাকা লা শ্বাৰীকা লাক, ৱা আন্না মুহাম্মাদান আব্দুকা অ ৰাছুলুক৷”

অৰ্থ: হে আল্লাহ! মই তোমাক আৰু তোমাৰ সিংহাসন বহনকাৰীসকলক, তোমাৰ ফিৰিস্তাসকলক সাক্ষী ৰাখি প্ৰভাত কৰিলোঁ, লগতে তোমাৰ গোটেই সৃষ্টিক সাক্ষী ৰাখি কওঁ যে, তুমিয়েই আল্লাহ, তোমাৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। তুমি একক, তোমাৰ কোনো অংশীদাৰ নাই। নিশ্চয় মুহাম্মাদ (চাল্লাল্লাহু আলাইহি অছাল্লাম) হৈছে তোমাৰ বান্দা আৰু ৰাছুল।

চাৰিবাৰকৈ পঢ়িব৷109

আৰু সন্ধিয়া হ'লে এনেকৈ ক'বঃ

«اللَّهُمَّ إِنِّي أَمْسَيْتُ أُشْهِدُكَ، وَأُشْهِدُ حَمَلَةَ عَرْشِكَ، وَمَلَائِكَتِكَ، وَجَمِيعَ خَلْقِكَ، أَنَّكَ أَنْتَ اللَّهُ لَا إِلَهَ إِلَّا أَنْتَ وَحْدَكَ لَا شَرِيكَ لَكَ، وَأَنَّ مُحَمَّدًا عَبْدُكَ وَرَسُولُكَ».

“আল্লা-হুম্মা ইন্নি আমছাইতু উশ্বহিদুক, ৱা উশ্বহিদু হামালাতা আৰ্শ্বিক, অমালা-ইকাতিক, অজামীআ খালক্বিক, আন্নাকা আন্তাল্লাহ, লা ইলা-হা ইল্লা আন্তা অহদাকা লা শ্বাৰীকা লাক, ৱা আন্না মুহাম্মাদান আব্দুকা অৰাছূলুক৷”

অৰ্থঃ হে আল্লাহ! মই তোমাক আৰু তোমাৰ সিংহাসন বহনকাৰীসকলক, তোমাৰ ফিৰিস্তাসকলক সাক্ষী ৰাখি সন্ধিয়া কৰিলোঁ, লগতে তোমাৰ গোটেই সৃষ্টিক সাক্ষী ৰাখি কওঁ যে, তুমিয়েই আল্লাহ, তোমাৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। তুমি একক, তোমাৰ কোনো অংশীদাৰ নাই। নিশ্চয় মুহাম্মাদ (চাল্লাল্লাহু আলাইহি অছাল্লাম) হৈছে তোমাৰ বান্দা আৰু ৰাছুল।

চাৰিবাৰকৈ পঢ়িব৷110

«اللَّهُمَّ مَا أَصْبَحَ بِي مِنْ نِعْمَةٍ أَوْ بِأَحَدٍ مِنْ خَلْقِكَ فَمِنْكَ وَحْدَكَ لَا شَرِيكَ لَكَ، فَلَكَ الحَمْدُ وَلَكَ الشُّكْرُ».

“আল্লা-হুম্মা মা আচবাহা বি মিন নি’মাতিন, আউ বি আহাদিম মিন খালক্বিক, ফামিনকা অহদাকা লা শ্বাৰীকা লাক, ফালাকাল হাম্দু অলাকাশ্ব শ্বুক্ৰ।”

অৰ্থঃ হে আল্লাহ! মই অথবা তোমাৰ যিকোনো সৃষ্টিয়ে যি যি অনুগ্ৰহ লৈ প্ৰভাত কৰিছে, সেই সকলোবোৰ কেৱল মাত্ৰ তোমাৰ তৰফৰ পৰাই অহা। তুমি একক, তোমাৰ কোনো অংশী নাই। এতেকে সকলো প্ৰশংসা তোমাৰেই আৰু কৃতজ্ঞতা তোমাৰেই৷111

আৰু সন্ধিয়া হ’লে এনেকৈ ক’বঃ

«اللَّهُمَّ مَا أَمْسَى بِي مِنْ نِعْمَةٍ أَوْ بِأَحَدٍ مِنْ خَلْقِكَ فَمِنْكَ وَحْدَكَ لَا شَرِيكَ لَكَ، فَلَكَ الحَمْدُ وَلَكَ الشُّكْرُ».

“আল্লা-হুম্মা মা আমচা বি মিন নি’মাতিন আউ বি আহাদিম মিন খালক্বিক, ফামিনকা অহদাকা লা শ্বাৰীকা লাক, ফালাকাল হাম্দু অলাকাশ্ব শ্বুক্ৰ৷”

অৰ্থঃ হে আল্লাহ! মই অথবা তোমাৰ যিকোনো সৃষ্টিয়ে যি যি অনুগ্ৰহ লৈ সন্ধ্যা কৰিছে, সেই সকলোবোৰ কেৱল মাত্ৰ তোমাৰ তৰফৰ পৰাই অহা। তুমি একক, তোমাৰ কোনো অংশী নাই। এতেকে সকলো প্ৰশংসা তোমাৰেই আৰু কৃতজ্ঞতাও তোমাৰেই৷112

«اللَّهُمَّ عَافِنِي فِي بَدَنِي، اللَّهُمَّ عَافِنِي فِي سَمْعِي، اللَّهُمَّ عَافِنِي فِي بَصَرِي، لَا إِلَهَ إِلَّا أَنْتَ، اللَّهُمَّ إِنِّي أَعُوذُ بِكَ مِنَ الكُفْرِ، وَالفَقْرِ، وَأَعُوذُ بِكَ مِنْ عَذَابِ القَبْرِ، لَا إِلَهَ إِلَّا أَنْتَ».

“আল্লা-হুম্মা আ-ফিনী ফী বাদানী, আল্লা-হুম্মা আ-ফিনী ফী ছাম‘য়ি, আল্লা-হুম্মা আ-ফিনী ফী বাচাৰী, লা ইলা-হা ইল্লা আন্তা, আল্লা-হুম্মা ইন্নী আ‘উজু বিকা মিনাল কুফ্ৰি, অল ফাক্বৰি, ৱা আ‘উজু বিকা মিন আজা-বিল কাব্ৰ, লা ইলা-হা ইল্লা আন্তা।”

অৰ্থঃ হে আল্লাহ! মোক মোৰ শৰীৰত সুস্থতা প্ৰদান কৰা, হে আল্লাহ! মোৰ শ্ৰৱণ শক্তিত সুস্থতা প্ৰদান কৰা, হে আল্লাহ! মোৰ দৃষ্টিশক্তিত সুস্থতা প্ৰদান কৰা, তোমাৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। হে আল্লাহ! মই তোমাৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰোঁ কুফৰ আৰু দৰিদ্ৰতাৰ পৰা, আৰু মই তোমাৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰোঁ কবৰৰ শাস্তিৰ পৰা, তোমাৰ বাহিৰে আন কোনো উপাস্য নাই।

তিনিবাৰ৷113

«حَسْبِيَ اللَّهُ لَا إِلَهَ إِلَّا هُوَ عَلَيهِ تَوَكَّلتُ وَهُوَ رَبُّ العَرْشِ العَظِيمِ».

“হাছবিয়াল্লাহু লা ইলা-হা ইল্লা হুৱা ‘আলাইহি তাৱাক্কাল্তু অহুৱা ৰাব্বুল্ ‘আৰ্শ্বিল্ ‘আযীম৷”

অৰ্থঃ মোৰ বাবে আল্লাহেই যথেষ্ট, তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই। মই তেওঁৰ ওপৰতেই নিৰ্ভৰ কৰিছোঁ আৰু তেৱেঁই হৈছে মহা আৰছৰ প্ৰতিপালক।

সাতবাৰকৈ পঢ়িব৷114

«اللَّهُمَّ إِنِّي أَسْأَلُكَ العَفْوَ وَالعَافِيَةَ فِي الدُّنْيَا وَالآخِرَةِ، اللَّهُمَّ إِنِّي أَسْأَلُكَ العَفْوَ وَالعَافِيَةَ: فِي دِينِي وَدُنْيَايَ وَأَهْلِي، وَمَالِي، اللَّهُمَّ اسْتُرْ عَوْرَاتِي، وَآمِنْ رَوْعَاتِي، اللَّهُمَّ احْفَظْنِي مِنْ بَينِ يَدَيَّ، وَمِنْ خَلْفِي، وَعَنْ يَمِينِي، وَعَنْ شِمَالِي، وَمِنْ فَوْقِي، وَأَعُوذُ بِعَظَمَتِكَ أَنْ أُغْتَالَ مِنْ تَحْتِي».

“আল্লা-হুম্মা ইন্নি আছআলুকাল আফৱা অল আ-ফিয়া ফিদ দুনিয়া অল আ-খিৰাহ, আল্লা-হুম্মা ইন্নি আছআলুকাল আফৱা অল আ-ফিয়া ফী দ্বীনি, অদুনিয়ায়ী, ৱা আহলি, অ মা-লী, আল্লা-হুম্মাছ তুৰ আউৰা-তি, ৱা আ-মিন ৰাউআ-তি, আল্লা-হুম্মাহ ফিজনি মিন বাইনা য়াদায়্যা, অমিন খালফি, ৱা আন য়ামীনি, ৱা আন শ্বিমা-লি, অমিন ফাউক্বী, ৱা আউজুবি আজমাতিকা আন উগতা-লা মিন তাহতি৷”

 

অৰ্থঃ হে আল্লাহ! মই তোমাৰ ওচৰত দুনিয়া আৰু আখিৰাতত ক্ষমা আৰু নিৰাপত্তা বিচাৰোঁ। হে আল্লাহ! মই মোৰ দ্বীন, মোৰ দুনিয়া, মোৰ পৰিয়াল আৰু মোৰ সম্পদৰ বাবে তোমাৰ ওচৰত ক্ষমা বিচাৰোঁ আৰু নিৰাপদ কামনা কৰোঁ। হে আল্লাহ! মোৰ পৰ্দা কৰা অংগসমূহৰ ওপৰত পৰ্দা কৰি দিয়া। মোৰ ভয়-ভীতি দূৰ কৰি শান্তি বিৰাজ কৰা। হে আল্লাহ! মোৰ সন্মুখৰ পৰা, মোৰ পিছফালৰ পৰা, মোৰ সোঁফালৰ পৰা, মোৰ বাওঁফালৰ পৰা আৰু মোৰ ওপৰৰ পৰা মোক সুৰক্ষা প্ৰদান কৰা। আকস্মিক তলৰ পৰা ধ্বংস হোৱাৰ পৰাও মই তোমাৰ আশ্ৰয় বিচাৰোঁ।115

«اللَّهُمَّ عَالِمَ الغَيْبِ وَالشَّهَادَةِ فَاطِرَ السَّمَوَاتِ وَالأَرْضِ، رَبَّ كُلِّ شَيْءٍ وَمَلِيكَهُ، أَشْهَدُ أَنْ لَا إِلَهَ إِلَّا أَنْتَ، أَعُوذُ بِكَ مِنْ شَرِّ نَفْسِي، وَمِنْ شَرِّ الشَّيْطانِ وَشَرَكِهِ، وَأَنْ أَقْتَرِفَ عَلَى نَفْسِي سُوءًا، أَوْ أَجُرَّهُ إِلَى مُسْلِمٍ».

"আল্লা-হুম্মা আ-লিমাল গাইবি অশ্ব শ্বাহাদাতি, ফা-তিৰাছ ছামা-ৱা-তি অল আৰ্জি, ৰাব্বা কুল্লি শ্বাইয়িন অমালী-কাহ ৷ আশ্বহাদু আল লা ইলা-হা ইল্লা আন্তা। আউজুবিকা মিন শ্বাৰ্ৰি নাফছি অমিন শ্বাৰ্ৰিশ্ব শ্বাইতানি অশ্বাৰাকিহ। ৱা আনিক তাৰিফা আলা নাফছি ছূ-আন আউ আজুৰ্ৰাহু ইলা মুছলিম৷"

 

অৰ্থ: হে আল্লাহ! দৃশ্য - অদৃশ্যৰ জ্ঞাতা, আকাশমণ্ডল আৰু পৃথিৱীৰ সৃষ্টিকৰ্তা, প্ৰত্যেক বস্তুৰ প্ৰতিপালক আৰু গৰাকী। মই সাক্ষ্য দিওঁ যে, তোমাৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। হে আল্লাহ! মই তোমাৰ আশ্ৰয় বিচাৰোঁ মোৰ নফছৰ অনিষ্টৰ পৰা আৰু চয়তানৰ অনিষ্টতা আৰু তাৰ জাল (কু-পৰামৰ্শ/শ্বিৰ্ক)ৰ পৰা, আৰু মই নিজে কোনো পাপ কৰাৰ পৰা আৰু কোনো মুছলিমৰ অনিষ্ট কৰাৰ পৰা।116

«بِسْمِ اللَّهِ الَّذِي لَا يَضُرُّ مَعَ اسْمِهِ شَيْءٌ فِي الأَرْضِ وَلَا فِي السَّمَاءِ وَهُوَ السَّمِيعُ العَلِيمُ».

“বিছমিল্লাহিল লাজী লা য়াজুৰ্ৰু মাআছমিহি শ্বাইউন ফিল আৰ্জি অলা ফিছ ছামা-য়ি অহুৱাছ ছামীউল আলীম৷”

 

অৰ্থঃ আৰম্ভ কৰিছোঁ আল্লাহৰ নামত, যাৰ নাম লোৱাৰ পিছত আকাশমণ্ডল আৰু পৃথিৱীৰ একোৱেই ক্ষতি কৰিব নোৱাৰে, আৰু তেওঁ সৰ্বশ্ৰোতা, সৰ্বজ্ঞ।

তিনিবাৰ পঢ়িব৷117

«رَضِيتُ بِاللَّهِ رَبًَّا، وَبِالإِسْلَامِ دِينًا، وَبِمُحَمَّدٍ ﷺ نَبِيًّا».

"ৰাজীতু বিল্লা-হি ৰাব্বান, অবিল ইছলামি দ্বীনান, অবিমুহাম্মাদিন চাল্লাল্লাহু আলাইহি অছাল্লামা নাবিয়্যান।"

অৰ্থঃ মই সন্তুষ্ট হৈছোঁ, আল্লাহক প্ৰতিপালক হিচাপে গ্ৰহণ কৰি, ইছলামক দ্বীন হিচাপে পাই, আৰু মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক নবী হিচাপে গ্ৰহণ কৰি।

তিনিবাৰ পাঠ কৰিব৷118

«يَا حَيُّ يَا قَيُّومُ بِرَحْمَتِكَ أَسْتَغيثُ أَصْلِحْ لِي شَأْنِيَ كُلَّهُ وَلَا تَكِلْنِي إِلَى نَفْسِي طَرْفَةَ عَيْنٍ».

"ইয়া হাইয়্যু ইয়া কাইয়্যূম, বিৰাহ্‌মাতিকা আছতাগীছ, আচলিহ্‌ লী শ্বা’নিয়া কুল্লাহ, অলা তাকিল্‌নী ইলা নাফ্‌ছী তাৰ্ফাতা ‘আঈন।"

অৰ্থঃ হে চিৰঞ্জীৱ, হে সৰ্বাধিনায়ক! মই তোমাৰ কৰুণাৰ অসীলাৰে সহায় প্ৰাৰ্থনা কৰিছোঁ, তুমি মোৰ সকলো বিষয় সংশোধন কৰি দিয়া আৰু তুমি মোক এক পলৰ বাবেও মোৰ দায়িত্বত এৰি নিদিবা।"119

«أَصْبَحْنَا وَأَصْبَحَ المُلْكُ لِلَّهِ رَبِّ العَالَمِينَ، اللَّهُـمَّ إِنِّي أَسْأَلُكَ خَيْرَ هَذَا اليَوْمِ: فَتْحَهُ، وَنَصْرَهُ، وَنورَهُ، وَبَرَكَتَهُ، وَهُدَاهُ، وَأَعُوذُ بِكَ مِنْ شَرِّ مَا فِيهِ وَشَرِّ مَا بَعْدَهُ».

“আচবাহনা ওৱা আচবাহাল মুল্কু লিল্লা-হি ৰাব্বিল আ-লামীন। আল্লা-হুম্মা ইন্নী আছআলুকা খাইৰা হা-জাল ইয়াওম: ফাতহাহু, অনাচৰাহু, অনূৰাহু, অবাৰাকাতাহু, অহুদা-হু, ৱা আউজু বিকা মিন শ্বাৰ্ৰি মা ফীহি অশ্বাৰ্ৰি মা বা’দাহ৷”

অৰ্থ: আমি প্ৰভাত কৰিলোঁ আৰু বিশ্বজগতৰ প্ৰতিপালক আল্লাহৰ জগতসমূহেও প্ৰভাত কৰিলে। হে আল্লাহ! মই তোমাৰ ওচৰত আজিৰ দিনটোৰ কল্যাণ প্ৰাৰ্থনা কৰোঁ: ইয়াৰ বিজয়, ইয়াৰ সাহায্য, ইয়াৰ নূৰ, ইয়াৰ বৰকত আৰু ইয়াৰ হিদায়ত। লগতে ইয়াত থকা অমঙ্গলৰ পৰা আৰু ইয়াৰ পিছৰ অমঙ্গলৰ পৰা মই তোমাৰ আশ্ৰয় বিচাৰোঁ।120

আৰু সন্ধিয়া হ'লে ক'বঃ

«أَمْسَيْنَا وَأَمْسَى المُلْكُ لِلَّهِ رَبِّ العَالَمِينَ، اللَّهُمَّ إِنِّي أَسْأَلُكَ خَيْرَ هَذِهِ اللَّيْلَةِ: فَتْحَهَا، وَنَصْرَهَا، وَنُورَهَا، وَبَرَكَتَهَا، وَهُدَاهَا، وَأَعُوذُ بِكَ مِنْ شَرِّ مَا فِيهَا، وَشَرِّ مَا بَعْدَهَا».

"আমছাইনা ৱা আমছাল মুল্কু লিল্লা-হি ৰাব্বিল আ-লামীন। আল্লা-হুম্মা ইন্নী আছআলুকা খাইৰা হা-জিহিল লাইলাহ: ফাতহাহা, অনাচৰাহা, অনূৰাহা, অবাৰাকাতাহা, অহুদা-হা। ৱা আঊজুবিকা মিন শ্বাৰ্ৰি মা ফীহা অশ্বাৰ্ৰি মা বা'দাহা।"

অৰ্থঃ আমি গধূলিত উপনীত হ’লোঁ, আৰু বিশ্বজগতৰ প্ৰতিপালক আল্লাহৰ বাবেই সকলো জগতেই গধূলিত উপনীত হ’ল। হে আল্লাহ! মই তোমাৰ ওচৰত এই ৰাতিৰ কল্যাণ প্ৰাৰ্থনা কৰোঁ: ইয়াৰ বিজয়, সাহায্য, নূৰ, বৰকত আৰু হিদায়ত। লগতে মই এই ৰাতিত থকা অনিষ্টৰ পৰা আৰু ইয়াৰ পিছত আহিবলগীয়া অনিষ্টৰ পৰা তোমাৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰোঁ।121

«أَصْبَحْنا عَلَى فِطْرَةِ الإِسْلَامِ، وَعَلَى كَلِمَةِ الإِخْلاَصِ، وَعَلَى دِينِ نَبِيِّنَا مُحَمَّدٍ ﷺ، وَعَلَى مِلَّةِ أَبِينَا إِبْرَاهِيمَ، حَنِيفًا مُسْلِمًا وَمَا كَانَ مِنَ المُشرِكِينَ».

"আচবাহনা আলা ফিতৰাতিল ইছলাম, ৱা আলা কালিমাতিল ইখলাচ, ৱা আলা দ্বীনি নাবিয়্যিনা মুহাম্মাদিন চাল্লাল্লাহু আলাইহি অছাল্লাম, ৱা আলা মিল্লাতি আবীনা ইব্ৰাহীম, হানিফাম মুছলিমা, অমা কা-না মিনাল মুশ্বৰিকীন।"

অৰ্থঃ আমি পুৱাৰ ভাগত উপনীত হৈছোঁ ইছলামৰ ফিতৰতৰ ওপৰত, ইখলাচৰ বাণীৰ ওপৰত, আমাৰ নবী মুহাম্মাদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ দ্বীনৰ ওপৰত আৰু আমাৰ পিতৃ ইব্ৰাহীমৰ মিল্লাতৰ (আদৰ্শৰ) ওপৰত, তেওঁ আছিল একনিষ্ঠ মুছলিম (আত্মসমৰ্পণকাৰী) ; আৰু তেওঁ মুশ্বৰিকসকলৰ অন্তৰ্ভুক্ত নাছিল৷122

আৰু সন্ধিয়া হ'লে ক'বঃ

«أَمْسَيْنَا عَلَى فِطْرَةِ الإِسْلَامِ، وَعَلَى كَلِمَةِ الإِخْلَاصِ، وَعَلَى دِينِ نَبِيِّنَا مُحَمَّدٍ ﷺ، وَعَلَى مِلَّةِ أَبِينَا إِبْرَاهِيمَ، حَنِيفًا مُسْلِمًا وَمَا كَانَ مِنَ المُشرِكِينَ».

"আমছাইনা আলা ফিতৰাতিল ইছলাম, ৱা আলা কালিমাতিল ইখলাচ, ৱা আলা দ্বীনি নাবিয়্যিনা মুহাম্মাদিন চাল্লাল্লাহু আলাইহি অছাল্লাম, ৱা আলা মিল্লাতি আবীনা ইব্ৰাহীমা হানিফাম মুছলিমা, অমা কা-না মিনাল মুশ্বৰিকীন।"

 

অৰ্থঃ আমি সন্ধিয়া উপনীত হৈছোঁ ইছলামৰ ফিতৰতৰ ওপৰত, ইখলাচৰ কালিমাৰ ওপৰত, আমাৰ নবী মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ দ্বীনৰ ওপৰত, আৰু আমাৰ পিতা ইব্ৰাহীমৰ মিল্লাত (আদৰ্শ)ৰ ওপৰত, যিজন আছিল একনিষ্ঠ আত্মসমৰ্পণকাৰী; আৰু তেওঁ মুশ্বৰিকসকলৰ অন্তৰ্ভুক্ত নাছিল৷”123

«سُبْحَانَ اللَّهِ وَبِحَمْدِهِ».

“ছুবাহা-নাল্লাহি অবিহামদিহি৷”

 

অৰ্থঃ আল্লাহ অতি পৱিত্ৰ, প্ৰশংসা কেৱল তেওঁৰেই৷

এশবাৰ পঢ়িব৷124

«لَا إِلَهَ إِلَّا اللَّهُ وَحْدَهُ لَا شَرِيكَ لَهُ، لَهُ الْمُلْكُ وَلَهُ الحَمْدُ، وَهُوَ عَلَى كُلِّ شَيْءٍ قَدِيرٌ».

“লা ইলা-হা ইল্লাল্লা-হু অহদাহু লা শ্বাৰীকা লাহ, লাহুল মুল্কু অলাহুল হাম্দু, অহুৱা আলা কুল্লি শ্বাইয়িন ক্বাদীৰ।”

অৰ্থঃ আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। তেওঁ একক, তেওঁৰ কোনো অংশীদাৰ নাই। ৰাজত্ব তেওঁৰেই আৰু প্ৰশংসাও কেৱল তেওঁৰেই। তেওঁ সকলো ক্ষেত্ৰতে ক্ষমতাৱান।

দহবাৰ, অথবা অলসতাৰ সময়ত এবাৰ পঢ়িব৷125126

«لَا إِلَهَ إِلَّا اللَّهُ، وَحْدَهُ لَا شَرِيكَ لَهُ، لَهُ المُلْكُ وَلَهُ الحَمْدُ وَهُوَ عَلَى كُلِّ شَيْءٍ قَدِيرٌ».

“লা ইলা-হা ইল্লাল্লা-হু অহদাহু লা শ্বাৰীকা লাহ, লাহুল মুল্কু অলাহুল হাম্দু, অহুৱা আলা কুল্লি শ্বাইয়িন ক্বাদীৰ।”

 

অৰ্থঃ আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। তেওঁ একক, তেওঁৰ কোনো অংশীদাৰ নাই। ৰাজত্ব তেওঁৰেই আৰু প্ৰশংসাও কেৱল তেওঁৰেই। তেওঁ সকলো ক্ষেত্ৰতে ক্ষমতাৱান।

পুৱা এশবাৰ পঢ়িব৷127

«سُبْحَانَ اللَّهِ وَبِحَمْدِهِ: عَدَدَ خَلْقِهِ، وَرِضَا نَفْسِهِ، وَزِنَةَ عَرْشِهِ، وَمِدَادَ كَلِمَاتِهِ».

“ছুবহা-নাল্লাহি অবিহামদিহি: আদাদা খালক্বিহি, অৰিজা নাফছিহি, অঝিনাতা আৰ্শ্বিহি, অমিদাদা কালিমা-তিহ৷”

অৰ্থঃ আল্লাহ সকলো ধৰণৰ দোষ-ত্ৰুটিৰ পৰা পৱিত্ৰ আৰু সকলো ধৰণৰ প্ৰশংসা একমাত্ৰ তেওঁৰেই: তেওঁৰ মাখলুকৰ সংখ্যাৰ সমান, তেওঁৰ নফছৰ সন্তুষ্টিৰ সমান, তেওঁৰ আৰচৰ ওজনৰ সমান আৰু তেওঁৰ কলিমাৰ কালিৰ সমান৷

পুৱা তিনিবাৰ পঢ়িব৷128

«اللَّهُمَّ إِنِّي أَسْأَلُكَ عِلْمًا نَافِعًا، وَرِزْقًا طَيِّبًا، وَعَمَلًا مُتَقَبَّلًا».

"আল্লা-হুম্মা ইন্নী আছআলুকা ইল্মান না-ফিআ, অৰিঝক্বান ত্বাইয়্যিবা, ৱা আমালান মুতাক্বাব্বালা।"

অৰ্থঃ হে আল্লাহ! মই তোমাৰ ওচৰত উপকাৰী জ্ঞান, পৱিত্ৰ জীৱিকা আৰু গ্ৰহণযোগ্য আমলৰ তাওফীক বিচাৰোঁ।

পুৱাৰ ভাগত পঢ়িব৷129

«أَسْتَغْفِرُ اللَّهَ وَأَتُوبُ إِلَيْهِ».

"আস্তাগফিৰুল্লা-হা ৱা আতূবু ইলাইহি।"

 

অৰ্থঃ হে আল্লাহ! মই তোমাৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰোঁ, আৰু তোমাৰ ওচৰতেই তাওবা কৰোঁ।

দিনে এশবাৰকৈ পঢ়িব৷130

«أَعُوذُ بِكَلِمَاتِ اللَّهِ التَّامَّاتِ مِنْ شَرِّ مَا خَلَقَ».

“আঊজু বিকলিমা-তিল্লা-হিত তা-ম্মাতি মিং শ্বাৰ্ৰি মা খালাক্ব৷’’

অৰ্থঃ মই পূৰ্ণ বাক্যৰ জৰিয়তে আল্লাহৰ আশ্ৰয় প্ৰাৰ্থনা কৰোঁ, তেওঁ যি সৃষ্টি কৰিছে তাৰ অনিষ্টৰ পৰা৷

গধূলি তিনিবাৰ পঢ়িব৷131

«اللَّهُمَّ صَلِّ وَسَلِّمْ عَلَى نَبَيِّنَا مُحَمَّدٍ».

“আল্লা-হুম্মা চাল্লি অছাল্লিম আলা নাবিয়্যিনা মুহাম্মদ৷”

অৰ্থঃ হে আল্লাহ! দৰূদ আৰু ছালাম বৰ্ষণ কৰা আমাৰ প্ৰিয় নবী মুহাম্মদৰ ওপৰত।

দহবাৰ পঢ়িব৷132

২৮- টোপনি যোৱাৰ সময়ত পঢ়িবলগীয়া দুআসমূহ

(নিজৰ দুই হাতৰ তলুৱা একেলগ কৰিব, তাৰ পাছত তাত ফুঁৱাই দিব আৰু তাত পাঠ কৰিবঃ

﴿قُلۡ هُوَ ٱللَّهُ أَحَدٌ1 ٱللَّهُ ٱلصَّمَدُ2 لَمۡ يَلِدۡ وَلَمۡ يُولَدۡ3 وَلَمۡ يَكُن لَّهُۥ كُفُوًا أَحَدُۢ4﴾

কোৱা, ‘তেওঁ আল্লাহ, একক-অদ্বিতীয়,

আল্লাহ হৈছে ছামাদ; (তেওঁ কাৰো মুখাপেক্ষী নহয়, সকলো তেওঁৰেই মুখাপেক্ষী),

তেওঁ কাকো জন্ম দিয়া নাই আৰু তেৱোঁ (কাৰো পৰা) জন্ম লোৱা নাই,

আৰু তেওঁৰ সমতুল্য কোনো নাই’। (ছুৰা আল-ইখলাচঃ ১-৪)

﴿قُلۡ أَعُوذُ بِرَبِّ ٱلۡفَلَقِ1 مِن شَرِّ مَا خَلَقَ2 وَمِن شَرِّ غَاسِقٍ إِذَا وَقَبَ3 وَمِن شَرِّ ٱلنَّفَّٰثَٰتِ فِي ٱلۡعُقَدِ4 وَمِن شَرِّ حَاسِدٍ إِذَا حَسَدَ5﴾

কোৱা, মই আশ্ৰয় বিচাৰোঁ ঊষাৰ প্ৰতিপালকৰ।

তেওঁ যি সৃষ্টি কৰিছে তাৰ অনিষ্টৰ পৰা,

আৰু ৰাতিৰ অন্ধকাৰৰ অনিষ্টৰ পৰা, যেতিয়া ই গভীৰ হয়,

আৰু সেইসকল নাৰীৰ অনিষ্টৰ পৰা যিসকলে গাঁঠিত ফুঁ দিয়ে,

আৰু হিংসুকৰ অনিষ্টৰ পৰা, যেতিয়া সি হিংসা কৰে। (ছুৰা আল-ফালাক্বঃ ১-৫)

﴿قُلۡ أَعُوذُ بِرَبِّ ٱلنَّاسِ1 مَلِكِ ٱلنَّاسِ2 إِلَٰهِ ٱلنَّاسِ3 مِن شَرِّ ٱلۡوَسۡوَاسِ ٱلۡخَنَّاسِ4 ٱلَّذِي يُوَسۡوِسُ فِي صُدُورِ ٱلنَّاسِ5 مِنَ ٱلۡجِنَّةِ وَٱلنَّاسِ6﴾

কোৱা- মই মানুহৰ প্ৰতিপালকৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰিছোঁ,

মানুহৰ অধিপতিৰ ওচৰত,

মানুহৰ ইলাহৰ ওচৰত

আত্মগোপনকাৰী কুমন্ত্ৰণাদাতাৰ অনিষ্টৰ পৰা,

যিয়ে মানুহৰ মনত কুমন্ত্ৰণা দিয়ে,

জিনৰ মাজৰ পৰা আৰু মানুহৰ মাজৰ পৰা।

(ছুৰা আন-নাছঃ ১-৬)

ইয়াৰ পিছত দুয়ো হাতেৰে শৰীৰৰ যিমানদূৰলৈকে সম্ভৱ মছেহ কৰিছিল। মছেহ কৰোঁতে মূৰ, মুখমণ্ডল আৰু শৰীৰৰ সন্মুখৰ ভাগৰ পৰা আৰম্ভ কৰিছিল। (এনেকৈ তেখেতে তিনিবাৰ কৰিছিল)।133

﴿ٱللَّهُ لَآ إِلَٰهَ إِلَّا هُوَ ٱلۡحَيُّ ٱلۡقَيُّومُۚ لَا تَأۡخُذُهُۥ سِنَةٞ وَلَا نَوۡمٞۚ لَّهُۥ مَا فِي ٱلسَّمَٰوَٰتِ وَمَا فِي ٱلۡأَرۡضِۗ مَن ذَا ٱلَّذِي يَشۡفَعُ عِندَهُۥٓ إِلَّا بِإِذۡنِهِۦۚ يَعۡلَمُ مَا بَيۡنَ أَيۡدِيهِمۡ وَمَا خَلۡفَهُمۡۖ وَلَا يُحِيطُونَ بِشَيۡءٖ مِّنۡ عِلۡمِهِۦٓ إِلَّا بِمَا شَآءَۚ وَسِعَ كُرۡسِيُّهُ ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضَۖ وَلَا يَـُٔودُهُۥ حِفۡظُهُمَاۚ وَهُوَ ٱلۡعَلِيُّ ٱلۡعَظِيمُ255﴾

"আল্লা-হু লা ইলা-হা ইল্লা- হুৱাল হাইয়্যুল ক্বাইয়্যূম। লা তা’খুযুহূ ছিনাতুঁও অলা নাউম। লাহূ মা ফিছ ছামা-ৱা-তি অমা ফিল আৰ্দ্ব। মাং যাল্লাযী য়াশ্বফাউ ‘ইংদাহূ ইল্লা বিইযনিহ। য়া‘লামু মা বাইনা আইদীহিম অমা খলফাহুম। অলা য়ুহীত্বূনা বিশ্বাইয়িম মিন ‘ইল্মিহী ইল্লা বিমা শ্বা-আ। অছি‘আ কুৰছিয়্যুহুছ ছামা-ৱা-তি অল আৰ্দ্ব। অলা য়াঊদুহূ হিফজুহুমা। অহুৱাল ‘আলিইয়ুল ‘আজীম।"

অৰ্থঃ আল্লাহ, তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই। তেওঁ চিৰঞ্জীৱ, সকলো সত্ত্বাৰ ধাৰক। তেওঁক কলাঘূমটিও স্পৰ্শ কৰিব নোৱাৰে আৰু টোপনিও নহয়। আকাশমণ্ডলত যি আছে আৰু পৃথিৱীত যি আছে সকলো তেওঁৰেই। কোন আছে এনেকুৱা, যিয়ে তেওঁৰ অনুমতি অবিহনে তেওঁৰ ওচৰত চুপাৰিছ কৰিব পাৰিব? সিহঁতৰ সন্মুখত আৰু পাছত যি যি আছে সেই সকলো তেওঁ জানে; আৰু তেওঁ যি ইচ্ছা কৰে সেইখিনিৰ বাহিৰে তেওঁৰ জ্ঞানৰ একোৱেই সিহঁতে আয়ত্ত কৰিব নোৱাৰে। তেওঁৰ কুৰছী আকাশমণ্ডল আৰু পৃথিৱীক পৰিব্যপ্ত কৰি আছে; আৰু এই দুটাৰ ৰক্ষণাবেক্ষণ তেওঁৰ বাবে বোজা নহয়; আৰু তেওঁ সুউচ্চ, সুমহান।

(ছুৰা আল-বাক্বাৰাহঃ ২৫৫)134

﴿ءَامَنَ ٱلرَّسُولُ بِمَآ أُنزِلَ إِلَيۡهِ مِن رَّبِّهِۦ وَٱلۡمُؤۡمِنُونَۚ كُلٌّ ءَامَنَ بِٱللَّهِ وَمَلَٰٓئِكَتِهِۦ وَكُتُبِهِۦ وَرُسُلِهِۦ لَا نُفَرِّقُ بَيۡنَ أَحَدٖ مِّن رُّسُلِهِۦۚ وَقَالُواْ سَمِعۡنَا وَأَطَعۡنَاۖ غُفۡرَانَكَ رَبَّنَا وَإِلَيۡكَ ٱلۡمَصِيرُ285 لَا يُكَلِّفُ ٱللَّهُ نَفۡسًا إِلَّا وُسۡعَهَاۚ لَهَا مَا كَسَبَتۡ وَعَلَيۡهَا مَا ٱكۡتَسَبَتۡۗ رَبَّنَا لَا تُؤَاخِذۡنَآ إِن نَّسِينَآ أَوۡ أَخۡطَأۡنَاۚ رَبَّنَا وَلَا تَحۡمِلۡ عَلَيۡنَآ إِصۡرٗا كَمَا حَمَلۡتَهُۥ عَلَى ٱلَّذِينَ مِن قَبۡلِنَاۚ رَبَّنَا وَلَا تُحَمِّلۡنَا مَا لَا طَاقَةَ لَنَا بِهِۦۖ وَٱعۡفُ عَنَّا وَٱغۡفِرۡ لَنَا وَٱرۡحَمۡنَآۚ أَنتَ مَوۡلَىٰنَا فَٱنصُرۡنَا عَلَى ٱلۡقَوۡمِ ٱلۡكَٰفِرِينَ286﴾

ৰাছুলে তেওঁৰ প্ৰতিপালকৰ তৰফৰ পৰা তেওঁৰ ওচৰত যি অৱতীৰ্ণ হৈছে তাৰ ওপৰত ঈমান আনিছে আৰু মুমিনসকলেও। প্ৰত্যেকেই ঈমান আনিছে আল্লাহৰ ওপৰত, তেওঁৰ ফিৰিস্তাসকলৰ ওপৰত, তেওঁৰ কিতাপসমূহ আৰু তেওঁৰ ৰাছুলসকলৰ ওপৰত। আমি তেওঁৰ ৰাছুলসকলৰ মাজত কোনো পাৰ্থক্য নকৰোঁ; আৰু এওঁলোকে কয়, ‘আমি শুনিছোঁ আৰু মানি লৈছোঁ। হে আমাৰ প্ৰতিপালক! তোমাৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰোঁ আৰু তোমাৰ পিনেই (আমি) উভতি যাব লাগিব’।

আল্লাহে কাকো তাৰ সামৰ্থৰ বাহিৰত কোনো দায়িত্ব নিদিয়ে। যিয়ে ভাল উপাৰ্জন কৰিব তাৰ প্ৰতিফল সি নিজে পাব, আৰু যিয়ে বেয়া উপাৰ্জন কৰিব তাৰ প্ৰতিফলো সি নিজেই ভোগ কৰিব। হে আমাৰ প্ৰতিপালক! যদি আমি বিস্মৃত হওঁ অথবা ভুল কৰোঁ তেন্তে তুমি আমাক অপৰাধ নধৰিবা। হে আমাৰ প্ৰতিপালক! আমাৰ পূৰ্বৱৰ্তীসকলৰ ওপৰত যেনেকৈ তুমি বোজা অৰ্পণ কৰিছিলা আমাৰ ওপৰত তেনেকুৱা বোজা অৰ্পণ নকৰিবা। হে আমাৰ প্ৰতিপালক! তুমি আমাক এনেকুৱা বোজা বহন নকৰাবা যিটো বহন কৰাৰ সামৰ্থ আমাৰ নাই; আৰু তুমি আমাৰ পাপসমূহ মোচন কৰি দিয়া, আমাক ক্ষমা কৰি দিয়া, আমাৰ প্ৰতি দয়া কৰা, তুমিয়েই আমাৰ অভিভাৱক। গতিকে কাফিৰ সম্প্ৰদায়ৰ বিৰুদ্ধে আমাক সহায় কৰা।

(ছুৰা আল-বাক্বাৰাহঃ ২৮৫-২৮৬)135

«بِاسْمِكَ رَبِّي وَضَعْتُ جَنْبِي، وَبِكَ أَرْفَعُهُ، فَإِنْ أَمْسَكْتَ نَفْسِي فَارْحَمْهَا، وَإِنْ أَرْسَلْتَهَا فَاحْفَظْهَا، بِمَا تَحْفَظُ بِهِ عِبَادَكَ الصَّالِحِينَ».

"বিছমিকা ৰাব্বী অদ্বা‘তু জাম্বী, অবিকা আৰফা‘উহু, ফা-ইন আমছাকতা নাফছী ফাৰহামহা, অ-ইন আৰছালতাহা ফাহফাজহা, বিমা তাহফাজু বিহী ‘ইবাদাকাছ চলিহীন।"

অৰ্থঃ হে মোৰ প্ৰতিপালক! তোমাৰ নামতেই মই শয়ন কৰিলোঁ আৰু তোমাৰ নামতেই মই পুনৰ উঠিম। এতেকে যদি তুমি মোৰ প্ৰাণ ৰাখি থোৱা, তেন্তে তাৰ প্ৰতি দয়া কৰিবা, আৰু যদি তাক ঘূৰাই পঠোৱা, তেন্তে তাৰ হিফাজত কৰিবা, যিদৰে তুমি তোমাৰ সৎ বান্দাসকলৰ হিফাজত কৰা।136137

«اللَّهُمَّ إِنَّكَ خَلَقْتَ نَفْسِي وَأَنْتَ تَوَفَّاهَا، لَكَ مَمَاتُهَا وَمَحْياهَا، إِنْ أَحْيَيْتَهَا فَاحْفَظْهَا، وَإِنْ أَمَتَّهَا فَاغْفِرْ لَهَا، اللَّهُمَّ إِنِّي أَسْأَلُكَ العَافِيَةَ».

"আল্লা-হুম্মা ইন্নাকা খালাক্বতা নাফ্‌ছী ৱা আন্তা তাৱাফ্‌ফা-হা, লাকা মামা-তুহা অমাহ্‌য়া-হা, ইন্ আহ্‌য়াইতাহা ফাহফাজহা, ৱা ইন্ আমাত্তাহা ফাগফিৰ লাহা, আল্লা-হুম্মা ইন্নী আছআলুকাল আ-ফিয়া।"

অৰ্থঃ হে আল্লাহ! নিশ্চয় তুমি মোৰ আত্মাক সৃষ্টি কৰিছা আৰু তুমিয়েই ইয়াক মৃত্যু দান কৰিবা। ইয়াৰ মৃত্যু আৰু জীৱন তোমাৰেই অধীন। যদি তুমি ইয়াক জীৱিত ৰাখা, তেন্তে ইয়াক সুৰক্ষা প্ৰদান কৰা, আৰু যদি ইয়াক মৃত্যু দান কৰা, তেন্তে ইয়াক ক্ষমা কৰি দিয়া। হে আল্লাহ! মই তোমাৰ ওচৰত নিৰাপত্তা বিচাৰোঁ।138

«اللَّهُمَّ قِنِي عَذَابَكَ يَوْمَ تَبْعَثُ عِبَادَكَ».

"আল্লা-হুম্মা ক্বিনী আজাবাক, য়াওমা তাবআছু ইবাদাক।"

 

অৰ্থঃ হে আল্লাহ! যিদিনা তুমি তোমাৰ বান্দাসকলক পুনৰুত্থিত কৰিবা, সেইদিনা মোক তোমাৰ শাস্তিৰ পৰা ৰক্ষা কৰিবা।139140

«بِاسْمِكَ اللَّهُمَّ أَمُوتُ وَأَحْيَا».

"বিছমিকা আল্লা-হুম্মা আমূতু ওৱা আহয়া।"141

«سُبْحَانَ اللَّهِ

"ছুবহা-নাল্লাহ।"

অৰ্থঃ আল্লাহ অতি পৱিত্ৰ।

(ثَلَاثًا وَثَلاثِينَ)،

৩৩ বাৰ পঢ়িব।

وَالحَمْدُ لِلَّهِ

"অলহাম্দুলিল্লাহ।"

 

অৰ্থঃ আৰু সকলো ধৰণৰ প্ৰশংসা কেৱল আল্লাহৰ বাবে৷

(ثَلَاثًا وَثَلاثِينَ)،

৩৩ বাৰ পঢ়িব।

وَاللَّهُ أَكْبَرُ

“অল্লাহু আকবাৰ।’’

অৰ্থঃ আৰু আল্লাহ আটাইতকৈ মহান৷

(أَرْبَعًا وَثَلَاثِينَ)».

(চৌত্ৰিশবাৰ পঢ়িব।)142

«اللَّهُمَّ رَبَّ السَّمَوَاتِ السَّبْعِ وَرَبَّ الأَرْضِ، وَرَبَّ العَرْشِ العَظِيمِ، رَبَّنَا وَرَبَّ كُلِّ شَيْءٍ، فَالِقَ الحَبِّ وَالنَّوَى، وَمُنْزِلَ التَّوْرَاةِ وَالإِنْجِيلِ، وَالفُرْقَانِ، أَعُوذُ بِكَ مِنْ شَرِّ كُلِّ شَيْءٍ أَنْتَ آخِذٌ بِنَاصِيَتِهِ، اللَّهُمَّ أَنْتَ الأَوَّلُ فَلَيْسَ قَبْلَكَ شَيْءٌ، وَأَنْتَ الآخِرُ فَلَيسَ بَعْدَكَ شَيْءٌ، وَأَنْتَ الظَّاهِرُ فَلَيْسَ فَوْقَكَ شَيْءٌ، وَأَنْتَ البَاطِنُ فَلَيْسَ دُونَكَ شَيْءٌ، اقْضِ عَنَّا الدَّيْنَ وَأَغْنِنَا مِنَ الفَقْرِ».

“আল্লা-হুম্মা ৰাব্বাচ্ছামা-ৱা-তিচ্ছাবয়ি‘ অৰাব্বাল্-আৰ্জ, অৰাব্বাল্-আৰ্শ্বিল্-আযীম, ৰাব্বানা অৰাব্বা কুল্লি শ্বাই, ফা-লিকাল্-হাব্বি অন্-নাৱা, অমুন্‌ঝিলাত্-তাওৰা-তি অল্-ইঞ্জীলি, অল্-ফুৰ্‌ক্বান, আ‘উজু বিকা মিন্ শ্বাৰ্ৰি কুল্লি শ্বাই, আন্তা আ-খিযুম্ বিনা-চিয়াতিহ, আল্লা-হুম্মা আন্তাল-আওৱালু ফালাইছা ক্বাবলাকা শ্বাই’, ৱা আন্তাল্-আ-খিৰু ফালাইছা বা'দাকা শ্বাই’, ৱা আন্তাজ যা-হিৰু ফালাইছা ফাওক্বাকা শ্বাই’, ৱা আন্তাল্ বা‌-তিনু ফালাইছা দূনাকা শ্বাই’, ইক্বজি আন্নাদ্-দাইনা ৱা আগ‌নি‌না মিনাল্-ফাক্ৰ৷’’

অৰ্থঃ হে আল্লাহ! হে সাতখন আকাশ আৰু পৃথিৱীৰ প্ৰতিপালক, মহা আৰছৰ ৰব্ব, আমাৰ ৰব্ব, তথা সকলো বস্তুৰেই ৰব্ব, শস্য-বীজ আৰু গুটি বিদীৰ্ণকাৰী, তাওৰাত, ইঞ্জীল আৰু ফুৰক্বান অৱতীৰ্ণকাৰী! মই তোমাৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰিছোঁ প্ৰত্যেক ক্ষতিকাৰকৰ ক্ষতিৰ পৰা, যাৰ কপালৰ অগ্ৰভাগ তুমিয়েই ধাৰণকাৰী। হে আল্লাহ! তুমিয়েই প্ৰথম, তোমাৰ পূৰ্বে একো নাই। তুমিয়েই অন্ত, তোমাৰ পিছত একো নাই। তুমিয়েই সৰ্বোচ্চ, তোমাৰ ওপৰত একো নাই। তুমিয়েই আটাইতকৈ ওচৰত, তোমাতকৈ ওচৰত আন কোনো নাই। তুমি মোৰ ঋণ পৰিশোধ কৰাৰ তাওফীক দিয়া, আৰু দৰিদ্ৰতা তথা অভাৱ-অনাটনৰ পৰা অভাৱমুক্ত কৰা।143

«الحَمْدُ لِلَّهِ الَّذِي أَطْعَمَنَا وَسَقَانَا، وَكَفَانَا، وَآوَانَا، فَكَمْ مِمَّنْ لَا كَافِيَ لَهُ وَلَا مُؤْوِيَ».

“আলহাম্দুলিল্লা-হিল লাজী আত্বআমানা অছাক্বা-না, অকাফা-না, ৱা আ-ৱা-না, ফাকাম মিম্মান লা কা-ফিয়া লাহু অলা মু'ৱিয়া।”

অৰ্থঃ সকলো ধৰণৰ প্ৰশংসা একমাত্ৰ আল্লাহৰ বাবে, যিয়ে আমাক খুৱালে আৰু পান কৰালে, তেৱেঁই আমাৰ বাবে যথেষ্ট আৰু তেৱেঁই আমাক আশ্ৰয় প্ৰদান কৰিছে। কাৰণ এনেকুৱা বহুতো লোক আছে, যাৰ বাবে যথেষ্ট হ'ব পৰা কোনো নাই আৰু কোনো আশ্ৰয় দিওঁতাও নাই।144

«اللَّهُمَّ عَالِمَ الغَيْبِ وَالشَّهَادَةِ فَاطِرَ السَّمَوَاتِ وَالأَرْضِ، رَبَّ كُلِّ شَيْءٍ وَمَلِيكَهُ، أَشْهَدُ أَنْ لَا إِلَهَ إِلَّا أَنْتَ، أَعُوذُ بِكَ مِنْ شَرِّ نَفْسِي، وَمِنْ شَرِّ الشَّيْطانِ وَشِرْكِهِ، وَأَنْ أَقْتَرِفَ عَلَى نَفْسِي سُوءًا، أَوْ أَجُرَّهُ إِلَى مُسْلِمٍ».

“আল্লা-হুম্মা আ-লিমাল গাইবি অশ্ব শ্বাহাদাহ, ফা-তিৰাছ ছামা-ৱা-তি অল আৰ্জ, ৰাব্বা কুল্লি শ্বাইয়িন অমালী-কাহ ৷ আশ্বহাদু আল লা ইলা-হা ইল্লা আন্তা। আউজুবিকা মিন শ্বাৰ্ৰি নাফছি অমিন শ্বাৰ্ৰিশ্ব শ্বাইতা-নি অশ্বিৰকিহ। ৱা আনিক তাৰিফা আলা নাফছি ছূ-আন আউ আজুৰ্ৰাহু ইলা মুছলিম৷”

 

অৰ্থ: হে আল্লাহ! দৃশ্য - অদৃশ্যৰ জ্ঞাতা, আকাশমণ্ডল আৰু পৃথিৱীৰ সৃষ্টিকৰ্তা, প্ৰত্যেক বস্তুৰ প্ৰতিপালক আৰু গৰাকী। মই সাক্ষ্য দিওঁ যে, তোমাৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। হে আল্লাহ! মই তোমাৰ আশ্ৰয় বিচাৰোঁ মোৰ নফছৰ অনিষ্টৰ পৰা আৰু চয়তানৰ অনিষ্টৰ পৰা আৰু তাৰ শ্বিৰ্কৰ পৰা, আৰু মই নিজে কোনো পাপ কৰাৰ পৰা আৰু কোনো মুছলিমৰ অনিষ্ট কৰাৰ পৰা।145

«يَقْرَأُ ﴿الــم﴾ تَنْزِيلَ السَّجْدَةِ، وَتَبَارَكَ الَّذي بِيَدِهِ المُلْكُ».

“আলিফ-লাম-মীম﴾ তানযীলুছ ছাজদাহ, আৰু 'বৰকতময় তেওঁ যাৰ হাতত সৰ্বময় কৰ্তৃত্ব' পাঠ কৰিব৷” অৰ্থাৎ ছুৰা ছাজদাহ আৰু ছুৰা মুল্ক পাঠ কৰিব।146

«اللَّهُمَّ أَسْلَمْتُ نَفْسِي إِلَيْكَ، وَفَوَّضْتُ أَمْرِي إِلَيْكَ، وَوَجَّهْتُ وَجْهِي إِلَيْكَ، وَأَلْجَأْتُ ظَهْرِي إِلَيْكَ، رَغْبَةً وَرَهْبَةً إِلَيْكَ، لَا مَلْجَأَ وَلَا مَنْجَا مِنْكَ إِلَّا إِلَيْكَ، آمَنْتُ بِكِتَابِكَ الَّذِي أَنْزَلْتَ، وَبِنَبِيِّكَ الَّذِي أَرْسَلْتَ».

“আল্লা-হুম্মা আছলামতু নাফছী ইলাইক, অফাওৱাজতু আম্ৰী ইলাইক, অৱাজ্জাহতু অজহী ইলাইক, ৱা আলজা'তু জাহৰী ইলাইক, ৰাগবাতান অৰাহবাতান ইলাইক, লা মালজাআ অলা মানজা মিনকা ইল্লা ইলাইক, আ-মান্তু বিকিতা-বিকাল্লাজী আংঝালতা, অবিনাবিয়্যিকাল্লাজী আৰ্ছালতা৷”

অৰ্থঃ হে আল্লাহ! মই নিজকে তোমাৰ ওচৰত আত্মসমৰ্পণ কৰিছোঁ। মোৰ সকলো বিষয় তোমাৰ ওপৰতে অৰ্পণ কৰিছোঁ। মোৰ মুখমণ্ডল তোমাৰ ফালেই নিৱদ্ধ কৰিছোঁ। তোমাৰ প্ৰতি আশা আৰু ভয় ৰাখি তোমাৰ ওচৰতেই মই আশ্ৰয় গ্ৰহণ কৰিছোঁ। তোমাৰ পৰা ৰক্ষা পাবলৈ তোমাৰ বাহিৰে আন কোনো আশ্ৰয়স্থল আৰু মুক্তিৰ উপায় নাই। তুমি যি গ্ৰন্থ অৱতীৰ্ণ কৰিছা তাৰ ওপৰত মই ঈমান আনিছোঁ আৰু তুমি যি নবী প্ৰেৰণ কৰিছা তেওঁৰ ওপৰতো ঈমান আনিছোঁ।147148

২৯. ৰাতি বাগৰ সলোৱাৰ সময়ত পঢ়িবলগীয়া দুআ।

«لَا إِلَهَ إِلَّا اللَّهُ الوَاحِدُ القَهّارُ، رَبُّ السَّمَوَاتِ وَالأَرْضِ وَمَا بَيْنَهُمَا العَزيزُ الغَفَّارُ».

“লা ইলা-হা ইল্লাল্লাহুল্ ৱা-হিদুল্ ক্বাহহাৰ, ৰাব্বুছ্ ছামা-ৱা-তি অল্ আৰ্‌দ্বি অমা বাইনাহুমাল্ আঝীঝুল্ গাফ্ফাৰ।”

অৰ্থঃ আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই, তেওঁ একক, মহাপ্ৰতাপী। তেওঁ আকাশমণ্ডল, পৃথিৱী আৰু এই দুয়োৰে মাজত থকা সকলোৰে ৰব্ব, মহাপৰাক্ৰমশালী, পৰম ক্ষমাশীল।149

৩০. টোপনিৰ পৰা ভীত-সন্ত্ৰস্ত তথা আতংকিত অৱস্থাত সাৰ পোৱা ব্যক্তিয়ে আৰু নিসংগতাত আক্ৰান্ত ব্যক্তিয়ে পঢ়িবলগীয়া দুআ।

«أَعُوذُ بِكَلِمَاتِ اللَّهِ التَّامَّاتِ مِنْ غَضَبِهِ وَعِقَابِهِ، وَشَرِّ عِبَادِهِ، وَمِنْ هَمَزَاتِ الشَّياطِينِ وَأَنْ يَحْضُرُونِ».

“আ‘ঊজু বিকালিমা-তিল্লাহিত্ তা-ম্মা-তি মিন গাজাবিহি ৱা ‘ইক্বা-বিহি, অশ্বাৰ্ৰি ‘ইবা-দিহি, অমিন হামাঝা-তিশ্ব শ্বায়া-ত্বীন, ৱা আন্ ইয়াহ্‌জুৰূন৷”

অৰ্থঃ মই পূৰ্ণ বাক্যৰ জৰিয়তে আল্লাহৰ আশ্ৰয় প্ৰাৰ্থনা কৰোঁ, তেওঁৰ ক্ৰোধৰ পৰা, তেওঁৰ শাস্তিৰ পৰা, তেওঁৰ বান্দাসকলৰ অনিষ্টৰ পৰা, চয়তানৰ কুমন্ত্ৰণাৰ পৰা আৰু সিহঁত মোৰ ওচৰত উপস্থিত হোৱাৰ পৰা।150

৩১. সপোন বা বেয়া সপোন দেখিলে কি কৰিব লাগে

(বাওঁফালে থু পেলাব লাগে) (তিনিবাৰ)।151

(চয়তানৰ পৰা আৰু যি দেখিছে তাৰ অনিষ্টৰ পৰা আল্লাহৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰিব লাগে।) (তিনিবাৰ)৷152

"এই সপোনৰ বিষয়ে কাকো জনোৱা উচিত নহয়৷"153

(তেওঁ যিটো কাতিত শুই আছিল, সেই কাতি সলাই শুব লাগে।)154

“যদি ইচ্ছা কৰে তেন্তে উঠি চালাত আদায় কৰিব লাগে।”155

৩২. ৱিতিৰৰ কুনুতৰ দুআ।

«اللَّهُمَّ اهْدِنِي فِيمَنْ هَدَيْتَ، وَعَافِنِي فِيمَنْ عَافَيْتَ، وَتَوَلَّنِي فِيمَنْ تَوَلَّيْتَ، وَبَارِكْ لِي فِيمَا أَعْطَيْتَ، وَقِنِي شَرَّ مَا قَضَيْتَ؛ فَإِنَّكَ تَقْضِي وَلَا يُقْضَى عَلَيْكَ، إِنَّهُ لَا يَذِلُّ مَنْ وَالَيْتَ، [وَلاَ يَعِزُّ مَنْ عَادَيْتَ]، تَبارَكْتَ رَبَّنا وَتَعَالَيْتَ».

“আল্লা-হুম্মাহদিনী ফীমান হাদাইত, ৱা আ-ফিনী ফীমান আ’-ফাইত, অতাৱাল্লানী ফীমান তাৱাল্লাইত, অবা-ৰিক লী ফীমা আ’তাইত, অক্বিনী শ্বাৰ্ৰা মা ক্বাজাইত; ফাইন্নাকা তাক্বজী অলা য়ুক্বজা আলাইক, ইন্নাহু লা য়াজিল্লু মাওঁৱা-লাইত, [অলা য়া‘ইজ্জু মান আ-দাইত], তাবা-ৰাকতা ৰাব্বানা অতাআ-লাইত।”

অৰ্থঃ হে আল্লাহ! তুমি যিসকলক হিদায়ত প্ৰদান কৰিছা, তেওঁলোকৰ সৈতে মোকো হিদায়ত প্ৰদান কৰা। তুমি যিসকলক সুস্থতা প্ৰদান কৰিছা তেওঁলোকৰ সৈতে মোকো সুস্থতা দান কৰা। তুমি যিসকলৰ অভিভাৱকত্ব গ্ৰহণ কৰিছা তেওঁলোকৰ সৈতে মোকো স্থান দিয়া। তুমি মোক যি প্ৰদান কৰিছা তাত বৰকত দান কৰা। তুমি যি সিদ্ধান্ত গ্ৰহণ কৰিছা তাৰ অনিষ্টৰ পৰা মোক ৰক্ষা কৰা। কাৰণ নিশ্চয় তুমিয়েই সিদ্ধান্ত গ্ৰহণ কৰা, তোমাৰ বিৰুদ্ধে কোনো সিদ্ধান্ত গ্ৰহণ কৰা নহয়। নিশ্চয় তুমি যাক বন্ধু হিচাপে গ্ৰহণ কৰা, তেওঁ কেতিয়াও অপমানিত নহয়। [আৰু তুমি যাক শত্ৰু হিচাপে গ্ৰহণ কৰা, তেওঁ কেতিয়াও সন্মানিত নহয়।] হে আমাৰ প্ৰতিপালক! তুমি বৰকতময় আৰু সৰ্বোচ্চ।156

«اللَّهُمَّ إِنِّي أَعُوذُ بِرِضَاكَ مِنْ سَخَطِكَ، وَبِمُعَافَاتِكَ مِنْ عُقُوبَتِكَ، وَأَعُوذُ بِكَ مِنْكَ، لَا أُحْصِي ثَنَاءً عَلَيْكَ، أَنْتَ كَمَا أَثْنَيْتَ عَلَى نَفْسِكَ».

“আল্লা-হুম্মা ইন্নী আ’উজু বিৰিজা-কা মিন ছাখাতিক, অবিমুআ-ফা-তিকা মিন উক্বূবাতিক, ওৱা আ’উজু বিকা মিনকা, লা উহচী ছানা-আন আলাইক, আন্তা কামা আছনাইতা আলা নাফছিক।”

অৰ্থঃ হে আল্লাহ! নিশ্চয় মই তোমাৰ সন্তুষ্টিৰ জৰিয়তে তোমাৰ অসন্তুষ্টিৰ পৰা আৰু তোমাৰ ক্ষমাৰ জৰিয়তে তোমাৰ শাস্তিৰ পৰা আশ্ৰয় প্ৰাৰ্থনা কৰোঁ। মই তোমাৰ পৰা তোমাৰ ওচৰতেই আশ্ৰয় প্ৰাৰ্থনা কৰোঁ। মই তোমাৰ প্ৰশংসা গণনা কৰি শেষ কৰিব নোৱাৰোঁ, তুমি তেনেকুৱাই যেনেকুৱা প্ৰশংসা তুমি নিজৰ বাবে কৰিছা।157

«اللَّهُمَّ إِيَّاكَ نعْبُدُ، وَلَكَ نُصَلِّي وَنَسْجُدُ، وَإِلَيْكَ نَسْعَى وَنَحْفِدُ، نَرْجُو رَحْمَتَكَ، وَنَخْشَى عَذَابَكَ، إِنَّ عَذَابَكَ بِالكَافِرِينَ مُلْحِقٌ، اللَّهُمَّ إِنَّا نَسْتَعِينُكَ، وَنَسْتَغْفِرُكَ، وَنُثْنِي عَلَيْكَ الخَيْرَ، وَلَا نَكْفُرُكَ، وَنُؤْمِنُ بِكَ، وَنَخْضَعُ لَكَ، وَنَخْلَعُ مَنْ يَكْفرُكَ».

“আল্লা-হুম্মা ইয়্যা-কা না’বুদু, অলাকা নুচল্লী অনাছজুদু, ৱা ইলাইকা নাছআ- অনাহফিদ, নাৰজু ৰাহমাতাক, অনাখশ্বা- আজা-বাক, ইন্না আজা-বাকা বিল কা-ফিৰীনা মুলহিক্ব। আল্লা-হুম্মা ইন্না নাছতায়ীনুকা অনাস্তাগফিৰুক, অনুছনী আলাইকাল খাইৰ, অলা নাকফুৰুক, অনু'মিনু বিকা অনাখজউ লাক, অনাখলাউ মাঁই ইয়াকফুৰুক।”

 

অৰ্থঃ হে আল্লাহ! আমি তোমাৰেই ইবাদত কৰোঁ, তোমাৰ বাবেই ছালাত আদায় কৰোঁ আৰু ছাজদাহ কৰোঁ, তোমাৰ পিনেই আমি ধাৱমান হওঁ আৰু প্ৰয়াস কৰোঁ, আমি তোমাৰ ৰহমতৰ আশা কৰোঁ আৰু তোমাৰ শাস্তিলৈ ভয় কৰোঁ। নিশ্চয় তোমাৰ শাস্তি কাফিৰসকলৰ ওপৰত আপতিত হ’ব। হে আল্লাহ! আমি তোমাৰ ওচৰতেই সহায় প্ৰাৰ্থনা কৰোঁ আৰু তোমাৰ ওচৰতেই ক্ষমা প্ৰাৰ্থনা কৰোঁ, তোমাৰেই উত্তম প্ৰশংসা কৰোঁ, আমি তোমাৰ প্ৰতি অকৃতজ্ঞ নহওঁ, আমি তোমাৰ প্ৰতি ঈমান পোষণ কৰোঁ, তোমাৰ ওচৰত আনুগত্য স্বীকাৰ কৰোঁ আৰু যিয়ে তোমাক অস্বীকাৰ কৰে তাক আমি পৰিত্যাগ কৰোঁ।158

৩৩. ৱিতিৰ নামাজৰ ছালাম ফিৰোৱাৰ পাছত পঢ়িবলগীয়া দুআ।

«سُبْحَانَ المَلِكِ القُدُّوسِ».

“ছুবহা-নাল মালিকিল কুদ্দুছ৷”

অৰ্থঃ সৰ্বোচ্চ ৰাজত্বৰ অধিকাৰী, নিখুঁত পৱিত্ৰ সত্তা (মহান আল্লাহ) অত্যন্ত পৱিত্ৰ।

ثَلَاثَ مرَّاتٍ

তিনিবাৰ পঢ়িব।

والثَّالِثَةُ يَجْهَرُ بها ويَمُدُّ بِهَا صَوتَهُ يَقُولُ:

আৰু তৃতীয়বাৰত উচ্চস্বৰে এইটো টানি পাঠ কৰিবঃ

«رَبِّ المَلَائِكَةِ وَالرُّوحِ».

"ৰাব্বিল মালাইকাতি অৰ-ৰূহ।"

অৰ্থঃ ফিৰিস্তাসকলৰ আৰু ৰূহৰ প্ৰতিপালক৷159

৩৪. দুখ তথা দুশ্চিন্তাৰ সময়ত পঢ়িবলগীয়া দুআ

«اللَّهُمَّ إِنِّي عَبْدُكَ، ابْنُ عَبْدِكَ، ابْنُ أَمَتِكَ، نَاصِيَتِي بِيَدِكَ، مَاضٍ فِيَّ حُكْمُكَ، عَدْلٌ فِيَّ قَضَاؤُكَ، أَسْأَلُكَ بِكُلِّ اسْمٍ هُوَ لَكَ، سَمَّيْتَ بِهِ نَفْسَكَ، أَوْ أَنْزَلْتَهُ فِي كِتَابِكَ، أَوْ عَلَّمْتَهُ أَحَدًا مِنْ خَلْقِكَ، أَوِ اسْتَأْثَرْتَ بِهِ فِي عِلْمِ الغَيْبِ عِنْدَكَ، أَنْ تَجْعَلَ القُرْآنَ رَبِيعَ قَلْبِي، وَنُورَ صَدْرِي، وَجَلَاءَ حُزْنِي، وَذَهَابَ هَمِّي».

“আল্লা-হুম্মা ইন্নি আব্দুক, অবনু আব্দিক, অবনু আমাতিক, না-চিয়াতি বিয়াদিক, মা-জিন ফিয়্যা হুকমুক, আদলুন ফিয়্যা কাজা-উক, আছআলুকা বিকুল্লি ইছমিন হুৱা লাক, ছাম্মাইতা বিহি নাফছাক, আও আনঝালতাহু ফী কিতা-বিক, আও আল্লামতাহু আহাদাম মিন খালকিক, আৱিছ তা’ছাৰতা বিহি ফী ইল্মিল গাইবি ইন্দাক, আন তাজআলাল কোৰআ-না ৰাবীআ ক্বালবী, ওৱা নূৰা চাদৰী, অজালা-আ হুঝনী, অজাহা-বা হাম্মী৷”

অৰ্থঃ হে আল্লাহ! নিশ্চয় মই হৈছোঁ তোমাৰ দাস, তোমাৰ দাসৰ পুত্ৰ, আৰু তোমাৰ দাসীৰ পুত্ৰ। মোৰ কপাল তোমাৰ হাতত। তোমাৰ আদেশ মোৰ ওপৰত বলৱৎ, আৰু তোমাৰ নিৰ্ণয় ন্যায়সঙ্গত। মই তোমাৰ ওচৰত প্ৰাৰ্থনা কৰোঁ, তোমাৰ প্ৰত্যেক সেই নামৰ দ্বাৰা, যিবোৰ নাম তুমি নিজৰ বাবে চয়ন কৰিছা, অথবা যিবোৰ অৱতীৰ্ণ কৰিছা তোমাৰ গ্ৰন্থত, নাইবা তোমাৰ কোনো সৃষ্টিক শিক্ষা দিছা অথবা তুমি তোমাৰ ইল্মে গায়েবত ৰাখি থৈছা। (হে আল্লাহ!) তুমি মহান কোৰআনক মোৰ অন্তৰৰ বাবে প্ৰেৰণা বনাই দিয়া, মোৰ বুকুৰ নূৰ বনাই দিয়া, মোৰ দুশ্চিন্তা আৰু ক্লান্তি দূৰ কৰি দিয়া।160

«اللَّهُمَّ إِنِّي أَعُوذُ بِكَ مِنَ الهَمِّ وَالحَزَنِ، وَالعَجْزِ وَالكَسَلِ، وَالبُخْلِ وَالجُبْنِ، وَضَلَعِ الدَّيْنِ وَغَلَبَةِ الرِّجَالِ».

“আল্লা-হুম্মা ইন্নী আ’উজু বিকা মিনাল হাম্মি অল-হাঝানি, অল-আজঝি অল-কাছালি, অল-বুখলি অল-জুবনি, অজালা'ইদ-দাইনি অগালাবাতিৰ ৰিজাল।”

অৰ্থঃ হে আল্লাহ! মই তোমাৰ ওচৰত আশ্ৰয় বিচাৰোঁ দুশ্চিন্তা আৰু দুখ-কষ্টৰ পৰা, অক্ষমতা আৰু অলসতাৰ পৰা, কৃপণতা আৰু কাপুৰুষতাৰ পৰা, লগতে ঋণৰ বোজা আৰু মানুহৰ আধিপত্যৰ পৰা।161

৩৫. কঠিন পৰিস্থিতিত পঢ়িবলগীয়া দুআ।

«لَا إِلَهَ إِلَّا اللَّهُ العَظِيمُ الحَلِيمُ، لَا إِلَهَ إِلَّا اللَّهُ رَبُّ العَرْشِ العَظِيمِ، لَا إِلَهَ إِلَّا اللَّهُ رَبُّ السَّمَوَاتِ وَرَبُّ الأَرْضِ وَرَبُّ العَرْشِ الكَرِيمِ».

“লা ইলা-হা ইল্লাল্লাহুল্ ‘আযীমুল্ হালীম, লা ইলা-হা ইল্লাল্লাহু ৰাব্বুল্ ‘আৰ্শ্বিল্ ‘আযীম, লা ইলা-হা ইল্লাল্লাহু ৰাব্বুছ্ ছামা-ৱা-তি, অৰাব্বুল্ আৰ্‌দ্বি, অৰাব্বুল্ ‘আৰ্শ্বিল্ কাৰীম।”

অৰ্থঃ আল্লাহৰ বাহিৰে আন কোনো সত্য ইলাহ নাই, তেওঁ মহান, সহনশীল। আল্লাহৰ বাহিৰে আন কোনো সত্য ইলাহ নাই, তেওঁ মহা আৰছৰ ৰব্ব। আল্লাহৰ বাহিৰে আন কোনো সত্য ইলাহ নাই, তেওঁ আকাশমণ্ডল আৰু পৃথিৱীৰ ৰব্ব, আৰু সন্মানিত আৰছৰ ৰব্ব।162

«اللَّهُمَّ رَحْمَتَكَ أَرْجُو، فَلَا تَكِلْنِي إِلَى نَفْسِي طَرْفَةَ عَيْنٍ، وَأَصْلِحْ لِي شَأْنِي كُلَّهُ، لَا إِلَهَ إِلَّا أَنْتَ».

“আল্লা-হুম্মা ৰাহ্‌মাতাকা আৰজূ, ফালা তাকিল্‌নী ইলা নাফ্‌ছী তাৰ্ফাতা ‘আইন, ৱা আচলিহ্‌ লী শ্বা’নী কুল্লাহ, লা ইলা-হা ইল্লা আন্ত।”

অৰ্থঃ হে আল্লাহ! মই কেৱল তোমাৰ কৰুণাৰ প্ৰত্যাশী, এতেকে তুমি মোক এক পলৰ বাবেও মোৰ দায়িত্বত এৰি নিদিবা। তুমি মোৰ সকলো বিষয় সংশোধন কৰি দিয়া; তোমাৰ বাহিৰে আন কোনো সত্য ইলাহ (উপাস্য) নাই।163

«لَا إِلَهَ إِلَّا أَنْتَ سُبْحَانَكَ إِنِّي كُنْتُ مِنَ الظَّالِمِينَ».

“লা ইলা-হা ইল্লা আন্তা ছুব্‌হা-নাকা ইন্নি কুংতু মিনাজ্‌জা-লিমীন৷”164

«اللَّهُ اللَّهُ رَبِّي لَا أُشْرِكُ بِهِ شَيْئًا».

“আল্লাহু আল্লাহু ৰাব্বী, লা উশ্বৰিকু বিহি শ্বাই’আঁ।’’

অৰ্থঃ আল্লাহ, আল্লাহ হৈছে মোৰ ৰব্ব, মই তেওঁৰ লগত একোকে অংশী নকৰোঁ।165

৩৬. শত্ৰু তথা প্ৰভাৱশালী ব্যক্তিৰ সন্মুখীন হ’লে পঢ়িবলগীয়া দুআ

«اللَّهُمَّ إِنَّا نَجْعَلُكَ فِي نُحُورِهِم، وَنَعُوذُ بِكَ مِنْ شُرُورِهِمْ».

“আল্লা-হুম্মা ইন্না নাজ'আলুকা ফী নুহূৰিহিম, ৱা না'উজু বিকা মিন শ্বুৰূৰিহিম৷”

অৰ্থঃ হে আল্লাহ! আমি তোমাক সিহঁতৰ মোকাবিলাত ৰাখিছোঁ, আৰু সিহঁতৰ অনিষ্টৰ পৰা তোমাৰ ওচৰত আশ্ৰয় বিচাৰোঁ।166

«اللَّهُمَّ أَنْتَ عَضُدِي، وَأَنْتَ نَصِيرِي، بِكَ أَحُولُ وَبِكَ أَصُولُ، وَبِكَ أُقاتِلُ».

“আল্লা-হুম্মা আন্তা আজুদী, ৱা আন্তা নাচীৰী, বিকা আহূলু অবিকা আছূলু, অবিকা উকা-তিলু।”

অৰ্থঃ হে আল্লাহ! তুমিয়ে মোৰ শক্তি আৰু তুমিয়ে মোৰ সহায়কাৰী। তোমাৰ সহায়তেই মই বিচৰণ কৰোঁ, তোমাৰ সহায়তেই মই আক্ৰমণ কৰোঁ আৰু তোমাৰ সহায়তেই মই যুদ্ধ কৰোঁ।167

«حَسْبُنا اللَّهُ وَنِعْمَ الوَكِيلُ».

“হাছবুনাল্লা-হু অনি‘মাল অকীল৷”

অৰ্থঃ আমাৰ বাবে আল্লাহেই যথেষ্ট আৰু তেৱেঁই উত্তম কৰ্মবিধায়ক৷168

৩৭. শাসকৰ অত্যাচাৰৰ আশংকা কৰা ব্যক্তিয়ে পঢ়িবলগীয়া দুআ।

«اللَّهُمَّ ربَّ السَّمَوَاتِ السَّبْعِ، وَرَبَّ العَرْشِ العَظِيمِ، كُنْ لِي جَارًا مِنْ فُلَانِ بْنِ فُلَانٍ، وَأَحْزَابِهِ مِنْ خَلَائِقِكَ، أَنْ يَفْرُطَ عَلَيَّ أَحَدٌ مِنْهُمْ أَوْ يَطْغَى، عَزَّ جَارُكَ، وَجَلَّ ثَنَاؤُكَ، وَلَا إِلَهَ إِلَّا أَنْتَ».

“আল্লা-হুম্মা ৰাব্বাছ্ ছামা-ৱা-তিছ্ ছাব্‘ই, অৰাব্বাল্ আৰ্শ্বিল্ আযীম, কুন লী জা-ৰান মিন ফুলা-নিবনি ফুলা-নিন, ৱা আহঝা-বিহী মিন খালা-য়িক্বিক, আইঁ য়াফৰুতা আলাইয়্যা আহাদুম মিনহুম আও ইয়াত্বগা-, আঝঝা জা-ৰুকা, অজাল্লা ছানা-উক, অলা- ইলা-হা ইল্লা- আন্ত৷”

অৰ্থঃ হে আল্লাহ! হে সাতখন আকাশৰ প্ৰতিপালক, মহা আৰছৰ ৰব্ব! অমুকৰ পুত্ৰ অমুক আৰু তোমাৰ সৃষ্ট জীৱৰ মাজত থকা তাৰ দলবলৰ পৰা তুমি মোৰ আশ্ৰয়দাতা হৈ যোৱা, যাতে সিহঁতৰ কোনোবাই মোৰ ওপৰত অত্যাচাৰ কৰিবলৈ আগবাঢ়ি আহিব নোৱাৰে অথবা সীমা লংঘন কৰিব নোৱাৰে। তোমাৰ আশ্ৰয় অতি প্ৰৱল, তোমাৰ প্ৰশংসা অতি মহান, আৰু তোমাৰ বাহিৰে আন কোনো সত্য ইলাহ নাই৷169

«اللَّهُ أَكْبَرُ، اللَّهُ أَعَزُّ مِنْ خَلْقِهِ جَمِيعًا، اللَّهُ أَعَزُّ مِمَّا أَخَافُ وَأَحْذَرُ، أَعُوذُ بِاللَّهِ الَّذِي لَا إِلَهَ إِلَّا هُوَ، المُمْسِكِ السَّمَوَاتِ السَّبْعِ أَنْ يَقَعْنَ عَلَى الأَرْضِ إِلَّا بِإِذْنِهِ، مِنْ شَرِّ عَبْدِكَ فُلَانٍ، وَجُنُودِهِ وَأَتْبَاعِهِ وَأَشْيَاعِهِ، مِنَ الجِنِّ وَالإِنْسِ، اللَّهُمَّ كُنْ لِي جَارًا مِنْ شَرِّهِمْ، جَلَّ ثَنَاؤُكَ وَعَزَّ جَارُكَ، وَتَبَارَكَ اسْمُكَ، وَلَا إِلَهَ غَيْرُكَ».

“আল্লাহু আকবাৰ, আল্লাহু আ আ'ঝঝু মিন খালক্বিহী জামীআ', আল্লাহু আআ'ঝঝু মিম্মা আখা-ফু ৱা আহযাৰু, আউজু বিল্লা-হিল্লাজী লা ইলা-হা ইল্লা হু, আল-মুমছিকিছ ছামা-ৱা-তিছ ছাবয়ি আঁই য়াক্বা'না আলাল আৰ্দ্বি ইল্লা বিইজনিহ, মিন শ্বাৰ্ৰি আব্দিকা ফুলা-ন, অজুনূদিহী ৱা আতবা-য়িহী ৱা আশ্বয়া-য়িহ, মিনাল জিন্নি অল-ইনচি, আল্লা-হুম্মা কুন লী জা-ৰাম মিন শ্বাৰ্ৰিহিম, জাল্লা ছানা-উকা ৱা আ'ঝঝা জা-ৰুক, অতাবা-ৰাকাছমুক, অলা ইলা-হা গাইৰুক।”

অৰ্থঃ আল্লাহ আটাইতকৈ মহান, আল্লাহ তেওঁৰ সমগ্ৰ সৃষ্টিকুলতকৈ অধিক পৰাক্ৰমশালী। মই যিবোৰক ভয় কৰোঁ আৰু যাৰ পৰা সতৰ্ক থাকোঁ সেই সকলোতকৈ আল্লাহ অধিক পৰাক্ৰমশালী। মই সেই আল্লাহৰ আশ্ৰয় বিচাৰোঁ, যাৰ বাহিৰে আন কোনো সত্য উপাস্য নাই, যিজনে সাতখন আকাশক পৃথিৱীৰ ওপৰত খহি পৰাৰ পৰা ধৰি ৰাখিছে, তেওঁৰ অনুমতি নোহোৱাকৈ খহি পৰা অসম্ভৱ। (হে আল্লাহ!) তোমাৰ অমুক বান্দা, আৰু জিন তথা মানুহৰ মাজৰ পৰা তাৰ সৈন্য-সামন্ত, তাৰ অনুগামী আৰু তাৰ সমৰ্থকসকলৰ অনিষ্টৰ পৰা (তোমাৰ আশ্ৰয় বিচাৰোঁ)। হে আল্লাহ! সিহঁতৰ অনিষ্টৰ পৰা তুমি মোৰ আশ্ৰয়দাতা হোৱা। তোমাৰ প্ৰশংসা অতি মহান, তোমাৰ আশ্ৰয় অতি শক্তিশালী, তোমাৰ নাম বৰকতময় আৰু তোমাৰ বাহিৰে আন কোনো সত্য উপাস্য নাই।

ثَلَاثَ مَرَّاتٍ.

তিনিবাৰ পঢ়িব৷170

৩৮. শত্ৰুৰ বিৰুদ্ধে বদ্দু‘আ।

«اللَّهُمَّ مُنْزِلَ الكِتَابِ، سَرِيعَ الحِسَابِ، اهْزِمِ الأَحْزَابَ، اللَّهُمَّ اهزِمْهُمْ وَزَلْزِلْهُمْ».

“আল্লা-হুম্মা মুনঝিলাল কিতাব, ছাৰীআল হিছাব, ইহঝিমিল আহঝাব, আল্লা-হুম্মাহঝিমহুম অঝালঝিলহুম।”

অৰ্থঃ হে আল্লাহ! কিতাব অৱতীৰ্ণকাৰী, দ্ৰুত হিচাপ গ্ৰহণকাৰী, শত্ৰুদলক পৰাস্ত কৰা। হে আল্লাহ! সিহঁতক পৰাস্ত কৰা আৰু সিহঁতক প্ৰকম্পিত কৰা।171

৩৯. কোনো সম্প্ৰদায়ক ভয় কৰিলে পঢ়িবলগীয়া দুআ

«اللَّهُمَّ اكْفِنِيهِمْ بِمَا شِئْتَ».

“আল্লা-হুম্মাকফিনীহিম বিমা শ্বি'ত।”

অৰ্থঃ হে আল্লাহ! তুমি যিদৰে ইচ্ছা কৰা, তেওঁলোকৰ বিৰুদ্ধে মোৰ বাবে তুমিয়েই যথেষ্ট।172

৪০- ঈমানৰ ক্ষেত্ৰত অছৱাছা বা সন্দেহ সৃষ্টি হোৱা ব্যক্তিয়ে পঢ়িবলগীয়া দুআ

“আল্লাহৰ আশ্ৰয় প্ৰাৰ্থনা কৰিব৷”173 অৰ্থাৎ এইটো পাঠ কৰিবঃ "আউজু বিল্লা-হি মিনাশ্ব শ্বাইত্ব-নিৰ ৰাজীম।"

“যি বিষয়ত কুমন্ত্ৰণাৰ সৃষ্টি হৈছে সেইটো ভাৱনাৰ পৰা বিৰত থাকিব৷”174

লগতে ক'বঃ

(آمَنْتُ بِاللَّهِ وَرُسُلِهِ).

“আ-মান্তু বিল্লা-হি অৰুছুলিহ।”

মই আল্লাহ আৰু তেওঁৰ ৰাছুলসকলৰ প্ৰতি ঈমান আনিছোঁ৷175

এই আয়াতটো পাঠ কৰিবঃ

﴿هُوَ ٱلۡأَوَّلُ وَٱلۡأٓخِرُ وَٱلظَّٰهِرُ وَٱلۡبَاطِنُۖ وَهُوَ بِكُلِّ شَيۡءٍ عَلِيمٌ 3﴾

“তেৱেঁই আদি আৰু অন্ত; প্ৰকাশ্য (ওপৰত) আৰু গোপন (ওচৰত) আৰু তেৱেঁই সকলো বস্তু সম্পৰ্কে সম্যক অৱগত।” (ছুৰা আল-হাদীদঃ ৩)176

৪১. ঋণ পৰিশোধৰ দুআ।

«اللَّهُمَّ اكْفِنِي بِحَلَالِكَ عَنْ حَرَامِكَ، وَأَغْنِنِي بِفَضْلِكِ عَمَّنْ سِوَاكَ».

“আল্লা-হুম্মাকফিনী বিহালা-লিকা আন হাৰা-মিক, ওৱা আগনিনী বিফাজলিকা আম্মান ছিৱা-ক।”

অৰ্থঃ হে আল্লাহ! হাৰাম জীৱিকাৰ পৰা তোমাৰ হালাল জীৱিকা মোৰ বাবে যথেষ্ট কৰি দিয়া। লগতে তোমাৰ বাহিৰে সকলো লোকৰ পৰা মোক অমুখাপেক্ষী কৰি দিয়া।177

«اللَّهُمَّ إِنِّي أَعُوذُ بِكَ مِنَ الهَمِّ وَالحَزَنِ، وَالعَجْزِ وَالكَسَلِ، وَالبُخْلِ وَالجُبْنِ، وَضَلَعِ الدَّيْنِ وَغَلَبَةِ الرِّجَالِ».

“আল্লা-হুম্মা ইন্নী আ’উজু বিকা মিনাল হাম্মি অলহাঝানি, অল'আজঝি অলকাছাল, অলবুখলি অলজুবনি, অজালা'ইদ্দাইনি অগালাবাতিৰ ৰিজাল।”

অৰ্থঃ হে আল্লাহ! মই তোমাৰ আশ্ৰয় বিচাৰোঁ দুশ্চিন্তা আৰু দুখ-কষ্টৰ পৰা, অক্ষমতা আৰু অলসতাৰ পৰা, কৃপণতা আৰু কাপুৰুষতাৰ পৰা, লগতে ঋণৰ বোজা আৰু মানুহৰ আধিপত্যৰ পৰা।178

৪২- ছালাতত বা কিৰাআতত অছৱাছাৰ সন্মুখীন হ'লে পঢ়িবলগীয়া দুআ।

«أَعُوذُ بِاللَّهِ مِنَ الشَّيطَانِ الرَّجِيمِ،

“আউজু বিল্লা-হি মিনাশ্ব শ্বাইত্ব-নিৰ ৰাজীম৷”

وَاتْفُلْ عَلَى يَسَارِكَ (ثَلَاثًا)».

“লগতে বাওঁফালে (তিনিবাৰ) থু পেলাব৷”179

৪৩. কোনো কঠিন কামৰ সন্মুখীন হ'লে পঢ়িবলগীয়া দুআ।

«اللَّهُمَّ لَا سَهْلَ إِلَّا مَا جَعَلْتَهُ سَهْلًا، وَأَنْتَ تَجْعَلُ الحَزْنَ إِذَا شِئْتَ سَهْلًا».

“আল্লা-হুম্মা লা ছাহ্‌লা ইল্লা মা জা‘আলতাহু ছাহ্‌লা, ৱা আন্তা তাজ‘আলুল হাঝনা ইযা শ্বি’তা ছাহ্‌লা।”

অৰ্থঃ হে আল্লাহ! তুমি যিটো সহজ কৰি দিয়া তাৰ বাহিৰে আন একোৱেই সহজ নহয়, আৰু তুমি ইচ্ছা কৰিলে কঠিনকো সহজ কৰি দিয়া।180

৪৪. গুনাহত পতিত ব্যক্তিয়ে পঢ়িবলগীয়া দুআ

«مَا مِنْ عَبْدٍ يُذنِبُ ذَنْبًا فَيُحْسِنُ الطُّهُورَ، ثُمَّ يَقُومُ فَيُصَلِّي رَكْعَتَيْنِ، ثُمَّ يَسْتَغْفِرُ اللَّهَ إِلَّا غَفَرَ اللَّهُ لَهُ».

“যদি কোনো বান্দাই গুনাহ কৰাৰ পিছত সুন্দৰকৈ পৱিত্ৰতা অৰ্জন কৰি দুই ৰাকাত নামাজ আদায় কৰে আৰু তাৰ পিছত আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰে, তেন্তে আল্লাহে তেওঁক ক্ষমা কৰি দিয়ে।”181

৪৫. চয়তান আৰু তাৰ কুমন্ত্ৰণাৰ পৰা ৰক্ষা পোৱাৰ দুআ

তাৰ পৰা আল্লাহৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰিব৷182

(আজান)183

(জিকৰ-আজকাৰ আৰু কোৰআন তিলাৱত)।

«لَا تَجْعَلُوا بُيُوتَكُمْ مَقَابِرَ، إِنَّ الشَّيْطَانَ يَنْفِرُ مِنَ الْبَيْتِ الَّذِي تُقْرَأُ فِيهِ سُورَةُ الْبَقَرَةِ».

“তোমালোকে নিজৰ ঘৰখনক কবৰস্থানত পৰিণত নকৰিবা। নিশ্চয় চয়তান সেই ঘৰৰ পৰা পলায়ন কৰে, যি ঘৰত ছুৰা আল-বাক্বাৰাহ তিলাৱত কৰা হয়।”184

আৰু যিবোৰ কৰ্মই চয়তানক বিতাৰিত কৰে তাৰ ভিতৰত অন্যতম হৈছে পুৱা-গধূলিৰ আজকাৰ, শোৱাৰ সময়ত আৰু টোপনিৰ পৰা সাৰ পোৱাৰ পাছত পঢ়িবলগীয়া আজকাৰ, ঘৰত প্ৰৱেশ কৰা আৰু ওলোৱাৰ আজকাৰ, মছজিদত প্ৰৱেশ কৰা আৰু ওলোৱাৰ আজকাৰ, আৰু অন্যান্য চৰীয়ত সন্মত জিকৰ-আজকাৰ, উদাহৰণস্বৰূপেঃ টোপনিত যোৱাৰ আগত আয়াতুল কুৰ্ছী আৰু ছুৰা বাক্বাৰাৰ শেষৰ আয়াত দুটা পাঠ কৰা, লগতে যি ব্যক্তিয়ে-

لَا إِلٰهَ إِلَّا اللَّهُ وَحْدَهُ لَا شَرِيكَ لَهُ، لَهُ الْمُلْكُ وَلَهُ الْحَمْدُ، وَهُوَ عَلَىٰ كُلِّ شَيْءٍ قَدِيرٌ

“লা ইলা-হা ইল্লাল্লা-হু অহদাহু লা শ্বাৰীকা লাহু, লাহুল মুল্কু অলাহুল হাম্দু, অহুৱা আলা কুল্লি শ্বাইয়িন ক্বাদীৰ।”

অৰ্থঃ আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। তেওঁ একক, তেওঁৰ কোনো অংশীদাৰ নাই। ৰাজত্ব তেওঁৰেই আৰু প্ৰশংসাও কেৱল তেওঁৰেই। তেওঁ সকলো ক্ষেত্ৰতে ক্ষমতাৱান।

مِائَةَ مَرَّةٍ، كَانَتْ لَهُ حِرْزًا مِنَ الشَّيْطَانِ يَومِهِ كُلِّهِ،

এশবাৰ পাঠ কৰিব, এইটো তেওঁৰ বাবে গোটেই দিনটো চয়তানৰ পৰা সুৰক্ষাৰ কাম কৰিব৷185 এইদৰে আজানে চয়তানক বিতাৰিত কৰে।

৪৬. অপছন্দনীয় কিবা ঘটিলে বা কোনো বিষয়ত অপাৰগ হ’লে পঢ়িবলগীয়া দুআ

«قَدَرُ اللَّهُ وَمَا شَاءَ فَعَلَ».

“ক্বাদাৰুল্লা-হু অমা শ্বা-আ ফাআল।”

এইটো আল্লাহৰ নিৰ্ধাৰণ, আৰু তেওঁ যি ইচ্ছা কৰে সেইটোৱে কৰে।186

৪৭. নৱজাতকৰ জন্মৰ বাবে জনোৱা শুভেচ্ছা আৰু তাৰ উত্তৰ।

«بَارَكَ اللَّهُ لَكَ فِي المَوْهُوبِ لَكَ، وَشَكَرْتَ الوَاهِبَ، وَبَلَغَ أَشُدَّهُ، وَرُزِقْتَ بِرَّهُ».

“বা-ৰাকাল্লাহু লাকা ফিল মাওহূবি লাক, অশ্বাকাৰতাল ৱা-হিব, অবালাগা আশ্বুদ্দাহ, অৰুঝিক্বতা বিৰ্ৰাহ।”

অৰ্থঃ আল্লাহে আপোনাক যি উপহাৰ (সন্তান) প্ৰদান কৰিছে তাত আপোনাৰ বাবে বৰকত দান কৰক, আপুনি যেন দাতাৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে, সন্তানটোৱে যেন পূৰ্ণ বয়সত উপনীত হয় আৰু আপুনি যেন তাৰ সদাচাৰ লাভ কৰে৷187

আৰু যাক অভিনন্দন জনোৱা হৈছে তেওঁ উত্তৰত ক'বঃ

«بَارَكَ اللَّهُ لَكَ وَبَارَكَ عَلَيْكَ، وَجَزَاكَ اللَّهُ خَيْرًا، وَرَزَقَكَ اللَّهُ مِثْلَهُ، وَأَجْزَلَ ثَوَابَكَ».

“বা-ৰাকাল্লাহু লাকা অবা-ৰাকা আলাইক, অজাঝা-কাল্লা-হু খাইৰা, অৰাঝাকাকাল্লা-হু মিছলাহ, ৱা আজঝালা ছাৱা-বাক৷”

অৰ্থঃ আল্লাহে আপোনাক বৰকত দান কৰক আৰু আপোনাৰ ওপৰত বৰকত প্ৰদান কৰক, আল্লাহে আপোনাক উত্তম প্ৰতিদান দিয়ক, আল্লাহে আপোনাক ইয়াৰ সমতুল্য জীৱিকা দান কৰক, আৰু আপোনাৰ ছোৱাব বৃদ্ধি কৰি দিয়ক।188

৪৮. সন্তানৰ বাবে যিদৰে আশ্ৰয় প্ৰাৰ্থনা কৰিব লাগে

ৰাছুলুল্লাহু চাল্লাল্লাহু আলাইহি অছাল্লামে হাছান আৰু হুছেইন ৰাদ্বিয়াল্লাহু আনহুমাৰ বাবে আশ্ৰয় প্ৰাৰ্থনা কৰি কৈছিল-

«أُعِيذُكُمَا بِكَلِمَاتِ اللَّهِ التَّامَّةِ مِنْ كُلِّ شَيْطَانٍ وَهَامَّةٍ، وَمِنْ كُلِّ عَيْنٍ لَامَّةٍ».

“উয়িজুকুমা বিকালিমা-তিল্লা-হিত তা-ম্মাতি, মিন কুল্লি শ্বাইত্বনিন অহা-ম্মাহ, অমিন কুল্লি ‘আইনিন লা-ম্মাহ৷”

অৰ্থঃ মই তোমালোক দুয়োৰে বাবে আল্লাহৰ পূৰ্ণ বাক্যৰ জৰিয়তে আশ্ৰয় প্রার্থনা কৰোঁ, প্রত্যেক চয়তান আৰু বিষাক্ত প্রাণীৰ (অনিষ্টৰ) পৰা, আৰু প্রত্যেক বদ-নজৰৰ পৰা।189

৪৯- শুশ্ৰূষা কৰিবলৈ গৈ বেমাৰীৰ বাবে কৰিবলগীয়া দুআ

«لَا بأْسَ طَهُورٌ إِنْ شَاءَ اللَّهُ».

“লা বা'ছা, তহূৰুন ইন শ্বা আল্লাহ।”

অৰ্থঃ আল্লাহে ইচ্ছা কৰিলে নিশ্চয় (এই বেমাৰে আপোনাক গুনাহৰ পৰা) পৱিত্ৰ কৰিব।190

«أَسْأَلُ اللَّهَ العَظِيمَ رَبَّ العَرْشِ العَظِيمِ أَنْ يَشْفيَكَ».

“আছআলুল্লা-হাল আজীম, ৰাব্বাল আৰ্শ্বিল আজীম, আঁইয়্যাশ্বফীক।”

অৰ্থঃ মহা আৰচৰ অধিপতি মহান আল্লাহৰ ওচৰত মই প্ৰাৰ্থনা কৰোঁ, তেওঁ যাতে আপোনাক আৰোগ্য দান কৰে

সাতবাৰ পঢ়িব৷191

 

৫০. বেমাৰীক শুশ্ৰূষা কৰাৰ গুৰুত্ব

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ

«إِذَا عَادَ الرَّجُلُ أَخَاهُ الْمُسْلِمَ مَشَى فِي خِرَافَةِ الجَنَّةِ حَتَّى يَجْلِسَ، فَإِذَا جَلَسَ غَمَرَتْهُ الرَّحْمَةُ، فَإِنْ كَانَ غُدْوَةً صَلَّى عَلَيْهِ سَبْعُونَ أَلْفَ مَلَكٍ حَتَّى يُمْسِيَ، وَإِنْ كَانَ مَسَاءً صَلَّى عَلَيْهِ سَبْعُونَ أَلْفَ مَلَكٍ حَتَّى يُصْبِحَ».

“যেতিয়া কোনো ব্যক্তিয়ে অসুস্থ মুছলিম ভাইৰ খবৰ ল'বলৈ যায়, তেওঁ তাত নবহালৈকে জান্নাতৰ ফলৰ বাগিচাত বিচৰণ কৰি থাকে। তাৰ পিছত যেতিয়া তেওঁ বহে, তেতিয়া ৰহমতে তেওঁক আবৰি ধৰে। যদি সেইটো পুৱাৰ সময় হয়, তেন্তে সত্তৰ হেজাৰ ফিৰিস্তাই গধূলিলৈকে তেওঁৰ বাবে দুআ কৰে, আৰু যদি সেয়া গধূলিৰ সময় হয়, তেন্তে সত্তৰ হেজাৰ ফিৰিস্তাই পুৱালৈকে তেওঁৰ বাবে দুআ কৰে৷”192

৫১. জীৱনৰ পৰা নিৰাশ হোৱা বেমাৰীৰ দুআ

«اللَّهُمَّ اغْفِرْ لِي، وَارْحَمْنِي، وَأَلْحِقْنِي بِالرَّفِيقِ الأَعْلَى».

“আল্লা-হুম্মাগ ফিৰলী, অৰহামনী, ওৱা আলহিক্বনী বিৰ-ৰাফীক্বিল আ’লা।”

অৰ্থঃ হে আল্লাহ! মোক ক্ষমা কৰি দিয়া, মোৰ প্ৰতি দয়া কৰা আৰু মোক সৰ্বোচ্চ বন্ধুৰ সৈতে মিলিত কৰা।193

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে মৃত্যুৰ সময়ত তেখেতৰ দুয়ো হাত পানীত তিয়াই লৈ নিজৰ মুখমণ্ডল মচিছিল আৰু কৈছিল:

«لَا إِلَهَ إِلَّا اللَّهُ

“লা ইলা-হা ইল্লাল্লাহ৷”

অৰ্থঃ আল্লাহৰ বাহিৰে আন কোনো সত্য ইলাহ নাই৷

إِنَّ لِلْمَوْتِ سَكَرَاتٍ».

“নিশ্চয় মৃত্যুৰ যন্ত্ৰণা আছে৷”194

«لَا إِلَهَ إِلَّا اللَّهُ وَاللَّهُ أَكْبَرُ، لَا إِلَهَ إِلَّا اللَّهُ وَحْدَهُ، لَا إِلَهَ إِلَّا اللَّهُ وَحْدَهُ لَا شَرِيكَ لَهُ، لَا إِلَهَ إِلَّا اللَّهُ لَهُ المُلْكُ وَلَهُ الحَمْدُ، لَا إِلَهَ إِلَّا اللَّهُ وَلَا حَوْلَ وَلَا قُوَّةَ إِلَّا بِاللَّهِ».

“লা ইলা-হা ইল্লাল্লা-হ, অল্লাহু আকবাৰ, লা ইলা-হা ইল্লাল্লা-হু অহদাহু, লা ইলা-হা ইল্লাল্লা-হু অহদাহু লা শ্বাৰীকা লাহ, লা ইলা-হা ইল্লাল্লা-হু লাহুল মুল্কু অলাহুল হাম্দ, লা ইলা-হা ইল্লাল্লা-হ, অলা হাওলা অলা কুওৱাতা ইল্লা বিল্লাহ।”

অৰ্থঃ আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই, আৰু আল্লাহেই মহান। আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই, তেওঁ একক। আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই, তেওঁ একক, তেওঁৰ কোনো অংশীদাৰ নাই। আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই, ৰাজত্ব তেওঁৰেই আৰু প্ৰশংসাও কেৱল তেওঁৰেই। আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই, আৰু সৰ্বশক্তিমান আল্লাহৰ বাহিৰে আন কাৰো শক্তি নাই তথা ক্ষমতাও নাই।195

৫২. মুমূৰ্ষ অৱস্থাত থকা ব্যক্তিক কলিমা পাঠ কৰিবলৈ তালকীন কৰা।

«مَنْ كَانَ آخِرُ كَلَامِهِ

যি ব্যক্তিৰ সৰ্বশেষ কথা

لَا إِلَهَ إِلَّا اللَّهُ

"লা ইলা-হা ইল্লাল্লাহ৷"

دَخَلَ الجَنَّة».

হ'ব, তেওঁ জান্নাতত প্ৰৱেশ কৰিব৷”196

৫৩. বিপদত তথা মুছিবতত পতিত ব্যক্তিৰ দুআ।

«إِنَّا لِلَّهِ وَإِنَّا إِلَيْهِ رَاجِعُونَ، اللَّهُمَّ أْجُرْنِي فِي مُصِيبَتِي، وَأَخْلِفْ لِي خَيْرًَا مِنْهَا».

“ইন্না লিল্লাহি ৱা ইন্না ইলাইহি ৰা-জিঊন, আল্লা-হুম্মা'জুৰনী ফী মুচীবাতি, ওৱা আখলিফ লী খয়ৰাম মিনহা৷”

অৰ্থঃ নিশ্চয় আমি সকলো আল্লাহৰ বাবেই, আৰু নিশ্চয় আমি সকলোৱে তেওঁৰ ওচৰলৈকেই ঘূৰি যাব লাগিব। হে আল্লাহ! মোৰ এই বিপদৰ সময়ত মোক প্ৰতিফল (পূণ্য) দান কৰা আৰু মোক ইয়াতকৈও উত্তম বস্তু প্ৰতিদান হিচাপে দিয়া।197

৫৪. মৃতকৰ চকু বন্ধ কৰাৰ সময়ত পঢ়িবলগীয়া দুআ

«اللَّهُمَّ اغْفِرْ لِفُلَانٍ (بِاسْمِهِ) وَارْفَعْ دَرَجَتَهُ فِي المَهْدِيِّينَ، وَاخْلُفْهُ فِي عَقِبِهِ فِي الغَابِرِينَ، وَاغْفِرْ لَنَا وَلَهُ يَا رَبَّ العَالَمِينَ، وَافْسَحْ لَهُ فِي قَبْرِهِ، وَنَوِّرْ لَهُ فِيهِ».

“আল্লা-হুম্মাগফিৰ লিফুলানিন (ইয়াত ব্যক্তিজনৰ নাম ক'ব) অৰফা’ দাৰাজাতাহু ফিল মাহদিয়্যীন, অখলুফহু ফী আক্বিবিহি ফিল গা-বিৰীন, অগফিৰ লানা অলাহু য়া ৰাব্বাল আ-লামীন, অফছাহ লাহু ফি ক্বাবৰিহি, অনাওৱিৰ লাহু ফীহি৷”

অৰ্থঃ হে আল্লাহ! অমুকক (মৃত ব্যক্তিজনৰ নাম ল’ব) ক্ষমা কৰি দিয়া, হিদায়ত প্ৰাপ্তসকলৰ মাজত তেওঁৰ মৰ্যাদা বৃদ্ধি কৰি দিয়া, তেওঁৰ পিছত এৰি যোৱা বংশধৰসকলৰ মাজত তেওঁৰ অভিভাৱক বা সহায়কাৰী হোৱা। হে বিশ্বজাহানৰ প্ৰতিপালক! আমাক আৰু তেওঁক ক্ষমা কৰি দিয়া। তেওঁৰ কবৰখন প্ৰশস্ত কৰি দিয়া আৰু তাক নূৰেৰে (পোহৰেৰে) আলোকিত কৰি দিয়া।198

৫৫. জানাযাৰ নামাজত মৃত ব্যক্তিৰ বাবে দুআ

«اللَّهُمَّ اغْفِرْ لَهُ وَارْحَمْهُ، وَعَافِهِ، وَاعْفُ عَنْهُ، وَأَكْرِمْ نُزُلَهُ، وَوَسِّعْ مُدْخَلَهُ، وَاغْسِلْهُ بِالمَاءِ وَالثَّلْجِ وَالبَرَدِ، وَنَقِّهِ مِنَ الخَطَايَا كَمَا نَقَّيْتَ الثَّوْبَ الأَبْيَضَ مِنَ الدَّنَسِ، وَأَبْدِلْهُ دَارًا خَيْرًا مِنْ دَارِهِ، وَأَهْلاً خَيْرًا مِنْ أَهْلِهِ، وَزَوْجًَا خَيًْرا مِنْ زَوْجِهِ، وَأَدْخِلْهُ الجَنَّةَ، وَأَعِذْهُ مِنْ عَذَابِ القَبْرِ [وَعَذَابِ النَّارِ]».

“আল্লা-হুম্মাগফিৰলাহু অৰহামহু, ওৱা আ-ফিহি, ওৱা আ‘ফু আনহু, ওৱা আকৰিম নুঝুলাহু, ওৱাৱাছ্‌ছি’ মুদখালাহু, অগছিলহু বিলমা-য়ি অচ-ছালজি অল বাৰ্দ, অনাক্কিহি মিনাল খাতা-য়া কামা য়ূনাক্কাচ ছাওবুল আবয়াযু মিনাদ্‌দানাছ, ওৱা আব্দিলহু দা-ৰান খাইৰাম্‌ মিন্‌ দা-ৰিহী, ওৱা আহলান খাইৰাম্‌ মিন আহলিহী, অঝাওজান খাইৰাম মিন্‌ ঝাওজিহি, ওৱা আদখিলহুল জান্নাতা, ওৱা আয়িযহু মিন আযা-বিল ক্বাব্ৰ [ওৱা আযা-বিন্নাৰ]”

অৰ্থঃ হে আল্লাহ! তেওঁক ক্ষমা কৰি দিয়া, তেওঁৰ ওপৰত ৰহমত (দয়া) বৰ্ষণ কৰা, তেওঁক নিৰাপত্তা বা শান্তি দিয়া আৰু তেওঁৰ গুনাহসমূহ মাফ কৰি দিয়া। তেওঁৰ আলহী অৱস্থাক (মেহমানদাৰী) মৰ্যাদাপূৰ্ণ কৰা, তেওঁৰ প্ৰৱেশ স্থানক (কবৰক) প্ৰশস্ত কৰি দিয়া। তেওঁক পানী, বৰফ আৰু শিলাবৃষ্টিৰে ধুই নিকা কৰি দিয়া। তেওঁক পাপৰ পৰা এনেদৰে পৰিষ্কাৰ কৰা যেনেকৈ বগা কাপোৰ ময়লাৰ পৰা পৰিষ্কাৰ কৰা হয়। তেওঁক তেওঁৰ ঘৰতকৈ উত্তম ঘৰ, পৰিয়ালতকৈ উত্তম পৰিয়াল আৰু সংগী (পত্নী/পতি)তকৈ উত্তম সংগী দান কৰা। তেওঁক জান্নাতত প্ৰৱেশ কৰোৱা আৰু তেওঁক কবৰৰ আজাব (শাস্তি) আৰু জাহান্নামৰ জুইৰ পৰা ৰক্ষা কৰা।199

«اللَّهُمَّ اغْفِرْ لِحَيِّنَا وَمَيِّتِنَا، وَشَاهِدِنَا وَغَائِبِنَا، وَصَغِيرِنَا وَكَبِيرِنَا، وَذَكَرِنَا وَأُنْثَانَا، اللَّهُمَّ مَنْ أَحْيَيْتَهُ مِنَّا فَأَحْيِهِ عَلَى الإِسْلَامِ، وَمَنْ تَوَفَّيْتَهُ مِنَّا فَتَوَفَّهُ عَلَى الإِيمَانِ، اللَّهُمَّ لَا تَحْرِمْنَا أَجْرَهُ، وَلَا تُضِلَّنَا بَعْدَهُ».

“আল্লা-হুম্মাগফিৰ লিহাইয়্যিনা অমাইয়্যিতিনা, অশ্বা-হিদিনা অগা-ইবিনা, অছাগীৰিনা অকাবীৰিনা, অযাকাৰিনা ৱা উনছা-না। আল্লা-হুম্মা মান আহয়াইতাহু মিন্না ফা আহয়িহী আলাল ইছলাম, অমান তাওৱাফ্‌ফাইতাহু মিন্না ফাতাৱাফ্‌ফাহু আলাল ঈমান। আল্লা-হুম্মা লা তাহৰিমনা আজৰাহু, অলা তুজিল্লানা বা’দাহ৷”

অৰ্থঃ হে আল্লাহ! আমাৰ জীৱিত আৰু মৃতসকলক, আমাৰ উপস্থিত আৰু অনুপস্থিতসকলক, আমাৰ মাজৰ সৰু আৰু ডাঙৰসকলক, আৰু আমাৰ মাজৰ পুৰুষ আৰু মহিলাসকলক ক্ষমা কৰি দিয়া। হে আল্লাহ! আমাৰ মাজৰ যাক তুমি জীৱিত ৰাখিবা, তাক ইছলামৰ ওপৰত জীৱিত ৰাখা, আৰু আমাৰ মাজৰ যাক তুমি মৃত্যু প্ৰদান কৰিবা, তাক ঈমানৰ সৈতে মৃত্যু দিবা। হে আল্লাহ! আমাক ইয়াৰ (মৃতকৰ ধৈৰ্য্য ধৰাৰ) প্ৰতিদানৰ পৰা বঞ্চিত নকৰিবা আৰু ইয়াৰ পিছত আমাক পথভ্ৰষ্ট নকৰিবা।200

«اللَّهُمَّ إِنَّ فُلَانَ بْنَ فُلَانٍ فِي ذِمَّتِكَ، وَحَبْلِ جِوَارِكَ، فَقِهِ مِنْ فِتْنَةِ القَبْرِ، وَعَذَابِ النَّارِ، وَأَنْتَ أَهْلُ الوَفَاءِ وَالحَقِّ، فَاغْفِرْ لَهُ وَارْحَمْهُ إِنَّكَ أَنْتَ الغَفُورُ الرَّحيمُ».

“আল্লা-হুম্মা ইন্না ফুলা-নাবনা ফুলানিন ফী যিম্মাতিক, অহাবলি জিৱা-ৰিক, ফাক্বিহি মিন ফিতনাতিল ক্বাব্ৰ, ৱা আযা-বিন্নাৰ, ওৱা আন্তা আহলুল অফা-য়ি অল হাক্ক, ফাগফিৰলাহু অৰহামহু ইন্নাকা আন্তাল গাফূৰুৰ ৰাহীম৷”

অৰ্থঃ হে আল্লাহ! নিশ্চয় অমুকৰ পুত্ৰ অমুক (মৃত ব্যক্তিজন) তোমাৰ জিম্মাত আৰু তোমাৰ আশ্ৰয়ৰ ৰছীৰ মাজত আছে। গতিকে তুমি তেওঁক কবৰৰ পৰীক্ষা (ফিৎনা) আৰু জাহান্নামৰ আজাবৰ পৰা ৰক্ষা কৰা। তুমি হৈছা প্ৰতিশ্ৰুতি ৰক্ষা কৰোঁতা আৰু সত্যৰ অধিকাৰী। গতিকে তেওঁক ক্ষমা কৰি দিয়া আৰু তেওঁৰ ওপৰত দয়া কৰা। নিশ্চয় তুমি অতি ক্ষমাশীল, পৰম দয়ালু।201

«اللَّهُمَّ عَبْدُكَ وَابْنُ أَمَتِكَ احْتَاجَ إِلَى رَحْمَتِكَ، وَأَنْتَ غَنِيٌّ عَنْ عَذَابِهِ، إِنْ كَانَ مُحْسِنًا فَزِدْ فِي حَسَنَاتِهِ، وَإِنْ كَانَ مُسِيئًا فَتَجَاوَزْ عَنْهُ».

“আল্লা-হুম্মা ‘আব্দুকা অবনু আমাতিকা ইহতাজা ইলা ৰাহ্‌মাতিক, ৱা আন্তা গানিয়্যুন ‘আন ‘আজা-বিহ, ইন কা-না মুহছিনান ফাঝিদ ফী হাছানা-তিহ, ৱা ইন কা-না মুছীআন ফাতাজা-ৱাঝ ‘আনহু।”

অৰ্থঃ হে আল্লাহ! তোমাৰ বান্দা আৰু তোমাৰ বান্দীৰ সন্তান তোমাৰ ৰহমতৰ মুখাপেক্ষী হৈছে, আনহাতে তুমি তাক শাস্তি দিয়াৰ পৰা অমুখাপেক্ষী। যদি তেওঁ সৎকৰ্মশীল হয়, তেন্তে তেওঁৰ নেক কৰ্মসমূহ বৃদ্ধি কৰি দিয়া আৰু যদি তেওঁ অপৰাধী হয়, তেন্তে তেওঁক ক্ষমা কৰি দিয়া।202

৫৬. শিশুৰ জানাজাৰ ছালাতত পঢ়িবলগীয়া দুআ

«اللَّهُمَّ أَعِذْهُ مِنْ عَذَابِ القَبْرِ».

“আল্লা-হুম্মা আ‘ইজহু মিন আজা-বিল কাব্ৰ।”

অৰ্থঃ হে আল্লাহ! তুমি তাক কবৰৰ শাস্তিৰ পৰা আশ্ৰয় প্ৰদান কৰা।203

আৰু যদি এইটো পাঠ কৰেঃ

«اللَّهُمَّ اجْعَلْهُ فَرَطًا وَذُخْرًا لِوَالِدَيْهِ، وَشَفِيعًا مُجَابًا، اللَّهُمَّ ثَقِّلْ بِهِ مَوَازِينَهُمَا، وَأَعْظِمْ بِهِ أُجورَهُمَا، وَأَلْحِقْهُ بِصَالِحِ المُؤْمِنِينَ، وَاجْعَلْهُ فِي كَفَالَةِ إِبْرَاهِيمَ، وَقِهِ بِرَحْمَتِكَ عَذَابَ الجَحِيمِ، وَأَبْدِلْهُ دَارًا خَيْرًا مِنْ دَارِهِ، وَأَهْلًا خَيْرًا مِنْ أَهْلِهِ، اللَّهُمَّ اغْفِرْ لِأَسْلَافِنَا، وَأَفْرَاطِنَا، وَمَنْ سَبَقَنَا بِالإِيمَانِ».

“আল্লা-হুম্মাজ্‌ আলহু ফাৰাতান অজুখৰান লিওৱা-লিদাইহ, অশ্বাফীআন মুজাবা। আল্লা-হুম্মা ছাক্কিলবিহী মাওৱা-ঝীনাহুমা- ৱা আ’জিম বিহী উজু-ৰাহুমা-, ৱা আলহিকুহু বিছা-লিহিল মু’মিনীন, অজআলহু ফী কিফা-লাতি ইব্ৰাহীম, অক্বিহী বিৰাহমাতিকা আযা-বাল জাহীম, ৱা আব্দিলহু দা-ৰান খাইৰাম্‌ মিন্‌ দা-ৰিহ, ওৱা আহলান খাইৰাম্‌ মিন আহলিহ। আল্লা-হুম্মাগফিৰ লিআছলা-ফিনা, ৱা আফৰা-তিনা, অমান ছাবাক্বানা বিল ঈমান।”

অৰ্থঃ হে আল্লাহ! এই শিশুটিক তেওঁৰ পিতৃ-মাতৃৰ বাবে পাৰলৌকিক অগ্ৰিম উপহাৰ, সংৰক্ষিত সম্পদ আৰু এনে এজন চুপাৰিছকাৰী (শ্বাফী) বনোৱা যাৰ চুপাৰিছ গ্ৰহণ কৰা হয়। হে আল্লাহ! ইয়াৰ বিনিময়ত তেওঁলোকৰ (পিতৃ-মাতৃৰ) নেকীৰ পাল্লা গধুৰ কৰি দিয়া আৰু তেওঁলোকৰ প্ৰতিদান বৃদ্ধি কৰি দিয়া। ইয়াক সৎ মুমিনসকলৰ অন্তৰ্ভুক্ত কৰা আৰু ইয়াক ইব্ৰাহিম (আলাইহিচ্ছালাম)ৰ তত্ত্বাৱধানত ৰাখা। তোমাৰ অনুগ্ৰহেৰে ইয়াক জাহান্নামৰ আজাবৰ পৰা সুৰক্ষিত কৰা। ইয়াক ইহলোকৰ ঘৰতকৈ উত্তম ঘৰ আৰু ইহলোকৰ পৰিয়ালতকৈ উত্তম পৰিয়াল দান কৰা। হে আল্লাহ! আমাৰ পূৰ্বপুৰুষসকলক, আমাৰ আগত মৃত্যুবৰণ কৰা শিশুসকলক আৰু যিসকলে আমাৰ পূৰ্বে ঈমান আনিছে, তেওঁলোক সকলোকে ক্ষমা কৰি দিয়া।

তেন্তে অধিক উত্তম৷204

«اللَّهُمَّ اجْعَلْهُ لَنَا فَرَطًا، وَسَلَفًا، وَأَجْرًا».

“আল্লা-হুম্মাজ্‘আলহু লানা ফাৰাত্বান, অছালাফান, ৱা আজৰা।”

অৰ্থঃ হে আল্লাহ! তুমি ইয়াক আমাৰ বাবে অগ্ৰগামী, পূৰ্ব সঞ্চয় আৰু প্ৰতিদান কৰি দিয়া।205

৫৭- সমবেদনা জ্ঞাপনৰ দুআ।

«إِنَّ للَّهِ مَا أَخَذَ، وَلَهُ مَا أَعْطَى، وَكُلُّ شَيْءٍ عِنْدَهُ بِأَجَلٍ مُسَمَّى... فَلْتَصْبِرْ وَلْتَحْتَسِبْ».

“ইন্না লিল্লাহি মা আখাজা, অলাহু মা আ'ত্বা, অকুল্লু শ্বাইয়িন ইন্দাহু বিআজালিন মুছাম্মা... ফালতাচবিৰ অলতাহতাছিব৷”

অৰ্থঃ নিশ্চয় আল্লাহে যি লৈছে সেয়া তেওঁৰেই আছিল, আৰু যি প্ৰদান কৰিছে সেয়াও তেওঁৰেই, আৰু তেওঁৰ ওচৰত প্ৰতিটো বস্তুৰেই এটা নিৰ্ধাৰিত সময় আছে... এতেকে তুমি ধৈৰ্য্য ধাৰণ কৰা আৰু ছোৱাবৰ আশা কৰা।206

আৰনহাতে যদি এইটো কয়ঃ

«أَعْظَمَ اللَّهُ أَجْرَكَ، وَأَحْسَنَ عَزَاءَكَ، وَغَفَرَ لِمَيِّتِكَ».

“আ'জমাল্লা-হু আজৰাক, ৱা আহছানা আঝা-আক, অগাফাৰা লিমাইয়্যিতিক৷”

অৰ্থঃ আল্লাহে আপোনাক মহা পুৰস্কাৰ দান কৰক, আপোনাক উত্তম সান্ত্বনা প্ৰদান কৰক, আৰু আপোনাৰ মৃত ব্যক্তিক মাফ কৰক।

তেন্তে বেছি উত্তম৷207

 

 

৫৮. মৃতকক কবৰত ৰখাৰ সময়ত পঢ়িবলগীয়া দুআ

«بِسْمِ اللَّهِ وَعَلَى سُنَّةِ رَسُولِ اللَّهِ».

“বিছমিল্লাহি ৱা আলা ছুন্নাতি ৰাছূলিল্লাহ৷”

অৰ্থঃ আল্লাহৰ নামত আৰু আল্লাহৰ ৰাছুলৰ ছুন্নতৰ ওপৰত।208

৫৯. মৃতকক দাফন কৰাৰ পাছত পঢ়িবলগীয়া দুআ

«اللَّهُمَّ اغْفِرْ لَهُ، اللَّهُمَّ ثَبِّتْهُ».

“আল্লা-হুম্মাগফিৰলাহু, আল্লা-হুম্মা ছাব্বিতহু৷”209

৬০. কবৰ জিয়াৰতৰ দুআ

«السَّلاَمُ عَلَيْكُمْ أَهْلَ الدِّيَارِ، مِنَ المُؤْمِنِينَ وَالمُسْلِمِينَ، وَإِنَّا إِنْ شَاءَ اللَّهُ بِكُمْ لَاحِقُونَ، [وَيَرْحَمُ اللَّهُ المُسْتَقدِمِينَ مِنَّا وَالمُسْتأْخِرِينَ] أَسْاَلُ اللَّهَ لَنَا وَلَكُمُ العَافِيَةَ».

“আচ্ছালা-মু আলাইকুম ইয়া আহলাদ্‌ দিয়াৰি মিনাল মু’মিনীনা অল মুছলিমীন, ৱা ইন্না ইন্‌ শ্বা আল্লা-হু বিকুম লা-হিকূন। [অয়াৰহামুল্লা-হুল্‌ মুস্তাকদিমীনা অল মুস্তাখিৰীন] আছআলুল্লা-হা লানা অলাকুমুল আ-ফিয়াহ।”

অৰ্থঃ হে মুমিন আৰু মুছলমান কবৰবাসীসকল! আপোনালোকৰ ওপৰত শান্তি বৰ্ষিত হওক। নিশ্চয় আল্লাহৰ ইচ্ছাত আমি সকলোৱে অতি সোনকালে আপোনালোকৰ সৈতে আহি মিলিত হ’ম। [আমাৰ মাজৰ যিসকল আগত গুচি গৈছে আৰু যিসকল পিছত যাব, মহান আল্লাহে তেওঁলোক সকলোৰে ওপৰত দয়া কৰক।] মই আমাৰ আৰু আপোনালোকৰ বাবে আল্লাহৰ ওচৰত আফিয়াত (নিৰাপত্তা আৰু ক্ষমা) প্ৰাৰ্থনা কৰিছোঁ।210

৬১- বতাহৰ দুআ।

«اللَّهُمَّ إِنِّي أَسْأَلُكَ خَيْرَهَا، وَأَعُوذُ بِكَ مِنْ شَرِّهَا».

“আল্লা-হুম্মা ইন্নি আছআলুকা খাইৰাহা, ৱা আউজুবিকা মিন শ্বাৰ্ৰিহা৷”

অৰ্থঃ হে আল্লাহ! মই তোমাৰ ওচৰত ইয়াৰ কল্যাণ কামনা কৰোঁ আৰু ইয়াৰ অনিষ্টৰ পৰা তোমাৰ আশ্ৰয় প্ৰাৰ্থনা কৰোঁ।211

«اللَّهُمَّ إِنِّي أَسْأَلُكَ خَيْرَهَا، وَخَيْرَ مَا فِيهَا، وَخَيْرَ مَا أُرْسِلَتْ بِهِ، وَأَعُوذُ بِكَ مِنْ شَرِّهَا، وَشَرِّ مَا فِيهَا، وَشَرِّ مَا أُرْسِلَتْ بِهِ».

“আল্লা-হুম্মা ইন্নি আছআলুকা খাইৰাহা, অখাইৰা মা ফীহা, অখাইৰা মা উৰছিলাত বিহ, ৱা আউজুবিকা মিন শ্বাৰ্ৰিহা, অশ্বাৰ্ৰি মা ফীহা, অশ্বাৰ্ৰি মা উৰছিলাত বিহ।”

অৰ্থঃ হে আল্লাহ! মই তোমাৰ ওচৰত ইয়াৰ কল্যাণ কামনা কৰোঁ, ইয়াত থকা কল্যাণ আৰু যি কল্যাণৰ সৈতে ইয়াক প্ৰেৰণ কৰা হৈছে তাক কামনা কৰোঁ। লগতে মই ইয়াৰ অনিষ্টৰ পৰা তোমাৰ আশ্ৰয় প্ৰাৰ্থনা কৰোঁ, ইয়াত থকা অনিষ্ট আৰু যি অনিষ্টৰ সৈতে ইয়াক প্ৰেৰণ কৰা হৈছে তাৰ পৰাও তোমাৰ আশ্ৰয় প্ৰাৰ্থনা কৰোঁ।212

৬২- বজ্ৰগৰ্জনৰ সময়ত পঢ়িবলগীয়া দুআ

«سُبْحَانَ الَّذِي يُسَبِّحُ الرَّعْدُ بِحَمْدِهِ وَالمَلَائِكَةُ مِنْ خِيفَتِهِ».

“ছুবহা-নাল্লাজী য়ুছাব্বিহুৰ ৰা'দু বিহাম্দিহী অল মালা-ইকাতু মিন খীফাতিহ৷”

অৰ্থঃ পৱিত্ৰ মহান সেই সত্তা, যাৰ সপ্ৰশংস মহিমা আৰু পৱিত্ৰতা ঘোষণা কৰে ৰা’দে (বজ্ৰ অথবা ফিৰিস্তাৰ নাম), আৰু ফিৰিস্তাসকলেও কৰে তেওঁৰ ভয়ত৷213

৬৩. বৰষুণ বিচাৰি কৰিবলগীয়া কেইটামান দুআ।

«اللَّهُمَّ اسْقِنَا غَيْثًا مُغِيثًا مَرِيئًا مَرِيعًا، نَافِعًا غَيْرَ ضَارٍّ، عَاجِلًا غَيْرَ آجِلٍ».

“আল্লা-হুম্মাছকিনা গাইছান মুগীছা, মাৰীআন মাৰী‘আ, না-ফি‘আন গাইৰা জা-ৰ্ৰিন ‘আ-জিলান গাইৰা আ-জিল।”

অৰ্থঃ হে আল্লাহ! আমাৰ ওপৰত এনে পানী বৰ্ষণ কৰা যিটো পৰিত্ৰাণকাৰী, তৃপ্তিদায়ক, উৰ্বৰতা সৃষ্টিকাৰী, উপকাৰী, অপকাৰী নহয়, অতি দ্ৰুত আৰু বিলম্বহীন।214

«اللَّهُمَّ أَغِثْنَا، اللَّهُمَّ أَغِثْنَا، اللَّهُمَّ أَغِثْنَا».

“আল্লা-হুম্মা আগিছনা, আল্লা-হুম্মা আগিছনা, আল্লা-হুম্মা আগিছনা।”

অৰ্থঃ হে আল্লাহ! আমাক বৰষুণ দিয়া, হে আল্লাহ! আমাক বৰষুণ দিয়া, হে আল্লাহ! আমাক বৰষুণ দিয়া।215

«اللَّهُمَّ اسْقِ عِبَادَكَ، وَبَهَائِمَكَ، وَانْشُرْ رَحْمَتَكَ، وَأَحْيِي بَلَدَكَ المَيِّتَ».

“আল্লা-হুম্মাছক্বি ইবা-দাক, অবাহা-ইমাক, অনচুৰ ৰাহমাতাক, ৱাআহয়ী বালাদাকাল মায়্যিত৷”

অৰ্থঃ হে আল্লাহ! তোমাৰ বান্দাসকল আৰু জীৱ-জন্তুৰ ওপৰত পানী বৰ্ষণ কৰা, তোমাৰ ৰহমত বিস্তাৰ কৰা আৰু তোমাৰ মৃত জনপদক পুনৰুজ্জীৱিত কৰা।216

৬৪. বৰষুণ অহা দেখিলে পঢ়িবলগীয়া দুআ

«اللَّهُمَّ صَيِّبًا نَافِعًا».

“আল্লা-হুম্মা চায়্যিবান না-ফিআহ।”

অৰ্থঃ হে আল্লাহ! উপকাৰী বৰষুণ বৰ্ষণ কৰা।217

৬৫. বৰষুণ হৈ যোৱাৰ পিছত পঢ়িবলগীয়া দুআ

«مُطِرْنَا بِفَضْلِ اللَّهِ وَرَحْمَتِهِ».

“মুতিৰনা বিফাজলিল্লাহি অৰাহমাতিহ৷”

অৰ্থঃ আল্লাহৰ দয়া আৰু অনুগ্ৰহত আমাৰ ওপৰত বৰষুণ হ'ল৷218

৬৬. বতৰ ফৰকাল হোৱাৰ দুআ

«اللَّهُمَّ حَوَالَيْنَا وَلَا عَلَيْنَا، اللَّهُمَّ عَلَى الآكَامِ وَالظِّرَابِ، وَبُطُونِ الأَوْدِيَةِ، وَمَنَابِتِ الشَّجَرِ».

“আল্লা-হুম্মা হাৱা-লাইনা অলা ‘আলাইনা, আল্লা-হুম্মা ‘আলাল আ-কা-মি অজ্জিৰাব, অবুতূনিল আওদিয়াহ, অমানাবিতিশ্ব শ্বাজাৰ৷”

অৰ্থঃ হে আল্লাহ! আমাৰ চাৰিওফালে বৰষুণ দিয়া, আমাৰ ওপৰত নহয়। হে আল্লাহ! ওখ ওখ ঠাইবোৰত বৰষুণ দিয়া, সৰু সৰু পাহাৰবোৰত বৰষুণ দিয়া, উপত্যকাবোৰত বৰষুণ দিয়া আৰু গছ পুলি গজিব পৰা ঠাইত বৰষুণ দিয়া।219

৬৭. নতুন জোন দৰ্শনৰ দুআ।

«اللَّهُ أَكْبَرُ، اللَّهُمَّ أَهِلَّهُ عَلَيْنَا بِالأَمْنِ وَالإِيمَانِ، وَالسَّلَامَةِ وَالإِسْلَامِ، وَالتَّوْفِيقِ لِمَا تُحِبُّ رَبَّنَا وَتَرْضَى، رَبُّنَا وَرَبُّكَ اللَّهُ».

“আল্লা-হু আকবাৰ, আল্লা-হুম্মা আহিল্লাহু আলাইনা বিল আমনি অল ঈমা-ন, অচ্ছালা-মাতি অল ইছলা-ম, অত তাওফীক্বি লিমা তুহিব্বু ৰাব্বানা অতাৰদ্বা, ৰাব্বুনা অৰাব্বুকাল্লাহ।”

অৰ্থঃ আল্লাহ আটাইতকৈ মহান। হে আল্লাহ! এই নতুন জোনটোক আমাৰ বাবে নিৰাপত্তা, ঈমান (বিশ্বাস), শান্তি আৰু ইছলামৰ সৈতে উদয় কৰা। লগতে হে আমাৰ প্ৰতিপালক (আল্লাহ), তুমি যিবোৰ কৰ্ম ভাল পোৱা আৰু যিবোৰত সন্তুষ্ট হোৱা, সেইবোৰ কৰ্ম কৰিবলৈ আমাক তাওফীক (সামৰ্থ্য) দান কৰা। (হে নতুন জোন!) আমাৰ আৰু তোমাৰ প্ৰতিপালক হৈছে কেৱল আল্লাহ।220

৬৮. ৰোজাদাৰ ব্যক্তিয়ে ইফতাৰৰ সময়ত পঢ়িবলগীয়া দুআ

«ذَهَبَ الظَّمَأُ وَابْتَلَّتِ العُرُوقُ، وَثَبَتَ الأَجْرُ إِنْ شَاءَ اللَّهُ».

“জাহাবাজ জামাউ অবতাল্লাতিল উৰূক, অছাবাতাল আজৰু ইন শ্বা আল্লাহ৷”

অৰ্থঃ তৃষ্ণা দূৰ হ’ল, সিৰাসমূহ সিক্ত হ’ল, আৰু ইন শ্বা আল্লাহ ছোৱাব নিশ্চিত হ’ল।221

«اللَّهُمَّ إِنِّي أَسْأَلُكَ بِرَحْمَتِكَ الَّتِي وَسِعَتْ كُلَّ شَيْءٍ أَنْ تَغْفِرَ لِي».

“আল্লা-হুম্মা ইন্নী আছআলুকা বিৰাহমাতিকাল্লাতী অছিআত কুল্লা শ্বাইয়িন আন তাগফিৰা লী।”

অৰ্থঃ হে আল্লাহ! মই তোমাৰ ওচৰত তোমাৰ সেই কৰুণাৰ জৰিয়তে প্ৰাৰ্থনা কৰোঁ, যি সকলো বস্তুকে পৰিবেষ্টন কৰি আছে, যাতে তুমি মোক ক্ষমা কৰি দিয়া।222

 

 

৬৯. পানাহাৰ কৰাৰ আগত পঢ়িবলগীয়া দুআ

«إِذَا أَكَلَ أَحَدُكُمْ طَعَامًا فَلْيَقُلْ:

যেতিয়া কোনোবাই পানাহাৰ কৰে, তেতিয়া তেওঁ এইদৰে ক’ব লাগেঃ

بِسْمِ اللَّهِ،

বিছমিল্লাহ,

فَإِنْ نَسِيَ فِي أَوَّلِهِ فَلْيَقُلْ:

পানাহাৰ কৰাৰ আগত যদি কোনোবাই বিছমিল্লাহ ক'বলৈ পাহৰি যায় তেন্তে এইটো দুআ পঢ়িব লাগেঃ

بِسْمِ اللَّهِ فِي أَوَّلِهِ وَآخِرِهِ».

“বিছমিল্লা-হি ফি আওৱালিহি ৱা আ-খিৰিহ।”

অৰ্থঃ আৰম্ভণি আৰু শেষত আল্লাহৰেই নাম লওঁ৷223

«مَنْ أَطْعَمَهُ اللَّهُ الطَّعَامَ فَلْيَقُلْ:

আল্লাহে যাক আহাৰ কৰাৰ তাওফীক দান কৰিছে, তেওঁ এই দুআ পাঠ কৰা উচিতঃ

اللَّهُمَّ بَارِكْ لَنَا فِيهِ وَأَطْعِمْنَا خَيْرًا مِنْهُ،

“আল্লা-হুম্মা বা-ৰিক লানা ফীহ, ৱা আত্ব‘ইমনা খায়ৰাম মিনহু।”

 

অৰ্থঃ হে আল্লাহ! ইয়াত আমাৰ বাবে বৰকত দান কৰা, আৰু আমাক ইয়াতকৈ উত্তম আহাৰ প্ৰদান কৰা।

وَمَنْ سَقَاهُ اللَّهُ لَبَنًا فَلْيَقُلْ:

এইদৰে আল্লাহে যাক গাখীৰ সেৱন কৰাৰ তাওফীক দিছে, তেওঁ এই দুআ পাঠ কৰা উচিতঃ

اللَّهُمَّ بَارِكْ لَنَا فِيهِ وَزِدْنَا مِنْهُ».

“আল্লা-হুম্মা বা-ৰিক লানা ফীহি অঝিদনা মিনহু।”

অৰ্থঃ হে আল্লাহ! তুমি আমাক ইয়াত বৰকত প্ৰদান কৰা আৰু ইয়াৰ পৰা আমাক অধিক প্ৰদান কৰা।224

৭০. খোৱা শেষ কৰাৰ পাছত পঢ়িবলগীয়া দুআ

«الحَمْدُ لِلَّهِ الَّذِي أَطْعَمَنِي هَذَا، وَرَزَقَنِيهِ، مِنْ غَيْرِ حَوْلٍ مِنِّي وَلَا قُوَّةٍ».

“আলহাম্দু লিল্লা-হিল লাজী, আত্বআমানী হা-জা, অৰাঝাক্বানীহি, মিন গাইৰি হাওলিম মিন্নী অলা কুউৱাহ।”

অৰ্থঃ সকলো ধৰণৰ প্ৰশংসা একমাত্ৰ আল্লাহৰ বাবে, যিয়ে মোক এই খাদ্য খোৱাৰ তাওফীক দিছে। মোৰ ফালৰ পৰা কোনো শক্তি-সামৰ্থ নোহোৱাকৈ তেওঁ মোক প্ৰদান কৰিছে।225

«الْحَمْدُ لِلَّهِ حَمْدًا كَثِيرًا طَيِّبًا مُبَارَكًا فِيهِ، غَيْرَ [مَكْفِيٍّ وَلَا] مُوَدَّعٍ، وَلَا مُسْتَغْنَىً عَنْهُ رَبَّنَا».

“আলহাম্দু লিল্লাহি হামদান কাছীৰান ত্বায়্যিবান মুবা-ৰাকান ফীহ, গাইৰা [মাকফিয়্যিন অলা] মুৱাদ্দায়িন, অলা মুছতাগনান আনহু ৰাব্বানা।”

অৰ্থঃ সকলো প্ৰশংসা আল্লাহৰ বাবে, অগণন, উত্তম আৰু বৰকতময় প্ৰশংসা। [যিটো যথেষ্ট নহয় আৰু] যাক পৰিত্যাগ কৰিব নোৱাৰি আৰু যাৰ পৰা অমুখাপেক্ষীও হ'ব নোৱাৰি, হে আমাৰ প্ৰতিপালক৷226

৭১- গৃহস্থৰ বাবে অতিথিৰ দুআ

«اللَّهُمَّ بَارِكْ لَهُمْ فِيمَا رَزَقْتَهُم، وَاغْفِرْ لَهُمْ وَارْحَمْهُمْ».

“আল্লা-হুম্মা বা-ৰিক লাহুম ফীমা ৰাঝাকতাহুম, অগফিৰ লাহুম অৰহামহুম।”

অৰ্থঃ হে আল্লাহ! তুমি তেওঁলোকক যি প্ৰদান কৰিছা, তাত তুমি বৰকত দিয়া, লগতে তেওঁলোকক ক্ষমা কৰি দিয়া আৰু তেওঁলোকৰ ওপৰত ৰহম কৰা।227

৭২- খাদ্য বা পানীয় বিচাৰি দুআৰ জৰিয়তে ইংগিত দিয়া

«اللَّهُمَّ أَطْعِمْ مَنْ أَطْعَمَنِي، وَاسْقِ مَنْ سَقَانِي».

“আল্লা-হুম্মা আত্বয়িম মান আত্বআমানী, অছক্বি মান ছাক্বা-নী।”

অৰ্থঃ হে আল্লাহ! যিয়ে মোক আহাৰ কৰাইছে, তুমি তেওঁক আহাৰ কৰোৱা আৰু যিয়ে মোক পান কৰাইছে, তুমি তেওঁক পান কৰোৱা।228

৭৩. কাৰোবাৰ ঘৰত ইফতাৰ কৰিলে তেওঁক দিবলগীয়া দুআ

«أَفْطَرَ عِنْدَكُمُ الصَّائِمُونَ، وَأَكَلَ طَعَامَكُمُ الأَبْرَارُ، وَصَلَّتْ عَلَيْكُمُ المَلَائِكَةُ».

“আফতাৰা ইন্দাকুমুছ চা-য়িমূন, ৱা আকালা ত্বআ-মাকুমুল আবৰা-ৰ, অচাল্লাত আলাইকুমুল মালা-ইকাহ।”

অৰ্থঃ ৰোজাদাৰসকলে আপোনালোকৰ ওচৰত ইফতাৰ কৰক, সৎ ব্যক্তিসকলে আপোনালোকৰ খাদ্য গ্ৰহণ কৰক আৰু ফিৰিস্তাসকলে আপোনালোকৰ বাবে দুআ কৰক।229

৭৪- ৰোজাদাৰ ব্যক্তিক কোনোবাই আহাৰ কৰিবলৈ মাতিলে, যদি তেওঁ নাখায় তেন্তে দুআ কৰিব লাগে

«إِذَا دُعِيَ أَحَدُكُمْ فَلْيُجِبْ، فَإِنْ كَانَ صَائِمًا فَلْيُصَلِّ، وَإِنْ كَانَ مُفْطِرًا فَلْيَطْعَمْ».

(নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ) “তোমালোকৰ মাজৰ কাৰোবাক যদি নিমন্ত্ৰণ কৰা হয় তেন্তে সি যেন নিমন্ত্ৰণ গ্ৰহণ কৰে, এতেকে যদি সি ৰোজা অৱস্থাত থাকে তেন্তে সি যেন দুআ কৰে, আৰু যদি ৰোজা অৱস্থাত নাথাকে তেন্তে সি যেন আহাৰ গ্ৰহণ কৰে৷”,230

হাদীছটোত উল্লিখিত "فَلْيُصَلِّ" শব্দৰ অৰ্থ হৈছে, এতেকে সি যেন দুআ কৰে।

৭৫- ৰোজাদাৰ ব্যক্তিক যদি কোনোবাই গালি দিয়ে তেন্তে তেওঁ কি কোৱা উচিত।

«إِنِّي صَائِمٌ، إِنِّي صَائِمٌ».

“মই ৰোজা অৱস্থাত আছোঁ, মই ৰোজা অৱস্থাত আছোঁ৷”231

৭৬- প্ৰথম ফল দেখাৰ সময়ত পঢ়িবলগীয়া দুআ

«اللَّهُمَّ بَارِكْ لَنَا فِي ثَمَرِنَا، وَبَارِكْ لَنَا فِي مَدِينَتِنَا، وَبَارِكْ لَنَا فِي صَاعِنَا، وَبَارِكْ لَنَا فِي مُدِّنَا».

“আল্লা-হুম্মা বা-ৰিক্ লানা ফী ছামাৰিনা, অবা-ৰিক্ লানা ফী মাদীনাতিনা, অবা-ৰিক্ লানা ফী ছা‘য়িনা, অবা-ৰিক্ লানা ফী মুদ্দিনা।”

অৰ্থঃ হে আল্লাহ! আমাৰ ফল-মূলত বৰকত দিয়া, আমাৰ চহৰত বৰকত দিয়া, আমাৰ ছা‘ত বৰকত দিয়া আৰু আমাৰ মুদ্দত বৰকত দিয়া।232

৭৭. হাঁচিৰ দুআ

«إِذَا عَطَسَ أَحَدُكُم فَلْيَقُلِ:

“তোমালোকৰ মাজৰ কোনোবাই হাঁচি কৰিলে এইদৰে ক'ব লাগেঃ

الحَمْدُ لِلَّهِ،

“আলহাম্দুলিল্লাহ৷”

অৰ্থঃ সকলো ধৰণৰ প্ৰশংসা কেৱল আল্লাহৰ বাবে,

وَلْيَقُلْ لَهُ أَخُوهُ أَوْ صَاحِبُهُ:

আৰু তেওঁৰ ওচৰত থকা ব্যক্তিয়ে ক'ব লাগেঃ

يَرْحَمُكَ اللَّهُ،

“য়াৰহামুকাল্লাহ৷”

অৰ্থঃ আল্লাহে তোমাৰ প্ৰতি ৰহম কৰক,

فَإِذَا قَالَ لَهُ: يَرحَمُكَ اللَّهُ، فَلْيَقُلْ:

এতেকে যদি কোনোবাই তেওঁক "য়াৰহামুকাল্লাহ" বুলি কয়, তেন্তে তাৰ উত্তৰত এই বুলি ক'ব লাগেঃ

يَهْدِيكُمُ اللَّهُ وَيُصْلِحُ بَالَكُم».

“য়াহদিকুমুল্লা-হু অয়ুছলিহু বা-লাকুম৷”

অৰ্থঃ আল্লাহে তোমালোকক পথনিৰ্দেশ কৰিব আৰু তোমালোকৰ অৱস্থাৰ সংশোধন কৰিব।233

৭৮. অমুছলিম ব্যক্তিয়ে হাঁচি কৰি আলহাম্দুলিল্লাহ ক'লে কি ক'ব লাগে

«يَهْدِيكُمُ اللَّهُ وَيُصْلِحُ بَالَكُمْ».

“য়াহদীকুমুল্লা-হু অয়ুছলিহু বা-লাকুম৷”

অৰ্থঃ আল্লাহে তোমালোকক পথনিৰ্দেশ কৰিব আৰু তোমালোকৰ অৱস্থাৰ সংশোধন কৰিব।234

৭৯- নৱবিবাহিত ব্যক্তিক দিবলগীয়া দুআ

«بَارَكَ اللَّهُ لَكَ، وَبَارَكَ عَلَيْكَ، وَجَمَعَ بَيْنَكُمَا فِي خَيْرٍ».

“বা-ৰাকাল্লাহু লাকা, অবা-ৰাকা আলাইক, অজামাআ বাইনাকুমা ফী খাইৰ।”

অৰ্থঃ আল্লাহে তোমাক বৰকত দান কৰক, আৰু তোমাৰ ওপৰত বৰকত দান কৰক, লগতে তোমালোক দুয়োকে কল্যাণৰ সৈতে একত্ৰিত কৰক।235

৮০. বিবাহ কৰিলে বা বাহন ক্ৰয় কৰিলে পঢ়িবলগীয়া দুআ

যেতিয়া তোমালোকৰ কোনোবাই কোনো নাৰীৰ লগত বিবাহত আৱদ্ধ হয়, অথবা যেতিয়া কোনো সেৱক ক্ৰয় কৰে, তেতিয়া তেওঁ এইদৰে ক’ব লাগে:

«اللَّهُمَّ إِنِّي أَسْأَلُكَ خَيْرَهَا، وَخَيْرَ مَا جَبَلْتَهَا عَلَيْهِ، وَأَعُوذُ بِكَ مِنْ شَرِّهَا، وَشَرِّ مَا جَبَلْتَهَا عَلَيْهِ،

“আল্লা-হুম্মা ইন্নী আছআলুকা খাইৰাহা, অখাইৰা মা জাবালতাহা 'আলাইহ, ৱা আউজু বিকা মিন শ্বাৰ্ৰিহা, অশ্বাৰ্ৰি মা জাবালতাহা 'আলাইহ।”

অৰ্থঃ হে আল্লাহ! মই তোমাৰ ওচৰত ইয়াৰ কল্যাণ কামনা কৰোঁ, আৰু যি স্বভাৱৰ ওপৰত তুমি ইয়াক সৃষ্টি কৰিছা তাৰো কল্যাণ প্ৰাৰ্থনা কৰোঁ। লগতে মই ইয়াৰ অনিষ্টৰ পৰা তোমাৰ আশ্ৰয় প্ৰাৰ্থনা কৰোঁ, আৰু যি স্বভাৱৰ ওপৰত তুমি ইয়াক সৃষ্টি কৰিছা তাৰ অনিষ্টৰ পৰাও তোমাৰ আশ্ৰয় প্ৰাৰ্থনা কৰোঁ।

وَإِذَا اشْتَرَى بَعِيرًا فَلْيَأْخُذْ بِذِرْوَةِ سَنَامِهِ وَلْيَقُلْ مِثْلَ ذَلِكَ».

আনহাতে যদি উট (বা বাহন) ক্ৰয় কৰে, তেন্তে তাৰ কুঁজৰ শীৰ্ষভাগত ধৰি এইটো পাঠ কৰিব লাগে।”236

 

৮১. স্ত্ৰী সহবাসৰ পূৰ্বে পঢ়িবলগীয়া দুআ

«بِسْمِ اللَّهِ، اللَّهُمَّ جَنِّبْنَا الشَّيْطَانَ، وَجَنِّبِ الشَّيْطَانَ مَا رَزَقْتَنَا».

“বিছমিল্লা-হ, আল্লা-হুম্মা জান্নিবনাশ্ব শ্বাইত্বা-ন, অজান্নিবিশ্ব শ্বাইত্বা-না মা ৰাঝাক্বতানা।”

অৰ্থঃ আল্লাহৰ নামত। হে আল্লাহ! আমাক চয়তানৰ পৰা দূৰৈত ৰাখা আৰু তুমি আমাক যি প্ৰদান কৰিবা তাৰ পৰাও চয়তানক দূৰত ৰাখিবা।237

৮২. ক্ৰোধ অৱস্থাত পঢ়িবলগীয়া দুআ

«أَعُوذُ بِاللَّهِ مِنَ الشَّيْطَانِ الرَّجِيمِ».

“আউজু বিল্লা-হি মিনাশ্ব শ্বাইত্ব-নিৰ ৰাজীম।”

অৰ্থঃ মই অভিশপ্ত চয়তানৰ পৰা আল্লাহৰ আশ্ৰয় প্ৰাৰ্থনা কৰোঁ।238

৮৩. অসুস্থ ব্যক্তিক দেখিলে পঢ়িবলগীয়া দুআ

«الحَمْدُ لِلَّهِ الَّذِي عَافَانِي مِمَّا ابْتَلَاكَ بِهِ، وَفَضَّلَنِي عَلَى كَثِيرٍ مِمَّنْ خَلَقَ تَفْضِيلًا».

“আলহাম্দুলিল্লা-হিল লাজী আ-ফানী মিম্মাবতালা-কা বিহ, অফাজ্জালানী আলা কাছী-ৰিম মিম্মান খালাক্বা তাফজীলা৷”

অৰ্থঃ সকলো প্ৰশংসা আল্লাহৰ বাবে, যিয়ে মোক সেই বিপদ বা বেমাৰৰ পৰা সুৰক্ষিত ৰাখিছে যিটোৰে তেওঁ আপোনাক পৰীক্ষা কৰিছে (বা আক্ৰান্ত কৰিছে), আৰু তেওঁৰ অসংখ্য সৃষ্টিৰ ওপৰত মোক বিশেষ মৰ্যাদা বা শ্ৰেষ্ঠত্ব দান কৰিছে।239

৮৪. বৈঠকত পঢ়িবলগীয়া দুআ

ইবনে ওমৰ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ গণনা কৰা হৈছিল যে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে একেখন বৈঠকতে উঠি যোৱাৰ আগতে এশবাৰকৈ এই দুআ পাঠ কৰিছিলঃ

«رَبِّ اغْفِرْ لِي، وَتُبْ عَلَيَّ، إِنَّكَ أَنْتَ التَّوَّابُ الغَفُورُ».

“ৰাব্বিগ্‌ফিৰ্ লী, অতুব্ 'আলাইয়্যা, ইন্নাকা আন্তাত্-তাওৱাবুল-গাফূৰ।”

অৰ্থ: হে মোৰ প্ৰতিপালক! মোক ক্ষমা কৰি দিয়া আৰু মোৰ তাওবা কবূল কৰা; নিশ্চয় তুমি তাওবা কবূলকাৰী, মহা ক্ষমাশীল।240

৮৫. বৈঠকৰ কাফ্ফাৰা

«سُبْحَانَكَ اللَّهُمَّ وَبِحَمْدِكَ، أَشْهَدُ أَنْ لَا إِلَهَ إِلَّا أَنْتَ، أَسْتَغْفِرُكَ وَأَتُوبُ إِلَيْكَ».

“ছুবাহা-নাকা আল্লা-হুম্মা অবিহামদিকা, আশ্বহাদু আল লা ইলা-হা ইল্লা আন্তা, আছতাগফিৰুকা ওৱা আতূবু ইলাইক৷”

 

অৰ্থঃ হে আল্লাহ! মই তোমাৰ পৱিত্ৰতা ঘোষণা কৰিছোঁ আৰু তোমাৰেই সকলো প্ৰশংসা। মই সাক্ষ্য দিওঁ যে, তোমাৰ বাহিৰে আন কোনো সত্য উপাস্য (ইলাহ) নাই। মই তোমাৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰিছোঁ আৰু তোমাৰ পিনে ঘূৰি আহিছোঁ (তাওবা কৰিছোঁ)।241

৮৬. যিয়ে ‘গাফাৰাল্লাহু লাকা’ বুলি কৈ দুআ দিছে, তেওঁক দিবলগীয়া দুআ

«وَلَكَ».

"অলাকা"

অৰ্থঃ আৰু আপোনাৰ বাবেও৷242

৮৭. আপোনাৰ সৈতে যিয়ে উত্তম ব্যৱহাৰ কৰিছে, তাক দিবলগীয়া দুআ

«جَزَاكَ اللَّهُ خَيْرًا».

“জাঝা-কাল্লা-হু খাইৰা৷”

অৰ্থঃ আল্লাহে আপোনাক উত্তম প্ৰতিদান দিয়ক৷243

৮৮. যি দুআ পাঠ কৰিলে আল্লাহে দাজ্জালৰ পৰা সুৰক্ষিত ৰাখিব

«مَنْ حَفِظَ عَشْرَ آيَاتٍ مِنْ أَوَّلِ سُورَةِ الكَهْفِ عُصِمَ مِنَ الدَّجَّالِ».

“যিয়ে ছুৰা আল-কাহাফৰ প্ৰথম দহ আয়াত মুখস্থ কৰিব, তেওঁক দাজ্জালৰ (ফিতনাৰ) পৰা ৰক্ষা কৰা হ'ব।”244

আৰু যিয়ে প্ৰতিটো নামাজৰ শেষ তাশ্বাহহুদৰ পিছত ইয়াৰ ফিতনাৰ পৰা আল্লাহৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰিব৷245

৮৯- যি ব্যক্তিয়ে কয়ঃ ‘মই তোমাক আল্লাহৰ বাবে ভালপাওঁ’, সেই ব্যক্তিক দিবলগীয়া দুআ

«أَحَبَّكَ الَّذِي أَحْبَبْتَنِي لَهُ».

“আহাব্বাকাল্লাজী আহবাবতানী লাহ।”

অৰ্থঃ যিজনৰ বাবে তুমি মোক ভাল পাইছা, তেৱোঁ তোমাক ভাল পাওক।246

৯০- যিয়ে আপোনালৈ নিজৰ ধন-সম্পদ আগবঢ়াইছে, তেওঁক দিবলগীয়া দুআ।

«بَارَكَ اللَّهُ لَكَ فِي أَهْلِكَ وَمَالِكَ».

“বা-ৰাকাল্লা-হু লাকা ফী আহ্লিকা অমা-লিক৷”

অৰ্থঃ আল্লাহে আপোনাৰ পৰিয়াল আৰু ধন-সম্পদত বৰকত দান কৰক৷247

৯১. ঋণ পৰিশোধ কৰাৰ সময়ত ঋণদাতাৰ বাবে কৰিবলগীয়া দুআ

«بارَكَ اللَّهُ لَكَ فِي أَهْلِكَ وَمَالِكَ، إِنَّمَا جَزَاءُ السَّلَفِ الحَمْدُ وَالأَدَاءُ».

“বা-ৰাকাল্লা-হু লাকা ফী আহলিকা অমা-লিকা, ইন্নামা জাঝা-উছ ছালাফিল হাম্দু অলআদা৷”

অৰ্থঃ আল্লাহে আপোনাৰ পৰিয়াল আৰু ধন-সম্পদত বৰকত দান কৰক। ঋণৰ প্ৰতিদান হৈছে কেৱল প্ৰশংসা কৰা আৰু পৰিশোধ কৰা৷248

৯২. শ্বিৰ্কৰ ভয়ত পঢ়িবলগীয়া দুআ

«اللَّهُمَّ إِنِّي أَعُوذُ بِكَ أَنْ أُشْرِكَ بِكَ وَأَنَا أَعْلَمُ، وَأَسْتَغْفِرُكَ لِمَا لَا أَعْلَمُ».

“আল্লা-হুম্মা ইন্নী আ'উজু বিকা আন্ উশ্বৰিকা বিকা ৱা আনা আ'লাম, ৱা আস্তাগফিৰুকা লিমা লা আ'লাম।”

 

অৰ্থঃ হে আল্লাহ! মই তোমাৰ আশ্ৰয় বিচাৰোঁ যে, মই যাতে জানি বুজি তোমাৰ সৈতে আন কাকো অংশীদাৰ স্থাপন নকৰোঁ, লগতে মই সেই সকলো গুনাহৰ পৰা ক্ষমা বিচাৰোঁ যিবোৰৰ বিষয়ে মই জ্ঞাত নহয়।249

৯৩- যিয়ে 'বা-ৰাকাল্লা-হু ফীক' বুলি কৈ আপোনাক দুআ দিছে, তেওঁক দিবলগীয়া দুআ

«وَفِيكَ بَارَكَ اللَّهُ».

“অফীকা বা-ৰাকাল্লা-হ।”

অৰ্থঃ আৰু আল্লাহে আপোনাকো বৰকত দান কৰক৷250

৯৪. অশুভ লক্ষণ (অমঙ্গল) অপছন্দ কৰাৰ দুআ।

«اللَّهُمَّ لَا طَيْرَ إِلَّا طَيْرُكَ، وَلَا خَيْرَ إِلَّا خَيْرُكَ، وَلَا إِلَهَ غَيْرُكَ».

“আল্লা-হুম্মা লা তাইৰা ইল্লা তাইৰুক, অলা খাইৰা ইল্লা খাইৰুক, অলা ইলা-হা গাইৰুক৷”251

৯৫- বাহনত আৰোহণ কৰি পঢ়িবলগীয়া দুআ

«بِسْمِ اللَّهِ، وَالحَمْدُ للَّهِ

“বিছমিল্লাহি অলহাম্দুলিল্লাহ।”

অৰ্থঃ (আৰম্ভ কৰিছোঁ) আল্লাহৰ নামত; সকলো প্ৰশংসা কেৱল আল্লাহৰেই৷

﴿سُبْحَانَ الَّذِي سَخَّرَ لَنَا هَذَا وَمَا كُنَّا لَهُ مُقْرِنِينَ

“ছুবহা-নাল্লাজী ছাখ্খৰা লানা হা-জা, অমা কুন্না লাহু মুক্বৰিনীন৷”

অৰ্থঃ পৱিত্ৰ আৰু মহান তেওঁ, যিজনে এইবোৰক আমাৰ বশীভূত কৰি দিছে। অথচ এইবোৰক বশীভূত কৰিবলৈ আমাৰ সামৰ্থ নাছিল।

وَإِنَّا إِلَى رَبِّنَا لَمُنقَلِبُونَ﴾،

“ৱা ইন্না ইলা ৰাব্বিনা লামুনক্বালিবূন৷”

অৰ্থঃ ‘আৰু নিশ্চয় আমি আমাৰ প্ৰতিপালকৰ ওচৰতেই প্ৰত্যাৱৰ্তনকাৰী’।

الحَمْدُ لِلَّهِ، الحَمْدُ لِلَّهِ، الحَمْدُ لِلَّهِ، اللَّهُ أَكْبَرُ، اللَّهُ أَكْبَرُ، اللَّهُ أَكْبَرُ، سُبْحَانَكَ اللَّهُمَّ إِنِّي ظَلَمْتُ نَفْسِي فَاغْفِرْ لِي؛ فَإِنَّهُ لَا يَغْفِرُ الذُّنُوبَ إِلَّا أَنْتَ».

“আলহাম্দুলিল্লাহ, আলহাম্দুলিল্লাহ, আলহাম্দুলিল্লাহ, আল্লাহু আকবাৰ, আল্লাহু আকবাৰ, আল্লাহু আকবাৰ, ছুবহা-নাকা আল্লা-হুম্মা ইন্নি জালামতু নাফছী ফাগফিৰলী, ফা ইন্নাহু লা য়াগফিৰুজ জুনূবা ইল্লা আনতা।”252

৯৬- ছফৰৰ দুআ।

«اللَّهُ أَكْبَرُ، اللَّهُ أَكْبَرُ، اللَّهُ أَكْبَرُ،

“আল্লাহু আকবাৰ, আল্লাহু আকবাৰ, আল্লাহু আকবাৰ৷”

অৰ্থঃ আল্লাহ আটাইতকৈ মহান, আল্লাহ আটাইতকৈ মহান, আল্লাহ আটাইতকৈ মহান৷

سُبْحَانَ الَّذِي سَخَّرَ لَنَا هَذَا وَمَا كُنَّا لَهُ مُقْرِنِينَ

"ছুবহা-নাল্লাজি ছাখ্খাৰা লানা হা-জা অমা কুন্না লাহু মুক্বৰিনীন৷"

অৰ্থঃ পৱিত্ৰ আৰু মহান তেওঁ, যিজনে এইবোৰক আমাৰ বশীভূত কৰি দিছে। অথচ এইবোৰক বশীভূত কৰিবলৈ আমি সমৰ্থ নাছিলোঁ।

وَإِنَّا إِلَى رَبِّنَا لَمُنقَلِبُونَ،

"ৱা ইন্না ইলা ৰাব্বিনা লামুনকালিবূন।"

অৰ্থঃ ‘আৰু নিশ্চয় আমি আমাৰ প্ৰতিপালকৰ ওচৰতেই প্ৰত্যাৱৰ্তনকাৰী’।

اللَّهُمَّ إِنّا نَسْأَلُكَ فِي سَفَرِنَا هَذَا البِرَّ وَالتَّقْوَى، وَمِنَ العَمَلِ مَا تَرْضَى، اللَّهُمَّ هَوِّنْ عَلَيْنَا سَفَرَنَا هَذَا وَاطْوِ عَنَّا بُعْدَهُ، اللَّهُمَّ أَنْتَ الصَّاحِبُ فِي السَّفَرِ، وَالخَليفَةُ فِي الأَهْلِ، اللَّهُمَّ إِنِّي أَعُوذُ بِكَ مِنْ وَعْثَاءِ السَّفَرِ، وَكَآبَةِ المَنْظَرِ، وَسُوءِ المُنْقَلَبِ فِي المَالِ وَالأَهْلِ».

“আল্লা-হুম্মা ইন্না নাছআলুকা ফী ছাফাৰিনা হা-জাল বিৰ্ৰা অত-তাক্বৱা, অমিনাল আমালি মা তাৰদ্বা, আল্লা-হুম্মা হাওৱিন আলাইনা ছাফাৰানা হা-জা, অত্বৱি আন্না বু'দাহ, আল্লা-হুম্মা আনতাচ চা-হিবু ফিচ ছফৰ, অলখালীফাতু ফিল আহল, আল্লা-হুম্মা ইন্নি আউজুবিকা মিন অ'ছা-য়িচ ছফৰ, অকাআবাতিল মানজাৰ, অছুয়িল মুনকালাবি ফিল মা-লি অল আহল।”

অৰ্থঃ হে আল্লাহ! আমি আমাৰ এই যাত্ৰাত তোমাৰ ওচৰত পূণ্য (সৎ কৰ্ম) আৰু তাকৱা (আল্লাহ-ভীতি) প্ৰাৰ্থনা কৰিছোঁ, আৰু এনে কামৰ তাওফীক বিচাৰিছোঁ যাৰ প্ৰতি তুমি সন্তুষ্ট হোৱা। হে আল্লাহ! আমাৰ বাবে আমাৰ এই যাত্ৰাক সহজ কৰি দিয়া আৰু ইয়াৰ দূৰত্বক আমাৰ বাবে কমাই (সংক্ষিপ্ত কৰি) দিয়া। হে আল্লাহ! তুমিয়েই হৈছা আমাৰ যাত্ৰাৰ সংগী আৰু আমাৰ অনুপস্থিতিত আমাৰ পৰিয়াল-পৰিজনৰ তত্ত্বাৱধায়ক। হে আল্লাহ! মই তোমাৰ ওচৰত আশ্ৰয় বিচাৰিছোঁ যাত্ৰাৰ কষ্ট-ক্লেশৰ পৰা, যিকোনো অপ্ৰীতিকৰ দৃশ্য দেখাৰ পৰা, আৰু ঘৰলৈ উভতি অহাৰ পিছত নিজৰ ধন-সম্পত্তি তথা পৰিয়াল-পৰিজনৰ কোনো ক্ষয়-ক্ষতি বা অমংগল প্ৰত্যক্ষ কৰাৰ পৰা।

ওভোতাৰ সময়তো এইটো দুআই পঢ়িব লাগে, কেৱল অতিৰিক্ত এইখিনি পঢ়িব লাগিবঃ

«آيِبُونَ، تائِبُونَ، عَابِدُونَ، لِرَبِّنَا حَامِدُونَ».

আয়েবূনা, তায়েবূনা, আবিদূনা, লিৰাব্বিনা হামিদূন।

 

অৰ্থঃ আমি (আমাৰ ঘৰলৈ) উভতি আহিছোঁ, (ভুল-ত্ৰুটিৰ বাবে আল্লাহৰ ওচৰত) তাওবা (ক্ষমা প্ৰাৰ্থনা) কৰিছোঁ, কেৱল আমাৰ প্ৰভুৰে ইবাদত (উপাসনা) কৰিছোঁ আৰু কেৱল আমাৰ প্ৰভুৰে প্ৰশংসাৰ গীত গাইছোঁ।253

৯৭. গাঁও বা চহৰত প্ৰৱেশ কৰাৰ দুআ

«اللَّهُمَّ رَبَّ السَّمَوَاتِ السَّبْعِ وَمَا أَظْلَلْنَ، وَرَبَّ الأَرَضِينَ السَّبْعِ وَمَا أَقْلَلْنَ، وَرَبَّ الشَّياطِينِ وَمَا أَضْلَلْنَ، وَرَبَّ الرِّيَاحِ وَمَا ذَرَيْنَ، أَسْأَلُكَ خَيْرَ هَذِهِ القَرْيَةِ، وَخَيْرَ أَهْلِهَا، وَخَيْرَ مَا فِيهَا، وَأَعُوذُ بِكَ مِنْ شَرِّهَا، وَشَرِّ أَهْلِهَا، وَشَرِّ مَا فِيهَا».

“আল্লা-হুম্মা ৰাব্বাছ্ ছামাৱা-তিছ্ ছাব্‘য়ি অমা আজলালনা, অৰাব্বাল্ আৰাদ্বীনাছ্ ছাব্‘য়ি অমা আক্বলালনা, অৰাব্বাশ্ শ্বায়া-ত্বীনি অমা আদ্বলালনা, অৰাব্বাৰ ৰিয়া-হি অমা যাৰাইনা, আছআলুকা খাইৰা হা-যিহিল ক্বাৰয়াহ, অখাইৰা আহলিহা, অখাইৰা মা ফীহা, ৱা আ‘ঊজু বিকা মিন শ্বাৰ্ৰিহা, অশ্বাৰ্ৰি আহলিহা, অশ্বাৰ্ৰি মা ফীহা৷”

 

অৰ্থঃ হে আল্লাহ! হে সাতখন আকাশ আৰু যিবোৰক ই ছাঁ দিছে তাৰ প্ৰতিপালক, সাতখন পৃথিৱী আৰু যিবোৰক ই ধাৰণ কৰিছে তাৰ ৰব্ব, চয়তান আৰু সিহঁতে যিবোৰক পথভ্ৰষ্ট কৰিছে তাৰ ৰব্ব, বতাহ আৰু ই যিবোৰক উৰুৱাই লৈ যায় তাৰ ৰব্ব! মই তোমাৰ ওচৰত এই জনপদৰ কল্যাণ, ইয়াৰ অধিবাসীসকলৰ কল্যাণ আৰু ইয়াৰ মাজত থকা সকলো বস্তুৰ কল্যাণ প্ৰাৰ্থনা কৰিছোঁ। মই তোমাৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰিছোঁ ইয়াৰ ক্ষতিৰ পৰা, ইয়াৰ অধিবাসীসকলৰ ক্ষতিৰ পৰা আৰু ইয়াৰ মাজত থকা সকলো বস্তুৰ ক্ষতিৰ পৰা।254

৯৮. বজাৰত প্ৰৱেশ কৰাৰ দুআ

«لَا إِلَهَ إِلَّا اللَّهُ وَحْدَهُ لَا شَرِيكَ لَهُ، لَهُ المُلْكُ، وَلَهُ الحَمْدُ، يُحْيِي وَيُمِيتُ، وَهُوَ حَيٌّ لَا يَمُوتُ، بِيَدِهِ الخَيْرُ، وَهُوَ عَلَى كُلِّ شَيْءٍ قَدِيرٌ».

“লা ইলা-হা ইল্লাল্লা-হু অহদাহু লা শ্বাৰীকা লাহ, লাহুল মুল্কু অলাহুল হাম্দু, য়ুহয়ী অয়ুমীতু, অহুৱা হায়্যুন লা য়ামূতু, বিয়াদিহিল খাইৰ, অহুৱা আলা কুল্লি শ্বাইয়িন ক্বাদীৰ।”

অৰ্থঃ আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। তেওঁ একক, তেওঁৰ কোনো অংশীদাৰ নাই। ৰাজত্ব তেওঁৰেই আৰু প্ৰশংসাও কেৱল তেওঁৰেই। তেওঁ জীৱন দিয়ে আৰু মৃত্যু দিয়ে। তেওঁ চিৰঞ্জীৱ, তেওঁৰ কেতিয়াও মৃত্যু নহয়। সকলো কল্যাণ তেওঁৰ হাততেই নিহিত। তেওঁ সকলো ক্ষেত্ৰতে ক্ষমতাৱান।255

৯৯- বাহন খুন্দিয়ালে পঢ়িবলগীয়া দুআ।

«بِسْمِ اللَّهِ».

বিছমিল্লাহ৷256

১০০- মুক্বীমৰ বাবে মুছাফিৰৰ দুআ

«أَسْتَوْدِعُكُمُ اللَّهَ الَّذِي لَا تَضِيعُ وَدَائِعُهُ».

“আছতাওদিউকুমুল্লা-হুল লাজী লা তাদ্বীউ অদা-য়েউহু।”

অৰ্থঃ মই আপোনালোকক (বা তোমাক) আল্লাহৰ হাতত অৰ্পণ কৰিলোঁ (আল্লাহৰ সুৰক্ষাত এৰিলোঁ), যাৰ ওচৰত গচ্ছিত থকা কোনো বস্তুৱেই কেতিয়াও হেৰাই নাযায় বা নষ্ট নহয়।257

 

 

১০১. মুছাফিৰৰ বাবে মুক্বীমৰ দুআ

«أَسْتَوْدِعُ اللَّهَ دِينَكَ، وَأَمَانَتَكَ، وَخَوَاتِيمَ عَمَلِكَ».

“আছতাওদিউল্লা-হা দ্বীনাকা, ৱা আমা-নাতাকা, অখাৱা-তীমা আমালিক।”

অৰ্থঃ মই আপোনাৰ দ্বীন (ধৰ্ম), আপোনাৰ আমানত (ঈমান তথা দায়িত্ববোধ) আৰু আপোনাৰ কৰ্মৰ শেষ পৰিণতিক আল্লাহৰ হাতত অৰ্পণ কৰিলোঁ (আল্লাহৰ সুৰক্ষাত এৰিলোঁ)।258

«زَوَّدَكَ اللَّهُ التَّقْوَى، وَغَفَرَ ذَنْبَكَ، وَيَسَّرَ لَكَ الخَيْرَ حَيْثُ ما كُنْتَ».

“ঝাওৱাদাকাল্লা-হুত্‌ তাক্বৱা, অগাফাৰা জাম্বাক, অয়াচ্ছাৰা লাকাল খাইৰা হাইছু মা কুন্তা।”

আল্লাহে তোমাক তাক্বৱা দান কৰক, তোমাৰ গুনাহ খাতা মাফ কৰক, আৰু তুমি য'তে নাথাকা কিয়, তোমাৰ বাবে সকলো কল্যাণ সহজ কৰি দিয়ক।259

১০২- ছফৰ অৱস্থাত তাকবীৰ আৰু তাছবীহ পাঠ কৰা।

জাবিৰ ৰাদ্বিয়াল্লাহু আনহুৱে কৈছেঃ “আমি কোনো ওখ ঠাই আৰোহণ কৰিলে তাকবীৰ দিছিলোঁ, তেওঁ কৈছেঃ (আল্লাহু আকবাৰ) আৰু যেতিয়া অৱতৰণ কৰিছিলোঁ তাছবীহ পাঠ কৰিছিলোঁ।”260

তেওঁ কৈছেঃ “ছুবহা-নাল্লাহ।”

অৰ্থঃ (আল্লাহ অতি পৱিত্ৰ)

১০৩- ৰাতিৰ শেষ প্ৰহৰত পঢ়িবলগীয়া মুছাফিৰৰ দুআ।

«سَمَّعَ سَامِعٌ بِحَمْدِ اللَّهِ، وَحُسْنِ بَلَائِهِ عَلَيْنَا، رَبَّنَا صاحِبْنَا، وَأَفْضِلْ عَلَيْنَا، عَائِذًا بِاللَّهِ مِنَ النَّارِ».

“ছাম্মাআ ছা-মি'উম বিহামদিল্লাহ, অহুছনি বালা-য়িহী আলাইনা, ৰাব্বানা ছা-হিবনা ৱা আফজিল আলাইনা, আ-য়িজাম বিল্লা-হি মিনান না-ৰ।”

অৰ্থঃ এজন শ্ৰোতাই আল্লাহৰ প্ৰশংসা আৰু আমাৰ প্ৰতি থকা তেওঁৰ উত্তম অনুগ্ৰহৰ কথা শুনিলে (আৰু তাৰ সাক্ষ্য প্ৰদান কৰিলে)। হে আমাৰ প্ৰতিপালক! তুমি আমাৰ সংগী হোৱা আৰু আমাক অনুগ্ৰহ কৰা। মই জাহান্নামৰ পৰা আল্লাহৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰিছোঁ।261

 

১০৪- ছফৰ হওক বা বেলেগ কোনো সময়ত কোনো ঠাইত আশ্ৰয় ল'লে পঢ়িবলগীয়া দুআ।

«أَعُوذُ بِكَلِمَاتِ اللَّهِ التَّامَّاتِ مِنْ شَرِّ مَا خَلَقَ».

“আউজু বিকালিমা-তিল্লা-হিত তা-ম্মাতি, মিন শ্বাৰ্ৰি মা খালাক্ব।”

অৰ্থঃ মই পূৰ্ণ বাক্যৰ জৰিয়তে আল্লাহৰ আশ্ৰয় প্ৰাৰ্থনা কৰোঁ তেওঁ যি সৃষ্টি কৰিছে তাৰ অনিষ্টৰ পৰা।262

১০৫- ছফৰৰ পৰা উভতি অহাৰ সময়ত পঢ়িবলগীয়া দুআ

«يُكَبِّرُ عَلَى كُلِّ شَرَفٍ ثَلَاثَ تَكْبِيرَاتٍ ثُمَّ يَقُولُ:

“প্ৰতিটো ওখ ঠাইত তিনিবাৰ "আল্লাহু আকবাৰ" বুলি তাকবীৰ দিব, ইয়াৰ পিছত ক'বঃ

لَا إِلَهَ إِلَّا اللَّهُ وَحْدَهُ لَا شَرِيكَ لَهُ، لَهُ المُلْكُ، وَلَهُ الحَمْدُ، وَهُوَ عَلَى كُلِّ شَيْءٍ قَدِيرٌ، آيِبُونَ، تَائِبُونَ، عَابِدُونَ، لِرَبِّنا حَامِدُونَ، صَدَقَ اللَّهُ وَعْدَهُ، وَنَصَرَ عَبْدَهُ، وَهَزَمَ الأَحْزابَ وَحْدَهُ».

"লা ইলা-হা ইল্লাল্লা-হু অহদাহু লা শ্বাৰীকা লাহ, লাহুল মুল্কু অলাহুল হাম্দু, অহুৱা আলা কুল্লি শ্বাইয়িন ক্বাদীৰ, আ-য়েবূনা, তা-য়েবূনা, আ-বিদূনা, লিৰাব্বিনা হা-মিদূন। চাদাক্বাল্লাহু অ'দাহ, অনাচাৰা আব্দাহ, অহাঝামাল আহঝা-বা অহদাহ।"

 

অৰ্থঃ আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই, তেওঁ একক, তেওঁৰ কোনো অংশীদাৰ নাই। ৰাজত্ব তেওঁৰেই আৰু প্ৰশংসাও কেৱল তেওঁৰেই। তেওঁ সকলো ক্ষেত্ৰতে ক্ষমতাৱান। আমি প্ৰত্যাৱৰ্তনকাৰী, তাওবাকাৰী, ইবাদতকাৰী, আৰু আমাৰ প্ৰতিপালকৰ প্ৰশংসাকাৰী। আল্লাহে নিজৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰিছে, আৰু তেওঁৰ বান্দাক সহায় কৰিছে, আৰু শত্ৰুদলক অকলেই পৰাস্ত কৰিছে।263

১০৬. আনন্দদায়ক কিবা অৰ্জন হ'লে অথবা অপছন্দনীয় কিবা ঘটিলে এইটো পঢ়িব লাগে

নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ যেতিয়া কোনো আনন্দদায়ক খবৰ আহিছিল, তেতিয়া তেখেতে কৈছিলঃ

«الحَمْدُ لِلَّهِ الَّذِي بِنِعْمَتِهِ تَتِمُّ الصَّالِحَاتُ».

“আলহাম্দুলিল্লা-হিল লাজী বিনি'মাতিহি তাতিম্মুচ চ-লিহাত।”

অৰ্থঃ (সকলো ধৰণৰ প্ৰশংসা কেৱল আল্লাহৰ বাবে যাৰ অনুগ্ৰহৰে সকলো নেক আমল সম্পূৰ্ণ হয়)৷

আৰু যেতিয়া তেখেতে কোনো অপছন্দনীয় বিষয়ৰ সন্মুখীন হৈছিল, তেতিয়া তেখেতে কৈছিলঃ

«الحَمْدُ لِلَّهِ عَلَى كُلِّ حَالٍ».

“আলহাম্দুলিল্লা-হি আলা কুল্লি হা-ল৷”

অৰ্থঃ সকলো অৱস্থাতে প্ৰশংসা কেৱল আল্লাহৰ বাবেই৷264

১০৭. নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰতি দৰূদ পাঠ কৰাৰ ফজীলত

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ

«مَنْ صَلَّى عَلَيَّ صَلَاةً صَلَّى اللَّهُ عَلَيْهِ بِهَا عَشْرًا».

“যিয়ে মোৰ প্ৰতি এবাৰ দৰূদ পাঠ কৰিব, আল্লাহে ইয়াৰ বিনিময়ত তাৰ ওপৰত দহটা ৰহমত বৰ্ষণ কৰিব।”265 যেনে এইদৰে কোৱাঃ “আল্লা-হুম্মা চাল্লি অছাল্লিম আলা নাবিয়্যিনা মুহাম্মাদ৷”

অৰ্থঃ (হে আল্লাহ! আমাৰ প্রিয় নবী মুহাম্মদৰ ওপৰত দৰূদ আৰু ছালাম বৰ্ষণ কৰা)।

তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে আৰু কৈছেঃ

«لَا تَجْعَلُوا قَبْرِي عِيدًا وَصَلُّوا عَلَيَّ؛ فَإِنَّ صَلَاتَكُم تَبْلُغُنِي حَيْثُ كُنْتُمْ».

“তোমালোকে মোৰ কবৰক মেলাৰ স্থল নবনাবা। তোমালোকে মোৰ ওপৰত দুৰূদ পাঠ কৰা। তোমালোকে য’তেই নাথাকা কিয় তোমালোকৰ দুৰূদ মোৰ ওচৰলৈ পৌঁচাই দিয়া হয়।”266

তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে আৰু কৈছেঃ

«البَخِيلُ مَنْ ذُكِرْتُ عِنْدَهُ فَلَمْ يُصَلِّ عَلَيَّ».

“প্ৰকৃত কৃপণ হৈছে সেই ব্যক্তি, যাৰ সন্মুখত মোৰ নাম লোৱা হয়, তথাপিও সি মোৰ প্ৰতি দৰূদ পাঠ নকৰে।”267

তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে আৰু কৈছেঃ

«إِنَّ لِلَّهِ مَلَائِكَةً سَيَّاحِينَ فِي الأَرْضِ يُبَلِّغُونِي مِنْ أُمَّتِي السَّلَامَ».

“নিশ্চয় পৃথিৱীত আল্লাহৰ কিছুমান বিচৰণকাৰী ফিৰিস্তা আছে, তেওঁলোকে মোৰ ওচৰলৈ মোৰ উম্মতৰ ছালাম পৌঁচাই দিয়াৰ কামত নিয়োজিত।”268

তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে আৰু কৈছেঃ

«مَا مِنْ أَحَدٍ يُسَلِّمُ عَلَيَّ إِلَّا رَدَّ اللَّهُ عَلَيَّ رُوحِيَ حَتَّى أَرُدَّ عَلَيْهِ السَّلَامَ».

“মোৰ প্ৰতি যেতিয়াই কোনোবাই ছালাম প্ৰেৰণ কৰে, তেতিয়াই আল্লাহে মোক মোৰ প্ৰাণ ওভোতাই দিয়ে, যাতে মই সেই ছালামৰ উত্তৰ দিব পাৰোঁ।”269

১০৮. ছালাম প্ৰচাৰ কৰা

আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ

«لَا تَدْخُلُوا الجَنَّةَ حَتَّى تُؤْمِنُوا، وَلَا تُؤْمِنُوا حَتَّى تَحَابُّوا، أَوَلَا أَدُلُّكُم عَلَى شَيْءٍ إِذَا فَعَلْتُمُوهُ تَحَابَبْتُم، أَفْشُوا السَّلَامَ بَيْنَكُمْ».

“মুমিন নোহোৱাকৈ তোমালোকৰ মাজৰ কোনেও জান্নাতত প্ৰৱেশ কৰিব নোৱাৰিব, আৰু তোমালোকে প্ৰকৃত মুমিন হ'ব নোৱাৰিবা যেতিয়ালৈকে তোমালোকে ইজনে সিজনক মুহাব্বত নকৰিবা। মই তোমালোকক সেই বিষয়টো জনাই নিদিমনে, যিটো কৰিলে তোমালোকৰ পৰস্পৰৰ মাজত মুহাব্বত সৃষ্টি হ'ব? সেইটো হৈছেঃ তোমালোকে পৰস্পৰে ছালাম আদান প্ৰদান কৰা।”270

«ثَلَاثٌ مَنْ جَمَعَهُنَّ فَقَدْ جَمَعَ الإِيمَانَ: الإِنْصَافُ مِنْ نَفْسِكَ، وَبَذْلُ السَّلَامِ لِلْعَالَمِ، وَالإِنْفَاقُ مِنَ الإِقْتَارِ».

“যাৰ ভিতৰত এই তিনিটা গুণ আছে, তেওঁ ঈমান একত্ৰিত কৰিছে। নিজৰ ওপৰত ন্যায় কৰা, সকলোকে ছালাম কৰা, দৰিদ্ৰতাৰ সময়তো দান কৰা।”271

আব্দুল্লাহ বিন ওমৰ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, এজন ব্যক্তিয়ে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক প্ৰশ্ন কৰিলে, ইছলামৰ কোনটো বিষয় অধিক উত্তম? তেখেতে ক'লেঃ

«تُطْعِمُ الطَّعَامَ، وَتَقْرأُ السَّلَامَ عَلَى مَنْ عَرَفْتَ وَمَنْ لَمْ تَعْرِفْ».

“আনক খাদ্য খুউৱা, পৰিচিত অপৰিচিত সকলোকে ছালাম দিয়া।”272

১০৯. অমুছলিমে ছালাম দিলে কেনেকৈ ছালামৰ উত্তৰ দিব লাগে

«إذَا سَلَّمَ عَلَيْكُمْ أَهْلُ الكِتَابِ فَقُولُوا: وَعَلَيْكُمْ».

“যদি আহলে কিতাবসকলে তোমালোকক ছালাম কৰে, তেন্তে তোমালোকে কোৱাঃ ওৱা আলাইকুম।”273

১১০- কুকুৰাৰ মাত বা গাধৰ মাত শুনিলে পঢ়িবলগীয়া দুআ

«إِذَا سَمِعْتُمْ صِيَاحَ الدِّيَكَةِ فَاسْأَلُوا اللَّهَ مِنْ فَضْلِهِ؛ فَإِنَّهَا رَأَتْ مَلَكًا،

“যেতিয়া তোমালোকে কুকুৰাৰ মাত শুনিবলৈ পোৱা, তেতিয়া আল্লাহৰ ওচৰত তেওঁৰ অনুগ্ৰহ প্ৰাৰ্থনা কৰিবা; কাৰণ সিহঁতে ফিৰিস্তা দেখা পায়৷”

যেনে- এইদৰে কোৱাঃ “আল্লা-হুম্মা ইন্নী আছআলুকা মিন ফাজলিক৷”

অৰ্থঃ হে আল্লাহ! মই তোমাৰ ওচৰত তোমাৰ অনুগ্ৰহ প্ৰাৰ্থনা কৰোঁ৷

وَإِذَا سَمِعْتُمْ نَهِيقَ الحِمَارِ فَتَعَوَّذُوا بِاللَّهِ مِنَ الشَّيطَانِ؛ فَإِنَّهُ رَأَى شَيْطَانًا».

“আৰু যেতিয়া তোমালোকে গাধৰ মাত শুনিবলৈ পোৱা, তেতিয়া চয়তানৰ পৰা আল্লাহৰ ওচৰত আশ্ৰয় বিচাৰিবা; কিয়নো সি চয়তান দেখিছে৷”274 যেনে- এইদৰে কোৱাঃ "আউজু বিল্লা-হি মিনাশ্ব শ্বাইত্ব-নিৰ ৰাজীম।"

১১১. ৰাতি কুকুৰৰ ভুকনি শুনিবলৈ পালে পঢ়িবলগীয়া দুআ

«إِذَا سَمِعْتُمْ نُبَاحَ الكِلَابِ وَنَهِيقَ الحَمِيرِ بِاللَّيْلِ فَتَعَوَّذُوا بِاللَّهِ مِنْهُنَّ؛ فَإِنَّهُنَّ يَرَيْنَ مَا لَا تَرَوْنَ».

“যেতিয়া তোমালোকে ৰাতি কুকুৰৰ ভুক-ভুকনি আৰু গাধৰ মাত শুনিবলৈ পোৱা, তেতিয়া তোমালোকে সিহঁতৰ পৰা আল্লাহৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰিবা; কাৰণ সিহঁতে যি দেখা পায়, সেয়া তোমালোকে দেখা নোপোৱা।”275

যেনে এইদৰে কোৱাঃ "আউজু বিল্লা-হি মিনাশ্ব শ্বাইত্ব-নিৰ ৰাজীম।"

১১২. আপুনি যাক গালি-গালাজ কৰিছে, তেওঁক দিবলগীয়া দুআ।

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ

«اللَّهُمَّ فَأَيُّمَا مُؤْمِنٍ سَبَبْتُهُ فَاجْعَلْ ذَلِكَ لَهُ قُرْبَةً إِلَيْكَ يَوْمَ القِيَامَةِ».

“আল্লা-হুম্মা ফাআয়্যুমা মুউমিনিন ছাবাবতুহু ফাজ‘আল জা-লিকা লাহু কুৰবাতান ইলাইকা য়াওমাল কিয়ামাহ।”

অৰ্থঃ হে আল্লাহ! মই যদি কোনো মুমিন ব্যক্তিক গালি পাৰোঁ, তেন্তে তুমি সেইটো তাৰ বাবে কিয়ামত দিৱসত তোমাৰ নৈকট্য লাভৰ উপায় বনাই দিবা।276

১১৩. এজন মুছলিমে আন এজন মুছলিমৰ প্ৰশংসা কৰিলে কি ক'ব

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ

«إِذَا كَانَ أَحَدُكُم مَادِحًا صَاحِبَهُ لَا مَحَالَةَ فَلْيَقُلْ: أَحْسِبُ فُلَانًا وَاللَّهُ حَسِيبُهُ، وَلَا أُزَكِّي عَلَى اللَّهِ أَحَدًا، أَحْسِبُهُ –إِنْ كَانَ يَعْلَمُ ذَاكَ – كَذَا وَكَذَا».

“যদি তোমালোকৰ কোনোবাই নিজৰ কোনো ভাতৃৰ (বা বন্ধুৰ) প্ৰশংসা কৰিবলৈ বাধ্য হয় (অৰ্থাৎ কৰিবই লগা হয়), তেন্তে তেওঁ যেন এইদৰে কয়: 'মই অমুকক এনেকুৱা বুলি ভাবোঁ আৰু আল্লাহেই তেওঁৰ প্ৰকৃত হিচাপ লওঁতা; মই আল্লাহৰ সমুখত কাৰো পবিত্ৰতাৰ গেৰাণ্টি নিদিওঁ। যদি তেওঁ সেই ব্যক্তিজনৰ বিষয়ে জানে, তেন্তে তেওঁ ক’ব লাগে— মই তেওঁক এনেকুৱা আৰু এনেকুৱা বুলিহে ধাৰণা কৰোঁ।”277

১১৪. যদি কোনোবাই আপোনাৰ প্ৰশংসা কৰে তেন্তে কি বুলি ক’ব

«اللَّهُمَّ لَا تُؤَاخِذْنِي بِمَا يَقُولُونَ، وَاغْفِرْ لِي مَا لَا يَعْلَمُونَ، [وَاجْعَلْنِي خَيْرًا مِمَّا يَظُّنُّونَ]».

“আল্লা-হুম্মা লা তুআখিজ্‌নী বিমা য়াকূলূন, অগফিৰ লী মা লা য়া‘লামূন, [অজ‘আলনী খাইৰাম মিম্মা য়াজুন্নূন]।”

অৰ্থঃ হে আল্লাহ! সিহঁতে যি কয় তাৰ বাবে তুমি মোক দায়ী নকৰিবা, সিহঁতে যি নাজানে সেয়া মোক ক্ষমা কৰি দিয়া, [আৰু সিহঁতে যি ধাৰণা কৰে তাতোকৈ মোক উত্তম কৰি দিয়া]।278

১১৫. হজ্জ বা ওমৰাত মুহৰিমে কেনেকৈ তালবিয়া পাঠ কৰিব

«لَبَّيْكَ اللَّهُمَّ لَبَّيْكَ، لَبَّيْكَ لَا شَرِيكَ لَكَ لَبَّيْكَ، إِنَّ الحَمْدَ، وَالنِّعْمَةَ، لَكَ وَالمُلْكَ، لَا شَرِيكَ لَكَ».

“লাব্বাইকা আল্লা-হুম্মা লাব্বাইক, লাব্বাইকা লা শ্বাৰীকা লাকা লাব্বাইক, ইন্নাল হাম্দা, অন্নি'মাতা, লাকা অলমুল্ক, লা শ্বাৰীকা লাক৷”

অৰ্থঃ মই উপস্থিত হৈছোঁ হে আল্লাহ! মই উপস্থিত হৈছোঁ। মই উপস্থিত হৈছোঁ, তোমাৰ কোনো অংশীদাৰ নাই, মই উপস্থিত হৈছোঁ। নিশ্চয় সকলো প্ৰশংসা, নিয়ামত আৰু সাৰ্বভৌমত্ব একমাত্ৰ তোমাৰেই। তোমাৰ কোনো অংশীদাৰ নাই।279

১১৬. হাজৰে আছৱাদৰ ওচৰলৈ আহি তাকবীৰ দিব লাগে

«طَافَ النَّبيُّ ﷺ بِالْبَيْتِ عَلَى بَعِيرٍ كُلَّمَا أَتَى الرُّكْنَ أَشَارَ إِلَيْهِ بِشَيْءٍ عِنْدَهُ وَكَبَّرَ».

“নবী চাল্লাল্লাহু আলাইহি অছাল্লামে উটত আৰোহণ কৰি বাইতুল্লাহৰ তাৱাফ কৰিছিল, যেতিয়াই তেখেত ৰুকনৰ ওচৰলৈ আহিছিল, তেখেতৰ হাতত থকা কোনো বস্তুৰে তালৈ ইংগিত কৰিছিল আৰু তাকবীৰ কৈছিল।”280

 

১১৭. ৰুকনে য়ামানী আৰু হাজৰে আছৱাদৰ মাজত পঢ়িবলগীয়া দুআ

﴿...رَبَّنَآ ءَاتِنَا فِي ٱلدُّنۡيَا حَسَنَةٗ وَفِي ٱلۡأٓخِرَةِ حَسَنَةٗ وَقِنَا عَذَابَ ٱلنَّارِ﴾

"ৰাব্বানা আ-তিনা ফিদ্-দুনিয়া হাছানাতাওঁ অফিল্ আ-খিৰাতি হাছানাতাওঁ অক্বিনা আজাবান্-নাৰ৷"

অৰ্থঃ হে আমাৰ প্ৰতিপালক! আমাক পৃথিৱীত কল্যাণ প্ৰদান কৰা আৰু আখিৰাততো কল্যাণ দিয়া আৰু আমাক জাহান্নামৰ শাস্তিৰ পৰা ৰক্ষা কৰা।281

১১৮. চাফা আৰু মাৰৱাৰ ওপৰত থিয় হৈ কৰিবলগীয়া দুআ।

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে চাফাৰ ওচৰলৈ গৈ এই আয়াতটো পাঠ কৰিছিলঃ

«إِنَّ الصَّفَا وَالْمَرْوَةَ مِنْ شَعَآئِرِ اللَّهِ...، أَبْدَأُ بِمَا بَدَأَ اللَّهُ بِهِ».

“ইন্নাচ চাফা অল মাৰৱাতা মিন শ্বাআ-য়িৰিল্লাহ..., আবদাউ বিমা বাদাআল্লা-হু বিহ।”

অৰ্থঃ নিশ্চয় চাফা আৰু মাৰৱা হৈছে আল্লাহৰ নিদৰ্শনসমূহৰ অন্তৰ্ভুক্ত..., আল্লাহে যিটোৰ পৰা আৰম্ভ কৰিছে, ময়ো সেইটোৰ পৰা আৰম্ভ কৰিলোঁ।

ইয়াৰ পিছত তেখেতে চাফাৰ পৰা আৰম্ভ কৰিছিল, আৰু ইয়াৰ ওপৰলৈ উঠিছিল যাতে কা'বা ঘৰ দেখিবলৈ পোৱা যায়, তাৰ পিছত তেখেতে কিবলামুখী হৈ আল্লাহৰ একত্ব ঘোষণা কৰিছিল আৰু তাকবীৰ (আল্লাহু আকবাৰ) পাঠ কৰিছিল, লগতে এই দুআ পঢ়িছিলঃ

«لَا إِلَهَ إِلَّا اللَّهُ وَحْدَهُ لَا شَرِيكَ لَهُ، لَهُ المُلْكُ وَلَهُ الحَمْدُ وَهُوَ عَلَى كُلِّ شَيْءٍ قَدِيرٌ، لَا إِلَهَ إِلَّا اللَّهُ وَحْدَهُ، أَنْجَزَ وَعْدَهُ، وَنَصَرَ عَبْدَهُ، وَهَزَمَ الأَحْزَابَ وَحْدَهُ،

“লা ইলা-হা ইল্লাল্লা-হু অহদাহু লা শ্বাৰীকা লাহু, লাহুল মুল্কু অলাহুল হাম্দু, অহুৱা আলা কুল্লি শ্বাইয়িন ক্বাদীৰ, লা ইলা-হা ইল্লাল্লা-হু অহদাহু, আনজাঝা অ'দাহ, অনাচাৰা আব্দাহ, অহাঝামাল আহঝা-বা অহদাহ৷”

অৰ্থঃ আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই, তেওঁ একক, তেওঁৰ কোনো অংশীদাৰ নাই। ৰাজত্ব তেওঁৰেই আৰু প্ৰশংসাও কেৱল তেওঁৰেই। তেওঁ সকলো ক্ষেত্ৰতে ক্ষমতাৱান। আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই, তেওঁ একক, যিয়ে নিজৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰিছে, আৰু তেওঁৰ বান্দাক সহায় কৰিছে, আৰু শত্ৰুদলক অকলেই পৰাস্ত কৰিছে।

ثُمَّ دَعَا بَيْنَ ذلكَ، قَالَ مِثْلَ هَذَا ثَلَاثَ مَرَّاتٍ».

তাৰ পিছত ইয়াৰ মাজত দুআ কৰিছিল, তেখেতে এইদৰে তিনিবাৰ কৈছিল। হাদীছ। এই হাদীছটোতে কোৱা হৈছে: তাৰ পিছত তেখেতে ছাফাত যিদৰে কৰিছিল, মাৰৱাতো সেইদৰেই কৰিছিল৷282

১১৯. আৰাফাৰ দিনা পঢ়িবলগীয়া দুআ

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ

«خَيْرُ الدُّعَاءِ دُعَاءُ يَوْمِ عَرَفَةَ، وَخَيْرُ مَا قُلْتُ أَنَا وَالنَّبيُّونَ مِنْ قَبْلِي:

“আটাইতকৈ উত্তম দুআ হৈছে আৰাফাৰ দিৱসৰ দুআ, আৰু মই তথা মোৰ পূৰ্বৱৰ্তী নবীসকলে যি কৈছে তাৰ ভিতৰত আটাইতকৈ উত্তম বাক্য হৈছে:

لَا إِلَهَ إِلَّا اللَّهُ وَحْدَهُ لَا شَرِيكَ لَهُ، لَهُ المُلْكُ وَلَهُ الحَمْدُ وَهُوَ عَلَى كُلِّ شَيْءٍ قَدِيرٌ».

“লা ইলা-হা ইল্লাল্লা-হু অহদাহু লা শ্বাৰীকা লাহ, লাহুল মুল্কু অলাহুল হাম্দু, অহুৱা আলা কুল্লি শ্বাইয়িন ক্বাদীৰ।”

অৰ্থঃ আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। তেওঁ একক, তেওঁৰ কোনো অংশীদাৰ নাই। ৰাজত্ব তেওঁৰেই আৰু প্ৰশংসাও কেৱল তেওঁৰেই। তেওঁ সকলো ক্ষেত্ৰতে ক্ষমতাৱান।283 “নবী চাল্লাল্লাহু আলাইহি অছাল্লামে 'কাচৱা'ত আৰোহণ কৰি মাশ্বআৰুল হাৰামত উপস্থিত হ'ল, তাৰ পিছত কিবলামুখী হ'ল (আৰু আল্লাহৰ ওচৰত দুআ কৰিলে, তেওঁৰ তাকবীৰ, তাহলীল আৰু একত্ববাদ ঘোষণা কৰিলে), আৰু চাৰিওফালে পোহৰ নোহোৱালৈকে তেখেতে তাতেই অৱস্থান কৰি থাকিল। তাৰ পিছত সূৰ্যোদয়ৰ পূৰ্বেই তেখেত তাৰ পৰা প্ৰস্থান কৰিলে৷”284 “তিনিওটা জামাৰাতত প্ৰতিটো শিলগুটি নিক্ষেপৰ সময়ত তাকবীৰ ক’ব, তাৰ পিছত আগবাঢ়ি যাব, আৰু প্ৰথম আৰু দ্বিতীয় জামাৰাতৰ পিছত কিবলামুখী হৈ হাত দাঙি দুআ কৰিবলৈ ৰৈ দিব। আনহাতে জামাৰাতুল আকাবাত শিলগুটি নিক্ষেপ কৰিব আৰু প্ৰতিটো শিলগুটি নিক্ষেপৰ সময়ত তাকবীৰ ক’ব আৰু প্ৰস্থান কৰিব, ইয়াত ৰৈ থকাৰ প্ৰয়োজন নাই৷”285

১২০- মাশ্বআৰুল হাৰামত পঢ়িবলগীয়া দুআ

১২১. জামাৰাতত প্ৰতিটো শিলগুটি নিক্ষেপ কৰাৰ সময়ত তাকবীৰ পাঠ কৰিব লাগে

১২২. বিস্ময়কৰ বিষয় তথা আনন্দদায়ক কোনো বিষয়ৰ ক্ষেত্ৰত পঢ়িবলগীয়া দুআ।

«سُبْحَانَ اللَّهِ!».

“ছুবহা-নাল্লাহ৷”286

«اللَّهُ أَكْبَرُ!».

“আল্লাহু আকবাৰ৷”287

১২৩. আনন্দদায়ক কিবা ঘটিলে কি কৰিব লাগে?

«كَانَ النَّبيُّ ﷺ إِذَا أَتَاهُ أَمْرٌ يَسُرُّهُ أَوْ يُسَرُّ بِهِ خَرَّ سَاجِدًا شُكْرًا لِلَّهِ تَبَارَكَ وَتَعَالَى».

“নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ যেতিয়া কোনো আনন্দদায়ক খবৰ আহিছিল বা এনেকুৱা বিষয় ঘটিছিল যাৰ দ্বাৰা তেখেত আনন্দিত হৈছিল, তেতিয়া তেখেতে আল্লাহ তাবাৰাকা অতাআলাৰ কৃতজ্ঞতা প্ৰকাশ কৰি ছাজদাত পৰিছিল।”288

১২৪. শৰীৰত বিষ অনুভৱ কৰা ব্যক্তিয়ে যি কৰিব আৰু ক’ব লাগে

«ضَعْ يَدَكَ عَلَى الَّذِي تَألَّمَ مِنْ جَسَدِكَ وَقُلْ:

“শৰীৰৰ যি ঠাইত বিষ অনুভৱ হৈছে, সেই ঠাইত হাত ৰাখি কওকঃ

بِسْمِ اللَّهِ،

বিছমিল্লাহ,

ثَلَاثًا،

তিনিবাৰ,

وَقُلْ سَبْعَ مَرَّاتٍ:

আৰু সাত বাৰ এই দুআ পাঠ কৰকঃ

أَعُوذُ بِاللَّهِ وَقُدْرَتِهِ مِنْ شَرِّ مَا أَجِدُ وَأُحَاذِرُ».

“আউজু বিল্লা-হি অকুদ্ৰাতিহি মিন শ্বাৰ্ৰি মা আজিদু ৱা উহা-জিৰ।”

অৰ্থঃ মই আল্লাহৰ আৰু তেওঁৰ ক্ষমতাৰ আশ্ৰয় প্ৰাৰ্থনা কৰোঁ, মই যি অনুভৱ কৰিছোঁ আৰু যিটোৰ পৰা ভয় কৰিছোঁ তাৰ অনিষ্টৰ পৰা।289

১২৫- নজৰ লগা বা বেয়া দৃষ্টিৰ আশংকা কৰিলে পঢ়িবলগীয়া দুআ।

«إِذَا رَأَى أَحَدُكُم مِنْ أَخِيهِ، أَوْ مِنْ نَفْسِهِ، أَوْ مِنْ مَالِهِ مَا يُعْجِبُهُ [فَلْيَدْعُ لَهُ بِالْبَرَكَةِ] فَإِنَّ العَيْنَ حَقٌّ».

“যদি তোমালোকে তোমালোকৰ ভাতৃৰ, অথবা নিজৰে নাইবা নিজৰ ধন-সম্পদৰ কোনো বস্তু মনোমোহা লাগে, [তেন্তে তাৰ বাবে বৰকতৰ দুআ কৰিবা]। কাৰণ নিশ্চয় বেয়া দৃষ্টি (নজৰে বদ) হৈছে সত্য।”290

১২৬. ভয়ৰ সময়ত পঢ়িবলগীয়া দুআ

«لَا إِلَهَ إِلَّا اللَّهُ!».

“লা ইলা-হা ইল্লাল্লাহ৷”

অৰ্থঃ আল্লাহৰ বাহিৰে আন কোনো সত্য উপ291

১২৭. জবেহ বা নহৰ কৰাৰ সময়ত পঢ়িবলগীয়া দুআ

«بِسْمِ اللَّهِ وَاللَّهُ أَكْبَرُ [اللَّهُمَّ مِنْكَ وَلَكَ] اللَّهُمَّ تَقَبَّلْ مِنِّي».

“বিছমিল্লাহ, অল্লাহু আকবাৰ [আল্লা-হুম্মা মিনকা অলাকা] আল্লা-হুম্মা তাকাব্বাল মিন্নী।”

অৰ্থঃ আল্লাহৰ নামত, আৰু আল্লাহ আটাইতকৈ মহান। [হে আল্লাহ! এয়া তোমাৰ পৰাই আৰু তোমাৰ বাবেই]। হে আল্লাহ! মোৰ পৰা কবুল কৰা।292

১২৮. স্বৈৰাচাৰী চয়তানৰ ষড়যন্ত্র প্ৰতিহত কৰিবলৈ পঝ

«أَعُوذُ بكَلِمَاتِ اللَّهِ التَّامَّاتِ الَّتِي لَا يُجَاوِزُهُنَّ بَرٌّ وَلَا فَاجِرٌ: مِنْ شَرِّ مَا خَلَقَ، وَبَرَأَ وَذَرَأَ، وَمِنْ شَرِّ مَا يَنْزِلُ مِنَ السَّمَاءِ، وَمِنْ شَرِّ مَا يَعْرُجُ فيهَا، وَمِنْ شَرِّ مَا ذَرَأَ فِي الأَرْضِ، وَمِنْ شَرِّ مَا يَخْرُجُ مِنْهَا، وَمِنْ شَرِّ فِتَنِ اللَّيْلِ وَالنَّهَارِ، وَمِنْ شَرِّ كُلِّ طَارِقٍ إِلَّا طَارِقًا يَطْرُقُ بِخَيْرٍ يَا رَحْمَنُ».

“আ‘ঊজু বিকালিমা-তিল্লাহিত্ তা-ম্মা-তিল্লাতী লা ইউজা-ৱিঝুহুন্না বাৰ্ৰুন অলা ফা-জিৰুন: মিন শ্বাৰ্ৰি মা খালাক্ব, অবাৰাআ অজাৰাআ, অমিন শ্বাৰ্ৰি মা য়ানঝিলু মিনাছ্ ছামা, অমিন শ্বাৰ্ৰি মা য়া'ৰুজু ফীহা, অমিন শ্বাৰ্ৰি মা জাৰাআ ফিল্ আৰ্‌দ্বি, অমিন শ্বাৰ্ৰি মা য়াখ্‌ৰুজু মিনহা, অমিন শ্বাৰ্ৰি ফিতানিল্ লাইলি অন্ নাহাৰ, অমিন শ্বাৰ্ৰি কুল্লি ত্ব-ৰিক্বিন ইল্লা ত্ব-ৰিক্বান য়াত্‌ৰুক্বু বিখাইৰিন ইয়া ৰাহ্‌মান।”

অৰ্থঃ মই আল্লাহৰ পূৰ্ণ বাক্যসমূহৰ জৰিয়তে আশ্ৰয় প্ৰাৰ্থনা কৰোঁ, যাক কোনো সৎ অথবা অসৎ লোকে অতিক্ৰম কৰিব নোৱাৰে, তেওঁ যি সৃষ্টি কৰিছে, বনাইছে আৰু বিস্তাৰ কৰিছে তাৰ অনিষ্টৰ পৰা, আৰু আকাশৰ পৰা যি নামি আহে তাৰ অনিষ্টৰ পৰা, আৰু যি ওপৰলৈ উঠি যায় তাৰ অনিষ্টৰ পৰা, আৰু পৃথিৱীত যি সৃষ্টি কৰিছে তাৰ অনিষ্টৰ পৰা, আৰু ইয়াৰ পৰা যি ওলাই আহে তাৰ অনিষ্টৰ পৰা, আৰু দিন আৰু ৰাতিৰ ফিতনাৰ অনিষ্টৰ পৰা, আৰু ৰাতি অহা প্ৰত্যেক সত্তাৰ অনিষ্টৰ পৰা, কেৱল সেইজনৰ বাহিৰে যি কল্যাণ লৈ আহে, হে পৰম কৰুণাময়।293

১২৯. ইস্তিগফাৰ আৰু তাওবা

আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ

«وَاللَّهِ إِنِّي لأَسْتَغفِرُ اللَّهَ وَأَتُوبُ إِلَيْهِ فِي اليَوْمِ أَكْثَرَ مِنْ سَبْعِينَ مَرَّةٍ».

“আল্লাহৰ শপত! মই দিনে সত্তৰবাৰতকৈ অধিক আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰোঁ আৰু তেওঁৰ ওচৰত তাওবা কৰোঁ।”294

তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে আৰু কৈছেঃ

«يَا أَيُّهَا النَّاسُ تُوبُوا إِلَى اللَّهِ فَإِنِّي أَتُوبُ فِي اليَوْمِ إِلَيْهِ مِائَةَ مَرَّةٍ».

“হে মানৱজাতি! আল্লাহৰ ওচৰত তাওবা কৰা, মই দিনে এশবাৰকৈ তেওঁৰ ওচৰত তাওবা কৰোঁ।”295

তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে আৰু কৈছেঃ

«مَنْ قَالَ:

যিয়ে এইটো পাঠ কৰিবঃ

أَسْتَغْفِرُ اللَّهَ العَظيمَ الَّذِي لَا إِلَهَ إِلَّا هُوَ الحَيُّ القَيُّوُمُ وَأَتُوبُ إِلَيهِ،

“আস্তাগফিৰুল্লা-হাল আজীমাল লাজী লা ইলা-হা ইল্লা হুৱাল হায়্যুল কাইয়্যুম ৱা আতূবু ইলাইহ৷”

 

অৰ্থঃ মই মহান আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰিছোঁ যাৰ বাহিৰে আন কোনো সত্য ইলাহ নাই। তেওঁ চিৰঞ্জীৱ সকলো সত্তাৰ ধাৰক। মই তেওঁৰ ওচৰতেই তাওবা কৰোঁ।

غَفَرَ اللَّهُ لَهُ وَإِنْ كَانَ فَرَّ مِنَ الزَّحْفِ».

আল্লাহে তেওঁক ক্ষমা কৰি দিব, যদিও তেওঁ যুদ্ধক্ষেত্ৰৰ পৰা পলায়ন কৰিছে।296

তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে আৰু কৈছেঃ

«أَقْرَبُ مَا يَكُونُ الرَّبُّ مِنَ العَبْدِ فِي جَوْفِ اللَّيْلِ الآخِرِ فَإِنِ اسْتَطَعْتَ أَنْ تَكُونَ مِمَّنْ يَذْكُرُ اللَّهَ فِي تِلْكَ السَّاعَةِ فَكُنْ».

“ৰাতিৰ শেষাংশত মহান আল্লাহ বান্দাৰ আটাইতকৈ নিকটৱৰ্তী হয়। এতেকে যদি সেই সময়ত তুমি আল্লাহক স্মৰণকাৰীসকলৰ অন্তৰ্ভুক্ত হ'ব পাৰা তেন্তে হোৱাৰ চেষ্টা কৰা।”297

তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে আৰু কৈছেঃ

«أَقْرَبُ مَا يَكُونُ العَبْدُ مِنْ رَبِّهِ وَهُوَ سَاجِدٌ فَأَكثِرُوا الدُّعَاءَ».

“বান্দা সেই সময়ত তেওঁৰ প্ৰতিপালকৰ সর্বাধিক নিকটৱর্তী হয়, যেতিয়া সি ছাজদা অৱস্থাত থাকে। এতেকে (সেই সময়ত) তোমালোকে বেছি বেছি দুআ কৰিবা।”298

তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে আৰু কৈছেঃ

«إِنَّهُ لَيُغَانُ عَلَى قَلْبِي وَإِنِّي لأَسْتَغْفِرُ اللَّهَ فِي اليَوْمِ مِائَةَ مَرَّةٍ».

“নিশ্চয় মোৰ অন্তৰতো আৱৰণ পৰে, আৰু মই দিনে এশবাৰকৈ আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰোঁ।”299

১৩০. তাছবীহ, তাহমীদ, তাহলীল আৰু তাকবীৰৰ ফজীলত

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ

«مَنْ قَالَ:

যিয়ে

سُبْحَانَ اللَّهِ وَبِحَمْدِهِ

“ছুবাহা-নাল্লাহি অবিহামদিহি।”

 

অৰ্থঃ আল্লাহ অতি পৱিত্ৰ, প্ৰশংসা কেৱল তেওঁৰেই৷

فِي يَوْمٍ مِائَةَ مَرَّةٍ حُطَّتْ خَطَايَاهُ وَلَوْ كَانَتْ مِثْلَ زَبَدِ البَحْر».

দিনে এশ বাৰ পাঠ কৰিব, তাৰ গুনাহসমূহ ক্ষমা কৰি দিয়া হ’ব, যদিও তাৰ গুনাহৰ পৰিমাণ সাগৰৰ ফেনৰ সমান হয়।”300

তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে আৰু কৈছেঃ

«مَنْ قَالَ:

যিয়ে

لَا إِلَهَ إِلَّا اللَّهُ وَحْدَهُ لَا شَرِيكَ لَهُ، لَهُ المُلْكُ، وَلَهُ الحَمْدُ، وَهُوَ عَلَى كُلِّ شَيْءٍ قَدِيرٌ

“লা ইলা-হা ইল্লাল্লাহু অহ্দাহু লা শ্বাৰীকা লাহ, লাহুল মুল্কু, অলাহুল হাম্দু, অহুৱা আলা কুল্লি শ্বাইয়িন ক্বাদীৰ৷”

 

অৰ্থঃ আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। তেওঁ একক, তেওঁৰ কোনো অংশীদাৰ নাই। ৰাজত্ব তেওঁৰেই আৰু প্ৰশংসাও কেৱল তেওঁৰেই। তেওঁ সকলো ক্ষেত্ৰতে ক্ষমতাৱান।

عَشْرَ مِرَارٍ، كَانَ كَمَنْ أَعْتَقَ أَرْبَعَةَ أَنْفُسٍ مِنْ وَلَدِ إِسْمَاعِيلَ».

দৈনিক দহবাৰ পাঠ কৰিব, সেই ব্যক্তিয়ে ইছমা‘ঈলৰ বংশধৰসকলৰ চাৰিজন দাস মুক্ত কৰাৰ সমান ছোৱাব লাভ কৰিব।301

তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে আৰু কৈছেঃ

«كَلِمَتَانِ خَفِيفَتَانِ عَلَى اللِّسَانِ، ثَقِيلَتَانِ فِي المِيزَانِ، حَبِيبَتَانِ إِلَى الرَّحْمَنِ:

“দুটা বাক্য উচ্চাৰণ কৰিবলৈ জিভাৰ বাবে খুবেই সহজ, দয়াময় আল্লাহৰ ওচৰত অতি প্রিয়, আমলৰ পাল্লাত অত্যন্ত গধূৰ :

سُبْحَانَ اللَّهِ وَبِحَمْدِهِ، سُبْحانَ اللَّهِ العَظِيمِ».

“ছুবহা-নাল্লাহি অবিহামদিহি, ছুবহা-নাল্লাহিল আজীম৷”

অৰ্থঃ আল্লাহ্ অতি পবিত্ৰ আৰু সকলো প্ৰশংসা কেৱল তেওঁৰ বাবেই, মহান আল্লাহ্ অতি পবিত্ৰ।302

তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে আৰু কৈছেঃ

«لَأَنْ أَقُولَ:

"এই বাক্যষাৰ কোৱাটোঃ

سُبْحَانَ اللَّهِ، وَالحَمْدُ لِلَّهِ، وَلَا إِلَهَ إِلَّا اللَّهُ، وَاللَّهُ أَكْبَرُ،

“ছুবহা-নাল্লাহ, আলহামদু লিল্লাহ, অলা ইলা-হা ইল্লাল্লাহ, অল্লাহু আকবাৰ।”

 

অৰ্থঃ আল্লাহ পৱিত্ৰ, সকলো প্ৰশংসা আল্লাহৰ বাবে, আৰু আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই, আৰু আল্লাহ আটাইতকৈ মহান৷

أَحَبُّ إِلَيَّ مِمَّا طَلَعَتْ عَلَيْهِ الشَّمسُ».

মোৰ ওচৰত সেইবোৰ বস্তুতকৈও অধিক পছন্দনীয়, যিবোৰ বস্তুৰ ওপৰত সূৰ্য্য উদয় হয়।”303

তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে আৰু কৈছেঃ

«أَيَعْجِزُ أَحَدُكُم أَنْ يَكْسِبَ كُلَّ يَوْمٍ أَلْفَ حَسَنَةٍ»

“তোমালোকৰ মাজৰ কোনোবাই দৈনিক এহেজাৰ নেকী অৰ্জন কৰিবলৈ অপাৰগ হ'বনে?” তেখেতৰ ওচৰত বহি থকা এজনে প্ৰশ্ন কৰিলে: কিদৰে আমি এহেজাৰ নেকী অৰ্জন কৰিব পাৰিম? তেখেতে ক'লেঃ

«يُسَبِّحُ مِائَةَ تَسْبِيحَةٍ، فَيُكتَبُ لَهُ أَلْفُ حَسَنَةٍ أَوْ يُحَطُّ عَنْهُ أَلْفُ خَطِيئَةٍ».

“এশবাৰ তাছবীহ পাঠ কৰিলে, এহেজাৰ নেকী লিপিবদ্ধ কৰা হয় অথবা এহেজাৰ গুনাহ ক্ষমা কৰা হয়।”304

«مَنْ قَالَ:

“যিয়ে কয়ঃ

سُبْحَانَ اللَّهِ العَظِيمِ وَبِحَمْدِهِ

"ছুবহা-নাল্লাহিল আজীমি অবিহামদিহ৷"

 

অৰ্থঃ আল্লাহ অতি পৱিত্ৰ, অতি মহান, প্ৰশংসা কেৱল তেওঁৰেই৷

غُرِسَتْ لَهُ نَخْلَةٌ فِي الجَنَّةِ».

তাৰ বাবে জান্নাতত এজোপা খেজুৰ গছ ৰোপণ কৰা হয়।”305

তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে আৰু কৈছেঃ

«يَا عَبْدَ اللَّهِ بْنَ قَيْسٍ أَلَا أَدُلُّكَ عَلَى كَنْزٍ مِنْ كُنُوزِ الجَنَّةِ؟».

“হে আব্দুল্লাহ ইবনে কাইছ! মই তোমাক জান্নাতৰ এটা ধন-ভাণ্ডাৰৰ সন্ধান দিমনে?” তেতিয়া মই ক'লোঁঃ হয়, নিশ্চয়, হে ৰাছুলু! তেখেতে ক'লেঃ

«قُلْ:

“কোৱাঃ

لَا حَوْلَ وَلَا قُوَّةَ إِلَّا بِاللَّهِ».

“লা হাওলা অলা কুউৱাতা ইল্লা বিল্লাহ৷”

অৰ্থঃ আল্লাহৰ সহায় অবিহনে (পাপকৰ্মৰ পৰা আঁতৰি থকাৰ) কোনো উপায় নাই আৰু (সৎ কৰ্ম কৰাৰো) কোনো শক্তি নাই।306

তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে আৰু কৈছেঃ

«أَحَبُّ الكَلَامِ إِلَى اللَّهِ أَرْبَعٌ:

“আল্লাহৰ ওচৰত আটাইতকৈ প্রিয় বাক্য হৈছে চাৰিটা:

سُبْحَانَ اللَّهِ، وَالحَمْدُ لِلَّهِ، وَلَا إِلَهَ إِلَّا اللَّهُ، وَاللَّهُ أَكْبَرُ،

“ছুবহা-নাল্লাহ, অলহাম্দু লিল্লাহ, অলা ইলা-হা ইল্লাল্লাহ, অল্লাহু আকবাৰ।”

অৰ্থঃ আল্লাহ পৱিত্ৰ, আৰু সকলো প্ৰশংসা আল্লাহৰ বাবে, আৰু আল্লাহৰ বাহিৰে আন কোনো উপাস্য নাই, আৰু আল্লাহ আটাইতকৈ মহান৷

لَا يَضُرُّكَ بِأَيِّهِنَّ بَدَأتَ».

“তুমি যি বাক্যৰ দ্বাৰাই আৰম্ভ কৰা তাত কোনো অসুবিধা নাই।”307

এজন বেদুইনে আহি নবী চাল্লাল্লাহু আলাইহি অছাল্লামক ক'লেঃ মোক এনেকুৱা কিছুমান বাক্য শিকাওক, যিবোৰ মই পাঠ কৰিব পাৰোঁ। তেতিয়া তেখেতে ক'লেঃ

«قُلْ:

কোৱাঃ

لَا إِلَهَ إِلَّا اللَّهُ وَحْدَهُ لَا شَرِيكَ لَهُ، اللَّهُ أَكْبَرُ كَبِيرًا، وَالحَمْدُ لِلَّهِ كَثِيرًا، سُبْحَانَ اللَّهِ رَبِّ العَالَمِينَ، لَا حَوْلَ وَلَا قُوَّةَ إِلَّا بِاللَّهِ العَزِيزِ الحَكِيمِ».

“লা ইলা-হা ইল্লাল্লা-হু অহদাহু লা শ্বাৰীকা লাহ, আল্লাহু আকবাৰ কাবীৰা, অলহাম্দু লিল্লাহি কাছীৰা, ছুবহা-নাল্লাহি ৰাব্বিল আলামীন, লা হাওলা অলা কুওৱাতা ইল্লা বিল্লাহিল আঝীঝিল হাকীম।”

অৰ্থঃ আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। তেওঁ একক, তেওঁৰ কোনো অংশীদাৰ নাই। আল্লাহেই সৰ্বশ্ৰেষ্ঠ আৰু অতি মহান, আৰু আল্লাহৰ বাবেই সৰ্বাধিক প্ৰশংসা। বিশ্বজগতৰ প্ৰতিপালক আল্লাহ অতি পৱিত্ৰ। মহাপৰাক্ৰমশালী আৰু প্ৰজ্ঞাময় আল্লাহৰ বাহিৰে আন কাৰো শক্তি নাই তথা ক্ষমতাও নাই।

তেওঁ ক'লেঃ এইবোৰ হৈছে মোৰ প্ৰতিপালকৰ বাবে, মোৰ বাবে কি আছে? তেখেতে ক'লেঃ

«قُلْ:

কোৱাঃ

اللَّهُمَّ اغْفِرْ لِي، وَارْحَمْنِي، وَاهْدِنِي، وَارْزُقْنِي».

“আল্লা-হুম্মাগ ফিৰলী, অৰহামনী, অহদিনী, অৰঝুকনী।”

অৰ্থঃ হে আল্লাহ! মোক ক্ষমা কৰি দিয়া, মোৰ প্ৰতি দয়া কৰা, মোক সঠিক পথ দেখুৱা আৰু মোক জীৱিকা দান কৰা।308

যেতিয়া কোনো ব্যক্তিয়ে ইছলাম গ্ৰহণ কৰিছিল, তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁক নামাজ শিকাইছিল, তাৰ পিছত তেওঁক এইবোৰ বাক্যৰ জৰিয়তে দুআ কৰিবলৈ নিৰ্দেশ দিছিলঃ

«اللَّهُمَّ اغْفِرِ لِي، وَارْحَمْنِي، وَاهْدِنِي، وَعَافِنِي وَارْزُقْنِي».

“আল্লাহুম্মাগ্‌ফিৰ লী, অৰহাম্নী, অহ্‌দিনী, ৱা’আ-ফিনী, অৰ্‌ঝুক্‌নী।”

অৰ্থঃ হে আল্লাহ! মোক ক্ষমা কৰি দিয়া, মোৰ প্ৰতি দয়া কৰা, মোক সঠিক পথ দেখুৱা, মোক আৰোগ্য দান কৰা, আৰু মোক জীৱিকা দান কৰা।309

«إِنَّ أَفْضَلَ الدُّعَاءِ

“নিশ্চয় আটাইতকৈ উত্তম দুআ হৈছেঃ

الحَمْدُ لِلَّهِ،

“আলহামদু লিল্লাহ”

অৰ্থঃ সকলো ধৰণৰ প্ৰশংসা কেৱল আল্লাহৰ বাবে।

وَأَفْضَلَ الذِّكْرِ

আৰু আটাইতকৈ উত্তম জিকৰ হৈছেঃ

لَا إِلَهَ إِلَّا اللَّهُ».

“লা ইলাহা ইল্লাল্লাহ৷”

অৰ্থঃ আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই।310

«البَاقِيَاتُ الصَّالِحَاتُ:

“আলবা-কিয়াতুছ ছা-লিহাত:

سُبْحَانَ اللَّهِ، وَالحَمْدُ لِلَّهِ، وَلَا إِلَهَ إِلَّا اللَّهُ، وَاللَّهُ أَكْبَرُ، وَلَا حَوْلَ وَلَا قُوَّةَ إِلَّا بِاللَّه».

“ছুবহা-নাল্লাহ, অলহাম্দুলিল্লাহ, অলা ইলা-হা ইল্লাল্লাহ, অল্লাহু আকবাৰ, অলা হাওলা অলা কুওৱাতা ইল্লা বিল্লাহ৷”

অৰ্থঃ আল্লাহ মহাপৱিত্ৰ, আৰু সকলো প্ৰশংসা কেৱল আল্লাহৰেই, আৰু আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই, আৰু আল্লাহেই মহান, আৰু আল্লাহৰ সহায়ৰ বাহিৰে কোনো উপায় আৰু শক্তি নাই।311

১৩১. নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কেনেকৈ তছবীহ পাঠ কৰিছিল?

আব্দুল্লাহ ইবনে আমৰ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ

«رَأَيْتُ النَّبيَّ ﷺ يَعْقِدُ التَّسْبِيحَ» وفي زيادةٍ: «بِيَمِينِهِ».

“মই নবী চাল্লাল্লাহু আলাইহি অছাল্লামক তাছবীহ গণনা কৰা দেখিছোঁ” আৰু এটা অতিৰিক্ত বৰ্ণনাত আহিছে: “সোঁহাতেৰে”৷312

১৩২) বিভিন্ন প্ৰকাৰৰ কল্যাণ আৰু সামগ্ৰিক শিষ্টাচাৰসমূহ।

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ

«إِذَا كَانَ جُنْحُ اللَّيْلِ – أَوْ أَمْسَيْتُم – فَكُفُّوا صِبْيَانَـكُم، فَإِنَّ الشَّيَاطِينَ تَنْتَشِرُ حِينَئِذٍ، فَإِذَا ذَهَبَ سَاعَةٌ مِنَ اللَّيلِ فَخَلُّوهُمْ، وَأَغْلِقُوا الأَبْوَابَ وَاذْكُرُوا اسْمَ اللَّهِ؛ فَإِنَّ الشَّيطَانَ لَا يَفْتَحُ بَابًا مُغلَقًا، وَأَوْكُوا قِرَبَكُمْ، وَاذْكُرُوا اسْمَ اللَّهِ، وَخَمِّرُوا آنِيَتَكُم، وَاذْكُرُوا اسْمَ اللَّهِ، وَلَوْ أَنْ تَعْرُضُوا عَلَيْهَا شَيْئًا، وَأَطْفِئُوا مَصَابِيحَكُمْ».

“যেতিয়া ৰাতিৰ আন্ধাৰ নামি আহে— অথবা গধূলি হয়— তেতিয়া তোমালোকে নিজৰ সন্তানসকলক (বাহিৰলৈ যোৱাৰ পৰা) বিৰত ৰাখিবা, কাৰণ সেই সময়ছোৱাত চয়তানসকল বিয়পি পৰে। তাৰ পিছত যেতিয়া ৰাতিৰ কিছু সময় পাৰ হৈ যায়, তেতিয়া সিহঁতক এৰি দিবা। আল্লাহৰ নাম লৈ দুৱাৰসমূহ বন্ধ কৰিবা; কাৰণ চয়তানে বন্ধ দুৱাৰ খুলিব নোৱাৰে। লগতে আল্লাহৰ নাম লৈ তোমালোকৰ পানীৰ পাত্ৰসমূহৰ মুখ বান্ধি থবা আৰু আল্লাহৰ নাম লৈ তোমালোকৰ বাচন-বৰ্তনসমূহ ঢাকি ৰাখিবা, আনকি তাৰ ওপৰত কোনো এটা বস্তু হ'লেও পথালিকৈ থৈ দিবা। তোমালোকৰ চাকি-বন্তিসমূহ নুমুৱাই থবা।”313

মহান আল্লাহে আমাৰ প্রিয় নবী মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত, তেখেতৰ পৰিয়ালবৰ্গ আৰু চাহাবাসকলৰ ওপৰত দৰূদ, ছালাম আৰু বৰকত অৱতীৰ্ণ কৰক।

 

***

সূচীপত্ৰ

 

(কোৰআন আৰু ছুন্নাহৰ পৰা সংগৃহীত কিছুমান আজকাৰ) 2

ভূমিকা 2

জিকৰ-আজকাৰ বা দুআৰ ফজীলত 5

. টোপনিৰ পৰা সাৰ পোৱাৰ পাছত পঢ়িবলগীয়া দুআ 11

- কাপোৰ পিন্ধাৰ সময়ত পঢ়িবলগীয়া দুআ 16

- নতুন কাপোৰ পিন্ধাৰ সময়ত পঢ়িবলগীয়া দুআ 16

. নতুন কাপোৰ পৰিধানকাৰীক দিবলগীয়া দুআ 17

- কাপোৰ খোলাৰ সময়ত পঢ়িবলগীয়া দুআ 18

. শৌচাগাৰত প্ৰৱেশ কৰাৰ সময়ত পঢ়িবলগীয়া দুআ 18

- শৌচালয়ৰ পৰা ওলোৱাৰ সময়ত পঢ়িবলগীয়া দুআ। 19

. অজু কৰাৰ আগত পঢ়িবলগীয়া দুআ 19

. অজুৰ শেষত পঢ়িবলগীয়া দুআ 19

১০- ঘৰৰ পৰা ওলোৱাৰ সময়ত পঢ়িবলগীয়া দুআ 21

১১. ঘৰত প্ৰৱেশ কৰাৰ সময়ত পঢ়িবলগীয়া দুআ 22

১২. মছজিদলৈ যোৱাৰ সময়ত পঢ়িবলগীয়া দুআ 23

১৩. মছজিদত প্ৰৱেশ কৰাৰ সময়ত পঢ়িবলগীয়া দুআ 25

১৪. মছজিদৰ পৰা ওলোৱাৰ সময়ত পঢ়িবলগীয়া দুআ 26

১৫. আজানৰ দুআসমূহ 27

১৬. দুআয়ে ইস্তিফতাহ 30

১৭. ৰূকুত পঢ়িবলগীয়া দুআসমূহ 38

১৮. ৰুকুৰ পৰা উঠাৰ সময়ত পঢ়িবলগীয়া দুআ 40

১৯. ছাজদাত পঢ়িবলগীয়া দুআসমূহ 41

২০. দুই ছাজদাৰ মাজৰ বৈঠকত পঢ়িবলগীয়া দুআ 44

২১- তিলাৱতৰ ছাজদাৰ দুআ। 45

২২. তাশ্বাহহুদ 46

২৩. তাশ্বাহহুদৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত দৰূদ পাঠ কৰিব লাগে। 47

২৪. শেষ তাশ্বাহহুদৰ পিছত ছালাম ফিৰোৱাৰ আগত পঢ়িবলগীয়া দুআ। 49

২৫. নামাজৰ ছালাম ফিৰোৱাৰ পিছত পঢ়িবলগীয়া দুআসমূহ 56

২৬. ইস্তিখাৰা ছালাতৰ দুআ। 63

২৭. পুৱা-গধূলি পঢ়িবলগীয়া আজকাৰসমূহ 65

২৮- টোপনি যোৱাৰ সময়ত পঢ়িবলগীয়া দুআসমূহ 87

২৯. ৰাতি বাগৰ সলোৱাৰ সময়ত পঢ়িবলগীয়া দুআ। 98

৩০. টোপনিৰ পৰা ভীত-সন্ত্ৰস্ত তথা আতংকিত অৱস্থাত সাৰ পোৱা ব্যক্তিয়ে আৰু নিসংগতাত আক্ৰান্ত ব্যক্তিয়ে পঢ়িবলগীয়া দুআ। 99

৩১. সপোন বা বেয়া সপোন দেখিলে কি কৰিব লাগে 100

৩২. ৱিতিৰৰ কুনুতৰ দুআ। 100

৩৩. ৱিতিৰ নামাজৰ ছালাম ফিৰোৱাৰ পাছত পঢ়িবলগীয়া দুআ। 103

৩৪. দুখ তথা দুশ্চিন্তাৰ সময়ত পঢ়িবলগীয়া দুআ 104

৩৫. কঠিন পৰিস্থিতিত পঢ়িবলগীয়া দুআ। 106

৩৬. শত্ৰু তথা প্ৰভাৱশালী ব্যক্তিৰ সন্মুখীন লে পঢ়িবলগীয়া দুআ 107

৩৭. শাসকৰ অত্যাচাৰৰ আশংকা কৰা ব্যক্তিয়ে পঢ়িবলগীয়া দুআ। 108

৩৮. শত্ৰুৰ বিৰুদ্ধে বদ্দুআ। 111

৩৯. কোনো সম্প্ৰদায়ক ভয় কৰিলে পঢ়িবলগীয়া দুআ 111

৪০- ঈমানৰ ক্ষেত্ৰত অছৱাছা বা সন্দেহ সৃষ্টি হোৱা ব্যক্তিয়ে পঢ়িবলগীয়া দুআ 111

৪১. ঋণ পৰিশোধৰ দুআ। 112

৪২- ছালাতত বা কিৰাআতত অছৱাছাৰ সন্মুখীন 'লে পঢ়িবলগীয়া দুআ। 113

৪৩. কোনো কঠিন কামৰ সন্মুখীন 'লে পঢ়িবলগীয়া দুআ। 114

৪৪. গুনাহত পতিত ব্যক্তিয়ে পঢ়িবলগীয়া দুআ 114

৪৫. চয়তান আৰু তাৰ কুমন্ত্ৰণাৰ পৰা ৰক্ষা পোৱাৰ দুআ 115

৪৬. অপছন্দনীয় কিবা ঘটিলে বা কোনো বিষয়ত অপাৰগ লে পঢ়িবলগীয়া দুআ 116

৪৭. নৱজাতকৰ জন্মৰ বাবে জনোৱা শুভেচ্ছা আৰু তাৰ উত্তৰ। 117

৪৮. সন্তানৰ বাবে যিদৰে আশ্ৰয় প্ৰাৰ্থনা কৰিব লাগে 118

৪৯- শুশ্ৰূষা কৰিবলৈ গৈ বেমাৰীৰ বাবে কৰিবলগীয়া দুআ 119

৫০. বেমাৰীক শুশ্ৰূষা কৰাৰ গুৰুত্ব 120

৫১. জীৱনৰ পৰা নিৰাশ হোৱা বেমাৰীৰ দুআ 120

৫২. মুমূৰ্ষ অৱস্থাত থকা ব্যক্তিক কলিমা পাঠ কৰিবলৈ তালকীন কৰা। 122

৫৩. বিপদত তথা মুছিবতত পতিত ব্যক্তিৰ দুআ। 122

৫৪. মৃতকৰ চকু বন্ধ কৰাৰ সময়ত পঢ়িবলগীয়া দুআ 123

৫৫. জানাযাৰ নামাজত মৃত ব্যক্তিৰ বাবে দুআ 124

৫৬. শিশুৰ জানাজাৰ ছালাতত পঢ়িবলগীয়া দুআ 127

৫৭- সমবেদনা জ্ঞাপনৰ দুআ। 130

৫৮. মৃতকক কবৰত ৰখাৰ সময়ত পঢ়িবলগীয়া দুআ 131

৫৯. মৃতকক দাফন কৰাৰ পাছত পঢ়িবলগীয়া দুআ 131

৬০. কবৰ জিয়াৰতৰ দুআ 131

৬১- বতাহৰ দুআ। 132

৬২- বজ্ৰগৰ্জনৰ সময়ত পঢ়িবলগীয়া দুআ 133

৬৩. বৰষুণ বিচাৰি কৰিবলগীয়া কেইটামান দুআ। 134

৬৪. বৰষুণ অহা দেখিলে পঢ়িবলগীয়া দুআ 135

৬৫. বৰষুণ হৈ যোৱাৰ পিছত পঢ়িবলগীয়া দুআ 135

৬৬. বতৰ ফৰকাল হোৱাৰ দুআ 135

৬৭. নতুন জোন দৰ্শনৰ দুআ। 136

৬৮. ৰোজাদাৰ ব্যক্তিয়ে ইফতাৰৰ সময়ত পঢ়িবলগীয়া দুআ 137

৬৯. পানাহাৰ কৰাৰ আগত পঢ়িবলগীয়া দুআ 138

৭০. খোৱা শেষ কৰাৰ পাছত পঢ়িবলগীয়া দুআ 139

৭১- গৃহস্থৰ বাবে অতিথিৰ দুআ 140

৭২- খাদ্য বা পানীয় বিচাৰি দুআৰ জৰিয়তে ইংগিত দিয়া 140

৭৩. কাৰোবাৰ ঘৰত ইফতাৰ কৰিলে তেওঁক দিবলগীয়া দুআ 141

৭৪- ৰোজাদাৰ ব্যক্তিক কোনোবাই আহাৰ কৰিবলৈ মাতিলে, যদি তেওঁ নাখায় তেন্তে দুআ কৰিব লাগে 141

৭৫- ৰোজাদাৰ ব্যক্তিক যদি কোনোবাই গালি দিয়ে তেন্তে তেওঁ কি কোৱা উচিত। 142

৭৬- প্ৰথম ফল দেখাৰ সময়ত পঢ়িবলগীয়া দুআ 142

৭৭. হাঁচিৰ দুআ 143

৭৮. অমুছলিম ব্যক্তিয়ে হাঁচি কৰি আলহাম্দুলিল্লাহ 'লে কি ' লাগে 144

৭৯- নৱবিবাহিত ব্যক্তিক দিবলগীয়া দুআ 144

৮০. বিবাহ কৰিলে বা বাহন ক্ৰয় কৰিলে পঢ়িবলগীয়া দুআ 145

৮১. স্ত্ৰী সহবাসৰ পূৰ্বে পঢ়িবলগীয়া দুআ 146

৮২. ক্ৰোধ অৱস্থাত পঢ়িবলগীয়া দুআ 146

৮৩. অসুস্থ ব্যক্তিক দেখিলে পঢ়িবলগীয়া দুআ 146

৮৪. বৈঠকত পঢ়িবলগীয়া দুআ 147

৮৫. বৈঠকৰ কাফ্ফাৰা 147

৮৬. যিয়েগাফাৰাল্লাহু লাকাবুলি কৈ দুআ দিছে, তেওঁক দিবলগীয়া দুআ 148

৮৭. আপোনাৰ সৈতে যিয়ে উত্তম ব্যৱহাৰ কৰিছে, তাক দিবলগীয়া দুআ 148

৮৮. যি দুআ পাঠ কৰিলে আল্লাহে দাজ্জালৰ পৰা সুৰক্ষিত ৰাখিব 149

৮৯- যি ব্যক্তিয়ে কয়ঃমই তোমাক আল্লাহৰ বাবে ভালপাওঁ’, সেই ব্যক্তিক দিবলগীয়া দুআ 149

৯০- যিয়ে আপোনালৈ নিজৰ ধন-সম্পদ আগবঢ়াইছে, তেওঁক দিবলগীয়া দুআ। 150

৯১. ঋণ পৰিশোধ কৰাৰ সময়ত ঋণদাতাৰ বাবে কৰিবলগীয়া দুআ 150

৯২. শ্বিৰ্কৰ ভয়ত পঢ়িবলগীয়া দুআ 150

৯৩- যিয়ে 'বা-ৰাকাল্লা-হু ফীক' বুলি কৈ আপোনাক দুআ দিছে, তেওঁক দিবলগীয়া দুআ 151

৯৪. অশুভ লক্ষণ (অমঙ্গল) অপছন্দ কৰাৰ দুআ। 151

৯৫- বাহনত আৰোহণ কৰি পঢ়িবলগীয়া দুআ 152

৯৬- ছফৰৰ দুআ। 153

৯৭. গাঁও বা চহৰত প্ৰৱেশ কৰাৰ দুআ 155

৯৮. বজাৰত প্ৰৱেশ কৰাৰ দুআ 156

৯৯- বাহন খুন্দিয়ালে পঢ়িবলগীয়া দুআ। 157

১০০- মুক্বীমৰ বাবে মুছাফিৰৰ দুআ 157

১০১. মুছাফিৰৰ বাবে মুক্বীমৰ দুআ 158

১০২- ছফৰ অৱস্থাত তাকবীৰ আৰু তাছবীহ পাঠ কৰা। 158

১০৩- ৰাতিৰ শেষ প্ৰহৰত পঢ়িবলগীয়া মুছাফিৰৰ দুআ। 159

১০৪- ছফৰ হওক বা বেলেগ কোনো সময়ত কোনো ঠাইত আশ্ৰয় 'লে পঢ়িবলগীয়া দুআ। 160

১০৫- ছফৰৰ পৰা উভতি অহাৰ সময়ত পঢ়িবলগীয়া দুআ 160

১০৬. আনন্দদায়ক কিবা অৰ্জন 'লে অথবা অপছন্দনীয় কিবা ঘটিলে এইটো পঢ়িব লাগে 161

১০৭. নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰতি দৰূদ পাঠ কৰাৰ ফজীলত 162

১০৮. ছালাম প্ৰচাৰ কৰা 164

১০৯. অমুছলিমে ছালাম দিলে কেনেকৈ ছালামৰ উত্তৰ দিব লাগে 165

১১০- কুকুৰাৰ মাত বা গাধৰ মাত শুনিলে পঢ়িবলগীয়া দুআ 165

১১১. ৰাতি কুকুৰৰ ভুকনি শুনিবলৈ পালে পঢ়িবলগীয়া দুআ 166

১১২. আপুনি যাক গালি-গালাজ কৰিছে, তেওঁক দিবলগীয়া দুআ। 167

১১৩. এজন মুছলিমে আন এজন মুছলিমৰ প্ৰশংসা কৰিলে কি ' 167

১১৪. যদি কোনোবাই আপোনাৰ প্ৰশংসা কৰে তেন্তে কি বুলি 168

১১৫. হজ্জ বা ওমৰাত মুহৰিমে কেনেকৈ তালবিয়া পাঠ কৰিব 168

১১৬. হাজৰে আছৱাদৰ ওচৰলৈ আহি তাকবীৰ দিব লাগে 169

১১৭. ৰুকনে য়ামানী আৰু হাজৰে আছৱাদৰ মাজত পঢ়িবলগীয়া দুআ 170

১১৮. চাফা আৰু মাৰৱাৰ ওপৰত থিয় হৈ কৰিবলগীয়া দুআ। 170

১১৯. আৰাফাৰ দিনা পঢ়িবলগীয়া দুআ 172

১২০- মাশ্বআৰুল হাৰামত পঢ়িবলগীয়া দুআ 173

১২১. জামাৰাতত প্ৰতিটো শিলগুটি নিক্ষেপ কৰাৰ সময়ত তাকবীৰ পাঠ কৰিব লাগে 173

১২২. বিস্ময়কৰ বিষয় তথা আনন্দদায়ক কোনো বিষয়ৰ ক্ষেত্ৰত পঢ়িবলগীয়া দুআ। 173

১২৩. আনন্দদায়ক কিবা ঘটিলে কি কৰিব লাগে? 174

১২৪. শৰীৰত বিষ অনুভৱ কৰা ব্যক্তিয়ে যি কৰিব আৰু লাগে 174

১২৫- নজৰ লগা বা বেয়া দৃষ্টিৰ আশংকা কৰিলে পঢ়িবলগীয়া দুআ। 175

১২৬. ভয়ৰ সময়ত পঢ়িবলগীয়া দুআ 176

১২৭. জবেহ বা নহৰ কৰাৰ সময়ত পঢ়িবলগীয়া দুআ 176

১২৮. স্বৈৰাচাৰী চয়তানৰ ষড়যন্ত্র প্ৰতিহত কৰিবলৈ পঝ 176

১২৯. ইস্তিগফাৰ আৰু তাওবা 178

১৩০. তাছবীহ, তাহমীদ, তাহলীল আৰু তাকবীৰৰ ফজীলত 180

১৩১. নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কেনেকৈ তছবীহ পাঠ কৰিছিল? 188

১৩২) বিভিন্ন প্ৰকাৰৰ কল্যাণ আৰু সামগ্ৰিক শিষ্টাচাৰসমূহ। 189

***

as24v5.0 - 08/09/2026


ছুৰা আল-বাক্বাৰাহঃ ১৫২

(ছুৰা আল-আহঝাবঃ ৪১)

ছুৰা আল-আহঝাবঃ ৩৫

(ছুৰা আল-আৰাফ: ২০৫)

ফাতহুল বাৰীসহ বুখাৰী (১১/২০৮), নং ৬৪০৭, আৰু মুছলিম (১/৫৩৯), নং ৭৭৯ ৰ এটা বৰ্ণনাত আছে যে, "যিটো ঘৰত আল্লাহক স্মৰণ কৰা হয় আৰু যিটো ঘৰত আল্লাহক স্মৰণ কৰা নহয়, তাৰ উদাহৰণ হৈছে জীৱিত আৰু মৃতৰ দৰে।"

তিৰমিজী (৫/৪৫৯, হাদীছ নং ৩৩৭৭), ইবনে মাজাহ (২/১২৪, হাদীছ নং ৩৭৯০), চাওক: ছহীহ ইবনে মাজাহ (২/৩১৬) আৰু ছহীহ তিৰমিজী (৩/১৩৯)।

বুখাৰী (৮/১৭১) (৭৪০৫) মুছলিম (৪/২০৬১) (২৬৭৫) শব্দবোৰ বুখাৰীৰ।

তিৰমিজী (৫/৪৫৮, হাদীছ নং ৩৩৭৫), ইবনু মাজাহ (২/১২৪৬, হাদীছ নং ৩৭৯৩), শ্বাইখ আলবানীয়ে ছহীহ তিৰমিজী (৩/১৩৯) আৰু ছহীহ ইবনু মাজাহত ছহীহ বুলি কৈছে (২/৩১৭)।

তিৰমিজী (৫/৭৫, হাদীছ নং ২৯১০), আৰু শ্বাইখ আলবানীয়ে ছহীহ তিৰমিজীত (৩/৯) আৰু ছহীহ জামে চাগীৰত (৫/৩৪০) ইয়াক ছহীহ বুলি কৈছে।

মুছলিম ১/৫৫৩, হাদীছ নং ৮০৩।

আবু দাউদ (৪/২৬৪, হাদীছ নং ৪৮৫৬) আৰু অন্যান্য। আৰু চাওকঃ ছহীহুল জামে (৫/৩৪২)।

তিৰমিজী (৫/৪৬১), হাদীছ নং ৩৩৮০, আৰু চাওকঃ ছহীহ তিৰমিজী (৩/১৪০)।

আবু দাউদ (৪/২৬৪, হাদীছ নং ৪৮৫৫), আহমদ (২/৩৮৯, হাদীছ নং ১০৬৮০), আৰু চাওকঃ ছহীহ আল-জামে (৫/১৭৬)।

(বুখাৰী ফাতহুল বাৰীৰ সৈতে ১১/১১৩, হাদীছ নং ৬৩১৪, আৰু মুছলিমঃ ৪/২০৮৩, হাদীছ নং ২৭১১)

"যিয়ে এই বাক্যটো পাঠ কৰিব, তেওঁক ক্ষমা কৰি দিয়া হ’ব, আনহাতে যদি তেওঁ দুআ কৰে তেন্তে তেওঁৰ দুআ কবুল কৰা হ’ব, আৰু যদি তেওঁ উঠি অজু কৰে তাৰ পিছত চালাত আদায় কৰে, তেন্তে তেওঁৰ চালাত কবুল কৰা হ’ব।" বুখাৰী, ফাতহুল বাৰীৰ সৈতে (৩/৩৯), হাদীছ নং (১১৫৪) আৰু অন্যান্য; আৰু শব্দাৱলী ইবনে মাজাহৰ, চাওকঃ ছহীহ ইবনে মাজাহ (২/৩৩৫)।

তিৰমিজী (৫/৪৭৩, হাদীছ নং ৩৪০১), আৰু চাওক: ছহীহ তিৰমিজী (৩/১৪৪)।

বুখাৰী ফাতহুল বাৰীৰ সৈতে (৮/৩৩৭) হাদীছ নং (৪৫৬৯), আৰু মুছলিম (১/৫৩০) হাদীছ নং (২৫৬)।

নাছায়ীৰ বাহিৰে আহলে ছুনান: আবু দাউদ (হাদীছ নং ৪০২৩), তিৰমিজী (হাদীছ নং ৩৪৫৮), ইবনে মাজাহ (হাদীছ নং ৩২৮৫), আলবানীয়ে হাছান বুলি কৈছে (ইৰৱাউল গালীল, ৭/৪৭)।

আবু দাউদ (হাদীছ নং ৪০২০), তিৰমিজী (হাদীছ নং ১৭৬৭), বাগাৱী (১২/৪০), আৰু চাওকঃ আলবানীৰ মুখতাছাৰ শ্বামা-ইলুত তিৰমিজী (পৃঃ ৪৭)।

আবু দাউদ (৪/৪১), (হাদীছ নং ৪০২০), আৰু চাওক: ছহীহ আবু দাউদ (২/৭৬০)।

ইবনে মাজাহ (২/১১৭৮, হাদীছ নং ৩৫৫৮), বাগাৱী (৪১/১২), আৰু চাওক ছহীহ ইবনে মাজাহ (২৭৫/২)।

তিৰমিজী (২/৫০৫), হাদীছ নং (৬০৬), আৰু অন্যান্য, আৰু চাওক: ইৰৱাউল গালীল (৫০), আৰু ছহীহুল জামে' (৩/২০৩)।

বুখাৰী (১/৪৫) ১৪২, আৰু মুছলিম (১/২৮৩) ৩৭৫, আৰু ইয়াৰ আৰম্ভণিত থকা 'বিছমিল্লাহ' বৃদ্ধিটো ছাঈদ বিন মনচুৰে বৰ্ণনা কৰিছে। চাওক ফাতহুল বাৰী (১/২৪৪)।

নাছায়ীৰ বাহিৰে বাকী ছুনান গ্ৰন্থসমূহত উল্লেখ আছে, নাছায়ীয়ে ইয়াক আমালুল ইয়াওমি অল লাইলাহত বৰ্ণনা কৰিছে (৭৯), আবু দাউদ (হাদীছ নং ৩০), তিৰমিজী (হাদীছ নং ৭), ইবনে মাজাহ (হাদীছ নং ৩০০), ছহীহ ছুনান আবু দাউদত শ্বাইখ আলবানীয়ে ছহীহ বুলি কৈছে (১/১৯)।

আবু দাউদ, নং (১০১), ইবনে মাজাহ, নং (৩৯৭), আহমদ, নং (৯৪১৮), আৰু চাওক ইৰৱাউল গালীল (১/১২২)।

মুছলিম (১/২০৯) নং (২৩৪)।

তিৰমিজী (১/৭৮), (৫৫), আৰু চাওক: ছহীহ আত-তিৰমিজী (১/১৮)।

নাছায়ীৰ আমালুল ইয়াওমি অল লাইলাহ (পৃষ্ঠা ১৭৩), আৰু চাওকঃ ইৰৱাউল গালীল (১/১৩৫) আৰু (৩/৯৪)।

আবু দাউদ (৪/৩২৫, হাদীছ নং ৫০৯৫), তিৰমিজী (৫/৪৯০, হাদীছ নং ৩৪২৬), আৰু চাওকঃ ছহীহ তিৰমিজী (৩/১৫১)।

আহলে ছুনান: আবু দাউদ (৫০৯৪), তিৰমিজী (৩৪২৭), নাছাঈ (৫৫০১), ইবনে মাজাহ (৩৮৮৪), আৰু চাওক: ছহীহ তিৰমিজী (৩/১৫২) আৰু ছহীহ ইবনে মাজাহ (২/৩৩৬)।

আবু দাউদ (৪/৩২৫), হাদীছ নং (৫০৯৬)-ত বৰ্ণিত, আৰু আল্লামা ইবনে বাজ ৰাহিমাহুল্লাহে ‘তুহফাতুল আখয়াৰ’ (পৃ. ২৮)-ত ইয়াৰ ছনদক হাছান আখ্যা দিছে। লগতে ছহীহ গ্ৰন্থত বৰ্ণিত হৈছে: “যেতিয়া কোনো মানুহে নিজৰ ঘৰত প্ৰৱেশ কৰে, লগতে প্ৰৱেশ কৰাৰ সময়ত আৰু খোৱাৰ সময়ত আল্লাহৰ নাম লয়, তেতিয়া চয়তানে (তাৰ সহযোগীসকলক) কয়: ইয়াত তোমালোকৰ বাবে ৰাতি কটোৱাৰ কোনো ঠাই নাই আৰু ৰাতিৰ আহাৰ গ্ৰহণৰ বাবেও কোনো উপায় নাই৷” মুছলিম, হাদীছ নং (২০১৮)।

এই সকলোবোৰ শব্দ চাওকঃ বুখাৰীঃ ৩১৬৬ (১১/১১৬), আৰু মুছলিমঃ ৫২৯, ৫৩০, আৰু ৭৬৩ (১/৫২৬)।

ইবনে হাজাৰে 'ফাতহুল বাৰী'ত ইয়াক উল্লেখ কৰিছে, আৰু ইবনে আবী আছিমৰ 'কিতাবুদ দুআ'ত আছে বুলি উল্লেখ কৰিছে। চাওক 'আল-ফাতহ' (১১/১১৮), আৰু তেওঁ কৈছে: “এতেকে বিভিন্ন বৰ্ণনাসমূহৰ পৰা মুঠ পঁচিশটা গুণ একত্ৰিত হৈছে।”

বুখাৰীয়ে 'আল-আদাবুল মুফৰাদত' (৬৯৫) (পৃষ্ঠা ২৫৮) উল্লেখ কৰিছে, আৰু 'ছহীহ আদাবুল মুফৰাদত' শ্বাইখ আলবানীয়ে ইয়াৰ ছনদক ছহীহ বুলি কৈছে, (৫৩৬)।

তিৰমিজী (৫/৪৮৩), (হাদীছ নং ৩৪১৯)।

আনাছ বিন মালিক ৰাদ্বিয়াল্লাহু আনহুৰ বাণী অনুসৰিঃ "মছজিদত প্ৰৱেশ কৰাৰ সময়ত সোঁ ভৰি প্ৰথমে আগুৱাই দিয়া আৰু ওলোৱাৰ সময়ত বাওঁ ভৰি আগতে উলিওৱাটো হৈছে ছুন্নত।" হাদীছটো হাকিমে (১/২১৮) বৰ্ণনা কৰিছে আৰু মুছলিমৰ চৰ্ত অনুসৰি ইয়াক ছহীহ বুলি কৈছে, লগতে যাহাবীয়েও ইয়াক সমৰ্থন কৰিছে। তদুপৰি বাইহাকীয়েও (২/৪৪২) ইয়াক বৰ্ণনা কৰিছে, আৰু আলবানীয়ে 'ছিলছিলাতুল আহাদীছ আচ্-ছহীহাহ' (৫/৬২৪, হাদীছ নং ২৪৭৮)-ত ইয়াক হাছান বুলি অভিহিত কৰিছে।

আবু দাউদ (হাদীছ নং ৪৬৬), আৰু চাওকঃ ছহীহুল জামে (হাদীছ নং ৪৫৯১)।

আবু দাউদ (১/১২৬, হাদীছ নং ৪৬৫), আৰু চাওকঃ ছহীহুল জামে (১/৫২৮)।

ইবনে ছুন্নীয়ে বৰ্ণনা কৰিছে (৮৮), আৰু শ্বাইখ আলবানীয়ে 'আছ-ছামাৰুল মুছতাতাবত' ইয়াক হাছান বুলি কৈছে (পৃষ্ঠা ৬০৭)৷

মুছলিম (১/৪৯৪), হাদীছ নং (৭১৩), আৰু ‘ছুনান ইবনে মাজাহ’ গ্ৰন্থত ফাতিমা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত হাদীছত উল্লেখ আছে: ((আল্লা-হুম্মাগফিৰ লী যুনূবী, অফতাহ লী আবৱা-বা ৰাহমাতিক।)) (হে আল্লাহ! তুমি মোৰ গুণাহসমূহ ক্ষমা কৰি দিয়া, আৰু মোৰ বাবে তোমাৰ অনুগ্ৰহৰ দুৱাৰসমূহ খুলি দিয়া।) আলবানীয়ে ইয়াৰ শ্বাহিদ (সমৰ্থক) বৰ্ণনাসমূহৰ ভিত্তিত ইয়াক ছহীহ বুলি কৈছে। চাওক: ছহীহ ইবনে মাজাহ (১/১২৮), হাদীছ নং (১২৯)।

হাকিম (১/২১৮), বায়হাকী (২/৪৪২), আৰু আলবানীয়ে ছিলছিলাতুল আহাদীছ আচ-ছহীহাত (৫/৬২৪, হাদীছ নং ২৪৭৮) হাছান বুলি কৈছে, আৰু ইয়াৰ তাখৰীজ পূৰ্বতে উল্লেখ কৰা হৈছে।

মছজিদত প্ৰৱেশ কৰাৰ সময়ত পঢ়িবলগীয়া দুআ সম্পৰ্কীয় পূৰ্বৱৰ্তী হাদীছৰ বৰ্ণনাসমূহৰ তাখৰীজ চাওক, নং (২০) আৰু ইবনে মাজাহৰ বৰ্ণনাত থকা অতিৰিক্ত অংশঃ «اللَّهُمَّ اعْصِمْنِي مِنَ الشَّيْطَانِ الرَّجِيمِ» (হে আল্লাহ! মোক বিতাৰিত চয়তানৰ পৰা ৰক্ষা কৰা)। চাওকঃ ছহীহ ইবনে মাজাহ (১/১২৯)।

(বুখাৰীঃ ৬১১ আৰু ৬১৩, আৰু মুছলিমঃ ৩৮৩)

(মুছলিমঃ ৩৮৬)

(ইবনে খুজাইমাঃ ১/২২০)

মুছলিম (১/২৮৮), নং (৩৮৪)।

বুখাৰী (১/১৫২, হাদীছ নং ৬১৪), আৰু বন্ধনীবদ্ধ অংশটো বায়হাকীৰ পৰা সংগৃহীত (১/৪১০), আৰু আল্লামা আব্দুল আজীজ বিন বাজ ৰাহিমাহুল্লাহে 'তুহফাতুল আখয়াৰ' (পৃষ্ঠা ৩৮)-ত ইয়াৰ ছনদক হাছান আখ্যা দিছে৷

তিৰমিজী, নং ৩৫৯৪ আৰু ৩৫৯৫; আবূ দাঊদ, নং ৫২৫; আহমদ, নং ১২২০০; আৰু চাওকঃ ইৰৱাউল গালীল (১/২৬২)।

(বুখাৰীঃ ৭৪৪, আৰু মুছলিমঃ ৫৯৮)

মুছলিম (৩৯৯), আৰু চাৰিখন ছুনান গ্ৰন্থৰ প্ৰণেতাসকল: আবু দাউদ (৭৭৫), তিৰমিজী (২৪৩), ইবনে মাজাহ (৮০৬), আৰু নাছাঈ (৮৯৯), আৰু চাওক: ছহীহ তিৰমিজী (১/৭৭) আৰু ছহীহ ইবনে মাজাহ (১/১৩৫)।

ছহীহ মুছলিম (১/৫৩৪), (৭৭১)।

ছহীহ মুছলিম (১/৫৩৪) (৭৭০)।

আবু দাউদ (১/২০৩, হাদীছ নং ৭৬৪), ইবনে মাজাহ (১/২৬৫, হাদীছ নং ৮০৭), আহমদ (৪/৮৫, হাদীছ নং ১৬৭৩৯), শ্বুআইব আল আৰনাউত্বে মুছনাদৰ তাহক্বীক্বত কৈছে: “হাছান লিগাইৰিহী”, আব্দুল কাদিৰ আল-আৰনাউত্বে ইবনে তাইমিয়্যাহৰ ‘আল-কালিমুত ত্বাইয়্যিব’ৰ তাখৰীজত (হাদীছ নং ৭৮) কৈছে: “শ্বাৱাহিদৰ ভিত্তিত এইটো এটা ছহীহ হাদীছ”, আৰু আলবানীয়ে ‘ছহীহুল কালিমুত ত্বাইয়্যিব’ত (হাদীছ নং ৬২ত) উল্লেখ কৰিছে, আৰু মুছলিমে ইবনে ওমৰ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা প্ৰায় একে ধৰণে বৰ্ণনা কৰিছে, আৰু ইয়াত এটা ঘটনাও উল্লেখ আছে। (১/৪২০, হাদীছ নং ৬০১)।

বুখাৰী ফাতহুল বাৰীৰ সৈতে (৩/৩), (১১/১১৬) আৰু (১৩/৩৭১), হাদীছ নং (৪২৩), (৪৬৫), (১১২০), (৬৩১৭), (৭৩৮৫), (৭৪৪২) আৰু (৭৪৯৯), আৰু মুছলিম, সংক্ষিপ্তভাৱে ইয়াৰ অনুৰূপ (১/৫৩২), হাদীছ নং (৭৬৯)।

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া ৰাতিত তাহাজ্জুদৰ বাবে উঠিছিল, তেতিয়া তেখেতে এইটো পাঠ কৰিছিল।

আহলে ছুনান আৰু আহমদঃ আবু দাউদ (৮৭০), তিৰমিজী (২৬২), নাছাঈ (১০০৭), ইবনে মাজাহ (৮৯৭), আহমদ (৩৫১৪), আৰু চাওকঃ ছহীহ তিৰমিজী (১/৮৩)।

(বুখাৰীঃ (১/৯৯) ৭৯৪, আৰু মুছলিমঃ (১/৩৫০) ৪৮৪)

মুছলিম (১/৩৫৩, হাদীছ নং ৪৮৭), আবু দাউদ (১/২৩০, হাদীছ নং ৮৭২)

মুছলিম (১/৫৩৪) (৭৭১), আৰু ইবনু মাজাহৰ বাহিৰে চাৰিওখন গ্ৰন্থত উল্লেখ আছে: আবু দাউদ (৭৬০) আৰু (৭৬১), তিৰমিজী (৩৪২১), নাছাঈ (১০৪৯), আৰু বন্ধনীৰ মাজত থকা শব্দবোৰ ইবনু খুজাইমা (৬০৭) আৰু ইবনু হিব্বানৰ (১৯০১)।

আবু দাউদ (১/২৩০, হাদীছ নং ৮৭৩), নাছাঈ (১১৩১), আহমদ (২৩৯৮০), আৰু ইয়াৰ ইছনাদ হাছান।

(বুখাৰী ফাতহুল বাৰীৰ সৈতে ২/২৮২, হাদীছ নং ৭৯৬)

(বুখাৰী ফাতহুল বাৰীৰ সৈতে ২/২৮৪, হাদীছ নং ৭৯৬)

মুছলিম (১/৩৪৬) নং (৪৭৭)।

আহলে ছুনান আৰু আহমদ: আবু দাউদ (হাদীছ নং ৮৭০), তিৰমিজী (হাদীছ নং ২৬২), নাছায়ী (হাদীছ নং ১০০৭), ইবনে মাজাহ (হাদীছ নং ৮৯৭), আহমদ (হাদীছ নং ৩৫১৪), চাওকঃ ছহীহ তিৰমিজী (১/৮৩)।

(বুখাৰীঃ ৭৯৪, আৰু মুছলিমঃ ৪৮৪, আৰু পূৰ্বে ৩৪ নম্বৰত উল্লেখ কৰা হৈছে)

মুছলিম (১/৫৩৩) নং (৪৮৭), আৰু আবু দাউদ নং (৮৭২) আৰু পূৰ্বতে (৩৫) নম্বৰত উল্লেখ কৰা হৈছে।

মুছলিম (১/৫৩৪), নং (৭৭১) আৰু অন্যান্য।

আবু দাউদ, ১/২৩০ (৮৭৩), নাছাঈ (১১৩১), আহমদ (২৩৯৮০), আৰু শ্বাইখ আলবানীয়ে ছহীহ আবু দাউদত (১/১৬৬) ছহীহ বুলি কৈছে আৰু ইয়াৰ তাখৰীজ পূৰ্বতে (৩৭) নম্বৰত উল্লেখ কৰা হৈছে।

মুছলিম (১/২৩০) নং (৪৮৩)।

মুছলিম (১/৩৫২) নং (৪৮৬)।

আবু দাউদ (১/২৩১), (৮৭৪), ইবনু মাজাহ (৮৯৭), আৰু চাওকঃ ছহীহ ইবনু মাজাহ (১/১৪৮)।

নাছায়ীৰ বাহিৰে ছুনান গ্ৰন্থসমূহৰ সংকলকসকলে উল্লেখ কৰিছেঃ আবু দাউদ (১/২৩১, হাদীছ নং ৮৫০), তিৰমিজী (হাদীছ নং ২৮৪ আৰু ২৮৫), ইবনে মাজাহ (হাদীছ নং ৮৯৮), আৰু চাওকঃ ছহীহ তিৰমিজী (১/৯০) আৰু ছহীহ ইবনে মাজাহ (১/১৪৮)।

তিৰমিজী (২/৪৭৪) হাদীছ নং (৩৪২৫), আৰু আহমদ (৬/৩০) হাদীছ নং (২৪০২২), আৰু হাকিম, তেওঁ ইয়াক ছহীহ বুলি কৈছে আৰু যাহাবীয়েও সমৰ্থন কৰিছে (১/২২০), আৰু বৃদ্ধিৰ শব্দবোৰ তেওঁৰ।

তিৰমিজী (২/৪৭৩), হাদীছ নং (৫৭৯), আৰু হাকিমে ইয়াক ছহীহ বুলি কৈছে আৰু জাহাবীয়েও তেওঁৰ সৈতে একমত পোষণ কৰিছে (১/২১৯)।

বুখাৰী ফাতহুল বাৰীৰ সৈতে (২/৩১১) হাদীছ নং (৮৩১), আৰু মুছলিম (১/৩০১) হাদীছ নং (৪০২)।

(বুখাৰী ফাতহুল বাৰীৰ সৈতে ৬/৪০৮, হাদীছ নং ৩৩৭০, আৰু মুছলিমঃ ৪০৬)

বুখাৰী ফাতহুল বাৰীৰ সৈতে (৬/৪০৭) হাদীছ নং (৩৩৬৯), মুছলিম (১/৩০৬) হাদীছ নং (৪০৭) শব্দবোৰ মুছলিমৰ।

বুখাৰী (২/১০২) (১৩৭৭), মুছলিম (১/৪১২) (৫৮৮) শব্দবোৰ মুছলিমৰ।

(বুখাৰীঃ ৮৩২, আৰু মুছলিমঃ ৫৮৭)

(বুখাৰীঃ ৮৩৪, আৰু মুছলিমঃ ২৭০৫)

(মুছলিমঃ ১/৫৩৪ সংখ্যা ৭৭১)

আবু দাউদ (২/৮৬, হাদীছ নং ১৫২২), নাছাঈ (৩/৫৩, হাদীছ নং ২৩০২), শ্বাইখ আলবানীয়ে ছহীহ আবু দাউদত (১/২৮৪) ছহীহ বুলি কৈছে।

(বুখাৰী ফাতহুল বাৰীৰ সৈতে ৬/৩৫, হাদীছ নং ২৮২২ আৰু ৬৩৯০)

আবু দাউদ (৭৯২), ইবনু মাজাহ (৯১০), আৰু চাওকঃ ছহীহ ইবনু মাজাহ (২/৩২৮)।

নাছাঈ (৩/৫৪) (৫৫) (১৩০৪), আহমদ (৪/৩৬৪) (২১৬৬৬), ছহীহ নাছাঈত শ্বাইখ আলবানীয়ে ছহীহ বুলি কৈছে (১/২৮১)।

নাছাঈ (৩/৫২), (১৩০০), আৰু শব্দকেইটা নাছাঈৰ, আহমদ (৪/৩৩৮), (১৮৯৭৪), ছহীহ নাছাঈত শ্বাইখ আলবানীয়ে ছহীহ বুলি কৈছে (১/২৮০)।

আহলে ছুনানে বৰ্ণনা কৰিছে: আবু দাউদ (১৪৯৫), তিৰমিজী (৩৫৪৪), ইবনে মাজাহ (৩৮৫৮), নাছাঈ (১২৯৯), আৰু চাওক ছহীহ ইবনে মাজাহ (২/৩২৯)।

আবু দাউদ (২/৬২, ১৪৯৩), তিৰমিজী (৫/৫১৫, ৩৪৭৫), ইবনে মাজাহ (২/১২৬৭, ৩৮৫৭), নাছাঈ (১৩০০) একে শব্দত, আহমদ (১৮৯৭৪), আৰু শ্বাইখ আলবানীয়ে ছহীহ নাছাঈত (১/২৮০) ছহীহ বুলি কৈছে, আৰু চাওক: ছহীহ ইবনে মাজাহ (২/৩২৯), আৰু ছহীহ তিৰমিজী (৩/১৬৩)।

(মুছলিমঃ ১/৪১৪ সংখ্যা ৫৯১)

(বুখাৰীঃ ৮৪৪, আৰু মুছলিমঃ ৫৯৩, আৰু বন্ধনীৰ মাজৰ অতিৰিক্ত অংশটো বুখাৰীৰ পৰা সংগৃহীতঃ ৬৪৭৩)

(মুছলিমঃ ১/৪১৫, নং ৫৯৪)

মুছলিম (১/৪১৮), হাদীছ নং (৫৯৭), তাত উল্লেখ আছেঃ “যি ব্যক্তিয়ে প্ৰত্যেক ছালাতৰ পিছত এইটো পাঠ কৰিব, তাৰ গুনাহসমূহ ক্ষমা কৰি দিয়া হ’ব, যদিও তাৰ গুনাহ সাগৰৰ ফেনাৰ সমান নহওক কিয়।”

আবু দাউদ (২/৮৬, হাদীছ নং ১৫২৩), তিৰমিজী (২৯০৩), নাছাঈ (৩/৬৮, হাদীছ নং ১৩৩৫), আৰু চাওক: ছহীহ তিৰমিজী (২/৮), আৰু এই তিনিটা ছূৰাক মুআওৱিজাত বুলি কোৱা হয়। চাওক: ফাতহুল বাৰী (৯/৬২)।

"যি ব্যক্তিয়ে প্ৰত্যেক নামাজৰ পিছত এইটো পাঠ কৰিব, তাৰ জান্নাতত প্ৰৱেশৰ ক্ষেত্ৰত মৃত্যুৰ বাহিৰে আন কোনেও বাধা হ'ব নোৱাৰে।" নাছায়ী, আমালুল ইয়াউমি অল লাইলাতঃ (১০০) আৰু ইবনুছ ছুন্নীঃ (১২১), লগতে আলবানীয়ে ছহীহুল জামে' (৫/৩৩৯) আৰু ছিলছিলাতুল আহাদীছ আচ-ছহীহাত ইয়াক ছহীহ বুলি কৈছে (২/৬৯৭), নম্বৰঃ (৯৭২)।

(তিৰমিজী (৫/৫১৫)ঃ ৩৪৭৪, আহমদ (৪/২২৭)ঃ ১৭৯৯০, আৰু জাদুল মাআদ (১/৩০০)ত ইয়াৰ তাখৰীজ দ্ৰষ্টব্য)

ইবনে মাজাহ (৯২৫), নাছায়িৰ আমালুল ইয়াওমি অল লাইলাহ (১০২), ছহীহ ইবনে মাজাহ (১/১৫২), মাজমাউয যাৱাইদ (১০/১১১), আৰু (৯৫) নম্বৰত আহিব।

(বুখাৰীঃ হাদীছ নং ১১৬২)

(ছুৰা আলে ইমৰাণ: ১৫৯)

আনাছ ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বৰ্ণিত, তেওঁ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা বৰ্ণনা কৰিছেঃ “ফজৰৰ ছালাতৰ পৰা সূৰ্য উদয় হোৱালৈকে যিসকল লোকে আল্লাহ তাআলাৰ জিকিৰ কৰে, তেওঁলোকৰ লগত বহাটো মোৰ ওচৰত ইছমাঈলৰ বংশৰ চাৰিজন দাস মুক্ত কৰাতকৈ অধিক প্ৰিয়। আছৰৰ ছালাতৰ পৰা সূৰ্য অস্ত যোৱালৈকে যিসকল লোকে আল্লাহৰ জিকিৰ কৰে, তেওঁলোকৰ লগত বহাটো মোৰ ওচৰত চাৰিজন দাস মুক্ত কৰাতকৈ অধিক প্ৰিয়।” আবু দাউদ, হাদীছ নং ৩৬৬৭, আৰু আলবানীয়ে ‘ছহীহ আবু দাউদ’ত (২/৬৯৮) ইয়াক হাছান আখ্যা দিছে।

“যিয়ে পুৱাৰ ভাগত পঢ়িব, তাক সন্ধিয়ালৈকে জিনৰ পৰা সুৰক্ষা প্ৰদান কৰা হ’ব, আৰু যিয়ে সন্ধিয়াৰ ভাগত পঢ়িব, প্ৰভাতলৈকে তাক সিহঁতৰ পৰা সুৰক্ষা প্ৰদান কৰা হ’ব।” হাকিম (১/৫৬২), আত-তাৰগীব অত-তাৰহীবত শ্বাইখ আলবানীয়ে ছহীহ বুলি কৈছে (১/২৭৩), আৰু তেওঁ ইয়াক নাছাঈ আৰু ত্বাবৰানীলৈ সম্পৰ্কিত কৰিছে, লগতে কৈছেঃ “ত্বাবৰানীৰ ছনদ জায়্যিদ”।

“যিয়ে ৰাতিপুৱা আৰু সন্ধিয়া এইটো তিনিবাৰ পাঠ কৰিব, সেইটোৱেই তাৰ বাবে সকলো বস্তুৰ পৰা যথেষ্ট হ’ব।” আবু দাউদ (৪/৩২২, হাদীছ নং ৫০৮২), তিৰমিজী (৫/৫৬৭, হাদীছ নং ৩৫৭৫), আৰু চাওক ছহীহ তিৰমিজী (৩/১৮২)।

মুছলিম (৪/২০৮৮) নং (২৭২৩)।

পূৰ্বৱৰ্তী উৎস।

তিৰমিজী (৫/৪৬৬), হাদীছ নং ৩৩৯১, আৰু চাওকঃ ছহীহ তিৰমিজী (৩/১৪২)।

পূৰ্বৱৰ্তী উৎস।

"যিয়ে দৃঢ় বিশ্বাসেৰে সন্ধিয়াৰ ভাগত এইটো পাঠ কৰিব আৰু সেই ৰাতিয়েই যদি তেওঁ মৃত্যুবৰণ কৰে তেন্তে তেওঁ জান্নাতত প্ৰৱেশ কৰিব। এইদৰে পুৱাৰ ভাগত পাঠ কৰিলেও।" বুখাৰী (৭/১৫০), হাদীছ নং ৬৩০৬।

মই স্বীকাৰ কৰোঁ আৰু মানি লওঁ।

“যিয়ে ৰাতিপুৱা বা সন্ধিয়া এইটো চাৰিবাৰ পাঠ কৰিব, আল্লাহে তাক জাহান্নামৰ পৰা মুক্তি দিব।” আবু দাউদ (৪/৩১৭), (৫০৭১), বুখাৰীৰ ‘আল-আদাবুল মুফৰাদ’ (১২০১), নাছাঈৰ ‘আমালুল ইয়াওমি অল-লাইলাহ’ (৯), আৰু ইবনুছ ছুন্নী (৭০)। ছামা-হাতুশ্ব শ্বাইখ ইবনে বাজ ৰাহিমাহুল্লাহে ‘তুহফাতুল আখয়াৰ’ (পৃ. ২৩) গ্ৰন্থত নাছাঈ আৰু আবু দাউদৰ ছনদক হাছান বুলি কৈছে।

পূৰ্বৱৰ্তী উৎস।

"পুৱাৰ ভাগত যিয়ে এইটো পাঠ কৰিব, তেওঁ সেই দিনটোৰ চুকৰিয়া আদায় কৰিলে, আৰু যি ব্যক্তিয়ে গধূলি এইটো পাঠ কৰিব, তেওঁ দৰাচলতে ৰাতিটোৰ চুকৰিয়া আদায় কৰিলে।" এই হাদীছটোক আবু দাউদে বৰ্ণনা কৰিছে (৪/ ৩১৮) হাদীছ নং (৫০৭৫), নাছাঈয়ে ‘আমালুল ইয়াওমি অল-লাইলাহ’ত হাদীছ নং (৭), ইবনুছ ছুন্নীয়ে হাদীছ নং (৪১) আৰু ইবনু হিব্বানে ‘মাৱাৰিদ’ত বৰ্ণনা কৰিছে, হাদীছ নং (২৩৬১)। ইবনু বাজ ৰাহিমাহুল্লাহে তেওঁৰ ‘তুহফাতুল আখয়াৰ’ (পৃষ্ঠা-২৪) গ্ৰন্থত ইয়াৰ ছনদটোক হাছান বুলি অভিহিত কৰিছে।

পূৰ্বৱৰ্তী উৎস।

আবু দাউদ, ৪/৩২৪ (৫০৯২), আহমদ, ৫/৪২ (২০৪৩০), নাছাঈ আমালুল ইয়াওমি অল লাইলা (২২), ইবনুছ ছুন্নী (৬৯), আৰু বুখাৰী আল-আদাবুল মুফৰাদত (৭০১)। আল্লামা ইবনে বাজ (ৰাহিমাহুল্লাহে) তুহফাতুল আখিয়াৰত (পৃঃ ২৬) ইয়াৰ ইছনাদক হাছান বুলি কৈছে।

“যিয়ে ৰাতিপুৱা আৰু সন্ধিয়া এইটো সাতবাৰ পাঠ কৰে, দুনীয়া আৰু আখিৰাতৰ যিবোৰ বিষয়ে তেওঁক চিন্তিত কৰে, সেইবোৰৰ বাবে আল্লাহেই তেওঁৰ বাবে যথেষ্ট হ’ব।” ইবনু ছুন্নী, হাদীছ নং (৭১) মাৰফূ হিচাপে, আৰু আবূ দাঊদ (৪/৩২১) হাদীছ নং (৫০৮১) মাওকূফ হিচাপে। শ্বুআইব আৰু আব্দুল কাদিৰ আল-আৰনাউতে ইয়াৰ ছনদক ছহীহ বুলি কৈছে। চাওক: যাদুল মাআদ (২/৩৭৬)।

আবু দাউদ (৫০৭৪), ইবনে মাজাহ (৩৮৭১), আৰু চাওকঃ ছহীহ ইবনে মাজাহ (২/৩৩২)।

তিৰমিজী (৩৩৯২), আবু দাউদ (৫০৬৭), আৰু চাওক ছহীহ তিৰমিজী (৩/১৪২)।

“যিয়ে পুৱাৰ ভাগত তিনিবাৰ আৰু সন্ধিয়াৰ ভাগত তিনিবাৰ এইটো পাঠ কৰিব, তাক কোনো বস্তুৱেই ক্ষতি কৰিব নোৱাৰিব।” আবু দাউদ (৪/৩২৩, হাদীছ নং ৫০৮৮), তিৰমিজী (৫/৪৬৫, হাদীছ নং ৩৩৮৮), ইবনে মাজাহ (হাদীছ নং ৩৮৬৯), আৰু আহমাদ (হাদীছ নং ৪৪৬)। লগতে চাওক ছহীহ ইবনে মাজাহ (২/৩৩২), আৰু আল্লামা ইবনে বাজ ৰাহিমাহুল্লাহে ‘তুহফাতুল আখয়াৰ’ (পৃ. ৩৯)-ত ইয়াৰ ছনদক হাছান আখ্যা দিছে।

“যিয়ে পুৱাৰ ভাগত তিনিবাৰ আৰু সন্ধিয়াৰ ভাগত তিনিবাৰ এইটো পাঠ কৰে, কিয়ামতৰ দিনা তাক সন্তুষ্ট কৰাটো আল্লাহৰ দায়িত্ব হৈ পৰে।” আহমদ (৪/৩৩৭, হাদীছ নং ১৮৯৬৭), নাছায়ী আমালুল ইয়াওমি অল-লাইলাহ (হাদীছ নং ৪), ইবনুছ ছুন্নী (হাদীছ নং ৬৮), আবু দাউদ (৪/৩১৮, হাদীছ নং ১৫৩১), তিৰমিজী (৫/৪৬৫, হাদীছ নং ৩৩৮৯), আৰু ইবনে বাজ ৰাহিমাহুল্লাহে ‘তুহফাতুল আখয়াৰ’ (পৃষ্ঠা ৩৯)-ত ইয়াক হাছান আখ্যা দিছে।

হাকিমে ছহীহ বুলি কৈছে আৰু জাহাবীয়ে তেওঁক সমৰ্থন কৰিছে (১/৫৪৫), আৰু চাওক: ছহীহ আত-তাৰগীব অত-তাৰহীব (১/২৭৩)।

আবু দাউদ (৪/৩২২, হাদীছ নং ৫০৮৪), আৰু শ্বুআইব আৰু আব্দুল ক্বাদিৰ আৰনাঊতে জাদুল মাআদৰ তাহক্বীক্বত (২/৩৭৩) ইয়াৰ ছনদক হাছান আখ্যা দিছে।

পূৰ্বৱৰ্তী উৎস।

আহমদ (৩/৪০৬ আৰু ৪০৭), হাঃ ১৫৩৬০ আৰু ১৫৫৬৩, আৰু ইবনুছ ছুন্নীৰ আমালুল ইয়াউমি অল লাইলাহঃ ৩৪, আৰু চাওক ছহীহুল জামে (৪/২০৯)।

পূৰ্বৱৰ্তী উৎস।

"যিয়ে এইটো ৰাতিপুৱা আৰু সন্ধিয়া এশবাৰ পাঠ কৰিব, কিয়ামতৰ দিনা সেই ব্যক্তিজনে যি লৈ উপস্থিত হ'ব, তাতকৈ উত্তম আমল আৰু কোনেও লৈ উপস্থিত হ'ব নোৱাৰিব, কিন্তু সেই ব্যক্তিৰ কথা সুকীয়া যিয়ে তেওঁৰ সমপৰিমাণ পাঠ কৰিছে বা তাতকৈ অধিক কৰিছে।" মুছলিম (৪/২০৭১), হাদীছ নং ২৬৯২।

আবু দাউদ (৫০৭৭), ইবনে মাজাহ (৩৭৯৮), আহমদ (৮৭১৯), আৰু চাওক: ছহীহ আত-তাৰগীব অত-তাৰহীব (১/২৭০), ছহীহ আবু দাউদ (৩/৯৫৭), ছহীহ ইবনে মাজাহ (২/৩৩১) আৰু যাদুল মাআদ (২/৩৭৭)।

নাছায়িৰ আমালুল ইয়াওমি অল লাইলাহ (২৪), লগতে চাওকঃ ছহীহ আত-তাৰগীব অত-তাৰহীব (১/২৭২), আৰু ইবনে বাজ ৰাহিমাহুল্লাহৰ তুহফাতুল আখয়াৰ (পৃষ্ঠা ৪৪), আৰু ইয়াৰ ফজীলত সম্পৰ্কে চাওকঃ (পৃষ্ঠা ১৪৬), হাদীছ নং (২৫৫)।

“যি ব্যক্তিয়ে দিনে এশ বাৰ এইটো পাঠ কৰিব, তেওঁ দহজন দাস মুক্ত কৰাৰ সমান ছোৱাব অৰ্জন কৰিব, লগতে তেওঁৰ বাবে এশটা নেকী লিপিবদ্ধ কৰা হ’ব আৰু তেওঁৰ এশটা গুনাহ মোচন কৰা হ'ব। লগতে এইটো তেওঁৰ বাবে সেই দিনটোৰ সন্ধিয়ালৈকে চয়তানৰ পৰা সুৰক্ষাৰ কাম কৰিব। সেই ব্যক্তিজনে যি লৈ আহিব, তাতকৈ উত্তম বস্তু বেলেগ কোনেও আনিব নোৱাৰিব, কিন্তু সেই ব্যক্তিৰ বাহিৰে, যিয়ে ইয়াতকৈও বেছি আমল কৰিছে।” বুখাৰী (৪/৯৫), হাদিছ নং (৩২৯৩), আৰু মুছলিম (৪/২০৭১), হাদীছ নং (২৬৯১)।

মুছলিম (৪/২০৯০), নং (২৭২৬)।

ইবনে ছুন্নীৰ আমালুল ইয়াওমি অল লাইলাহ (৫৪), ইবনে মাজাহ (৯২৫), তাহক্বীক্ব যাদুল মাআদত আব্দুল ক্বাদিৰ আৰু শ্বুআইব আল-আৰনাউতে ইয়াৰ ছনদক হাছান বুলি কৈছে (২/৩৭৫), আৰু ইতিপূৰ্বে (৭৩) নম্বৰত উল্লেখ হৈছে।

(বুখাৰী ফাতহুল বাৰীৰ সৈতে ১১/১০১, হাদীছ নং ৬৩০৭, আৰু মুছলিমঃ ৪/২০৭৫, হাদীছ নং ২৭০২)

“যিয়ে (পূৰ্ণ বিশ্বাসৰ সৈতে) সন্ধিয়াৰ ভাগত এইটো তিনিবাৰ পাঠ কৰিব, সেই ৰাতি কোনো বিষাক্ত দংশনে তাক ক্ষতি কৰিব নোৱাৰিব।” আহমদ (২/২৯০, ৭৮৯৮), নাছাঈৰ আমালুল ইয়াওমি অল লাইলাহ (৫৯০), ইবনুছ ছুন্নী (৬৮), আৰু চাওকঃ ছহীহ তিৰমিজী (৩/১৮৭), ছহীহ ইবনে মাজাহ (২/২৬৬), আৰু ইবনে বাজৰ তুহফাতুল আখয়াৰ (পৃষ্ঠা ৪৫)।

“যিয়ে মোৰ প্ৰতি ৰাতিপুৱা দহবাৰ আৰু সন্ধিয়া দহবাৰ দৰূদ পাঠ কৰিব, কিয়ামতৰ দিনা সি মোৰ শ্বাফাআত লাভ কৰিব।” তাবৰানীয়ে দুটা ছনদৰ সৈতে এইটো বৰ্ণনা কৰিছে, তাৰে এটা বৰ্ণনা হৈছে উত্তম। চাওক: মাজমাউজ যাৱায়িদ (১০/১২০) আৰু ছহীহুত তাৰগীব অত তাৰহীব (১/২৭৩)।

(বুখাৰী ফাতহুল বাৰীৰ সৈতে ৯/৬২, হাদীছ নং ৫০১৭, আৰু মুছলিম, হাদীছ নং ২১৯২)

"যিয়ে টোপনি যোৱাৰ আগত বিছনাত আহি এইটো পাঠ কৰে, তাৰ বাবে আল্লাহৰ ফালৰ পৰা এজন সংৰক্ষক নিৰ্ধাৰণ কৰি দিয়া হয়, ফলত প্ৰভাতলৈকে কোনো চয়তানে তাৰ কাষ চাপিব নোৱাৰে।" বুখাৰী, ফাতহুল বাৰীসহ (৪/৪৮৭), হাদীছ নং (২৩১১)।

"যি ব্যক্তিয়ে ৰাতিত এই আয়াত দুটা তিলাৱত কৰিব, সেই ব্যক্তিৰ (নিৰাপত্তাৰ) বাবে এই দুটা আয়াতেই যথেষ্ট হ’ব।" (বুখাৰী, ফাতহুল বাৰীসহ (৯/৯৪)ঃ ৪০০৮, আৰু মুছলিম (১/৫৫৪)ঃ ৮০৭)

(বুখাৰী ফাতহুল বাৰীৰ সৈতে ১১/১২৬, হাদীছ নং ৬৩২০, আৰু মুছলিমঃ ৪/২০৮৪, হাদীছ নং ২৭১৪)

"তোমালোকৰ মাজৰ কোনোবাই যেতিয়া নিজৰ বিছনাৰ পৰা উঠে আৰু তাৰ পিছত পুনৰ তালৈ ঘূৰি আহে, তেতিয়া সি যেন নিজৰ কাপোৰৰ আঁচলেৰে বিছনাখন তিনিবাৰ জোকাৰি লয় আৰু আল্লাহৰ নাম লয়। কাৰণ সি নাজানে তাৰ পিছত তাত কি আহিছে। এইদৰে যেতিয়া সি শুবলৈ যায় তেতিয়া যেন কয়:.." হাদীছ, [আৰু 'بصَنِفة إزاره' ৰ অৰ্থ হৈছে: কাপোৰৰ প্ৰান্তভাগ]। আন-নিহায়াহ ফী গৰীবিল হাদীছ অল আছাৰ (صنف)।

ছহীহ মুছলিম (৪/২০৮৩, ২৭১২), আহমদ (২/৭৯, ৫৫০২)।

আবু দাউদ, তেওঁৰ শব্দত (৪/৩১১, হাদীছ নং ৫০৪৫), তিৰমিজী (হাদীছ নং ৩৩৯৮), আৰু চাওকঃ ছহীহ তিৰমিজী (৩/১৪৩) আৰু ছহীহ আবু দাউদ (৩/২৪০)।

“নবী চাল্লাল্লাহু আলাইহি অছাল্লামে শুৱাৰ সময়ত নিজৰ সোঁ হাতখন গালৰ তলত ৰাখিছিল আৰু ইয়াৰ পিছত কৈছিলঃ ...’’ হাদীছ।

(বুখাৰী ফাতহুল বাৰীৰ সৈতে ১১/১১৩, হাদীছ নং ৬৩২৪, আৰু মুছলিমঃ ৪/২০৮৩, হাদীছ নং ২৭১১)

"যি ব্যক্তিয়ে বিছনালৈ যোৱাৰ সময়ত এইটো পাঠ কৰিব, তাৰ বাবে এইটো এজন খাদিমতকৈও উত্তম।" (বুখাৰী, ফাতহুল বাৰীসহ ৭/৭১, নম্বৰঃ ৩৭০৫, আৰু মুছলিম ৪/২০৯১, নম্বৰঃ ২৭২৬)

মুছলিম (৪/২০৮৪) নং (২৭১৩)।

মুছলিম (৪/২০৮৫) নং (২৭১৫)।

আবু দাউদ (৪/৩১৭, হাদীছ নং ৫০৬৭), তিৰমিজী (হাদীছ নং ৩৬২৯), আৰু চাওকঃ ছহীহ তিৰমিজী (৩/১৪২)।

তিৰমিজী (৩৪০৪), নাছায়ীৰ আমালুল ইয়াওমি অল লাইলাহ (৭০৭), আৰু চাওকঃ ছহীহুল জামে' (৪/২৫৫)।

যিয়ে এই কথাষাৰ কৈছিল তেওঁক উদ্দেশ্য কৰি নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "যদি তুমি মৃত্যুবৰণ কৰা, তেন্তে ফিতৰতৰ ওপৰতেই মৃত্যুবৰণ কৰিবা।" (বুখাৰী, ফাতহুল বাৰীৰ সৈতে ১১/১১৩, হাদীছ নং ৬৩১৩, আৰু মুছলিম ৪/২০৮১, হাদীছ নং ২৭১০)

“যেতিয়া বিছনাত শুবলৈ যাব, তেতিয়া চালাতৰ বাবে কৰা অজুৰ দৰে অজু কৰি ল'ব, তাৰ পিছত নিজৰ সোঁফালে কাতি হৈ শুব, তাৰ পিছত এই দুআ পাঠ কৰিবঃ ...” (সম্পূৰ্ণ হাদীছ)।

ৰাতি ইফালৰ পৰা সিফালে কাতি সলাওঁতে এইটো পঢ়িব। হাকিম, তেওঁ ইয়াক ছহীহ বুলি কৈছে আৰু জাহাবীয়ে তেওঁৰ সৈতে একমত পোষণ কৰিছে (১/৫৪০), নাছায়ীৰ আমালুল ইয়াওমি অল লাইলাহ (২০২), ইবনুছ ছুন্নী (৭৫৭), আৰু চাওকঃ ছহীহুল জামে' (৪/২১৩)।

আবু দাউদ (৪/১২, হাদীছ নং ৩৮৯৩), তিৰমিজী (হাদীছ নং ৩৫২৮), আৰু চাওক: ছহীহ তিৰমিজী (৩/১৭১)।

মুছলিম ৪/১৭৭২, হাদীছ নং ২২৬১।

মুছলিম (৪/১৭৭২) (১৭৭৩), হাদীছ নং (২২৬১) আৰু (২২৬২)।

মুছলিম (৪/১৭৭২), হাদীছ নং (২২৬১) আৰু (২২৬৩)।

মুছলিম ৪/১৭৭৩, হাদীছ নং ২২৬১।

মুছলিম (৪/১৭৭৩), হাদীছ নং (২২৬৩)।

চাৰিওখন ছুনানত উল্লেখ আছে, ইয়াৰ উপৰিও আহমদ, দাৰেমী আৰু বায়হাকীত আছে। আবু দাউদ (হাদীছ নং ১৪২৫), তিৰমিজী (হাদীছ নং ৪৬৪), নাছায়ী (হাদীছ নং ১৭৪৪), ইবনে মাজাহ (হাদীছ নং ১১৭৮), আহমদ (হাদীছ নং ১৭১৮), দাৰেমী (হাদীছ নং ১৫৯২), হাকিম (৩/১৭২), বায়হাকী (২/২০৯), আৰু বন্ধনীৰ মাজৰ অংশটো বায়হাকীৰ, চাওকঃ ছহীহ তিৰমিজী (১/১৪৪), ছহীহ ইবনে মাজাহ (১/১৯৪), আৰু আলবানীৰ ইৰৱাউল গালীল (২/১৭২)।

চাৰিওখন ছুনান গ্ৰন্থৰ সংকলক আৰু আহমদঃ আবু দাউদ (১৪২৭), তিৰমিজী (৩৫৬৬), নাছাঈ (১৭৪৬), ইবনে মাজাহ (১১৭৯) আৰু আহমদ (৭৫১)। চাওকঃ ছহীহ তিৰমিজী (৩/১৮০), ছহীহ ইবনে মাজাহ (১/১৯৪) আৰু আল-ইৰৱা (২/১৭৫)।

বাইহাকী ছুনান আল-কুবৰা, আৰু তেওঁ ইয়াৰ চনদ ছহীহ বুলি কৈছে (২/২১১), আৰু ইৰৱাউল গালীলত শ্বাইখ আলবানীয়ে কৈছে: "ইয়াৰ চনদ ছহীহ" (২/১৭০)। আৰু এইটো ওমৰৰ ওপৰত মাওকুফ।

নাছায়ী (৩/২৪৪), হাদীছ নং ১৭৩৪, দাৰাকুতনী (২/৩১) আৰু অন্যান্য। বন্ধনীৰ ভিতৰত থকা অংশখিনি দাৰাকুতনীৰ (২/৩১) সংযোজন, হাদীছ নং ২, আৰু ইয়াৰ চনদ ছহীহ। চাওকঃ জাদুল মাআদ, তাহক্বীক্ব- শ্বুআইব আল-আৰনাউত আৰু আব্দুল কাদিৰ আল-আৰনাউত (১/৩৩৭)।

আহমদ (১/৩৯১, ৩৭১২), ছিলছিলা ছহীহাত শ্বাইখ আলবানীয়ে ছহীহ বুলি কৈছে (১/৩৩৭)

বুখাৰী (৭/১৫৮), হাদীছ নং (২৮৯৩)। ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে এই দুআটো বেছি বেছি পাঠ কৰিছিল। চাওক: ফাতহুল বাৰীসহ বুখাৰী (১১/১৭৩), আৰু এইটো আহিব (পৃষ্ঠা ৮৯), হাদীছ নং (১৩৭)।

(বুখাৰীঃ ৬৩৪৫, আৰু মুছলিমঃ ২৭৩০)

আবু দাউদ (৪/৩২৪, হাদীছ নং ৫০৯০), আহমদ (৫/৪২, হাদীছ নং ২০৪৩০), আৰু শ্বাইখ আলবানীয়ে ছহীহ আবু দাউদত (৩/৯৫৯) ইয়াক হাছান বুলি কৈছে।

তিৰমিজী (৫/৫২৯), হাদীছ নং (৩৫০৫), আৰু হাকিমে ছহীহ বুলি কৈছে আৰু জাহাবীয়েও তেওঁৰ সৈতে একমত পোষণ কৰিছে (১/৫০৫), আৰু চাওক: ছহীহ তিৰমিজী (৩/১৬৮)।

আবু দাউদ (২/৮৭, হাদীছ নং ১৫২৫), ইবনে মাজাহ (হাদীছ নং ৩৮৮২), আৰু চাওকঃ ছহীহ ইবনু মাজাহ (২/৩৩৫)।

আবু দাউদ (২/৮৯), (১৫৩৭), হাকিমে ইয়াক ছহীহ আখ্যা দিছে আৰু জাহাবীয়ে তেওঁক সমৰ্থন কৰিছে (২/১৪২)।

আবু দাউদ (৩/৪২, হাদীছ নং ২৬৩২), তিৰমিজী (৫/৫৭২, হাদীছ নং ৩৫৮৪), আৰু চাওকঃ ছহীহ তিৰমিজী (৩/১৮৩)।

(বুখাৰীঃ ৫/১৭২, হাদীছ নং ৪৫৬৩)

বুখাৰীয়ে 'আল-আদাবুল মুফৰাদত' (৭০৭), আৰু শ্বাইখ আলবানীয়ে 'ছহীহ আদাবুল মুফৰাদত' ইয়াক ছহীহ বুলি কৈছে (৫৪৫)।

বুখাৰীয়ে 'আল-আদাবুল মুফৰাদত' (৭০৮), আৰু 'ছহীহ আদাবুল মুফৰাদত' শ্বাইখ আলবানীয়ে ইয়াক ছহীহ বুলি কৈছে (৫৪৬)।

মুছলিম (৩/১৩৬২) হাদীছ নং (১৭৪২)।

মুছলিম (৪/২৩০০), নং (৩০০৫)।

(বুখাৰী ফাতহুল বাৰীৰ সৈতে ৬/৩৩৬, হাদীছ নং ৩২৭৬, আৰু মুছলিমঃ ১/১২০, হাদীছ নং ১৩৪)

বুখাৰী ফাতহুল বাৰীৰ সৈতে ৬/৩৩৬, হাদীছ নং ৩২৭৬, আৰু মুছলিম ১/১২০, হাদীছ নং ১৩৪।

(মুছলিমঃ ১/১১৯-১২০, নং ১৩৪)

আবু দাউদ (৪/৩২৯, হাদীছ নং ৫১১০), আৰু আলবানীয়ে ইয়াক ছহীহ আবু দাউদত (৩/৯৬২) হাছান আখ্যা দিছে।

তিৰমিজী (৫/৫৬০, হাদীছ নং ৩৫৬৩), আৰু চাওকঃ ছহীহ তিৰমিজী (৩/১৮০)।

(বুখাৰীঃ ২৮৯৩, আৰু ইয়াৰ পূৰ্বে ১২১ নম্বৰত উল্লেখ কৰা হৈছে৷)

মুছলিম (৪/১৭২৯), নং (২২০৩), ওছমান ইব্ন আবুল আছ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত হাদীছত উল্লেখ আছে যে, ‘মই এনেকুৱাই কৰিলোঁ, ফলত আল্লাহে মোৰ পৰা সেয়া দূৰ কৰি দিলে’।

ইবনে হিব্বান তেওঁৰ ছহীহ গ্ৰন্থত (২৪২৭, মাৱাৰিদ), ইবনুচ্ছুন্নী (৩৫১), আৰু হাফিজে কৈছেঃ “এই হাদীছটো ছহীহ”, আৰু নৱৱীৰ তাখৰীজুল আজকাৰত আব্দুল কাদিৰ আল-আৰনাউতে ইয়াক ছহীহ বুলি কৈছে (পৃষ্ঠা ১০৬)।

আবু দাউদ (২/৮৬, হাদীছ নং ১৫২১), তিৰমিজী (২/২৫৭, হাদীছ নং ৪০৬), শ্বাইখ আলবানীয়ে ছহীহ আবু দাউদত (১/২৮৩) ছহীহ বুলি কৈছে।

আবু দাউদ (১/২০৩), আৰু ইবনু মাজাহ (১/২৬৫, হাদীছ নং ৮০৭), ইয়াৰ তাখৰীজ (৩১) নম্বৰত পূৰ্বেই উল্লেখ কৰা হৈছে, আৰু চাওক: ছূৰা আল-মুমিনূন: [৯৭-৯৮]।

(মুছলিম (১/২৯১) সংখ্যা ৩৮৯, আৰু বুখাৰী (১/১৫১) সংখ্যা ৬০৮)

(মুছলিম (১/৫৩৯) সংখ্যা ৭৮০)

(বুখাৰীঃ ৪/১২৬, হাদীছ নং ৩২৯৩)

“দুৰ্বল মুমিনতকৈ শক্তিশালী মুমিন হৈছে উত্তম তথা আল্লাহৰ দৃষ্টিত পছন্দনীয়। যদিও কল্যাণ প্ৰত্যেকৰে মাজত আছে। গতিকে যিটো তোমাৰ কাৰণে উপকাৰী সেইটোৰ আশা কৰিবা। আল্লাহৰ ওচৰত সহায় প্ৰাৰ্থনা কৰা, মনোবল নেহেৰুৱাবা। এইদৰে যদি তোমাৰ ওপৰত কোনো বিপদ আহে তেন্তে এইটো নক'বা যে, যদি মই এইটো কৰিলোঁহেঁতেন তেন্তে এইটো নহ'লহেঁতেন। বৰং তুমি কোৱা, قَدَرُ اللَّهِ وَمَا شَاءَ فَعَلَ এইটো হৈছে আল্লাহে নিৰ্ধাৰণ কৰা ভাগ্য, তেওঁ যিটো বিচাৰে সেইটোৱে কৰে। কাৰণ (যদি) শব্দটোৱে চয়তানৰ দুৱাৰ খুলি দিয়ে।” মুছলিম (৪/২০৫২) সংখ্যা (২৬৬৪)।

হাছান আল-বাছৰীৰ উক্তি হিচাপে উল্লেখ কৰা হৈছে। দ্ৰষ্টব্যঃ তুহফাতুল মাওদূদ। ইবনুল কাইয়িমঃ (পৃ. ২০), আৰু তেওঁ ইয়াক 'আল-আওছাত' গ্ৰন্থত ইবনুল মুনজিৰলৈ সম্বন্ধিত কৰিছে।

নাৱাৱীয়ে আল-আজকাৰত (পৃষ্ঠা ৩৪৯) এইদৰে কৈছে, চাওক: ছালিম আল-হিলালীৰ 'ছহীহুল আজকাৰ লিন-নৱাৱী' (২/৭১৩), আৰু লেখকৰ 'আজকাৰ, দুআ আৰু ৰুকিয়াৰ দ্বাৰা চিকিৎসা'ৰ পূৰ্ণাংগ তাখৰীজ (১/৪১৬)।

(বুখাৰীঃ ৪/১১৯, হাদীছ নং ৩৩৭৩)

(বুখাৰী ফাতহুল বাৰীৰ সৈতে ১০/১১৮, হাদীছ নং ৩৬১৬)

"যেতিয়া কোনো মুছলিম ব্যক্তিয়ে এনেকুৱা কোনো বেমাৰী ব্যক্তিক চাবলৈ যায়, যাৰ মৃত্যুৰ সময় উপস্থিত হোৱা নাই, আৰু তেওঁৰ ওচৰত সাতবাৰ (এই দুআ) পাঠ কৰে... তেতিয়া আল্লাহে তেওঁক সেই বেমাৰৰ পৰা আৰোগ্য দান কৰে।" তিৰমিজীয়ে বৰ্ণনা কৰিছে, হাদীছ নং (২০৮৩), আৰু আবু দাউদ, হাদীছ নং (৩১০৬), আৰু চাওকঃ ছহীহ তিৰমিজী (২/২১০), আৰু ছহীহুল জামে' (৫/১৮০)।

তিৰমিজী (হাদীছ নং ৯৬৯), ইবনু মাজাহ (হাদীছ নং ১৪৪২), আৰু আহমদ (হাদীছ নং ৯৭৫), চাওক: ছহীহ ইবনু মাজাহ (১/২৪৪) আৰু ছহীহ তিৰমিজী (১/২৮৬), আৰু আহমদ শ্বাকিৰেও ইয়াক ছহীহ বুলি কৈছে।

ছহীহ বুখাৰী (৭/১০, ৪৪৩৫); ছহীহ মুছলিম (৪/১৮৯৩, ২৪৪৪)।

(বুখাৰী ফাতহুল বাৰীৰ সৈতে ৮/১৪৪, হাদীছ নং ৪৪৪৯, আৰু হাদীছটোত মিছৱাকৰ উল্লেখ আছে)

তিৰমিজী (৩৪৩০), ইবনু মাজাহ (৩৭৯৪), আৰু শ্বাইখ আলবানীয়ে ইয়াক ছহীহ বুলি কৈছে, চাওক: ছহীহ তিৰমিজী (৩/১৫২) আৰু ছহীহ ইবনু মাজাহ (২/৩১৭)।

আবু দাউদ (৩/১৯০, হাদীছ নং ৩১১৬), আৰু চাওকঃ ছহীহ আল-জামে (৫/৪৩২)।

মুছলিম (২/৬৩২) নং (৯১৮)।

(মুছলিমঃ ২/৬৩৪ সংখ্যা ৯২০)

(মুছলিমঃ ২/৬৬৩ সংখ্যা ৯৬৩)

আবু দাউদ (৩২০১), তিৰমিজী (১০২৪), নাছাঈ (১৯৮৫), ইবনে মাজাহ (১/৪৮০) (১৪৯৮), আহমদ (২/৩৬৮) (৮৮০৯), আৰু চাওকঃ ছহীহ ইবনে মাজাহ (১/২৫১)।

ইবনে মাজাহ (হাদীছ নং ১৪৯৯), চাওক: ছহীহ ইবনে মাজাহ (১/২৫১), আৰু আবু দাউদ (৩/২১১, হাদীছ নং ৩২০২)।

হাকিম, তেওঁ ইয়াক ছহীহ বুলি কৈছে আৰু যাহাবীয়েও তেওঁৰ লগত একমত পোষণ কৰিছে (১/৩৫৯), চাওক: আলবানীৰ আহকামুল জানাইজ (পৃষ্ঠা ১২৫)।

(ছায়ীদ ইবনুল মুছায়্যিাবে কৈছেঃ মই আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পিছফালে এনে এটি শিশুৰ জানাজাৰ নামাজ আদায় কৰিছিলোঁ, যিয়ে কেতিয়াও কোনো পাপকৰ্ম কৰা নাছিল, তেতিয়া মই তেওঁক কোৱা শুনিলোঁ...) সম্পূৰ্ণ হাদীছ। ইয়াক মালিকে ‘মুৱাত্তা’ত (১/২৮৮), ইবনু আবী শ্বাইবাহে ‘মুছান্নাফ’ত (৩/২১৭) আৰু বাইহাক্বীয়ে (৪/৯) বৰ্ণনা কৰিছে, আৰু শ্বুআইব আল-আৰনাউত্বে বাগৱীৰ ‘শ্বাৰহুছ ছুন্নাহ’ গ্ৰন্থৰ (৫/৩৫৭) তাহক্বীক্বত ইয়াৰ ছনদক ছহীহ বুলি কৈছে।

দ্ৰষ্টব্যঃ আল-মুগনী লি ইবনে কুদামাহ (৩/৪১৬), আৰু আদ-দুৰূছুল মুহিম্মাহ লি আ-ম্মাতিল উম্মাহ, শ্বাইখ আব্দুল আজিজ বিন আব্দুল্লাহ বিন বায ৰাহিমাহুল্লাহ (পৃ. ১৫)।

হাছান বাচৰিয়ে শিশুৰ ওপৰত ছুৰা আল-ফাতিহা পাঠ কৰিছিল আৰু কৈছিল... হাদীছ। ইয়াক বাগাৱীয়ে 'শ্বাৰহুছ ছুন্নাহ' (৫/৩৫৭)-ত আৰু আব্দুৰ ৰাজ্জাকে (৬৫৮৮) নম্বৰত বৰ্ণনা কৰিছে, আৰু বুখাৰীয়ে 'কিতাবুল জানাইজ' (৬৫), 'অনুচ্ছেদ: জানাজাত ছুৰা আল-ফাতিহা পাঠ কৰা' (২/১১৩)-ত (১৩৩৫) নম্বৰ হাদীছৰ পূৰ্বে ইয়াক মুআল্লাক হিচাপে উল্লেখ কৰিছে।

(বুখাৰীঃ ১২৮৪, আৰু মুছলিমঃ ৯২৩)

নাৱাৱীৰ আল-আজকাৰ (পৃষ্ঠা ১২৬)৷

আবু দাউদ (৩/৩১৪, হাদীছ নং ৩২১৫) ছহীহ ছনদৰ সৈতে বৰ্ণিত, আৰু আহমদ (হাদীছ নং ৫২৩৪ আৰু ৪৮১২)-ত এই শব্দত আহিছেঃ «بِسْمِ اللَّهِ، وَعَلَى مِلَّةِ رَسُولِ اللَّهِ», আৰু ইয়াৰ ছনদো ছহীহ।

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া মৃত ব্যক্তিক দাফন কৰি উঠিছিল, তেতিয়া তেখেতে তাত কিছু সময় থিয় হৈ থাকিছিল আৰু কৈছিলঃ “তোমালোকে তোমালোকৰ ভাতৃৰ বাবে মাগফিৰাতৰ দুআ কৰা আৰু ঈমানৰ ওপৰত অটল থকাৰ বাবে দু’আ কৰা; কিয়নো, এতিয়া তাক প্ৰশ্ন কৰা হ’ব।” আবু দাউদ (৩/৩১৫), হাদীছ নং (৩২২৩), আৰু হাকিমে ইয়াক ছহীহ বুলি কৈছে আৰু যাহাবীয়েও (১/৩৭০) তেওঁক সমৰ্থন কৰিছে।

মুছলিম (২/৬৭১) হাদীছ নং (৯৭৫), আৰু ইবনে মাজাহ (১/৪৯৪), শব্দবোৰ তেওঁৰ, হাদীছ নং (১৫৪৭), বুৰাইদাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত; আৰু বন্ধনীৰ ভিতৰত থকাখিনি আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ দ্বাৰা বৰ্ণিত হাদীছ, মুছলিম (২/৬৭১) হাদীছ নং (৯৭৫)।

আবু দাউদ (৪/৩২৬), (হাদীছ নং ৫০৯৯), ইবনে মাজাহ (২/১২২৮), (হাদীছ নং ৩৭২৭), আৰু চাওক: ছহীহ ইবনে মাজাহ (২/৩০৫)।

মুছলিম (৮৯৯) শব্দবোৰ মুছলিমৰ, আৰু বুখাৰী (৩২০৬, ৪৮২৯)।

আব্দুল্লাহ বিন ঝুবাইৰ ৰাদ্বিয়াল্লাহু আনহুমাই যেতিয়া মেঘৰ গৰ্জন শুনিছিল, তেতিয়া কথা-বতৰা বন্ধ কৰি দিছিল আৰু কৈছিল: ... হাদীছ, মুআত্ত্বা (২/৯৯২), আৰু আলবানীয়ে ‘ছহীহুল কালিমিত ত্বাইয়িব’ (১৫৭)ত কৈছে: "মাওকূফ হিচাপে ছনদটো ছহীহ"।

আবু দাউদ (১/৩০৩, হাদীছ নং ১১৭১), শ্বাইখ আলবানীয়ে ছহীহ আবু দাউদত (১/২১৬) ছহীহ বুলি কৈছে।

(বুখাৰীঃ ১০১৪, আৰু মুছলিমঃ ৮৯৭)

আবু দাউদ (১/৩০৫, হাদীছ নং ১১৭৮), আৰু আলবানীয়ে ইয়াক ছহীহ আবু দাউদত (১/২১৮) হাছান আখ্যা দিছে।

(বুখাৰী ফাতহুল বাৰীৰ সৈতে ২/৫১৮, হাদীছ নং ১০৩২)

(বুখাৰীঃ ৮৪৬, আৰু মুছলিমঃ ৭১)

(বুখাৰী (১/২২৪) সংখ্যা ৯৩৩, আৰু মুছলিম (২/৬১৪) সংখ্যা ৮৯৭)

তিৰমিজী (৫/৫০৪), হাদীছ নং ৩৪৫১, আৰু দাৰিমী একেই শব্দত (১/৩৩৬), চাওক: ছহীহ তিৰমিজী (৩/১৫৭)।

আবু দাউদ (২/৩০৬, হাদীছ নং ২৩৫৯), আৰু অন্যান্য। চাওকঃ ছহীহুল জামে (৪/২০৯)।

ইবনু মাজাহ (১/৫৫৭, হাদীছ নং ১৭৫৩), আব্দুল্লাহ ইবনু আমৰ ৰাদ্বিয়াল্লাহু আনহুমাৰ দুআৰ পৰা সংগৃহীত। তাখৰীজুল আজকাৰত হাফিজে ইয়াক হাছান বুলি কৈছে। চাওক: শ্বাৰহুল আজকাৰ (৪/৩৪২)।

আবু দাউদ (৩/৩৪৭), (হাদীছ নং ৩৭৬৭), তিৰমিজী (৪/২৮৮), (হাদীছ নং ১৮৫৮), আৰু চাওক: ছহীহ তিৰমিজী (২/১৬৭)।

তিৰমিজী (৫/৫০৬), হাদীছ নং ৩৪৫৫, আৰু চাওক: ছহীহ তিৰমিজী (৩/১৫৮)।

নাছায়ীৰ বাহিৰে আছহাবে ছুনানে বৰ্ণনা কৰিছেঃ আবু দাউদ (হাদীছ নং ৪০২৫), তিৰমিজী (হাদীছ নং ৩৪৫৮), ইবনে মাজাহ (হাদীছ নং ৩২৮৫), আৰু চাওকঃ ছহীহ তিৰমিজী (৩/১৫৯)।

(বুখাৰীঃ ৫৪৫৮, আৰু তিৰমিজীঃ ৩৪৫৬)

মুছলিম (৩/১৬১৫) হাদীছ নং (২০৪২)।

মুছলিম (৩/১৬২৬), হাদীছ নং (২০৫৫)।

ছুনান আবু দাউদ (৩/৩৬৭), (৩৮৫৬), ইবনে মাজাহ (১/৫৫৬), (১৭৪৭), নাছাঈ ফি আমালিল ইয়াওমি অল লাইলাহ (২৯৬-২৯৮), আৰু ইয়াত উল্লেখ আছে যে, তেখেত ﷺ এ যেতিয়া কাৰোবাৰ ঘৰত ইফতাৰ কৰিছিল, তেতিয়া এইটো পাঠ কৰিছিল। ছহীহ আবু দাউদ (২/৭৩০)ত শ্বাইখ আলবানীয়ে ছহীহ বুলি কৈছে।

(মুছলিমঃ ২/১০৫৪ সংখ্যা ১১৫০)

(বুখাৰী ফাতহুল বাৰীৰ সৈতে ৪/১০৩, হাদীছ নং ১৮৯৪, আৰু মুছলিমঃ ২/৮০৬, হাদীছ নং ১১৫১)

(মুছলিমঃ ২/১০০০, হাদীছ নং ১৩৭৩)

(বুখাৰীঃ ৫৮৭০)

তিৰমিজী (৫/৮২), হাদীছ নং ২৭৪১, আহমদ (৪/৪০০), হাদীছ নং ১৯৫৮৬, আবু দাউদ (৪/৩০৮), হাদীছ নং ৫০৪০, আৰু চাওক: ছহীহ তিৰমিজী (২/৩৫৪)।

নাছাঈৰ বাহিৰে আছহাবুছ ছুনান: আবু দাউদ (২১৩০), তিৰমিজী (১০৯১), ইবনে মাজাহ (১৯০৫), নাছাঈৰ আমালুল ইয়াওমি অল লাইলাহ (২৫৯), আৰু চাওক: ছহীহ তিৰমিজী (১/৩১৬)।

আবু দাউদ (২/২৪৮, হাদীছ নং ২১৬০), ইবনু মাজাহ (১/৬১৭, হাদীছ নং ১৯১৮), আৰু চাওকঃ ছহীহ ইবনু মাজাহ (১/৩২৪)।

(বুখাৰীঃ ১৪১, আৰু মুছলিমঃ ১৪৩৪)

ছহীহ বুখাৰী (৭/৯৯, ৩২৮২); ছহীহ মুছলিম (৪/২০১৫, ২৬১০)।

তিৰমিজী (৫/৪৯৪) আৰু (৫/৪৯৩), হাদীছ নং ৩৪৩২, আৰু চাওক: ছহীহ তিৰমিজী (৩/১৫৩)।

তিৰমিজী (৩৪৩৪), ইবনু মাজাহ (৩৮১৪), চাওক: ছহীহ তিৰমিজী (৩/১৫৩) আৰু ছহীহ ইবনু মাজাহ (২/৩২১), শব্দবোৰ তিৰমিজীৰ।

আছহাবুছ ছুনানঃ আবু দাউদ (৪৮৫৮), তিৰমিজী (৩৪৩৩), নাছাঈ (১৩৪৪), আৰু চাওক ছহীহ তিৰমিজী (৩/১৫৩)। প্ৰমাণিত আছে যে, আয়িশ্বাহ ৰাদ্বিয়াল্লাহু আনহাই কৈছেঃ «আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে যিকোনো মজলিছত নবহক কিয়, বা কোৰআন তিলাৱাত নকৰক কিয়, অথবা ছালাত আদায় নকৰক কিয়, সেয়া তেখেতে কিছুমান বাক্যৰ দ্বাৰা সমাপ্ত কৰিছিল...» সম্পূৰ্ণ হাদীছ। হাদীছটো নাছাঈয়ে 'আমালুল ইয়াওমি অল লাইলাহ'ত (৩০৮), আৰু আহমদে (৬/৭৭), সংখ্যা (২৪৪৮৬)ত বৰ্ণনা কৰিছে, আৰু ড° ফাৰুক হামাদাই নাছাঈৰ 'আমালুল ইয়াওমি অল লাইলাহ'ৰ তাহকীকত (পৃষ্ঠা ২৭৩) ছহীহ বুলি কৈছে।

আহমদ (৫/৮২) (২০৭৭৮), আৰু নাছায়ী আমালুল ইয়াওমি অল লাইলাহ (পৃঃ ২১৮) (৪২১), তাহক্বীক্ব ডঃ ফাৰূক হামাদাহ।

তিৰমিজী (হাদীছ নং ২০৩৫), আৰু চাওক: ছহীহুল জামে (৬২৪৪), ছহীহ তিৰমিজী (২/২০০)।

চাওক: এই গ্ৰন্থখনৰ হাদীছ নং (৫৫), আৰু হাদীছ (৫৬) (পৃ. ....)।

(মুছলিমঃ ৮০৯), অন্য এটা বৰ্ণনাত আছেঃ ছূৰা কাহাফৰ শেষৰ আয়াতসমূহ (মুছলিমঃ ৮০৯)।

আবু দাউদ (৪/৩৩৩), (হাদীছ নং ৫১২৫), আলবানীয়ে হাছান বুলি কৈছে (ছহীহ ছুনান আবু দাউদ, ৩/৯৬৫)।

(বুখাৰী ফাতহুল বাৰীৰ সৈতে ৪/২৮৮, হাদীছ নং ২০৪৯)

নাছায়িৰ আমালুল ইয়াওমি অল লাইলাহ (পৃষ্ঠা ৩০০), ইবনে মাজাহ (২/৮০৯, হাদীছ নং ২৪২৪), আৰু চাওকঃ ছহীহ ইবনে মাজাহ (২/৫৫)।

আহমদ (৪/৪০৩), সংখ্যাঃ (১৯৬০৬), আৰু বুখাৰীৰ 'আল-আদাবুল মুফৰাদ', নং (৭১৬), আৰু চাওকঃ 'ছহীহুল জামে' (৩/২৩৩), আৰু আলবানীৰ ছহীহ আত-তাৰগীব অত-তাৰহীব (১/১৯)।

ইবনুছ ছুন্নী (পৃষ্ঠা ১৩৮), হাদীছ নং (২৭৮), আৰু চাওক: ইবনুল কাইয়্যিমৰ আল ৱা-বিলুছ ছায়্যিব (পৃষ্ঠা ৩০৪), তাহক্বীক্ব: বাশ্বীৰ মুহাম্মদ উয়ুন।

আহমদ (২/২২০) সংখ্যাঃ ৭০৪৫, আৰু ইবনুছ ছুন্নী সংখ্যাঃ ২৯২, আৰু ছিলছিলা ছহীহাত শ্বাইখ আলবানীয়ে ইয়াক ছহীহ বুলি কৈছে (৩/৫৪) নং ১০৬৫। আনহাতে ফা'ল নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পছন্দনীয় আছিল; সেয়েহে তেখেতে এজন মানুহৰ পৰা এটা ভাল কথা শুনি পছন্দ কৰিছিল আৰু কৈছিলঃ “আমি তোমাৰ মুখৰ পৰাই তোমাৰ ফা'ল গ্ৰহণ কৰিলোঁ৷” আবূ দাঊদ নং ৩৭১৯, আৰু আহমদ নং ৯০৪০, আৰু ছিলছিলা ছহীহাত শ্বাইখ আলবানীয়ে ইয়াক ছহীহ বুলি কৈছে (২/৩৬৩), আবূ শ্বাইখৰ 'আখলাকুন নবী চাল্লাল্লাহু আলাইহি অছাল্লাম'ত (পৃষ্ঠা ২৭০)।

আবু দাউদ (৩/৩৪, হাদীছ নং ২৬০২), তিৰমিজী (৫/৫০১, হাদীছ নং ৩৪৪৬), আৰু চাওকঃ ছহীহ তিৰমিজী (৩/১৫৬), ছূৰা যুখৰুফ [১৩-১৪]।

মুছলিম (২/৯৭৮), হাদীছ নং ১৩৪২।

হাকিমে (২/১০০ত) ছহীহ বুলি কৈছে আৰু জাহাবীয়ে তেওঁক সমৰ্থন কৰিছে, আৰু ইবনুছ ছুন্নী (৫২৪), আৰু তাখৰীজুল আজকাৰত (৫/১৫৪) হাফিজে ইয়াক হাছান বুলি কৈছে। আল্লামা ইবনে বাজ ৰাহিমাহুল্লাহে কৈছে: "আৰু নাছাঈয়ে হাছান চনদেৰে বৰ্ণনা কৰিছে"। চাওকঃ তুহফাতুল আখয়াৰ (পৃষ্ঠা ৩৭)।

তিৰমিজী (৩৪২৮), ইবনু মাজাহ (৫/২৯১), (৩৮৬০), হাকিম (১/৫৩৮), আৰু শ্বাইখ আলবানীয়ে ছহীহ ইবনু মাজাহ (২/২১) আৰু ছহীহ তিৰমিজীত (৩/১৫২) ইয়াক হাছান বুলি কৈছে।

আবু দাউদ (৪/২৯৬, হাদীছ নং ৪৯৮২), শ্বাইখ আলবানীয়ে ছহীহ আবু দাউদত (৩/৯৪১) ছহীহ বুলি কৈছে।

আহমদ (২/৪০৩, ৯২৩০), ইবনে মাজাহ (২/৯৪৩, ২৮২৫), আৰু চাওকঃ ছহীহ ইবনে মাজাহ (২/১৩৩)

আহমদ (২/৭, ৪৫২৪), তিৰমিজী (৫/৪৯৯, ৩৪৪৩), ছহীহ ছুনান তিৰমিজীত শ্বাইখ আলবানীয়ে ছহীহ বুলি কৈছে (৩/৪১৯)

তিৰমিজীঃ ৩৪৪৪, আৰু চাওক: ছহীহ তিৰমিজী (৩/১৫৫)।

(বুখাৰী ফাতহুল বাৰীৰ সৈতে ৬/১৩৫, হাদীছ নং ২৯৯৩)

মুছলিম (৪/২০৮৬), নং (২৭১৮), আৰু 'ছাম্মাআ ছামিয়ুন'-ৰ অৰ্থ হৈছে: অৰ্থাৎ আল্লাহ তাআলাৰ নিয়ামত আৰু তেওঁৰ উত্তম অনুগ্ৰহৰ বাবে আমি কৰা প্ৰশংসাৰ ওপৰত কোনো সাক্ষ্যদাতাই সাক্ষ্য প্ৰদান কৰিলে। আৰু 'ছাম্মাআ ছামিয়ুন'-ৰ আন এক অৰ্থ হৈছে: মোৰ এই কথা শুনা ব্যক্তিয়ে আনৰ ওচৰতো পৌঁচাই দিয়ক, আৰু শেষ ৰাতিৰ যিকিৰ তথা দুআৰ প্ৰতি সতৰ্ক কৰাৰ উদ্দেশ্যে তেৱোঁ যেন অনুৰূপ কথা কয়। ইমাম নাৱাৱীৰ ছহীহ মুছলিমৰ ব্যাখ্যা (১৭/৩৯)।

মুছলিম (৪/২০৮০) নং (২৭০৯)।

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে যুদ্ধ অথবা হজ্জৰ পৰা উভতি অহাৰ সময়ত এইটো পাঠ কৰিছিল। (বুখাৰীঃ ১৭৯৭, আৰু মুছলিমঃ ১৩৪৪)

ইবনুছ ছুন্নীৰ আমালুল ইয়াওমি অল লাইলাহ (৩৭৭), হাকিম আৰু তেওঁ ইয়াক ছহীহ বুলি কৈছে (১/৪৯৯), শ্বাইখ আলবানীয়ে ছহীহুল জামেত ছহীহ বুলি কৈছে (৪/২০১)।

ছহীহ মুছলিম (১/২৮৮) (৩৮৪)।

আবু দাউদ (২/২১৮, হাদীছ নং ২০৪৪), আহমদ (২/৩৬৭, হাদীছ নং ৮৮০৪), আৰু শ্বাইখ আলবানীয়ে ইয়াক ছহীহ আবু দাউদত (২/৩৮৩) ছহীহ বুলি কৈছে।

তিৰমিজী (৫/৫৫১), হাদীছ নং (৩৫৪৬), আৰু অন্যান্য, চাওক: ছহীহ আল-জামে (৩/২৫), আৰু ছহীহ তিৰমিজী (৩/১৭৭)।

নাছাঈ (৩/৪৩), (১২৮২), হাকিম (২/৪২১), ছহীহ নাছাঈত শ্বাইখ আলবানীয়ে ছহীহ বুলি কৈছে (১/২৭৪)।

আবু দাউদ (হাদীছ নং ২০৪১), আৰু আলবানীয়ে ইয়াক ছহীহ আবু দাউদত (১/৩৮৩) হাছান আখ্যা দিছে।

মুছলিম (১/৭৪), (৫৪), আহমদ (১৪৩০) শব্দবোৰ আহমদৰ, আৰু মুছলিমৰ শব্দ হৈছে: «لَا تَدْخُلُونَ...»।

(বুখাৰী ফাতহুল বাৰীৰ সৈতে ১/৮২, হাদীছ নং ২৮, আম্মাৰ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা মাওকূফ আৰু মুআল্লাক হিচাপে বৰ্ণিত)

বুখাৰী ফাতহুল বাৰীৰ সৈতে (১/৫৫) হাদীছ নং (১২), আৰু মুছলিম (১/৬৫) হাদীছ নং (৩৯)।

বুখাৰী ফাতহুল বাৰীৰ সৈতে (১১/৪২) হাদীছ নং (৬২৫৮), আৰু মুছলিম (৪/১৭০৫) হাদীছ নং (২১৬৩)।

(বুখাৰী ফাতহুল বাৰীৰ সৈতে ৬/৩৫০, নং ৩৩০৩, আৰু মুছলিমঃ ৪/২০৯২, নং ২৭২৯)

আবু দাউদ (৪/৩২৭, হাদীছ নং ৫১০৫), আহমদ (৩/৩০৬, হাদীছ নং ১৪২৮৩), আৰু শ্বাইখ আলবানীয়ে ইয়াক ছহীহ আবু দাউদত (৩/৯৬১) ছহীহ বুলি কৈছে।

(বুখাৰী ফাতহুল বাৰীৰ সৈতে ১১/ ১৭১, নং ৬৩৬১, আৰু মুছলিমঃ ৪/ ২০০৭, নং ৩৯৬, আৰু ইয়াৰ শব্দ হৈছেঃ “এতেকে ইয়াক তাৰ বাবে পৱিত্ৰতা আৰু ৰহমত বনাই দিয়া।”)

(মুছলিম (৪/২২৯৬) সংখ্যাঃ ৩০০০)

বুখাৰীয়ে 'আল-আদাবুল মুফৰাদ'ত (৭৬১), আৰু 'ছহীহুল আদাবুল মুফৰাদ'ত শ্বাইখ আলবানীয়ে ইয়াৰ ছনদক ছহীহ বুলি কৈছে (৫৮৫), আৰু বন্ধনীৰ মাজত থকাখিনি বাইহাকীয়ে 'শুআবুল ঈমান'ত (৪/২২৮) অন্য এটা সূত্ৰৰ পৰা সংযোজন কৰিছে।

বুখাৰী ফাতহুল বাৰীৰ সৈতে (৩/৪০৮) হাদীছ নং (১৫৪৯), আৰু মুছলিম (২/৮৪১) হাদীছ নং (১১৮৪)।

(বুখাৰী ফাতহুল বাৰীৰ সৈতে ৩/৪৭৬, হাদীছ নং ১৬১৩, আৰু 'বস্তু'ৰ দ্বাৰা উদ্দেশ্য হৈছে: মিহজান। চাওক: বুখাৰী ফাতহুল বাৰীৰ সৈতে ৩/৪৭২)

আবু দাউদ (২/১৭৯, হাদীছ নং ১৮৯৪), আহমদ (৩/৪১১, হাদীছ নং ১৫৩৯৮) আৰু বাগাৱীয়ে শ্বাৰহুছ ছুন্নাহত (৭/১২৮)। শ্বাইখ আলবানীয়ে ছহীহ আবু দাউদত (১/৩৫৪) ইয়াক হাছান বুলি কৈছে, ছূৰা আল-বাকাৰাহ।

মুছলিম (২/৮৮৮) হাদীছ নং (১২১৮) ছুৰা আল-বাক্বাৰাহঃ ১৫৮।

তিৰমিজী (৩৫৮৫), ছহীহ তিৰমিজীত শ্বাইখ আলবানীয়ে হাছান বুলি কৈছে (৩/১৮৪), আৰু ছিলছিলাতুল আহাদীছ আছ-ছহীহাঃ (৪/৬)।

(মুছলিমঃ ১২১৮)

বুখাৰী ফাতহুল বাৰীৰ সৈতে (৩/৫৮৩), হাদীছ নং (১৭৫১), আৰু তাত ইয়াৰ শব্দাৱলী চাওক। আৰু বুখাৰী ফাতহুল বাৰীৰ সৈতে (৩/৫৮৩), (৩/৫৮৪), আৰু (৩/৫৮১), হাদীছ নং (১৭৫৩), আৰু মুছলিমেও বৰ্ণনা কৰিছে, হাদীছ নং (১২১৮)।

বুখাৰী ফাতহুল বাৰীৰ সৈতে (১/২১০), (৩৯০) আৰু (৪১৪), হাদীছ নং (১১৫), (৩৫৯৯) আৰু (৬২১৮), আৰু মুছলিম (৪/১৮৫৭), হাদীছ নং (১৬৭৪)।

বুখাৰী ফাতহুল বাৰীৰ সৈতে (৮/৪৪১, হাদীছ নং ৪৭৪১ আৰু ৩০৬২), আৰু তিৰমিজী (২১৮০), আৰু নাছায়ীৰ ছুনান আল-কুবাৰা (১১১৮৫), আৰু চাওকঃ ছহীহ তিৰমিজী (২/১০৩) আৰু (২/২৩৫), আৰু মুছনাদ আহমাদ (৫/২১৮, হাদীছ নং ২১৯০০)।

নাছাঈৰ বাহিৰে ছুনান গ্ৰন্থৰ সংকলকসকলে বৰ্ণনা কৰিছেঃ আবু দাউদ (২৭৭৪), তিৰমিজী (১৫৭৮) আৰু ইবনে মাজাহ (১৩৯৪), চাওকঃ ছহীহ ইবনে মাজাহ (১/২৩৩) আৰু ইৰৱাউল গালীল (২/২২৬)।

মুছলিম (৪/১৭২৮), নং (২২০২)।

মুছনাদে আহমদ (৪/৪৪৭), নং (১৫৭০০), ইবনে মাজাহ, নং (৩৫০৮), মালিক (৩/১১৮-১১৯), ছহীহুল জামেত শ্বাইখ আলবানীয়ে ছহীহ বুলি কৈছে (১/২১২), আৰু চাওক আৰনাঊতৰ যাদুল মাআদৰ তাহক্বীক্ব (৪/১৭০)।

বুখাৰী ফাতহুল বাৰীৰ সৈতে (৬/৩৮১), হাদীছ নং ৩৩৪৬, আৰু মুছলিম (৪/২২০৮), হাদীছ নং ২৮৮০।

মুছলিম (৩/১৫৫৭), হাদীছ নং ১৯৬৭, আৰু বাইহাক্বী (৯/২৮৭)। বন্ধনীবদ্ধ অংশটো বাইহাক্বীৰ (৯/২৮৭) আৰু অন্যান্যৰ, আৰু শেষৰ বাক্যটো মুছলিমৰ বৰ্ণনাৰ পৰা অৰ্থগতভাৱে উল্লেখ কৰা হৈছে।

আহমদ (৩/৪১৯), হাঃ ১৫৪৬১ (ছনদ ছহীহ), ইবনুছ ছুন্নী (৬৩৭), আৰনাউতে ত্বাহাবীয়াৰ তাখৰীজত (পৃঃ ১৩৩) ইয়াৰ ছনদক ছহীহ বুলি কৈছে, আৰু চাওক মাজমাউয যাৱাইদ (১০/১২৭)।

(বুখাৰী ফাতহুল বাৰীৰ সৈতে ১১/১০১, হাদীছ নং ৬৩০৭)

মুছলিম (৪/২০৭৬) নং (২৭০২)।

আবু দাউদ (২/৮৫, হাদীছ নং ১৫১৭), তিৰমিজী (৫/৫৬৯, হাদীছ নং ৩৫৭৭) আৰু হাকিম (১/৫১১), তেওঁ ইয়াক ছহীহ বুলি কৈছে আৰু জাহাবীয়ে তেওঁৰ সৈতে একমত পোষণ কৰিছে। শ্বাইখ আলবানীয়েও ইয়াক ছহীহ বুলি কৈছে, চাওকঃ ছহীহ তিৰমিজী (৩/১৮২) আৰু আৰনাউতৰ তাহক্বীক্বকৃত জামেউল উছূল লি-আহাদীছিৰ ৰাছূল ﷺ (৪/৩৮৯-৩৯০)।

তিৰমিজী (৩৫৭৯), নাছায়ী (১/২৭৯, ৫৭২), হাকিম (১/৩০৯), আৰু চাওক: ছহীহ তিৰমিজী (৩/১৮৩) আৰু আল-আৰনাঊতৰ তাহক্বীকত জামেউল উছূল (৪/১৪৪)।

মুছলিম (১/৩৫০), নং (৪৮২)।

মুছলিমে এইটো বৰ্ণনা কৰিছে (৪/২০৭৫, হাদীছ নং ২৭০২)। ইবনুল আছীৰে কৈছে: ((لَيُغَانُ عَلَى قَلْبِي)) অৰ্থাৎ ঢাকি দিয়া হয় আৰু আৱৰি ধৰে। ইয়াৰ দ্বাৰা অমনোযোগিতাক বুজোৱা হৈছে; কাৰণ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে সদায় অধিক মাত্ৰাত জিকিৰ-আজকাৰ, আল্লাহৰ নৈকট্য অৰ্জন আৰু নিৰন্তৰ মুৰাক্বাবাহ (ধ্যান)ত মগ্ন থাকিছিল। এতেকে যেতিয়াই তেখেত ইয়াৰ কোনো এটাৰ পৰা অমনোযোগী হৈ পৰিছিল বা পাহৰি গৈছিল, তেতিয়াই তেখেতে ইয়াক নিজৰ বাবে গুনাহ বুলি গণ্য কৰিছিল, আৰু লগে লগে ইস্তিগফাৰ (ক্ষমা প্ৰাৰ্থনা) কৰিছিল। চাওক: জামি‘উল উছূল (৪/৩৮৬)।

ছহীহ বুখাৰী (৭/১৬৮, ৬৪০৫); ছহীহ মুছলিম (৪/২০৭১, ২৬৯১)। আৰু চাওকঃ এই কিতাপৰ “পুৱা আৰু গধূলি যিয়ে ইয়াক এশবাৰ পাঠ কৰিব তাৰ ফজীলত৷” (পৃষ্ঠা ....)।

বুখাৰী (৭/৬৭) হাদীছ নং (৬৪০৪), আৰু মুছলিমত একেই শব্দৰে (৪/২০৭১) হাদীছ নং (২৬৯৩)। লগতে চাওক: যি ব্যক্তিয়ে দিনটোত এইটো এশবাৰ পাঠ কৰিব তাৰ ফজীলত। এই কিতাপৰ দুআ নং (৯৩) (পৃষ্ঠা ...)।

ছহীহ বুখাৰী (৭/১৬৮, ৬৪০৪); ছহীহ মুছলিম (৪/২০৭২, ২৬৯৪)।

মুছলিম (৪/২০৭২) নং (২৬৯৫)।

মুছলিম (৪/২০৭৩) নং (২৬৯৮)।

তিৰমিজী (৫/৫১১, হাদীছ নং ৩৪৬৪) আৰু হাকিম (১/৫০১), হাকিমে ইয়াক ছহীহ বুলি কৈছে আৰু জাহাবীয়ে তেওঁৰ সৈতে একমত পোষণ কৰিছে, আৰু চাওক: ছহীহুল জামে (৫/৫৩১) আৰু ছহীহ তিৰমিজী (৩/১৬০)।

(বুখাৰী ফাতহুল বাৰীৰ সৈতে ১১/২১৩, হাদীছ নং ৪২০৬, আৰু মুছলিমঃ ৪/২০৭৬, হাদীছ নং ২৭০৪)

মুছলিম (৩/১৬৮৫), হাদীছ নং (২১৩৭)।

(মুছলিম ৪/২০৭২, নম্বৰঃ ২৬৯৬), আৰু আবু দাউদত (১/২২০, নম্বৰঃ ৮৩২) অতিৰিক্তভাৱে আছেঃ যেতিয়া বেদুঈনজন উভতি গ’ল, তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ “তেওঁ নিজৰ হাতখন কল্যাণৰ দ্বাৰা পৰিপূৰ্ণ কৰি ল'লে।”

(মুছলিম (৪/২০৭৩) সংখ্যাঃ ৩৬৯৭), আৰু তেওঁৰ অন্য এক বৰ্ণনাত আছেঃ “এইবোৰে তোমাৰ বাবে ইহকাল আৰু পৰকাল উভয়কে একত্ৰিত কৰে।”

তিৰমিজী (৫/৪৬২), হাদীছ নং (৩৩৮৩), ইবনে মাজাহ (২/১২৪৯), হাদীছ নং (৩৮০০), আৰু হাকিম (১/৫০৩), হাকিমে ইয়াক ছহীহ বুলি কৈছে আৰু জাহাবীয়েও তেওঁৰ সৈতে একমত পোষণ কৰিছে, আৰু চাওক: ছহীহুল জামে (১/৩৬২)।

আহমদ (৫১৩) আহমদ শ্বাকিৰৰ তাৰতীব অনুসৰি, আৰু চাওক মাজমাউয যাৱাইদ (১/২৯৭), আৰু ইবনে হাজাৰে বুলুগুল মাৰামত ইয়াক আবু ছায়ীদৰ বৰ্ণনাৰ পৰা নাছায়ী [আল-কুবৰা] লৈ সম্পৰ্কিত কৰিছে (১০৬১৭) আৰু কৈছেঃ ইবনে হিব্বান (৮৪০) আৰু হাকিমে (১/৫৪১) ইয়াক ছহীহ বুলি কৈছে।

আবু দাউদে একেই শব্দৰে উল্লেখ কৰিছে (২/৮১, হাদীছ নং ১৫০২), তিৰমিজী (৫/৫২১, হাদীছ নং ৩৪৮৬), আৰু চাওকঃ ছহীহুল জামে (৪/২৭১, হাদীছ নং ৪৮৬৫), আৰু শ্বাইখ আলবানীয়ে ছহীহ ছুনান আবু দাউদত (১/৪১১) ছহীহ বুলি কৈছে।

বুখাৰী ফাতহুল বাৰীৰ সৈতে (১০/৮৮), হাদীছ নং ৫৬২৩, আৰু মুছলিম (৩/১৫৯৫), হাদীছ নং ২০১২।

আলহাম্দুলিল্লাহ, উল্লিখিত মূল গ্ৰন্থখন হাদীছসমূহৰ বিস্তাৰিত তাখৰীজসহ চাৰিটা খণ্ডত প্ৰকাশিত হৈছে। ইয়াৰ প্ৰথম আৰু দ্বিতীয় খণ্ডত হিচনুল মুছলিম আছে।